লক্ষ্মীৰ ভৰি ( বি জে ৰঞ্জন )

চুবুৰিৰ পৰা ‘ফেমিলি পিকনিক’ ওলাইছে।
ভিন ভিন বয়সৰ এজাক মানুহ ৰংচঙীয়া কাপোৰ পিন্ধি, ৰঙীণ মনেৰে পিকনিকৰ বাছ আহি নাপাওঁতেই গিৰিণ উকিলৰ পদূলিত নাচি বাগি, ঢোল বজাই, বিহুগীত জুৰি গোটেই চুবুৰিটো গমগমাই তুলিছে।
যথা সময়ত বাছ আহি পাইছে। মানুহবোৰে হুৰমুৰাই উঠি গৈ বাছত নিজৰ নিজৰ ছিট দখল কৰিছে। ‘যাঃ এইটো কি তোলাই নাই!’, ‘হায় প্ৰভূ, অমুকটো দেখোন এৰি আহিলা!’, ‘অমুকচোন আহিয়ে পোৱা নাই এতিয়াওঁ, টোপনিয়ে মাৰি আছে নেকি, জগতৰ কানীয়া ক’ৰবাৰ’…… আদিবোৰ কৰি কৰি অৱশেষত হৰি-ধ্বনি দি এঘন্টা দূৰৈৰ বনভোজৰ থলীলৈ দলটো ৰাওনা হৈছে, আৰু ঠিক তেনেতেই কঁকালৰ সমস্ত ভৰ এখন হাতৰ ওপৰত থৈ গোটেই শৰীৰটো চন্দ্ৰ-বন্ধনী যেন কৰি আনখন হাতেৰে চশমাযোৰ নাকৰ ওপৰলৈ ঠেলি গিৰিণ উকিলৰ বিৰাশী বছৰীয়া মাকে বাছ যোৱালৈ চাই আফচোচৰ সুৰত নিজক নিজে কৈ গৈছে- “কমটি পাট্টি যোৱা নাই হ’লে এইটো। অমুকীকো কোন বেটাই ৰখাই আজি চালোঁ হয়! পিচে কাকনো দুষিম, কঁকালৰ বিষটোৱে খালে মোক।”

বৰানী বাইদেউহঁতে জোৰ কৰা বাবে বুবুলে ঘৈণীয়েক নিতুমণি আৰু তাৰ এবছৰীয়া ল’ৰাটোকো লগত পিকনিকলৈ লৈ লৈছে।
বুবুলে মূৰত গামোচা এখন মেৰিয়াই লৈ এবাৰ বাছৰ ওপৰত, এবাৰ আগৰ দৰ্জা, এবাৰ পিছৰ দৰ্জাৰে উঠা-নমা কৰি বস্তু-বাহিনীৰ তদাৰকী কৰি থাকোঁতে তাৰ চকু বাছৰ মাজত বহি থকা নিতুমণিৰ ওপৰত পৰিল। তাই মুখখন হঁহাৰ দৰে কৰিলে। নিতুমণিক ধুনীয়া দেখা হৈছে আজি। অলপ ষ্টাইলো কৰি আহিছে আজি তাই। তাইৰ মুখখনি ভালকৈ চাবলৈ কিন্তু তাৰ লাজ লাগিল (ইচ, মানুহে গম পালে কি ভাবিব!)। মনটো ফুৰ্টি ফুৰ্টি লাগি গ’ল তাৰ। গীত এটাকে সৰুকৈ গুণগুণাই দিলে সি “ভৰি পিছল খালে খামুচিবা, পিছলা মন কেনেকৈ ধৰিবা……”

গেলামালখিনি তাৰ দোকানৰ পৰাই লৈ থোৱা হৈছে। নিজৰ দোকান, মানুহখিনিও চিনাকি, ঘৰৰ কাষৰেই- খালী হিচাপটো ৰাখিলেই হ’ল। পিকনিকলৈ ওলোৱা মানুহবোৰ গণ্য-মান্য, ভদ্ৰ পৰিয়ালৰ। কেইজনমান চৰকাৰী চাকৰিয়াল, দুজনমান প্ৰতিষ্ঠিত ব্যৱসায়ী, তাৰ মাজত ডাক্তৰ, ইঞ্জিনিয়াৰ, উকিল আদিৰ পৰিয়ালো আছে। অৱশ্যে সেই লৈ বুবুলৰ লাজ বা চিন্তা কৰিবলগীয়া কিবা থাকিব পাৰে বুলি সি ভৱা নাই। সি স্বাধীন ব্যৱসায়ী, সৰু হ’লেও তাৰ গেলামালৰ দোকানখনৰ পৰাই পাৰাৰ মানুহখিনিক দৰকাৰৰ সময়ত লাগতীয়াল মাল-বস্তুৰ যোগান ধৰি আহিছে। তাৰ স্বভাৱগত মিঠা ব্যৱহাৰ, মানুহক সহায় কৰিব বিচৰা গুণৰ বাবে সি সকলোৰে মাজত প্ৰিয়। যিকোনো উৎসৱ-পৰব আদিত সেয়ে বুবুল নহ’লে নহয়। কোনো কামতে সি পিচ-হুহকা দিয়া বা পাল-মৰা বিধৰ মানুহ নহয়। আজি এই পিকনিকতে যা-যোগাৰ আদিকে ধৰি পিকনিকৰ সিংহভাগ কাম সি অকলেই কৰিছে। ৰাইজৰ এটাই কথা- বুবুল আছে নহয়, কি টেনচন! বুবুলৰ ঘৈণীয়েক নিতুমণিয়ো বৰ সাদৰী তিৰোতা। বুবুলৰ দৰেই, যিকোনো কামতে পাকৈত আৰু খৰ। মুখত সব সময়তে লাগি থকা হাঁহিটোৰ বাবে নিতুমণিকো চুবুৰিৰ আটায়ে ভাল পায়।

বনভোজ থলীত নিজৰাৰ স্বচ্ছ বৈ থকা পানী দেখি মানুহবোৰে জোতা, চেণ্ডেলবোৰ খুলি পানীত নামি গৈছে। পুৰুষ, মহিলা, সৰু সৰু ল’ৰা-ছোৱালী আটাইবোৰে শিলৰ ফাঁকে ফাঁকে ভৰি দি, পানীত জপিয়াই-খেলি ফ’টো উঠিবলৈ ধৰিছে।
বুবুলে তাৰ নতুন মোবাইলটোৰে ফ’টো তুলিছে। ফ’টোবোৰ ভালেই উঠিছে। নিতুমণিয়েও সৰু ল’ৰাটোক কোঁচত লৈ শিল এটাত বহি লৈ ভৰিৰ তলেৰে খৰকৈ বৈ যোৱা পানী দেখুৱাবলৈ ধৰিছে। পিকনিক পাৰ্টিৰ প্ৰায়বোৰেই পানীৰ ওপৰত, শিলৰ ওপৰত বহি নিজা নিজি ধৰণেৰে ফুৰ্টি কৰিবলৈ আৰম্ভ কৰি দিছে।
এবাৰ বুবুলে ল’ৰাটোৰ এখন ফ’টো তুলিবলৈ তাৰ কাষলৈ গ’ল। ডাঙৰ শিল এটাত খামুচি ধৰি ল’ৰাটোৱে তৰাং পানীৰ যুঁৱলিত ঠিয় দি আছে। ফ’টো তুলিব লৈ সি দেখিলে- ল’ৰাটোৰ আশে-পাশে কেইবাখনো ভৰি। সি থৰ হৈ ৰৈ গ’ল। কলাফুললৈ উদং ভৰিকেইখন দেখি ক্ষন্তেকৰ বাবে সি আচৰিত হৈ পৰিল। বগা, তেজে ফুটো ফুটো কৰা, মাখন যেন কোমল ভৰি। তুলতুলীয়া বগা গেৰোৱাবোৰত ৰঙা তেজে পেলোৱা চাপত ভৰিৰ বৰণ গোলাপী হৈ পৰিছে। হঠাত তাৰ চকু নিতুমণিৰ চকুৱে চকুৱে পৰিল। লোকৰ মাইকী মানুহৰ উদং ভৰিলৈ লক্ষ্য কৰি ঘৈণীয়েকৰ চকুত ধৰা পৰি যোৱা বুবুলৰ কাণ-মূৰ লাজতে ৰঙা পৰি উঠিল। নিতুমণি অকস্মাৎ সচেতন হৈ পৰিল, তাইৰ ভৰি দুখন মেখেলাৰে ঢাকি পেলালে, যেন, পিকনিকৰ এগাল মানুহে তাইৰহে উদং ভৰি দুখনলৈ ভেবা লাগি চাই আছে!
ফ’টো তোলা হোৱাত বুবুল পাৰলৈ উঠি আহিল। খোৱা-লোৱাৰ ব্যৱস্থাবোৰ ঠিক-ঠাক কৰা আদি বহুত দায়িত্ব আছে তাৰ ওপৰত।
পিকনিকৰ কামৰ মাজতো দিনটো বুবুলৰ এটা কথা চকুত পৰি থাকিল- নিতুমণিয়ে বাৰে বাৰে তাইৰ ভাঁজ খাই ওপৰলৈ উঠি যোৱা নতুন মেখেলাখন ভৰিৰ তললৈ হাতেৰে টানি সঠিক ঠাইলৈ নমাই থকা দৃশ্য।

বনভোজ খাই, নাচি-বাগি পিকনিকৰ পৰা ঘৰ আহি পাই মানে এন্ধাৰেই হৈছিল। ৰাতি বিচনাত মোবাইলত ফ’টোবোৰ চাবলৈ ধৰিলে বুবুলে। কাষত নিতুমণিয়ে ল’ৰাটোক শুৱাই থৈ আছে।
ফ’টোবোৰ ভাল হৈছে। এখন ফ’টো দেখি সি ৰৈ গ’ল।
নতুনকৈ ঠিয় হ’বলৈ শিকা সিহঁতৰ ল’ৰাটোৱে শিল এটাত ধৰি ঠিয় দি আছে…………..ল’ৰাটোৰ কাষত থকা শিলটোৰ ওপৰেদি কেইবাখনো চিকুণ, নিভাৰণ ভৰি।
নিতুমণিয়ে তাৰ কাষলৈ আহি ক’লে-“চাওঁ ফ’টোখন।”
কওঁ নকওঁ কৰি তাই ক’লে- “তেওঁলোকৰ ভৰিবোৰ যে ইমান ধুনীয়া, চিলচিলীয়া! ক’তো এটা দাগো নাই। আমাৰ আকৌ ভৰিলে চাবৰ উপায় নাই।  গোৰোহা ফাটি ক’লা দাগ বান্ধিছে চাৰিওফালে।”

দিনত ক’লা শিলৰ ওপৰত দেখা বগা ভৰিকেইখনৰ ছবিখন আকৌ এবাৰ তাৰ মনত ভাহি উঠিল। ছবিখনে গোটেই দিনটো তাৰ মনটো কিবা এক বেলেগ ধৰণে উত্তেজিত কৰি ৰাখিছিল। এনে আকৰ্ষণীয় ভৰি সি আগতে কেতিয়াওঁ দেখা নাছিল। অদ্ভুত অনুভূতি এটাই মনটো তাৰ সুৰসুৰাই দি নিজৰাৰ খৰস্ৰোতা পানীৰ দৰে চঞ্চল কৰি তুলিছিল।

ভৰিয়েই নে অকল, সুগঢ়ী হ’লে যিকোনো অংগই কাৰনো বেয়া লাগে! কিন্তু শোভাই জানো সকলো? ধুনীয়াই জানো খুৱায় বা ধুনীয়া হ’লেই জানো পেট ভৰে? সি ভাবিলে। নিতুমণিৰ ভৰিহাল নিমজ নহয়। তাইৰ ভৰিৰ গেৰোৱা ছিৰাল ফাঁট দিয়া শুকান পথাৰৰ দৰে। তাইৰ ভৰিৰ আঙুলিকেইটাও আভঁজা ধৰণৰ। হ’লে কি হ’ব, তাইক বিয়া কৰাৰ পিছৰে পৰা কিন্তু বুবুলৰ বহুত উন্নতি হৈছে, আৰু এয়া সম্ভৱ হৈছে তাইৰ অশুৱনি ভৰি দুখনৰে ওপৰেৰে বেগাবেগিকৈ কাম কৰিব পৰা, লগতে সংসাৰৰ সমষ্ট কাম, কষ্টৰ বোজা সহ্য কৰিব গুণটোৰ বাবেই। দোকান এৰি বুবুল এবেলাৰ বাবে বজাৰলৈ ওলাই গ’লে কণমানিটো আৰু দোকানখন অলপো খেলিমেলি নোহোৱাকৈ নিতুমণিয়ে চম্ভালে। তদুপৰি ঘৰত বেমাৰী মাকক চোৱাচিটা কৰা, ভাত ৰন্ধা, কাপোৰ ধুৱা আদি দৈনন্দিন কামবোৰো তাই আউল নলগাকৈ পৰিপাটিকৈ চলায়। মানুহে এনেই কোৱা কৰিলেনে- “বেটা ভাগ্যৱান, নিতুমণিৰ দৰে লক্ষ্মী তিৰোতা পাইছে সি। চাচোন, কি দোকান কি কৰি পেলালে দুদিনতে। ঘৈণীয়েকৰে কপালৰ জোৰ!”

কথা এটা তাৰ মনত পৰি গ’ল। এবাৰ দোকানৰ মালৰ লগত ষ্টিকাৰ এখন ফ্ৰিত পাইছিল। লক্ষ্মীৰ ভৰি। দোকানৰ এচুকত থকা তিনিকোণীয়া কাঠৰ চাকি, ধূপ জলোৱা সৰু থাপনাখনৰ কাষত ষ্টিকাৰখন সি ভালকৈ এঠা লগাই দিছিল। লক্ষ্মীৰ ভৰিৰ তলত ক্লাচ চেভেনলৈ পঢ়া সংস্কৃত জ্ঞানৰ আধাৰত বগা কাগজ এখনত “ওঁম, লক্ষ্মীমাতাই নমো নমাঃ” বুলি লিখি আঠা মাৰি লগাই দিছিল। তাৰ মতে, ভুল-শুদ্ধ সিমান দৰকাৰী কথা নহয়, মুঠ কথা হ’ল শ্ৰদ্ধা সহকাৰে লিখা কথাখিনিৰ মৰ্মাৰ্থ যাতে লক্ষ্মীমায়ে বুজি পায়!
পাইছে পাইছে! চিনাকি মানুহবোৰে অকপটে স্বীকাৰ কৰি আহিছে যে লক্ষ্মীমায়ে তাৰ লিখিত প্ৰাৰ্থনাৰ অৰ্থ অন্তৰেৰে বুজি পাইছে। ব্যৱসায়ত দিনক দিনে উন্নতি হৈ গৈ থাকিল তাৰ। ষ্টিকাৰখন লগাবৰ দিনা তাৰ বন্ধু অৰ্জুনে সেইখনলৈ চাই কৈছিল-“এহ্, কিনো লগালি ও এইখন! চাচোন, লক্ষ্মীৰ ভৰিৰ আঙুলিকেইটা কেনে গেধেমা গেধেমা।”
কথাটো হয়। আঙুলিবোৰৰ কোনো চাইজ-ভাইজ নাই, লক্ষ্মীৰ ভৰি হিচাবে যিমান সুন্দৰ হ’ব লাগিছিল যেন তাৰ আধাও নহয়। তথাপি, গেধেমা হওঁক, ভথৰা হওঁক যিয়েই নহওঁক, হাজাৰ হ’লেও লক্ষ্মীআইৰ চৰণ। নাপায়! সি সৰুকৈ আপত্তি কৰিলে- যাঃ, কি কৱ অ’ এইবোৰ!

শান্ত স্বভাৱৰ নিতুজনীক তাৰ লক্ষ্মীমাই যেন লাগি গ’ল। তাইৰ ভৰিলৈ হাত মেলি কোমল স্বৰত সি ক’লে-“চাওঁ, দেখুওৱাচোন কি হৈছে তোমাৰ ভৰিত?”
-“হেই নালাগে চাব! কি কৰে! উফ, আতঁৰক আতঁৰক।”
চেং মাছ জপিয়াদি নিতুমণিয়ে ভৰি দুখন মেখেলাৰ ভিতৰত সুমুৱাই লৈ মুহূৰ্ত্ততে বিচনাত গোলাকৃতি ৰূপ ধাৰণ কৰিলে যাতে কোনোপধ্যেই সি তাইৰ ভৰি দুখন লগ নাপায়। তাইৰ সেই ঘূৰণীয়া আকৃতি দেখি বুবুলৰ টিভিত দেখা সাগৰতলীত বিচৰণ কৰা এটা বিশেষ প্ৰজাতিৰ মাছলৈ মনত পৰি গ’ল।

সি ক’লে- “তেওঁলোকৰ ভৰি ধুনীয়া নহৈ কাৰ হ’ব কোৱাচোন? তেওঁলোকেতো আৰু আমাৰ নিচিনাকৈ দিনটো মাটি, পানী খচি গচকি বন নকৰে। কামকৰা মানুহৰ হাত, ভৰি এনেকুৱা হ’বই।”
কৈ সি বিচনাত বাগৰি দিলে। কথাটো তেনেকৈ সমাপ্ত কৰিলে যদিও মনটো তাৰ মুকলি নালাগিল। মনৰ গোপন কোণত জগা অহেতুক চপলতাৰ বাবে অনুশোচনাই তাক হেঁচা মাৰি ধৰিলেহি।
নিতুমণি তাৰ কাষলৈ চাপি আহিল। তাইৰ দেহৰ পৰা বৈ অহা সুবাস আজিও তাৰ নাকত লাগিল। ইমানদিনে পাই অহা গোন্ধটো বুবুলৰ অতিকৈ চিনাকি। তাৰ ভাল লাগে গোন্ধটো। গোন্ধটো কিহৰ জনাৰ কেতিয়াও ইচ্ছা ওপজা নাই, আনকি নিতুমণিক কথাটো কোৱাৰ প্ৰয়োজনবোধো আজিলৈ সি কৰা নাই। সি মাথোঁ অনুভৱ কৰে- এই সুবাস তাৰ ঘৈণীয়েকৰ গাভৰু দেহৰ।
এতিয়া ধুনীয়া ভৰিৰ তুলনামূলকভাৱে প্ৰসংগই তাক উদগণি দিলে গোন্ধটোৰ বিষয়ে তাৰ মনৰ ভাৱ ঘৈণীয়েকক খুলি ক’বলৈ। তাইৰ কপালেদি মুখলৈ বাগৰি পৰা চুলিকোঁচা মূৰৰ ওপৰলৈ থেলি দি সি ক’লে- “তোমাৰ শৰীৰত মই এটা গোন্ধ পাওঁ। বৰ ভাল লগা গোন্ধ।”

নিতুমণিৰ ককায়েকে নিতুমণিৰ বিয়াৰ আগতেই তাইৰ গালৰ ফুটফুটীয়া দাগবোৰ আঁতৰাবলৈ এটা দামী ক্ৰিম কিনি আনি দিছিল তাইক। এতিয়াও টেমাটোৰ তলিত কিছু ক্ৰীম বাকী আছে। ক্ৰীমৰ গোন্ধটো পাতল কিন্তু ভাল। তাৰেই অলপ অলপ তাই প্ৰায়ে গালে মুখে সানে। বুবুলে নিশ্চয় ক্ৰীমটোৰ গোন্ধৰ কথাকে কৈছে। ভাবিলে যদিও নিতুমণিয়ে একো নক’লে।

এহাল সুশ্ৰী ভৰিৰ গৰাকী তাই হ’ব নোৱাৰিলে। গিৰিয়েক ভাল পোৱা সুগন্ধিটোও তাইৰ নিজৰ নহয়। তাই যেন অসহায়বোধ কৰিলে। বুবুলক তাই জোৰকৈ সাৱটি ধৰিলে। নীৰৱে যেন তাক বুজাবলৈ চেষ্টা কৰিলে- সি পোৱা ক্ৰীমৰ সুগন্ধিটোৰ বাহিৰেও আন এক সুৰভি তাইৰ দেহৰ প্ৰতি ৰন্ধ্ৰে-ৰন্ধ্ৰে বিয়পি আছে। এই সুৰভি যৌৱনসূত্ৰে তাই স্বদেহৰ পৰা আহৰণ কৰা সুৰভি, এই সুৰভি পৱিত্ৰতাৰে তাইৰ দেহ-মনত লালন-পালন কৰা সুৰভি, এই সুৰভি তাইৰ প্ৰিয় মানুহজনৰ প্ৰতি থকা প্ৰগাঢ় প্ৰেমৰে আৱেষ্টিত সুৰভি।
বুবুলে তাইৰ মূৰত হাত বুলাই দি ভাবিলে- নহ’লে নহওঁক ধুনীয়া, কিনো হ’ল? তাৰ লক্ষ্মীৰ ভৰি দুখন কামৰ ভৰি হ’লেই হ’ল।

তাইৰ ভৰি দুখন তাৰ ভৰিত লাগিল। ভৰি দুখন তাই আঁতৰাই নিনিলে। বুবুলে তাৰ ভৰিৰে লাহেকৈ তাইৰ ভৰি দুখন মৰমেৰে চেপি ধৰিলে৷

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments