লখিমীৰ ধান – গীতিকা শইকীয়া

 

বিশাল আৰু জয়াল হাবিখনত লখিমীয়ে শুকান খৰি লুৰি ফুৰিছে৷ এই খৰিখিনিৰে ভাত কেইটা ৰন্ধা-বঢ়াত মাকৰ সহায় হয়৷ নহ’লে কেঁচা খৰি ফুৱাই- ফুৱাই ভাত ৰান্ধোঁতে মাকৰ চকু-নাকৰ পানী ওলাই একাকাৰ হয়৷ শুকান খৰিৰ লগতে গছৰ পৰা সৰি পৰা লেটেকু, পনিয়ল, জামু আদিও লখিমীয়ে বুটলি লৈছে৷ ভায়েকৰ লগত খাব৷

তেনেতে হাবিৰ কাষেদি যোৱা বাটটোৱেদি নতুনকৈ জগা পোৱালিৰে সৈতে গাইকেইজনীক লৈ গৈ থকা ভৱেন মাষ্টৰে লখিমীক হাবিৰ মাজত অকলে অকলে ঘূৰি ফুৰা দেখি ধমকি দি উঠিল, -“লখিমী, তোৰ ভয়-চয় নাই নেকি অ’? অকলে অকলে এই জয়াল হাবিখনত ঘূৰি ফুৰিছ যে? আৰু তোৰ পঢ়া-শুনাও নাই নেকি? দেওবাৰটো হ’ল বুলিয়েই যে তলৌ- তলৌকে ঘূৰি ফুৰিছ৷ সিফালে মাৰে তোৰ পঢ়া-শুনাৰ বাবেই কিমান যে কষ্ট কৰিছে! কেৱল চতুৰ্থ শ্ৰেণীৰ বৃত্তি পোৱা মানেই চব হৈ যোৱা নুবুজায় নহয়! তোৰ পঢ়া আৰম্ভ হৈছেহে মাথোঁ..!”

নিস্তব্ধ হাবিৰ মাজত নিৰলে খৰি, ফল-মূল বিচাৰি থকা লখিমী ভৱেন মাষ্টৰৰ মাতত উচপ খাই উঠিল৷ ক’লে, “নাই, মানে চাৰ, মাইৰ ভাত বনাওতে বৰ কষ্ট হয়৷ বাৰীৰ কেঁচা খৰিৰ ধোঁৱা খাই খাই ভাত বনায়৷ দেওবাৰটোতে অলপ শুকান খৰি বুটলি থলে মাইৰ সুবিধা হয়৷ মই পুৱাতেই পঢ়ি লৈছিলোঁ৷ খৰিখিনি ঘৰত থৈ অলপ পথাৰলৈও যাব আছে, লেছেৰি বুটলিম আৰু কলমৌ, ঢেঁকীয়াও বিচাৰিম৷ ভাতৰ লগত ভাজিখন বনাবলৈও শাক-পাঁচলিৰ বাবে মায়ে অ’ত ত’ত বিচাৰি ফুৰে৷ মই এনেকৈ বিচাৰি আনিলে দুদিনমানলৈ মায়ে ইমান কষ্ট কৰিব নেলাগে৷”

ভৱেন মাষ্টৰৰ বুকুখন কঁপি উঠিল৷ কিমাননো বয়স হৈছে লখিমীৰ! দহ-এঘাৰ বছৰ মাত্ৰ! অথচ ইমান যে বুজন শক্তি আছে তাইৰ! অভাৱী মাকক সহায় কৰাৰ কিমান যে ইচ্ছা! বৃত্তি পৰীক্ষাত জিলাখনৰ ভিতৰতে প্ৰথম হৈছিল তাই৷ এতিয়া মাজে-সময়ে পোৱা টকাকেইটা মাকৰ হাততেই দি দিয়ে৷

ভৱেন মাষ্টৰে আকৌ ক’লে, -“হ’ব দে, বুজিছোঁ৷ পিছে বেছি দেৰি নকৰিবি৷ ঘৰলৈ যাগৈ৷ আৰু কালি যে মই তোক ধানৰ আগ অনাৰ কথাটো কৈছিলোঁ মনত আছে নে? সোনকালে ঘৰলৈ গৈ গা-পা ধুই ভাত খাই আমাৰ ঘৰলৈ আহিবি দেই! ”

“মনত আছে চাৰ৷ ঘৰত খৰিখিনি থৈ, গা ধুই ভাত খায়েই আহি আছোঁ আপোনালোকৰ ঘৰলৈ! ধানৰ আগ অনা কামটো সোনকালে শেষ হ’লে লেছেৰি বুটলিবলৈও যাব পাৰিম৷ ”

হঠাতে লখিমীৰ মাকে আগনিশা কোৱা কথাটো মনত পৰিল৷ কালি সন্ধিয়া ভৱেন মাষ্টৰে সিহঁতৰ ঘৰলৈ আহি লখিমীক ধানৰ আগ আনিবলৈ যাব লাগিব বুলি কৈ গৈছিল৷ সেইসময়ত মাক ৰুক্মিণী ঘৰত নাছিল৷ ঘৰ আহি পাই কথাটো শুনি মাকে কৈছিল, – “ভৱেনৰ পুতেক বিনয়ো দেখোন তোৰ লগৰে, ঘৰৰ ল’ৰাটোক ধানৰ আগ আনিবলৈ নিদি তোক দিবনে? ভৱেনে ছাগৈ এনেয়ে কৈছিল৷ “
তেনেতে কাষৰ ৰুমটোত ভায়েকক লগত লৈ শোৱা আইতাকে কৈ উঠিছিল, – “ভৱেনে সঁচাকৈয়ো ক’ব পাৰে অ’ ৰুক্মিণী..৷ ”

এসময়ত লখিমীৰ ককাকেই ভৱেনক পঢ়া-শুনাৰ খৰচ-পাতি দিছিল৷ গাঁওখনৰ বহুত মানুহে পাহৰি গ’ল লখিমীৰ ককাকে কৰা সহায়ৰ কথা৷ ভৱেনে পাহৰা নাই৷ শিক্ষক মানুহ, নাপাহৰে ছাগৈ!

এটা দীঘল হুমুনিয়াহ এৰি লখিমীৰ আইতাকে পুনৰ ক’লে, “এই হুতাশন নদীখনেই কাল হৈ আহিল আমাৰ বাবে৷ ঘৰ-দুৱাৰ, মেটমৰা ভঁৰাল, গৰু-গাই সকলো শেষ কৰিয়েই শান্ত নহ’ল৷ লখিমীৰ ককাককো নি হুতাহ নপলাল৷ একমাত্ৰ ল’ৰা বাপুকণকো নিহে এৰিলে! বাৰ্ বাৰে কৈছিলোঁ- বাপুৰ দেউতাকক, নেলাগে ইমান ধুনীয়াকৈ ঘৰ বনাবলৈ, অ’তবোৰ টকা খৰচ কৰি নৈৰ কাষত কোনোবাই ঘৰ বান্ধে নেকি? নুশুনিলে মোৰ কথা৷ বাপেকতকৈ পুতেক আৰু এখোপ চৰা৷ ৰুক্মিণীক বিয়া কৰাই অনাৰ সময়তো সি ঘৰখন আৰু অলপ ধুনীয়া কৰিছিল৷ তেতিয়াও কৈছিলোঁ যে আকৌ এইটো ঘৰতে টকা খৰচ কৰাতকৈ গাঁৱৰ মাজত থকা মাটিখিনিতে নতুনকৈ ঘৰ এটা বনা৷ নাই, মোৰ কথা কোনেও নুশুনিলে৷ দূৰৈৰ পৰা জিলিকি থকা অকলশৰীয়া ধুনীয়া ঘৰটোতহে তাৰ মোহটো! এতিয়া কি হ’ল, সকলো শেষ৷ মৰতী নদীখনে সকলো খহাই নি জাহ যোৱালে!”

মাকে কোৱা কথাটো মনত পৰি লখিমীয়ে পুনৰ ভৱেন মাষ্টৰক ক’লে, – “চাৰ, বিনয়েও দেখোন এই কামটো কৰিব পাৰে! ”

“নক’বি আৰু, তাৰ লাজ লাগে বোলে! বাদ দে, মই তোকে কৈছোঁ, তই আহিবি সোনকালেই! ” ভৱেন মাষ্টৰ গ’লগৈ!

লখিমীৰ মনটো আনন্দত থৌকিবাথৌ হ’ল৷ ভৱেন মাষ্টৰ যদিও লখিমীৰ স্কুলৰ শিক্ষক নহয়, তথাপিও তাই তেওঁক চাৰ বুলিয়েই মাতে৷ তাইৰ পঢ়া-শুনাৰো খবৰ লয় চাৰে৷ চাৰৰ ঘৰৰ ধানৰ আগ অনা কামটো তাইক দিছে! কম ডাঙৰ কথানে? নহ’বনো কিয়? সৰুৰে পৰা সকলোৰে ঘৰত ভৰাধানৰ ভঁৰাল দেখিছে, পথাৰত কঁঠীয়া ৰোৱা, কাতি বিহুত পথাৰত আকাশ বন্তি লগোৱা, ধান কটা, মৰণা মৰা তথা ধানৰ আগ অনা কামবোৰ দেখি আহিছে৷ তাই মাকক প্ৰায়েই কিছুমান কথা সুধি আমনি কৰি থাকে – গাঁওখনত সিহঁতকে ধৰি কেইঘৰমান মানুহৰ ঘৰত ভঁৰাল অথবা পথাৰৰ এই কামবোৰ কিয় নহয়? মাক, আইতাকৰ হুমুনিয়াহবোৰৰ বাহিৰে সদুত্তৰ তাই কাহানিও পোৱা নাছিল৷

ধানৰ আগ অনা কামটোৰ দিনা তাইৰ লগত পঢ়া পখিলী, দিপালীহঁতৰ উত্সাহভৰা কথাবোৰ শুনি তাইৰ সদায়েই দুখ লাগে৷ ধানৰ আগ অনাৰ দিনা সিহঁতবোৰৰ ঘৰত ঢেৰ পিঠা-পনা বনোৱাৰ কথাবোৰ শুনি, নতুন চাউলেৰে ন-খোৱা পতাৰ কথাবোৰ শুনিলে তাইৰ বৰ বেজাৰ লাগে৷ কিয়নো সিহঁতে এইবোৰ কৰিব নোৱাৰে৷ এই কথাটো কিছুবছৰৰ আগলৈকে তাই বুজা নাছিল৷ এতিয়া ভালদৰেই বুজে৷ সিহঁতৰ খেতিৰ মাটি নাই, নৈৰ বাঢ়নি পানীয়ে সকলোবোৰ উটুৱাই লৈ গৈছিল৷ তাকেই আইতাকে সপোনে-দিঠকে কৈ কৈ কান্দি থাকে৷ সেয়েহে ধানৰ লগত জড়িত এই কামবোৰ কৰাৰ আনন্দও নাপায় লখিমীহঁতে৷

লখিমীৰ ককাক তথা দেউতাকৰ ধনে-ধানে পৰিপূৰ্ণ এখন ঘৰ আছিল৷ ককাকে বৃটিছৰ যুগতে ব্যৱসায় কৰি অজস্ৰ টকা ঘটি ঘৰখন নদন-বদন কৰি তুলিছিল৷ লখিমীৰ দেউতাকেও সেই ব্যৱসায়ত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হৈছিল৷ সমগ্ৰ অঞ্চলটোতে ধনী লখিমীৰ ককাক, দেউতাকে মানুহক বিপদৰ সময়তো সহায়-সাৰথি কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ নৈখনৰ পাৰৰ ফালেই গাঁৱৰ ৰাস্তাৰ এটা মূৰত লখিমীহঁতৰ ঘৰখন বহু দূৰৈৰ পৰাই জিলিকি আছিল৷ অঞ্চলটোত একমাত্ৰ সিহঁতৰ ঘৰৰ মজিয়া চিমেণ্টেৰে নিৰ্মিত হোৱাৰ লগতে ৰং-বিৰঙী চন্দ্ৰতাপৰ ডিজাইনৰে কৰা আছিল৷ অঞ্চলটোৰ যিকোনো ৰাজহুৱা কাম-কাজতে লখিমীৰ ককাক আৰু দেউতাকৰ অৰিহণা অবিহনে সম্ভৱ নহৈছিল৷ কোনো চৰকাৰী বিষয়ববীয়া, ৰাজনৈতিক দলৰ নেতা আহিলেও সিহঁতৰ ঘৰলৈকে লৈ আনিছিল৷ লখিমীৰ আইতাক, মাক তেওঁলোকৰ আলপৈচানত ব্যস্ত হৈ পৰিছিল৷

বিয়াৰ কেইবাবছৰৰ পিছতহে লখিমীৰ জন্ম হৈছিল৷ আনন্দতে ককাকে নাতিনীৰ বাবে সোণৰ গহণা কিনিছিল৷ সকলোৱে হাঁহিছিল অকণমানি পানী কেঁচুৱাটিৰ বাবে অতবোৰ গহণা কিনা বাবে! কিন্তু ঘৰখনত বহুবছৰৰ পিছত শিশুৰ কলকলনিৰ আনন্দখিনি লৈ থকাৰ সময়তেই সেইবছৰ নদীখনে হঠাতে কালমূৰ্তি ধৰি ফেনে-ফুটুকাৰে ওফন্দি উঠিছিল৷ লখিমীৰ ককাকক অৱশ্যে নদীখনৰ বাঢ়নি পানীয়ে ভয় খোওৱাব পৰা নাছিল৷ ভাৱিছিল, নৈৰ পানীতেই সাঁতুৰি-নাদুৰি ডাঙৰ হোৱা শৈশৱৰ লগৰী নৈখনে তেওঁলোকৰ একো অপকাৰ কৰিব নোৱাৰে৷ কিন্তু পাৰ ভাঙি অহা পানীয়ে দিন-দুপৰতেই এফালৰ পৰা সকলোবোৰ মহতিয়াই লৈ যাবলৈ ধৰিলে৷ গৰা খহনীয়াই, পানীৰ ঢৌৱে ঢৌৱাই থকা নৈৰ ৰূদ্ৰমূৰ্তি দেখি লখিমীৰ ককাক-আইতাক, দেউতাক-মাকে ঘৰৰ পৰা কাপোৰ-কানিৰ যি পাৰে সামৰি তথা ককাকে টকা জমা কৰি থোৱা বাকচটো লৈ কথমপিহে সেই উত্তাল বাঢ়নি পানীৰ পৰা নিজকে বচাবলৈ সক্ষম হ’ল৷ তেওঁলোকৰ চকুৰ আগতে ওখকৈ ৱাল দিয়া প্ৰকাণ্ড ঘৰটো বাঢ়নি পানীয়ে উটুৱাই লৈ গ’ল৷ সামান্য ওখকৈ থকা ৰাস্তাৰ একাষত থিয় হৈ লখিমীৰ ককাক, দেউতাকে নিজৰ ঘৰটো উটি যোৱা চাই থাকিবলগীয়া হৈছিল৷ লখিমীৰ আইতাকে হায়ৈ-বিয়ৈকৈ- ‘নিলে অই, মোৰ ঘৰটো নিলে অই…জহনীজাইতী নৈখনে মোৰ সকলো নিলে’ বুলি আটাহ পাৰি পাৰি নৈখনক গালি পাৰিছিল৷ কান্দিছিল৷ বাৰে বাৰে লখিমীৰ ককাক-দেউতাককো গালি পাৰিছিল নৈৰ কাষত ঘৰ বনোৱাৰ বাবে….! সেই তেতিয়াৰে পৰা আইতাকৰ সেইবোৰ কথা কৈ থকা এটা অভ্যাসত পৰিণত হৈছিল৷

এক মুহূৰ্তৰ আগলৈকে ধনে-ধানে, ঐশ্বৰ্যশালী লখিমীৰ ঘৰখন দাল-দৰিদ্ৰত পৰিণত হৈছিল৷ প্ৰকাণ্ড চৌহদৰ চিমেণ্টেৰে গঁথা বৃহৎ ঘৰখনৰ মানুহখিনি সেই এক মুহূৰ্ততে গৃহহীন হৈ পৰিছিল৷ দুদিনমান পৰিয়ালৰ দুই-এঘৰত থাকি গাঁৱৰ ফালে থকা লখিমীহঁতৰ ডাঙৰ বাৰীখনতে বাঁহ-খেৰেৰে থাকিব পৰাকৈ ঘৰ এটা সাজিছিল লখিমীৰ দেউতাকে৷ অৱশ্যে ককাকৰ বাকচত থকা জমা টকাৰে টিঙৰ ঘৰটো, বাথৰুম আদি পিছত বনাই লৈছিল৷ কিন্তু তাত আগৰ ঘৰটোৰ প্ৰাচুৰ্ষ তিলমাত্ৰও নাছিল৷

ককাকে বহুদিন কাৰো স’তেই কথা-বতৰা পতা নাছিল৷ জুপুকা মাৰি ৰৈছিল৷ আৰু এদিন বিশেষ বেমাৰ-আজাৰ নোহোৱা মানুহজন সামান্য জ্বৰ হওঁতেই ঢুকাই থাকিল৷

নৈৰ বাঢ়নী পানীয়ে লখিমীহঁতৰ নৈপৰীয়া খেতিৰ মাটিও খহাই নিলে৷ যি দুই-এঠাইত খেতিৰ মাটি আছিল তাতো বাঢ়নি পানীয়ে কঢ়িয়াই অনা বালিৰে পোত গৈ খেতি কৰিব নোৱাৰা হৈ পৰিল৷ কেৱল বাৰীখনত থকা তামোল-পান, ফল-মূল, বাঁহ আদি বিক্ৰী কৰি লখিমীৰ দেউতাকে ঘৰখন ধৰি ৰাখিবলৈ চেষ্টা কৰিলে৷ হাতত থকা জমা টকাখিনি উলিয়াই ব্যৱসায় কৰিবলৈও অলপ ভয় কৰিলে, জানোচা লোকচান হৈ যায়!

লখিমীৰ জন্মৰ এমাহৰ পিছতে হোৱা বানপানীত এইদৰে ঘৰখন জাহ গৈ সিহঁত দুখীয়া হৈ পৰাটোক গাঁৱৰ মানুহে লখিমীৰ ওপৰতে দোষ জাপি দিছিল৷ ছোৱালীজনী ছাগৈ কুলক্ষণীয়া, সেয়েহে ইমান ধনী ঘৰখন দুখীয়া হৈ পৰিল৷ সেই যে অকণমানি শিশুটিক কুলক্ষণীয়া বুলি কোৱা হ’ল৷ আৰু সেই কথাটো গাঁৱৰ মানুহৰ মুখ মুখে বাগৰি গৈ থাকিল৷ সেয়েহে লখিমীক গাঁৱৰ সকলোৱেই কুলক্ষণীয়া ছোৱালী বুলিয়েই ভাবে৷

লখিমীৰ পাঁচবছৰ হোৱাৰ পিছত ভায়েকৰ জন্ম হ’ল৷ বহুদিনৰ পিছত ঘৰখন সামান্য সহজ হ’বলৈ লৈছিল৷ আইতাকো লখিমী, ভায়েকক লৈ ব্যস্ত হৈ পৰিছিল৷ লখিমীৰ দেউতাকে ঘৰৰ বাৰীখনৰ লগতে নৈৰ বালিৰে পোত যোৱা খেতিৰ মাটিখিনিতো আলু, মটৰ, ৰঙালাও আদিৰ খেতি কৰিবলৈ ধৰিলে৷ ওচৰ-পাঁজৰৰ গাঁওবোৰৰ পৰাও শাক-পাঁচলি, তামোল-পাণ কিনি লৈ টাউনত বিক্ৰী কৰাৰ ব্যৱসায় কৰি লাহে লাহে ঘৰখন ঠিক-ঠাক কৰিব লৈছিলহে, বোধহয় নিয়তিৰ এইবাৰো সহ্য নহ’ল৷ এদিন টাউনৰ পৰা উভতি আহোঁতে বাছখনৰ ট্ৰাক এখনৰ লগত দুৰ্ঘটনা হ’ল৷ লখিমীৰ দেউতাকক গুৰুতৰ অৱস্থাত হস্পিতেলত ভৰ্তি কৰোৱা হ’ল৷ চিকিত্সাৰ বাবে প্ৰথমে জমা থকা টকাখিনি শেষ হৈ যোৱাৰ পিছত কাৰো পৰা সহায় নেপাই ৰুক্মিণীয়ে নৈৰ পাৰৰ খেতিৰ মাটিখিনিকে কম দামতে বিক্ৰী কৰি দিলে৷ অৱশ্যে আইতাকে ল’ৰা-ছোৱালীদুটিৰ কথা চিন্তা কৰি আ-অলংকাৰখিনি বিক্ৰী কৰিব নিদিলে৷ পিচে লখিমীৰ দেউতাক নাবাচিল৷

এটাৰ পিছত এটাকৈ অহা সংকটৰ পিছত লখিমীৰ আইতাক স্বাভাৱিক হৈ থাকিব নোৱাৰিলে৷ অ’ত ত’ত বহি নৈখনক, নিয়তিক গালি পাৰি থাকিবলৈ ল’লে৷ প্ৰায়েই নৈৰ পাৰলৈ গৈ থিয় গৰাত বহি থকা হ’ল৷

ৰুক্মিণীয়ে দুখ কৰিবলৈও আহৰি নোপোৱা হ’ল৷ ঘৰলৈ বেপাৰী মাতি আনি বাৰীঘৰৰ শাক-পাঁচলি, ফল-মূল, তামোল-পাণ বিক্ৰী কৰি কৰি ঘৰখনৰ জোৰা-টাপলি মাৰিবলৈ ধৰিলে৷ বাৰীখনত লখিমীৰ ককাকে লগোৱা গছবোৰৰ দুই-এডাল বিক্ৰী কৰি ৰূক্মিণীয়ে ধানৰ দাম কম হৈ থাকোঁতেই বছৰটো জোৰাকৈ ধান কিনি থৈ দিয়ে৷

ৰুক্মিণীয়ে প্ৰায়েই ভাৱে যে এইদৰে প্ৰকৃতিৰ ওচৰত ধিয়াই থাকিলে নহ’ব৷ ল’ৰা-ছোৱালীদুটাক পঢুৱাই চাকৰি বাবে উপযুক্ত কৰিব লাগিব৷ পিছে খেতি-বাতি নোহোৱা ঘৰখনত জীয়েক লখিমীৰ ধানৰ প্ৰতি তীব্ৰ আকৰ্ষণ৷ প্ৰায়েই কয়, ‘মাই, আমাৰ যদি খেতিৰ মাটি থাকিলেহেঁতেন, আমিও ধান পালোঁহেঁতেন! ধানৰ আগ ময়েই আনিলোঁহেঁতেন, আমাৰ চোতালত মৰণা মাৰোঁতে গৰুৰ পিছে পিছে ময়েই ঘূৰিলোঁহেঁতেন! জুহালত চুঙা পিঠা বনালোঁহেঁতেন! আৰু ন-খোৱাৰ দিনা মোৰ স্কুলৰ লগৰ সকলোকে মাতিলোঁহেঁতেন! ’

অভাৱী ঘৰখনৰ সকলো কথা লখিমীয়ে বুজি পায়৷ অথচ লখিমীৰ মনটোৱে আনৰ অভাৱ দেখিব নোৱাৰে৷ সেয়েহে লখিমীয়ে কল্পনা কৰে যে সিহঁতৰ ঘৰত ন-খোৱা পাতিলে তাইৰ স্কুলত পঢ়া আটাইতকৈ দুখীয়া ল’ৰা-ছোৱালীকেইটাক ভাত খাবলৈ মাতিব৷ ছোৱালীজনীৰ কোমল মনটোৰ বাবেই ৰুক্মিণীৰ আটাইতকৈ বেছি ভয়৷

ধানৰ আগ আনিব বুলি পুৱাৰে পৰা লখিমীৰ উত্সাহৰ অন্ত নাই৷ চোতালতে ইফাল-সিফালকৈ দৌৰি ফুৰা দেখি মাকে ধমকৰ সুৰতেই দবিয়ালে, – “কি কৰি ফুৰিছ? পঢ়িব নালাগে নেকি? মুখ ধুই পঢ়া টেবুলত বহগৈ৷ ধানৰ আগ আনিবলৈ যোৱাৰ আগতে খৰি লুৰিবলৈও যাম বুলি কৈছিলি নহয়, পাহৰিলি! “

সুৰ সুৰকৈ ঘৰৰ ভিতৰলৈ সোমাই গৈ তাই আকৌ আনন্দতে জঁপিয়াই উঠিল৷ আস! আজিহে তাইৰ গুৰুত্ব বাঢ়িব৷ ইমান দিন অপেক্ষাৰ অন্তত অৱশেষত তাই বিচাৰি থকা কামটো কৰিবলৈ পাব৷ এক উগুল-থগুল মনেৰে তাই ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছে৷ কিবা যেন আনে নকৰা কামহে কৰিব ওলাইছে৷ গাঁৱত থকা প্ৰত্যেক কিশোৰ-কিশোৰিয়েই এবাৰ হলেও এই কামটো কৰিবলৈ পায়েই৷ এক গধুৰ দায়িত্ব পালনৰ অনুভৱেৰে লখিমীৰ মনটো উল্লসিত হৈ উঠিল৷ তাই কল্পনা কৰিবলৈ ধৰিলে, – তাই নতুন ফুলাম গামোছাৰে মেৰিওৱা সোণালী ধানৰ থোকভৰ্তি ধানমুঠি মূৰত লৈ গাঁৱৰ ফালে আহি আছে, গাঁৱৰ মানুহে পদূলিলৈ ওলাই আহি লখিমীক সুধিছে, – ‘অ’ লখিমী, কি আনিছ? ’

নাই, তাই একো উত্তৰ নিদিয়ে৷ আইতাকে কৈ থৈছে যে ধানৰ আগ অনা ছোৱালীজনীয়ে পথাৰৰ পৰা ঘৰ পোৱালৈকে মুখেৰে একো কথা ক’ব নাপায়৷ কথা কোৱা মানে এই নিয়ম ভংগ কৰা বুজায়৷ যিহেতু ধানক লক্ষ্মী ঘৰলৈ অহা বুলি বিশ্বাস কৰা হয়, সেয়ে লক্ষ্মীক মূৰত লৈ কথা কোৱা নহয়৷ লখিমীয়ে ভাৱিলে, – এই মানুহবোৰো যে কি আৰু, মূৰত ধানৰ থোক অনা দেখিও সোধে, “কি আনিছ বুলি! ’ কথাটো মনলৈ অহাত লখিমীয়ে নিজৰ অজ্ঞাতে হাঁহি উঠিল৷

খৰি লুৰি ঘৰলৈ আহি লখিমীয়ে মাকক ভৱেন চাৰে তাইক কামটোৰ কথা মনত পেলাই দিয়াৰ কথাটো কৈ মাকক চিন্তা নকৰিবলৈ ক’লে৷

“মাই অ’, আজি চাৰে ধানৰ আগ অনাৰ কথাটো আকৌ কৈছে৷ তাৰমানে চাৰে এনেয়ে কোৱা নাই দে! মই গা ধুই লওঁ, জলদি জলদি ভাত দে, খায়েই যাব লাগিব৷ ”- খৰিৰ বোজাটো চোতালতে থৈ লেটেকু, পনিয়লকেইটা ভায়েকৰ হাতত দি লখিমীয়ে চিঞৰি মাকক ক’লে৷

গোটেইজনী ফূৰ্তিত জঁপিয়াই আছে৷ ডেওঁ দি দি লখিমীয়ে পিছফালৰ দমকলৰ পৰা পানী উলিয়াই গাত ঢালি আছে৷ মুখত বন্ধ নোহোৱাক বিহু গীত, বনগীতৰ কলি চিঞৰি চিঞৰি গাই আছে৷
ইমান ফূৰ্তি তাইৰ! ৰূক্মিণীয়ে ভাৱিলে, – এনেকৈ প্ৰায় প্ৰতিটো দেওবাৰেই লখিমীয়ে হাবিত খৰি লুৰিবলৈ যায়৷ উভতি আহি গাঁৱৰ ইটো সিটোৱে তাইক ’কুলক্ষণী ’ বুলি ইতিকিং কিয় কৰে বুলি সুধি সুধি মাক-আইতাকক অতিষ্ঠ কৰি তোলে৷ প্ৰায়েই লখিমীয়ে কান্দি কান্দি সোধে, -“মাই অ’, মোকনো কিয় চবেই কুলক্ষণী বুলি কয়? মই নো কি কৰিলোঁ? অভিধানত লিখা আছে কুলক্ষণী মানে বেয়া, আনৰ ক্ষতি কৰা, বেয়া লক্ষণযুক্ত মানুহ৷ মোৰ কি বেয়া লক্ষণ আছে? মইনো কাৰ ক্ষতি কৰিলোঁ অ’ মাই! ”

লখিমীৰ এই কথাবোৰ শুনিলে ৰুক্মিণীৰ বুকু দহি যায়৷ ঘৰখনৰ অভাৱ, মাকৰ কষ্ট সকলো কথা লখিমীয়ে বয়সতকৈ আগতেই বুজি পায়! যিমান পাৰে মাকক সহায় কৰিবলৈ চেষ্টা কৰে৷ মাকৰ কষ্ট লাঘৱ হওক বুলিয়েই লখিমীয়ে হাবিলৈ খৰি লুৰিবলৈ যায়৷ পথাৰত কলমৌ, ঢেঁকীয়া বুটলিবলৈ যায়৷ আনকি বৃত্তি পোৱাৰ টকাকেইটাও মাকৰ হাততে দিয়ে৷ মানুহৰ ঠাট্টা-মস্কৰা শুনিও আঘোণমহীয়া গাঁৱৰ মানুহে ধান কটাৰ সময়ত লখিমীয়ে লেছেৰি বুটলে৷

লখিমীহঁতৰ ঘৰৰ সন্মুখদে যোৱা ৰাস্তাটোৱেইদিয়েই পথাৰৰ পৰা মানুহে ধানৰ ডাঙৰি কঢ়িয়াই আনে৷ প্ৰায়েই পকি থকা ধানৰ দুই-এথোক ডাঙৰিৰ পৰা ছিগি ৰাস্তাত পৰি যায়৷ সন্ধিয়া বেলি লহিওৱাৰ আগে আগে ৰুক্মিণীয়ে চোতাল সাৰে৷ পদূলীমূৰলৈকে সাৰি যাওঁতে ৰাস্তাত পৰি থকা ধান দুই-এথোক পালে বুটলি আনে৷ ধান বুলিলে উৎফুল্ল হৈ থকা ছোৱালীজনীয়ে সেই বুটলি অনা ধানৰ থোকবোৰ পঢ়া টেবুলত ধুনীয়াকৈ সজাই থয়৷ ধানৰ থোক বেছিকৈ গোট খালে লখিমীয়ে বুটলি অনা লেছেৰিৰ ধানৰ লগতে দি দিয়ে৷ সেইখিনি বিক্ৰী কৰি যি দুপইচা পাই লখিমীয়ে কিতাপ-বহী কিনে৷ লক্ষ্মী ছোৱালী তাই, – ৰূক্মিণীয়ে ভাৱে৷ অথচ গাঁৱৰ মানুহে তাইৰ লখিমী নামটোক লৈও ইতিকিং কৰে৷

গা ধুই ভাতকিটা দৌৰা-দৌৰিকৈ খাই লখিমী ভৱেন মাষ্টৰৰ ঘৰলৈ গ’ল৷ ৰুক্মিণীৰ ভালেই লাগিল, অন্ততঃ নিজৰ ঘৰৰ ধান নহ’লেও ছোৱালীজনীয়ে ধানৰ আগ অনা কামটো কৰাৰ আনন্দ পাব আজি!

চিত পখিলাৰ দৰে জঁপিয়াই জঁপিয়াই লখিমী গৈ ভৱেন মাষ্টৰৰ ঘৰ পালেগৈ! চোতালতে গোমোঠা মুখেৰে ৰৈ থকা ভৱেন মাষ্টৰৰ মাকক দেখি লখিমী থতমত খাই গ’ল৷ গাঁৱৰ আন বহুততকৈ বহুত বেছিকৈ এই আইতাজনীয়ে তাইক কুলক্ষণী বুলি গালি পাৰে৷ এইটো কথা দেখোন ভবাই নহ’ল – লখিমীয়ে ভাৱিলে৷

“কাক বিচাৰি আহিছ তই? ” – কৰ্কশ মাতেৰে ভৱেন মাষ্টৰৰ মাকে লখিমীক সুধিলে৷

অলপ সময় ৰৈ লখিমীয়ে ভয়ে ভয়ে ক’লে, – “মানে, চাৰে মানে, মোক মাতিছিল৷ আপোনালোকৰ খেতিৰ ধানৰ আগ অনাৰ বাবে..৷ ”

“তোৰ দৰে কুলক্ষণীজনীক আকৌ ভৱেনে কিয় ক’লে? মোৰ ঘৰত নাতি ছোৱালী নাই বুলিয়েই তোক মাতিবনে? তোৰ হাতেৰে ধানৰ আগ অনাতকৈ ধানখিনি পথাৰতে জ্বলাই পেলাম৷ যাহ, ইয়াৰ পৰা৷ কুলক্ষণী ক’ৰবাৰ! জন্ম হৈয়েই অতখন ঘৰ খালি, ককাৰ, বাপেৰৰ মূৰ খালি, সেইখিনিৰে শান্তি হোৱা নাই! আকৌ মোৰ ঘৰৰ লক্ষ্মী ধ্বংস কৰিব আহিছ! যা বুলিছোঁ ইয়াৰ পৰা, ইচ্ ধানৰ আগ আনিব আহে, কুলক্ষণী ক’ৰবাৰ! ”

লখিমী মুক হৈ পৰিল৷ কেনেবাকৈ ভৱেন চাৰক দেখে নেকি ইফালে সিফালে চাবলৈ ধৰিলে৷ স্কুটাৰখনো নাই৷ ক’ৰবালৈ গ’ল চাগৈ৷

লখিমীৰ মাকৰ কথাখিনিলৈ মনত পৰিল৷ মাকে যে সদায় সঁচা কথাবোৰকে কয়, তাইহে মাকৰ কথা মানিব খোজা নাছিল৷

লখিমীয়ে লাহে লাহে ভৱেন মাষ্টৰৰ ঘৰৰ পৰা ওলাই আহিল৷ পিছে ঘৰলৈ যোৱাৰ পৰিৱৰ্তে তাই নৈৰ ফাললৈ গ’লগৈ৷ গৈ গৈ তাই প্ৰায়েই আইতাকে বহা নৈৰ থিয় গৰাটোত বহিলগৈ! তাই বাৰু সঁচাকৈয়ে কুলক্ষণীয়া নেকি? তাইৰ জন্মৰ এমাহৰ পিছতে হোৱা বানপানীত তাহাঁতৰ প্ৰকাণ্ড ঘৰটো বানপানীত উঁটি গৈছিল৷ সিহঁত মুহূৰ্ততে দুখীয়া হৈ পৰিছিল৷ তাইৰ জন্মতে কিবা গণ্ডগোল আছে নেকি? অকণমানি মনটো কিবা এক দুখত কাঁতৰ হৈ পৰিল৷ তাই তাৰমানে ঘৰখনৰ সকলোৰে বাবে একোৱেই মংগল কৰিব নোৱাৰে৷ ককাক, দেউতাকো তাইৰ বাবেই ঢুকাই থাকিল নেকি? তাই বাৰু এনে কি কৰিছিল যি কাৰণত ককাক, দেউতাক ঢুকাই থাকিল! কিয় সকলোৱে তাইক কুলক্ষণী বুলি কয়?

ভাত খাই আইতাক, ৰুক্মিণীয়ে চোতালতে ৰ’দ লৈ বহি থাকিল লখিমীয়ে ধানৰ আগ অনা চাবলৈ! ঘৰৰ সন্মুখৰ ৰাস্তাইদিয়েই লখিমীয়ে ভৱেন মাষ্টৰৰ ঘৰৰ ধানৰ আগ আনিব৷ ভায়েকে ওচৰতে খেলি আছিল চুবুৰীয়াৰ দুঘৰমানৰ ল’ৰা-ছোৱালীৰ লগত৷ বহুদেৰি হ’ল, লখিমী দেখোন অহাই নাই৷ ৰুক্মিণীয়ে ভাৱিলে৷

তেনেতে ভৱেন মাষ্টৰৰ পুতেক বিনয়ে ধানৰ আগ মূৰত লৈ গোমোঁঠা মুখেৰে পথাৰৰ পৰা অহা দেখা গ’ল৷ লগত ভৱেন মাষ্টৰৰ মাক, ঘৈণীয়েক আৰু দুজনীমান ধান কাটিবলৈ অহা মহিলা৷

লখিমী দেখোন নাই, ৰুক্মিণীৰ মনটো চেবালে! পদূলীলৈ ওলাই আহিল৷ সেইসময়তে তেওঁলোক ৰুক্মিণীহঁতৰ ঘৰৰ পদূলী পাইছিলহি! ৰুক্মিণীয়ে ভৱেন মাষ্টৰৰ মাকক সুধিলে, -“অ’ খুৰীদেউ, আমাৰ লখিমীয়েহে আপোনালোকৰ ধানৰ আগ অনা কথা আছিল দেখোন! তাই দেখোন দুপৰীয়াতে ভাত খাই আপোনালোকৰ ঘৰলৈ গৈছিল৷ ক’লৈ গ’ল তাই…? ” ৰুক্মিণীৰ মাতটো কঁপি উঠিল৷

“তই কি সাহসত তোৰ কুলক্ষণীয়া ছোৱালীজনীক মোৰ পথাৰৰ লখিমীক ঘৰলৈ অনাৰ বাবে পঠাইছিলি? মোৰ ঘৰত কোনো নাথাকিলেও মই তোৰ সেই কুলক্ষণীজনীৰ হতুৱাই ধানৰ আগ আনিবলৈ নিদিলোঁহেঁতেন! হুহ! খাবলৈ ধান-চাউল নাই, খেতি কৰিবলৈ পথাৰ এখন নাই, সেই মানুহৰ ঘৰৰ কুলক্ষণীয়া ছোৱালীয়ে ধানৰ আগ আনিবলৈ মন মেলে! ” – ভৱেন মাষ্টৰৰ মাকে গেঙেৰি মাৰি ক’লে৷
ৰুক্মিণীয়ে কাঁতৰ হৈ পুনৰ সুধিলে, -“অ’ খুৰীদেউ, তাইক ধানৰ আগ আনিবলৈ মই পঠিওৱা নাছিলোঁ, ভৱেনেহে কৈছিল৷ ঠিক আছে, আপুনি বাৰু তাইক কামটো নিদিলে, পিছে তাই গ’ল ক’লৈ….? ”

“মই কি জানো তোৰ কুলক্ষণী জীয়েৰ ক’লৈ গ’ল? এনেয়ো গোটেই হাবি, নদী অলৌ- তলৌকৈ ঘূৰি ফুৰা ছোৱালীৰনো কি সঁজাত আছে ক’লৈ গৈছে? বাপেক-ককাকৰ মূৰ খালে, এতিয়া গোটেই গাঁওখনৰ মানুহৰে মূৰ খাব যেন লাগিছে! আমাৰ ল’চালীয়ে এনেকৈ তলৌ তলৌকৈ ঘূৰি ফুৰিলে ঠেং-ভৰি ভাঙি দিলোঁহেঁতেন…..৷ ” – এইদৰে ভৱেন মাষ্টৰৰ মাকে গালি পাৰি গৈ থাকিল৷

ইফালে লখিমীৰ আইতাকো পদূলী পাইছিলহি! ৰুক্মিণীক কান্দি ৰৈ থকা দেখি আইতাকে হঠাতে চিঞৰি উঠিল, – “তই কান্দিছ কিয়? কান্দি লাভ নাই৷ ব’ল লখিমীক বিচাৰি আনোঁগৈ! মই ভৱেনৰ ঘৰলৈ যাম! বহুত ক’ব লগীয়া আছে সিহঁতক, গাঁৱৰ বহুতকে বহুত ক’ব লগা আছে….! ”

কৈ কৈ আইতাকে গাঁৱৰ মূল পথৰ ফালে খোজ দিবলৈ ল’লে৷ বহুতদিনৰ পিছত আইতাকে এনেদৰে কথা কোৱা দেখি ৰুক্মিণী আচৰিত হ’ল৷ আইতাকক কোবা-কোবিকৈ যোৱা দেখি ৰুক্মিণীয়ে দৌৰি ঘৰলৈ গৈ মূল দুৱাৰখন মাৰি দীপকক হাতত ধৰি আইতাকৰ পিচ ল’লে৷

আইতাকে জানে, মন খুব বেয়া লাগিলে লখিমীয়ে গৈ সেই নদীৰ থিয় গৰাটোতে বহেগৈ! আচলতে আইতাকে মাজে মাজে নৈয়ে উটুৱাই নিয়া ঘৰটোলৈ বহুত মনত পৰিলে সেই গৰাটোতে বহেগৈ! প্ৰায়ে আইতাকক বিচাৰি বিচাৰি লখিমীয়েও তাতে গৈ আইতাকৰ লগত বহে৷ তেনেকৈ বহি আইতাকৰ ডিঙিত সাৱতি ধৰি প্ৰায়েই কয়, -“আইতা অ’, তয়ো আমাক এৰি নাযাবিগৈ দেই! সকলোৱে মোকে আকৌ কুলক্ষণী বুলি ক’ব৷ তই থাকিবি দেই আমাৰ লগত৷ মই বহুত পঢ়িম, ডাঙৰ চাকৰি কৰিম আৰু তহঁতক কোনো কষ্ট কৰিব নলগাকৈ ৰাখিম৷ ”

আইতাকৰ বৰ বেয়া লাগে, প্ৰকৃতিৰ তাণ্ডৱত ঘৰখনে সৰ্বস্ব হেৰুৱাবলগীয়া হ’ল, কিন্তু কণমানি ছোৱালীজনীক কুলক্ষণী বুলি সকলোৱে দোষাৰোপ কৰি থাকে৷

হয়, লখিমী সেই নদীৰ থিয় গৰাটোতে বহি আছে৷ আইতাকে লখিমীৰ কাষতে বহি লৈ তাইক সাৱতি ধৰিলে৷ বহুপৰ মৌন হৈ বহি আছিল তাই৷ আইতাকে বুকুত সুমুৱাই সাৱতি লোৱাৰ লগে লগে লখিমীয়ে কান্দিবলৈ ধৰিলে৷ ৰুক্মিনীও আহি সেইখিনি পাইছিলহি! কিবা ক’বলৈ লওঁতেই আইতাকে চকুৰ ইংগিতেৰে মানা কৰিলে৷ তেনেতে তীব্ৰবেগেৰে স্কুটাৰ চলাই ভৱেন মাষ্টৰো সেইখিনি পালেহি! দোষী দোষী ভাৱেৰে ভৱেন মাষ্টৰে কিবা ক’বলৈ লওঁতেই আইতাকে ক’লে, -“ভৱেন অ’, মিছাতে ছোৱালীজনীক বৰ দুখ দিলি! আৰু একো ক’ব নালাগে দে! পাৰ যদি আমাক এনেকৈয়ে থাকিব দে! “

সদায় আবোল-তাবোল বকি থকা বুলি ভাৱি থকা আইতাকৰ গম্ভীৰ ৰূপত কোৱা কথাষাৰ শুনি ভৱেন মাষ্টৰ আচৰিত হ’ল৷ ৰুক্মিণীলৈ চাই ক্ষমা খোজাৰ ভাৱত হাতযোৰ কৰি গুচি গ’ল৷
বহুদেৰিৰ পিছত লখিমীৰ উচুপনি বন্ধ হোৱাত আইতাকে ক’লে, -“লখিমী আইজনী মোৰ, ব’ল ঘৰলৈ! আবেলি চাহ খোৱা নহ’ল যে ডিঙিটো শুকাই গৈছে৷ বুঢ়ী আইতাৰে কষ্ট পালে তই দেখোন বৰ বেয়া পাৱ! গধূলিও হ’ল, ব’ল ঘৰলৈ…! ”

সেইদিনা লখিমীক আইতাকে আৰু কান্দিবলৈ নিদিলে৷ মানে জীৱনত আৰু নাকান্দিবলৈকো শপত দিয়ালে৷ আইতাকৰ গহীন ৰূপ দেখি লখিমী সঁচাকৈয়ে আচৰিত হ’ল৷

পিছদিনা পুৱাতেই আইতাকে লখিমী, ৰূক্মিণীক লৈ ভৱেন মাষ্টৰৰ ঘৰলৈ গ’ল৷

চোতাল পায়েই চিঞৰি উঠিল, -“কি অ’ ভৱেনৰ মাক, তোৰ পুতেৰে লখিমীক বাৰে বাৰে কোৱা বাবেহে ধানৰ আগ আনিবলৈ পঠিয়াইছিলোঁ! আমাৰ ইমানো গৰজ পৰা নাই যে তোৰ নাতিনীয়েৰ থকা স্বত্বেও আমি লখিমীক পঠিয়াম৷ ভৱেনে আমাক ঘৰলৈ গৈ কৈ আহিছিল বোলে পুতেৰে ধানৰ আগ অনাৰ দৰে কাম কৰিবলৈ লাজ পায়৷ সেয়েহে লখিমীক কৈছে৷ মাষ্টৰ মানুহ, ভাবিছিলোঁ তহঁতক জনায়েই কৈছে৷ ঠিক আছে তহঁতে নাজান, তাৰমানে এই অকণমানি ছোৱালীজনীক ইমান বেয়াকৈ গালি পাৰিব লাগেনে? তাইৰ অপৰাধ কি? আৰু তই যে আজি ইমান ধনৰ বাহাদুৰি দেখাইছ, মনত আছে নে, যে আমাৰ খেতিৰ ধান মিলত বানিবলৈ পঠিয়ালে তয়েই গৈ মোক বাধা দিছিলি, তই অনুনয়-বিনয় কৰি আমাৰ ঘৰৰ ধানবোৰ ঢেকীত খুন্দিছিলি যাতে গৰুৰ দানাৰ বাবে থব বিচৰা খুদ চাউলখিনিও তই লৈ আনিব পাৰ! কাৰণ সেই খুদ চাউলখিনিৰে তোৰ ঘৰৰ আটাইৰে লঘোণীয়া পেটৰ ভোক কমাব পাৰ৷ সকলো পাহৰি গ’লি তহঁতে..! ভৱেনৰ ইচকুল, কলেজৰ পইচা আমাৰ বাপুকণৰ বাপেকৰ পৰা লৈছিলি! একো মনত নাই, নহয় নে? তহঁত দৰিদ্ৰ হৈ থাকোঁতে তহঁতৰ ঘৰত কাৰ কুলক্ষণ আছিল ভাবনে কেতিয়াবা? মনত হয়তো এইখিনিও নাই যে মোৰ পুৰণি কাপোৰ-কানি লৈ আনিছিলি, বিয়া সবাহত মোৰেই পাটৰ সাজ পিন্ধিছিলি, সকলো পাহৰিলি! তহঁতৰ বিপদত সহায় কৰিছিলোঁ বুলিয়েই এতিয়া আমাকো বিপদত উদ্ধাৰ কৰ বুলি কেতিয়াও হাত পাতা নাই৷ কিন্তু অকণমান ছোৱালীজনীক কুলক্ষণীয়া বুলি গালি কিয় পাৰিবি? ভাত এসাজ খাই দুসাজ নাখালেও গাঁৱৰ কাৰোৰে ওচৰত খোজা নাই৷ তহঁতে অকণমানি ছোৱালীজনীক কষ্ট দি কি আনন্দ পাৱ? তাই তহঁতৰ কিনো ক্ষতি কৰিছে কচোন…? ”—কৈ কৈ লখিমীৰ আইতাকে কান্দিবলৈ ধৰিলে…৷

ইতিমধ্যে গাঁৱৰ বহুতো মানহ গোট খাইছিল৷ সদায়ে জুপুকা মাৰি অ’ত ত’ত বহি নৈখনক গালি পাৰি পাৰি আবোল-তাবোল কথা কৈ থকা লখিমীৰ আইতাকৰ কথাবোৰ শুনি সকলো আচৰিত হ’ল৷ ইফালে ভৱেনৰ মাক, ঘৈণীয়েক চোতাললৈ ওলাই আহিছিল৷ গাঁৱৰ মানুহৰ আগত বুঢ়ীয়ে তেনেকৈ কোৱাত লাজ পাই ভৱেনৰ মাকে অকণমান মোলায়েম সুৰতে ক’বলৈ ধৰিলে, –

“অ’ নবৌ, এই লখিমীজনীয়ে মিছাকে কৈছে, তাইক মই একোকেই কোৱা নাই অ’! আপুনি এই পিতকলি ছোৱালীজনীৰ কথা শুনি আমাক লাজ দিবলৈ আহিব লাগেনে? আৰু হ’ল বুলিনো আগৰ কথাবোৰকে কিমান উলিয়াই থাকে! এতিয়া আমিওতো সহায় কৰিছোঁ৷ আমাৰ ভৱেনে সহায় নকৰা হ’লে লখিমীয়ে বৃত্তি পাব পাৰিলেহেঁতেন জানো! আপুনিওতো সেইখিনি কথা মনত ৰাখিব লাগে! ”

“লখিমীয়ে বৃত্তি পোৱাত মই একো সহায় কৰা নাই দেই মাই! মিছাকে নক’বি, লখিমীয়ে নিজৰ চেষ্টাত, নবৌৰ চেষ্টাত বৃত্তি পাইছে৷ সদায়েই ভাবো ঘৰৰ ওচৰৰ স্কুলখনতে চাকৰিটো হোৱা হ’লে! এতিয়া বুজিছোঁ ভালেই হ’ল, নহ’লে স্কুলখনৰ লখিমীৰ নিচিনা চোকা ল’ৰা-ছোৱালীবোৰৰ সকলো কৃতিত্ব মায়ে মোকেই দিলেহেঁতেন! ”—কৈ কৈ ঘৰৰ ভিতৰৰ পৰা ভৱেন মাষ্টৰ ওলাই আহিল৷ ভৱেনৰ মাকক অলপ থতমত খোৱা যেন লাগিল৷ কিবা ক’বলৈ লওঁতেই ভৱেনে ক’লে, -“মাই অ’, এতিয়াও তই লখিমীকে মিছলীয়া বুলিলি! লখিমীক তই কিদৰে তিৰষ্কাৰ কৰিছিলি বিনয়ে মোক সকলো কৈছে৷ লখিমী, মোক ক্ষমা কৰিব পাৰিবিনে? কালি মোৰেই ভুল হ’ল৷ ঘৰৰ সকলোৱে মই তোক ধানৰ আগ আনিবলৈ কোৱা কথাটোত আপত্তি কৰোঁতে মন বেয়া লাগি মই ঘৰৰ পৰা ওলাই গ’লোঁগৈ! তহঁতৰ ঘৰত গৈ কথাটো ক’ব লাগিছিল৷ কিন্তু কি স’তে কওঁ বুলি ভাৱি থাকোঁতেই বহুত দেৰি হৈ গ’ল৷ উভতি আহি তহঁতৰ ঘৰলৈ যাব লওঁতেই তহঁতক নৈৰ গৰাটোত দেখিলোঁ৷ বৰমা অ’, মোৰ ডাঙৰ ভুল হৈ গ’ল৷ আৰু আপোনালোকে কৰা সহায়ৰ কথা মাইক মনত পেলাই লাভ নাই৷ একোৱেই মনত নাই৷ আনকি বৰদেউতাই বছৰি বছৰি মোৰ স্কুল, কলেজৰ মাচুল নিদিয়া হ’লে যে ময়ো পিতাইৰ দৰে আৰ-তাৰ ঘৰত কাম কৰি খাব লগা হ’লহেঁতেন সেইটোও ভাৱি নেচায়৷ ময়েই সকলোৰে হৈ ক্ষমা বিচাৰিছোঁ বৰমা৷ -শেষৰ ফালে ভৱেন মাষ্টৰৰ মাতটো থোকাথুকি শুনা গ’ল৷

আইতাকে ভৱেন মাষ্টৰৰ কথাত গুৰুত্ব নিদিয়াকৈ পুনৰ ক’ বলৈ ধৰিলে, -“আমি কি কি সহায় কৰিছিলোঁ সেই কথাবোৰ তহঁতে কোনেও মনত ৰাখিব নেলাগে৷ কিন্তু আজিৰ পৰা যদি কোনোবাই লখিমীক কুলক্ষণী বুলি কৱ, তেন্তে লখিমীৰ ককাকৰ বাকচটোত গাঁৱৰ বহুতেই টকা ধাৰেৰে লোৱাৰ হিচাব, তহঁতৰ হাতৰ চহী পৰ্যন্ত আছে৷ সেইবোৰ লৈ মই পঞ্চায়তত যাম, দৰকাৰ হ’লে কোৰ্টতো যাম৷ তেতিয়া গম পাবি তহঁত কিমান ধৰুৱা৷ সেই গোটেইবোৰ টকা ওভতাই পালে আমি আকৌ ধনী হৈ যাব পাৰিম৷ কিন্তু তহঁতৰ লাওলোৱা অৱস্থা দেখি লখিমীৰ ককাকে তহঁতক কেতিয়াও টকাবোৰ ওভতাই বিচৰা নাছিল বাবে আমিও সেইটো কৰা নাই৷ এইবাৰৰ পৰা কৰিব লাগিব৷ তহঁতে লখিমীক বহুত দুখ দিছ…..! ”- আইতাকৰ কথা শুনি লাহে লাহে মানুহবোৰ ঘৰা-ঘৰি যাবলৈ ধৰিলে৷

অলপ সময়ৰ পিছত ৰূক্মিণী, লখিমীয়েও আইতাকক জোৰ কৰি ঘৰলৈ লৈ গ’ল৷ সেইদিনা গোটেই দিনটো চোতালতে বহি আইতাকে নৈখনৰ পৰিৱৰ্তে গাঁৱৰ সকলোকে গালি পাৰি থাকিল৷

সেইনিশা আইতাকে শুবলৈ লৈ ৰূক্মিণীক ক’লে, – “এইবাৰ আমিও ন-খোৱা পাতিম দে! তই ধান কিনোঁতে জহা ধান অলপো কিনিবি! লখিমীৰ কাৰণেই আমি এইবাৰ ন-খোৱা পাতিম৷ “

আচৰিত হ‘লেও ৰূক্মিণীয়েও কথাটো ভাৱিলে৷ ন-খাবলৈ জহা ধান নহ’লেও হয় যদিও আইতাকে বোধহয় আগৰ ঘৰটোত ন-খোৱা পতা কথাবোৰ মনত পেলাই কৈছে৷

কেইদিনমানৰ পিছত এদিন আইতাকে লখিমীক ক’লে, -“দেওবাৰলৈ আমিও ন-খোৱা পাতিম লখিমী৷ তই কাৰোবাক মাতিবি নেকি….? ”লখিমী আনন্দত আত্মহাৰা হৈ উঠিল৷ অলপ সময় কিবা ভাৱি তাই ক’লে, – “আইতা, মাই, আমাৰ ন-খোৱালৈ বাৰু মোৰ স্কুলৰ লগৰ ছোৱালীকেইজনীমানক মাতিব পাৰিম নে? আমি অন্ততঃ ভাতকিটাকে খাবলৈ পাওঁ৷ তাহাঁতে কেইবাদিনো নোখোৱাকৈ থাকে৷ স্কুলৰ দমকলটোত বাৰে বাৰে পানীকে খায়৷ কেইবাসাজো নোখোৱাকৈ থাকে বাবে প্ৰায়েই বমি কৰে৷ স্কুলৰ আশে-পাশে থকা ফল-মূলবোৰ কেঁচাতে ছিঙি খায়৷ মাই অ’, মোৰ বৰ বেয়া লাগে অ’৷ সিহঁতে কেনেকৈ কেইবাসাজো নোখোৱাকৈ থাকিব পাৰে বাৰু! সিহঁতে যে কেতিয়াও ন-খাই পোৱাই নাই৷ সিহঁতকে মাতোঁ দে! ”

লখিমীৰ কথা শুনি আইতাক, মাক আচৰিত নহ’ল৷ তাইক মূৰে-গায়ে হাত ফুৰাই আইতাকে কৈ উঠিল, – “তই সদায় এনেদৰেই থাকিবি দেই! মানুহক সহায় কৰা স্বভাৱটো তই ককাৰ, দেতাৰৰ পৰাই পাইছ! মাতিবি যা সিহঁতক! যি পাৰে তাকেই বনাই খুৱাব মাৰে৷ “

আইতাকে ৰূক্মিণীলৈ চাই ক’লে, – “লখিমীৰ লগৰ সৰু সৰু ছোৱালী হ’ল বুলিয়েইনো সুদা ভাতকিটানো কেনেকৈ খুৱাবি! বাপুকণৰ দেতাকৰ বাকচটোত ভালেখিনি সিকি-আধলি আছে, তাকে উলিয়াই ভাল মাছ অকণমান কিনি আনিবিগৈ! ”

অকণমান সময় কিবা ভাবি আইতাকে পুনৰ ক’লে, -“লখিমী, এটা কাম কৰ, তোৰ লগৰ ছোৱালীকেইজনীৰ বায়েক-ভায়েক-ভনীয়েক আছে ছাগৈ! সিহঁতকো মাতি দিবি! তোৰ লগৰকেইজনীয়ে ইয়াত খাই গৈ ঘৰত ক’লেগৈ তাহাঁতৰ লঘোণে থকা বায়েক, ভায়েক-ভনীয়েকহঁতৰো বেয়া লাগিব৷ সিহঁতকো ক’বি আহিবলৈ! গাঁৱৰ মানুহক মাতিলে আকৌ ঠাট্টা কৰিব যে, খেতিৰ মাটি নাই, অথচ ন-খোৱা পাতে! গতিকে গাঁৱৰ মানুহক নেমাতিলেও হ’ ব৷ এনেয়ো সিহঁতে আগতে আমাৰ ঘৰত বহুত ন-খোৱা খাইছে৷ এতিয়া নেলাগে আৰু! “

লখিমীয়ে আইতাকক জোৰেৰে সাৱটি ধৰিলে৷ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক