লকডাউনৰ হতাশা, প্ৰত্যাশা আৰু ভাল দিনৰ সপোন – দেৱাংগ পল্লৱ শইকীয়া

যোৱা মাৰ্চ মাহত লকডাউন আৰম্ভ হোৱাৰে পৰা হঠাতে এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হ’ল। মূল অস্থিৰতা অথবা শংকা অথবা দূৰ্ভাগ্য আছিল দৈনিক হাজিৰা, পেটৰ ভোক আৰু পৰিয়ালৰ অথবা নিজৰ ভেঁটিটোৰ কাষ চপাৰ বাবে মানুহে মৃত্যু পৰ্যন্তক ভয় নকৰা হোৱাৰ ঘটনাবোৰ। সেইবোৰ আমি সকলোৱে জানো। ক’ৰণাৰ বিপৰ্যয়তকৈ মানুহৰ হঠাতে ভাত মোকলোৱাৰ বাবে কৰা কাম হেৰুওৱা আৰু ঘৰৰ পৰা দূৰত ৰোৱাৰ কষ্ট আছিল অতি বেছি। পিছত যেনিবা চৰকাৰে কিছু পৰিমাণে সাহাৰ্য আৰু শ্ৰমিকক ঘৰমুখী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাত সেই বিপৰ্যয় কিছু পৰিমাণে হ’লেও শাম কাটিল আৰু লগতে ক’ৰণাইও ছেগ বুজি ঢৌতে খৰ মাৰি নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিলে।

বিগত সময়চোৱাত দৈনিক হাজিৰা কৰা শ্ৰমিকৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ উদ্যোগী, ক্ষুদ্ৰ ব্যৱসায়ী, কেবাটাও ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে বিভিন্ন কাৰণত যি ধৰণেৰে জীয়াতু ভুগিলে সেয়া বৰ্ণনাতীত। নিজক হিচাপত ধৰি যোৱা চাৰিটা মাহত যিসকলৰ লগত কথা হ’লো তাৰ পৰা এটা কথা প্ৰতিয়মান যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছিল নিম্ন মধ্যবিত্তসকল। দুটামান সঁচা উদাহৰণ দিলেই ছৱিখন পৰিস্কাৰ হ’ব। ব্যক্তিগত খণ্ডত কাম কৰা বহুতৰে চাকৰি গ’ল, ধাৰ-ঋণ লৈ আৰম্ভ কৰা ট্ৰেভেল এজেঞ্চী, ৰেষ্টুৰা আদি বন্ধ হ’ল, নতুনকৈ কিবা এটা আৰম্ভ কৰিম বুলি ভবা বহুতেই থমকি ৰ’ল।

সকলোবোৰ মিলি ক’ৰণাৰ সংক্ৰমনৰ ভয়াৱহতাৰ লগতে যোগ হ’ল আৰু এক মহামাৰী- হতাশা।

কেৱল কাম হেৰুৱাই বা ভাত-কাপোৰৰ চিন্তাতে যে মানুহ হতাশাৰ বলি হৈছে তেনে নহয়, বৰঞ্চ লকডাউনৰ মাজতো অৰ্থনৈতিকভাৱে সৱল হৈ থকা মানুহো চিকাৰ হৈছে হতাশাৰ। কাৰণ অৰ্থনৈতিক নহয়, সামাজিক। দীৰ্ঘদিন বেৰৰ মাজত থকা মানুহৰ মগজু সংকুচিত হয় যদিহে সেই একাকীত্ব বা বন্দীত্ব মানুহে সৃষ্টিৰ বাবে বা আন কিবা কাৰণত নিজে বাচি লোৱা নহয়।

ব’হাগৰ এক তাৰিখে ফেচবুকৰ চিনাকি ভ্ৰাতৃপ্ৰতিমে বিদেশৰ পৰা ৱাটছএপ কল কৰিলে। সেইখন ছৱি সম্পূৰ্ণ ওলোটা। তেওঁলোকৰ দেশত লকডাউন আমাতকৈ বহু আগতেই আৰম্ভ হ’ল। অফিচে ঘৰৰ পৰা কাম কৰিবলৈ দিয়াত তেওঁলোকে ফূৰ্তি পালে। লগতে বানচো পালে। পিছে এই প্ৰক্ৰিয়া দীৰ্ঘদিনীয়া হ’বলৈ ধৰাত, ফ্লেটৰ পৰা এখোজো ওলাব নোৱাৰা হোৱাত সকলো অসাৰ যেন হ’ল। সৰহকৈ পোৱা দৰমহাৰ ধন তেওঁৰ বাবে “বিহ” ৰ দৰে হ’ল। ফোন থোৱাৰ আগতে তেওঁ ক’লে- এনেকৈ হ’লে মানুহ ক’ৰণা নোহোৱাকৈও মৰিব।

চিকিৎসকসকল/চিকিৎসা সেৱাৰ লগত জড়িত/জৰুৰীকালীন/প্ৰশাসনিক সেৱাৰ কৰ্মচাৰীসকল- অন্য এক দৃষ্টিকোণ:-

যদিও বৃত্তিটো সেৱা তথাপি আমি মানিবই লাগিব যে তেখেতসকলৰো নিজা পৰিয়াল আছে। যোৱাকেইটা মাহত কেৱল ক’ভিডৰ লগত জড়িত হৈ থকা চিকিৎসকসকলে কামৰ শেষত ঘৰলৈ, পৰিয়ালৰ মাজলৈ আহিও শান্তি পোৱা নাই। শংকা। লগতে কেৱল এটা বেমাৰৰ লগত দিনে নিশাই যুঁজি যুঁজি স্বাভাৱিকতেই বহুতো চিকিৎসক চিকাৰ হৈছে হতাশাৰ। মোৰ প্ৰশাসনিক বিষয়া বন্ধুৱে যোৱা চাৰিমাহ নিজৰ কেঁচুৱাক চাবলৈ আহিব পৰা নাই! আৰক্ষীৰো দশা একেই!

তাৰ মাজতো:

ধুমুহাৰ মাজতো ক’ৰবাত ৰামধেনু। সমস্ত দূৰ্যোগ নেওচি বহু মানুহ নিজৰ ঘৰলৈ, গাঁৱলৈ উভতিছে। আগতে কৰিবলৈ লাজ কৰা কাম এতিয়া নি:সংকোচে কৰিছে। হাল-কোৰত ধৰিছে। সিদিনা পাছলি কিনাজন বিএ পাছ, গুৱাহাটীৰ ফালে কোম্পানীত সামান্য দৰমহাত আছিল, এতিয়া গাঁৱৰ পাছলি সংগ্ৰহ কৰি বিক্ৰী কৰে। খৰচ বাদ দি দৈনিক সাত-আঠশ “লাভ”! খেতিত ধৰিছে বহুজনে। “খাৰখোৱা” ৰ নিজা গাঁৱত থকা উৎপাদন কেন্দ্ৰটো পুনৰ কাৰ্যক্ষম হৈছে যোৱা জুনৰ এক তাৰিখৰ পৰা। গাঁৱৰ মহিলা কেইগৰাকীমানক নিযুক্তি দিয়া হৈছে। অসমৰ লগতে দক্ষিণ ভাৰতলৈ এই কেন্দ্ৰৰ পৰা সামগ্ৰী ইতিমধ্যে গৈছে।

প্ৰত্যাশা আৰু আটাইতকৈ জৰুৰী দৰৱবিধ:

লকডাকউন আৰম্ভ হোৱাৰ সময়তেই লিখিছিলো যে এই সময়ত আটাইতকৈ জৰুৰী দৰৱবিধ হ’ল মাতষাৰ আৰু এক প্ৰত্যয় যে তেওঁ অকলশৰীয়া নহয়। আৰ্থিক সকাহতকৈ এই হতাশাৰ পৰা নিজকে আঁতৰাই আনিবলৈ আমাক মাত এষাৰ লাগে। দিনটো পিপিই কিট পিন্ধি কাম কৰি থকা বন্ধুক প্ৰায়েই মেছেজ এটা দিওঁ- আছো। লাগি থাকা। ভাল দিন আহি আছে।

মোলৈও মেছেজ আহে- আমি আছো লগত । লাগি থাকক। ভাল সময় আহিব।

ইজনে সিজনক, পৰিবলৈ ধৰা সদস্য এজনক পৰিয়ালৰ আন সদস্য সকলে, সকলো হেৰুওৱাৰ উপক্ৰম হোৱা বন্ধুক আন বন্ধুজনে এই বিশ্বাস দিয়াৰ এইটো অতি জৰুৰী সময়। শত্ৰুতা, ঈৰ্ষা পাহৰাৰ সময়!

“আমি আছো লগত!”

বহু মাহৰ মূৰত মোলৈ ফোন কৰি খবৰ লোৱা চিকিৎসক বান্ধৱীয়ে আধাতে কথা সামৰিলে। ছুটীৰ দিন হোৱা স্বত্তেও হস্পিটেললৈ মাতিছে। ক’ভিড!

মেছেজ এটা দি থ’লোঁ- উই উইল প্ৰে’ ফৰ ইউ!

আমি সকলোৱে বিচাৰোঁ- ক’ৰণাৰ লগতে এই হতাশাৰ পৰা মুক্তি পাবলৈ সকলোৱে সকলোৰে বাবে প্ৰাৰ্থনা কৰোঁ ।

ভাল দিন আহিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক