লকডাউন – গিৰীশ চন্দ্ৰ শৰ্মা

পদূলি মুখত ৰৈ থকা অমূল্যই বেগাবেগিকৈ নঙলা অতিক্ৰম কৰা ধৰ্মক দেখি সুধিছিল “ঐ ধৰ্মকাই! কাইলৈ লকদডাউন খুলিব নে?”  মূৰটো জোকাৰি ধৰ্মই বেগাই খোজ পেলাইছিল। “বাপৰে, মুখৰ কথাটো ক’ব নোৱাৰে। লকডাউনে মুৰত ধৰিলে যেন পাইছোঁ। ধৰ্মকায়েতো কেতিয়াও এনে ব্যৱহাৰ নকৰে, নিশ্চয় কিবা জৰুৰী কথাৰ বাবে ইমান দৌৰা দৌৰি কৰিছে”- অমূল্যই কথাবোৰ মনতে পাগুলিয়াই পিছে পিছে গৈ ধৰ্মৰ চোতালত ভৰি দিছিল। “অ’ ধৰ্মকাই! কি হ’ল,  মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ ততাতৈয়াকৈ ঘৰ সোমালি যে?  

ধৰ্মই অমূল্যক কৈছিল “লকদাউন নোখোলে বুলি মুৰ জোঁকাৰি ক’লোৱেই আৰু কি ক’ব লাগে।” কাম নাই এইডালৰ, পিছে পিছে আহি চোতাল পালেহি। পদূলিৰ মুখেৰে মানুহ এজন পাৰ হ’ব নোৱাৰে। প্ৰশ্নৰ পিছত প্ৰশ্ন। কাম এটা কৰাত নাই। নিজৰ শাকনিবাৰীখন চন পৰিল, গুটি এটাও নিসিচে। ঠেঙাটো মাৰি চকটোত তাচপাত আৰু কেৰম খেলৰ আড্ডা। নিজেটো ধ্বংস হৈছেই, উঠি অহা ল’ৰা জাককো বৰবাদ কৰিব লৈছে। লকডাউন উঠাই ল’লেই যেন কুৰুক্ষেত্ৰৰ যুদ্ধত হে নামিব। ধৰ্মই কথাবোৰ মুখতে ভোৰভোৰাই শাকনিবাৰীত কোৰ মৰাত ব্যস্ত হৈ পৰিছিল।

গাওঁখন চহৰো নহ’ল, গাওঁ হৈও নেথাকিল। শাকনিত কোৰ মাৰি মাৰি ধৰ্মই  মনতে ঘূনেধৰা গাওঁখনক লৈ ভাৱিছিল। ঘৰে ঘৰে গাঁওখনত শাকনিবাৰী আছিল, পাচলি ইঘৰে সিঘৰক বিলাইছিল। আজি লকডাউনৰ সপ্তাহটোৱে হোৱা নাই, হাহাকাৰ গাওঁখনত। হাতে হাতে বেগলৈ চকটোত আশাপালি ৰৈ থাকে পাঁচলি বিক্ৰী কৰিবলৈ অহা অচিনাকি ঠেলাৱলাজনলৈ। পানী মাৰি অনা শুকান পাঁচলিখিনিতে হেতাওপৰা। লকডাউন হোৱাৰ দিনৰপৰা তাৰো মুধা মৰিছে। খা বাপ্পেকে। ইহঁতবোৰক তপত ভাতৰ ধোৱাই খাইছে। জিকা ভেন্দিটো দূৰৰে কথা, যেনিতেনি ছটিয়াই দিলে হোৱা শাকমুঠিও নকৰে।

“অ’ ধৰ্মকাই! বৰ খঙত থকা যেন লাগিছে।”- হঠাৎ শাকনিবাৰী খনত ৰমেনক দেখি ধৰ্মই ৰমেনক কৈছিল, -” খঙনো কাৰ ওপৰত কৰিম? খঙ কৰাৰ অধিকাৰ আছে জানো! মনত আছেনে চ’কত অবাবত আড্ডা মাৰি থাকোঁতে সৰ্বেশ্বৰ মাষ্টৰৰ কানতলীয়া চৰকেইটা। আজি সেই অধিকাৰো নাই আৰু সেই অনুশাসনৰে মাত মাতিব পৰা ব্যক্তিও গাঁওখনত নাই। ৰমেন! ৰচোন ৰ, সৌ জিকা দুটা চিঙি আনচোন।” বেগ এখনত জিকা দুটাৰ সৈতে আলু কেইটামান দি ধৰ্মই ৰমেনক কৈছিল,- “ৰমেন! তই সেইফালে যাবিয়েই যেতিয়া এই বেগখন ৰূদ্ৰহঁতৰ ঘৰত দি থৈ যাবি। জানইটো, ৰূদ্ৰৰ মাক বৌটি অকলে আছে। ৰূদ্ৰক কিমান বুজালো, নাই কথাই নুশুনিলে, এই অমূল্যৰ পাল্লাত পৰি ৰাজ্যৰ বাহিৰত গ’ল চাকৰি কৰিবলৈ। ঠেলি হুচুকি কোনোমতে দুই তিনিবাৰৰ মুৰত মেট্ৰিকটো পাচ কৰিছিল তাতেই তাৰ কি ফুটনি, বাহিৰত চাকৰি বিচাৰি যাব। অমূল্যকটো দেখিছই, বছৰদুটামান বাহিৰত নষ্ট কৰি উভতি আহি এতিয়া মাকৰ পেনছনটোৱেই একমাত্ৰ ভৰষাৰে ঘৰত বহিছে। ৰূদ্ৰটো আহিবই নোৱাৰিলে। মেম্বৰে কৈছে ৰূদ্ৰ হেনো বাহিৰৰ কোনোবা মাইগ্ৰেন্ট লেবাৰ কেম্পত আছে। এইফালে বেমাৰী বৌটি চিন্তাত মৰিছে। অ’ ৰমেন! আলু কেইটামান তয়ো ভৰাই ল, ভাতত আলু দুটা দিও দিন চলাব পাৰিবি, বেগখন কিন্তু বৌটিক দি থৈ যাবি দেই।”

গোঁসাই ঘৰত ঢং ঢং বৰকাহৰ শব্দ।  গুৰুজনাৰ থাপনাত চাকি জ্বলায় মাকে ধৰ্মক গা ধুবলৈ দিয়াৰ ইংগিত ধৰ্মই বুজি পায়। সেয়ে কোৰখন ভড়াল ঘৰটোৰ বেৰত ওলোমাই থৈ পুখুৰীৰ পানীতে গাটো তিয়াই ধৰ্মই গুৰুসেৱা কৰি পাগঘৰত মাকৰ সৈতে ভাতৰ পাতত বহিছিল। মাকে ধৰ্মক সুধিছিল,- “বোপাই! ভালেমান আলু  উঠিছে। কি কৰিবি? সপ্তাহিক বজাৰখনো বন্ধ।”

ধৰ্মই মাকক কৈছিল,- “কি কৰিম আৰু, কিছু বিলালোঁৱেই, আমি দুটা প্ৰাণীৰ বাবে কিমাননো লাগিব। ভাৱিছো অলপ নিজৰ বাবে থৈ বাকীখিনি ওচৰ চুবুৰীয়াকে বিলাম। এই দূৰ্যোগৰ দিনত মানুহখিনিয়ে আলু পিটিকা ভাত খাইও দিন পাৰ কৰিব পাৰিব। মানুহবোৰৰ ভৰষা পাঁচলিৰ ঠেলাখনো কেইবাদিনো অহা নাই।”

বেলি পাটত বহিছিল। ধৰ্মই ঠেলাখনত আলু ভৰা বস্তা দুখন লৈ গাঁৱৰ চ’কটোত। নিমিষতে আলুৰ বস্তা দুটা শেষ। দিব পৰা জনে ধৰ্মক দুপয়চা দি নিলে, নোৱাৰা জনক ধৰ্মই এনেয়ে দিলে। এন্ধাৰ নামিছিল। বৰদৈচিলাৰ বতৰ। দুদিন ধৰি গাঁৱত বিজুলীবাতি জ্বলা নাই। কেৰাচিনৰ বটল এটা লৈ ঘৰমুৱা ধৰ্মক অমূল্যই বাটতে পাই সুধিছিল,-“ধৰ্মকাই! আলুবোৰ শেষ হৈ গ’ল নেকি?”

অমূল্যক দেখি ধৰ্মৰ পুৱাৰ খঙটোৱেই ভমককৈ উক দিছিল যদিও ধৰ্মই খঙটো সম্বৰণ কৰি অমূল্যক সুধিছিল,- “কোনখন মহাভাৰত লৈ ব্যস্ত আছিলি? ঘৰৰ আগ পাচ শুৱনি শাকনি বাৰীত দুবৰি গজিল। দাইটী থকালৈ এই শাকনি বাৰীতে সোনগুটি বূটলিছিল। কি নাছিল শাকৰ পৰা সৰিয়হলৈ, দাইটি ঢুকাল সকলো শেষ। বুইছ অমূল্য! মোৰ কৰ্কশ কথাবোৰ তই হয়তো হজম কৰিব পৰা নাই, কিন্তু মোৰো উপায় নাই অমূল্য, মোৰো অন্তৰ আত্মাই কান্দি উঠে যেতিয়া তহঁতে নিজৰ শাকনিৰ দুবৰি গছকি এপোৱা ভেন্দি দুটামান জিকা কিনিবলৈ বৌটিৰ পেনছনৰ টকাকেইটা উলিয়ায় চ’কটোত ঠেলাৱলাজনলৈ ৰৈ থাক।  অমূল্য! নিজকে সংশোধন কৰ। সময় এতিয়াও আছে। কিবা এটা কৰাৰ ইচ্ছা থাকিলে কিবা এটা পাবি। এই লকডাউন অচিন ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে লকডাউন। আজি আছে কাইলৈ যাব। এবাৰ ভাৱিছনে তহঁতৰ অকৰ্মন্যতাই গোটেই জাতিটোকে ভাইৰাছ অহাৰ আগতেই লকডাউন কৰি পেলাইছে। এই লকডাউন‌ আমাৰ হাতৰ কুঠাৰখন ভৰিত মৰাৰ দৰে বহুত ভয়াবহ। অমূল্য! বেয়া নেপাবি, বহুত কথাই ক’লো “

ঠেলাখন ঠেলি ঠেলি ধৰ্মই ঘৰলৈ খোজ পেলাইছিল। এন্ধাৰৰ মাজত এজাক জোনাকী পৰুৱাৰ পোহৰত এখন অনুতপ্ত মুখ। অমূল্যই মনতে ভাৱিছিল,-“ধৰ্মক বৰলাকাই বুলি জোকাবলৈ ল’ৰাজাকক ময়েই শিকাইছিলোঁ….ছি: ছি:।” 

দূৰৈৰ পৰা ধৰ্মই চিঞৰিছিল….” অমূল্য ! বেগখন লৈ আহ, আলু কেইটামান লৈ যাবি……….।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক