লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা – এটি চমু আলোকপাত (মৌচুমী বড়ি)

‘জোনাকী’ যুগৰ ঘাই ব্যক্তিত্ব আৰু অসমীয়া সাহিত্যৰ মূৰ্তিমন্ত প্ৰেৰণা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিভা আছিল বহুমুখী৷ তেওঁ একেধাৰে এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, জীৱনী লেখক, সমালোচক আৰু আধুনিক অসমীয়া গল্প সাহিত্যৰ জনক৷ বেজবৰুৱাদেৱৰ প্ৰকাশিত দুখন কবিতা পুথি হ’ল ‘কদম কলি’ আৰু ‘পদুম কলি’৷ ‘কদম কলি’ বেজবৰুৱাদেৱৰ ‘কবিতা হয় যদি হওঁক, নহয় যদি নহওঁক’ বুলি মাজে মাজে লিখা কবিতাৰ সংকলন৷ ‘পদুম কলি’ হ’ল ‘অযত্নপালিতা কন্যাৰ দৰে অ’ত-ত’ত সিঁচৰিত কবিতাৰ সংকলন৷

বেজবৰুৱাদেৱৰ কবিতাৰাজিক প্ৰধানকৈ পাঁচ ভাগত ভগাব পাৰি- প্ৰেমৰ কবিতা, জাতীয় ভাৱৰ কবিতা, নীতি-উপদেশমূলক কবিতা, খুহুটীয়া বা ব্যংগ কবিতা আৰু আধ্যাত্মিক ধৰ্মতত্ব সম্বন্ধীয় কবিতা৷ ৰোমাণ্টিক আন্দোলনৰ গুৰিধৰোঁতা হিচাপে বেজবৰুৱাদেৱৰ কবিতাত ৰোমাণ্টিক কবিতাৰ লক্ষণ পূৰামাত্ৰাই দেখা যায়৷ তেওঁৰ ৰোমাণ্টিক কবিতাবোৰৰ ভিতৰত ‘চম্পা’, ‘প্ৰিয়তমাৰ সৌন্দৰ্য’, ‘প্ৰিয়তমা’, ‘ভ্ৰম’, ‘তোমাকেহে ভাল পাওঁ মৰমৰ সখী’ আদি অন্যতম৷ তেওঁৰ প্ৰেমৰ কবিতাবোৰত অনুভূতি স্পষ্ট, সজীৱ আৰু ব্যাকুলতাৰে ভৰা৷ ‘তোমাকেহে ভালপাওঁ মৰমৰ সখী’ কবিতাটিত কবিয়ে কোনোবা  মানসীপ্ৰিয়াৰ প্ৰতি ব্যাকুলতাৰে আপোন অনুভৱ এনেদৰে ব্যক্ত কৰিছে—

“তোমাকেহে ভালপাওঁ তোমাৰেহে মুখ চাওঁ
তোমাকেহে দিনেৰাতি ফুৰোঁ মই দেখি
তোমাকেহে ভালপাওঁ মৰমৰ সখী৷”
কবিয়ে ‘প্ৰিয়তমা’ কবিতাটিত প্ৰিয়তমাৰ সৌন্দৰ্য বৰ্ণনা কৰিছে এইদৰে—
“গোলাপ ফুলৰ ৰেণুৰে বোলোৱা
দুখনি তোমাৰ গাল,
নীলাকাশ যেন নিৰ্মল দুচকু
মোৰ লাগে বৰ ভাল৷”

কবিতাটিত কবিয়ে প্ৰিয়তমাৰ দৈহিক ৰূপৰ লগতে আন্তৰিক অনুৰাগৰ চিত্ৰ অতি মনোৰমভাৱে অংকন কৰিছে৷ কবিয়ে প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যৰ মাজত প্ৰিয়াৰ সৌন্দৰ্যৰ প্ৰতিফলন উপলব্ধি কৰি লিখিছে—
“কাঁইট নথকা ৰূপহ গোলাপ
বোলে পৃথিৱীত নাই,
একোকে নামাতি প্ৰিয়াৰ দুগাল
থাকিব ধৰিলোঁ চাই৷”
কিন্তু দৈহিক সৌন্দৰ্যক তুচ্ছ কৰি জিলিকি উঠা অন্তৰৰ জ্যোতিৰ সন্ধানো কবিয়ে পাইছে৷ দৈহিক সৌন্দৰ্যৰ মাদকতাত দুদিনৰ বাবেহে চমক থাকিব পাৰে কিন্তু অন্তৰৰ প্ৰেম যুগমীয়া৷ সেয়ে বিভিন্ন ভাবৰ নীতি-উপদেশমূলক এধাৰি সাতসৰী সদৃশ কবিতা ‘ৰেণুকা’ত শুনা যায় কবিৰ আধ্যাত্মিক প্ৰেমৰ মৃদু গুঞ্জন৷

“প্ৰেমত ঘূৰিছে ভূমণ্ডল
প্ৰেমত ফুলিছে শতদল৷”
আকৌ,
“জীৱনটো যদিও দুদিনীয়া
প্ৰেম কিন্তু ঠিক যুগমীয়া৷”

বেজবৰুৱাদেৱৰ প্ৰেমৰ কবিতাবোৰত প্ৰেম সুগভীৰ, অচল-অটলৰূপে প্ৰকাশ পাইছে৷
“কোমল অন্তৰ, প্ৰেমময় মন
কোমল জুৰ হৃদয়;
দিয়া যত দিনে ৰাতি মোৰ মন
অচল অতল ৰয়৷” (প্ৰিয়তমাৰ সৌন্দৰ্য)

এই বিশ্বজগতত প্ৰেমৰ মহাশক্তি কবিয়ে উপলব্ধি কৰিছে৷ বিশ্বজগতৰ ইটো বস্তু-সম্ভাৰৰ লগত সিটো বস্তুৰ যি অৰ্ন্তনিহিত সম্বন্ধ ইয়াৰ মাজতো কবিয়ে উপলব্ধি কৰিব পাৰিছে প্ৰেমৰ মাহাত্ম্যৰ কথা৷

“মৰু বুৰে শিল পমে বিন্দুৰ পৰশে
প্ৰেম আখ্যা মহাশক্তি জগৎ প্ৰকাশে”৷ (প্ৰেম)

প্ৰেমৰ ক্ষেত্ৰত এক উদাৰ আৰু সাহসী মনোভাৱ বেজবৰুৱাদেৱৰ কবিতাত লক্ষ্য কৰা যায়৷ ব্যক্তিগত অনুভৱৰ আলসুৱা প্ৰেম, প্ৰিয়াৰ মাজত আৱিষ্কাৰ কৰা সীমাহীন ৰহস্য আদিৰ প্ৰকাশ তেওঁৰ কবিতাত দেখা যায়৷

বেজবৰুৱাদেৱৰ এচাম কবিতাৰ বিষয়বস্তু স্বদেশপ্ৰেম৷ অসমীয়া মানুহৰ গুণ-গৰিমা আৰু শৌৰ্য-বীৰ্যৰ ছবি বাহিৰৰ জগতত দাঙি ধৰিবৰ বাবে তেওঁৰ প্ৰয়াসৰ অন্ত নাছিল৷ অসমী আইৰ প্ৰতি থকা তেওঁৰ হৃদয়ৰ নিবিড় সম্পৰ্ক তেওঁৰ কেইবাটাও কবিতাৰ মাজত ফুটি উঠিছে৷ অসমী আইলৈ তেওঁৰ কিমান মৰম আছিল তাৰ উমান পোৱা যায় ‘মোৰ দেশ’ কবিতা (গীত)ৰ সহজ শব্দচয়নত৷ অসমৰ জাতীয় সংগীত ‘মোৰ দেশ’ৰ শব্দবোৰ যেন পাহাৰী নিজৰাৰ দৰে আপোন গতিৰে বৈ আহিছে-

“চাই লওঁ তোমাৰ
মুখখনি এবাৰ,
হেঁপাহ মোৰ পলোৱা নাই৷”

‘বীণ বৰাগী’ কবিতাত অসমৰ অতীতলৈ ঘূৰি চোৱা তেওঁ এজন ব্যথিত অথচ আশাবাদী কবি৷ অতীত অসমৰ দুখ শোক, কলংকৰ কালিমাৰ কথা কবিয়ে শুনাব বিচৰা নাই,বৰঞ্চ পুৰণি অসমৰ যশ-কীৰ্তিৰ কথা সোঁৱৰাই দি অসমীয়া মানুহৰ হিয়া বলৱন্ত কৰিব লাগিব, দেহত নতুন প্ৰাণৰ সঞ্চাৰ কৰিব লাগিব, চকুত নতুন দীপ্তি ঢালিব লাগিব আৰু অসমীয়া জাতিক সবল সহজ কৰিব লাগিব, কবিৰ এয়েই কামনা৷ সেয়ে কবিয়ে লিখিছে—
“নতুন প্ৰাণৰ
ন চকু যুৰি
দীপিতি ঢালি দে তাত,
পুৰণি পৃথিৱী
ন কৈ চাই লওঁ
হে বীণ! এষাৰি মাত৷
বেজবৰুৱা দেৱৰ সুস্থ আশাবাদৰ আন এটি নিদৰ্শন ‘অসম সংগীত’৷ অতীত ইতিহাসৰ পাত লুটিয়াই কবিয়ে উপলব্ধি কৰিব পাৰিছে অতীতৰ যশৰাশিৰে গৌৰৱান্বিত অসমীয়া জাতি নি:কিন নহয়৷ অতীতৰ অসমৰ যশ-কীৰ্তিৰ কথা সুঁৱৰি কবিয়ে ‘অসম সংগীত’ কবিতাত সাহসেৰে ক’ব পাৰিছে—
“আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হ’ম?
সকলো আছিল, সকলো আছে
নুবুজোঁ নলওঁ গম৷”

শক্তিৱন্ত অসমীয়া জাতিৰ নীচাত্মিকা মনোভাৱে তেওঁক যন্ত্ৰণা দিলেও আশা নেহেৰুৱাই তেওঁ কৈ উঠিছে—
“বাজক ডবা বাজক শংখ
বাজক মৃদং খোল
অসম আকৌ উন্নতি পথত
জয় আই অসম বোল৷”

বেজবৰুৱাদেৱৰ প্ৰকৃতি-প্ৰীতি আৰু চহা-জীৱন প্ৰীতিৰ নিদৰ্শন হ’ল ‘ধনবৰ ৰতনী’, ‘ৰতনীৰ বেজাৰ’, ‘নিমাতী কন্যা’, ‘তিলকা’ আদি কবিতাকেইটি৷ ৰতনীৰ বেজাৰত বিলাপ কৰা ধনবৰৰ ছবি সহজ-সৰলভাৱে ফুটি উঠিছে –
“নৈৰে পাৰতে কাৰে এৰাবাৰী
চপৰাচপৰে খহে!
লুইতৰ পাৰতে কাৰে ধনবৰ
ৰতনীৰ বেজাৰত জহে?” (ধনবৰ আৰু ৰতনী)

অত্মীয়-পৰিজন হেৰুৱা নিঠৰুৱা ধনবৰে প্ৰাণভৰি ভাল পাইছিল প্ৰাণৰ ৰতনীক৷ ধনবৰৰ বুকু শুদা কৰি যেতিয়া ভাটিৰ ৰতনী ভটিয়াই গ’ল তেতিয়া যেন ধনবৰে ৰতনীবিহীন জীৱন অসাৰ্থক বুলি ভাৱি “বোপাই মোৰ লুইত ঐ! সামৰি লোৱা মোক,” বুলি লুইতৰ বহল বুকুত আশ্ৰয় ল’লে৷ আনফালে ধনবৰৰ মৃত্যৰ পিছত ৰতনীৰ বিননি ফুটি উঠিছে ‘ৰতনীৰ বেজাৰ’ নামৰ কবিতাটিত-
“মৰি গৈ সোণ সৌ
তৰা এটি হ’ল,
হে তৰা এটি হ’ল৷
টুপি টুপি চকুৰ লোৰে
মোলৈ চাই ৰ’ল;
হে মোলৈ চাই ৰ’ল৷ (ৰতনীৰ বেজাৰ)৷

কবিৰ ‘নিমাতী কইনা’ এটি মালিতাসুৰীয়া প্ৰেমৰ কবিতা৷

বেজবৰুৱাদেৱ তত্বদৰ্শী ভগৱৎ প্ৰেমৰো কবি৷ তেওঁৰ ‘ঈশ্বৰ আৰু ভকত’, ‘মহাপ্ৰয়াণৰ যাত্ৰী’, ‘তৰা’, ‘অৱশেষ’ আদি কবিতাৰ প্ৰাণকেন্দ্ৰ ভগৱৎ প্ৰেম৷ কবিৰ ‘চালনী আৰু বেজী’ কবিতাত অসমীয়া সমাজৰ দুৰ্বলতাসমূহক চোকা অথচ ৰসাল ভাষাৰে সমালোচনা কৰিছে৷ ‘বৃন্দা-চন্দ্ৰাৱলী’ সংবাদত চন্দ্ৰা-বৃন্দাই ইংৰাজী-অসমীয়া খিচিৰি ভাষাত কথা কয়-
“Now look here Brinda বাই
Go tell him go
মই ৰাধা নহওঁ, বাঁহী বাই নচুৱাব মোক So!
Let him go to Radha’s Bower
Here no চালাকি৷”

জীৱন যুদ্ধত ভাগৰি নপৰি বেজবৰুৱাদেৱে অকণমান শান্তিৰ শীতল পৰশ লাভ কৰিবলৈ বিচাৰিছিল হাস্যৰসৰ মাজেৰে৷
“বাহিৰত মোৰ পকা চুলি
ভিতৰত বাজে মৌ সুতুলি
ল’ৰাৰ কিৰিলি খলকত
মোৰ ৰঙৰ ওৰ নাই৷” (পকাচুলি)

বেজবৰুৱাদেৱে কৃপাবৰী ৰূপেৰে অকল হাস্যৰস যোগান ধৰাতে সীমাবদ্ধ নাছিল; তেওঁৰ জীৱন দৰ্শনৰ আভাসো হাস্যৰসৰ মাজত বিচাৰি পোৱা যায়-
“আন্ধাৰ পোহৰ যুঁজে বৰ
শেষত জয় পোহৰৰ”
কবিৰ মতে কবিতা কেৱল শোকৰ সংগীত আৰু বিষাদৰ সুৰ নহয়; কবিতা জোনৰ কোমল কান্তি, শিশুৰ সৰল হাঁহি আৰু আধা-ফুটা মাতৰ দৰে সৰগীয়৷ কবিৰ মতে কবিতা তেওঁৰ সাধনাৰ বস্তু নহয় যদিও, তেওঁৰ সৰহভাগ কবিতাৰে মূল উৎস প্ৰেম৷ এই প্ৰেম বহুধা বিভক্ত৷ মানৱ প্ৰেম, ব্যক্তি প্ৰেম, স্বদেশ প্ৰেম আৰু ভগৱৎ প্ৰেম তেওঁৰ সৰহভাগ কবিতাৰে মূল লক্ষ্য৷ কবিৰ কবিতাবোৰত পাশ্চাত্যৰ প্ৰভাৱ পৰিছিল৷ কবি বেজবৰুৱাদেৱে নিজেই কৈছিল—“মোৰ মনৰ বহল পথাৰখন বাইৰণৰ কবিতাই কোমলালে, শ্যেলীৰ কবিতাই হাল বালে, কীটছৰ কবিতাই মৈয়ালে আৰু ৰবীন্দ্ৰৰ কবিতাই এনে কৰিলে যে তাত লাহিধানৰ কঠিয়াৰটো কথাই নাই, বিহমনা, কোঁটকৰা, পথৰুৱা বিহলঙনী আৰু চোৰাতকে আদি কৰি যিহৰে গুটি হওক পৰিলেই সিয়েই ভৰভৰ কৰি গজি ‘মোকচা মোকচা’ কৈ উঠিব৷”

প্ৰসংগ পুথি:
১)লক্ষ্মীনাথ বেজবৰুৱা, বাচকবনীয়া ৰচনা-সম্ভাৰ সংকলন আৰু সম্পাদনা,  হোমেন বৰগোহাঞি, অৰিন্দম বৰকটকী
২)কবি আৰু কবিতা, ড০ নন্দ তালুকদাৰ, বনলতা প্ৰকাশন
৩)অসমীয়া কবিতা, কৰবী ডেকা হাজৰিকা, বনলতা প্ৰকাশন
৪)সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, জয়চন্দ্ৰ চক্ৰৱৰ্তী, মা-লক্ষ্মী পাব্লিকেশ্যন, ৰাজগড়, গুৱাহাটী-৩

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক