লখেইতৰাই ধোৱা দাগ (প্ৰিয়ঙ্কা দাস)

ধান শুখেবাৰ দিপ্ৰে
চোকা ৰ’দ জাকত কৰিও চোকা নখটুইদি
সি আঁচৰি দিছিল তাইৰ ফাটা চোলাটুইদি অলে থাকা বগা মঙাহখেন্তি৷

ৰঙা পৰা চিনটো পিহি পিহি ফিৰদিনা তাই পানীত নামছিল,
লখেইতৰাত৷
ধুই নিবা দিছিল লখেইতৰাক ৰঙাৰ পে কজলে পৰা দাগটু৷
লখেইতৰাই বুজলাক!

মানুহগিলাই নুবুজলাক৷
তাইৰ দাগটু চাবাকলেগি সেহঁতোৰ টানা-আজৰাত আৰু এটা দাগ হ’ল,
তাইৰ কইলজেত৷
বুকুৰ ভিতেৰোত৷

‘মাই, মাই…’ কে আটাহ পাৰি মাতা আপিটুক
মানুহগিলাই মুখোত আঙলি দি দেখেলাক,
“…চ…চুউউউপ্…!”
পেলপেলে থাকি ভালপাৱা তাই
বোবা হ’ল৷
ফুচফুচেনিগিলা ডাঙাৰ হ’ল,
তাইৰু দাগটু বহলি গেল–
ভিতেৰোৰটু —
কইলজেৰটু৷

সিদ্দিনেও ৰ’দ উঠছিল৷
চোকা৷
পুৱেবেলাতে ভথ্ৰাৰঠাৰাডাল লৈ
তাই বাট বুললাক,
লখেইতৰাক লেগি৷
লখেইতৰাই বুজে৷
সিদ্দিনেও বুজলাক৷

গইধলাবেলা মায়েকে বহি থাকলাক
লখেইতৰাৰ পাৰোত৷
লখেইতৰাক শাও দি৷
ফিৰদিনা লখেইতৰাই তাইক
তুলি ধৰলাক উপেৰোত৷
ধুৱেই-পখলেই…
দাগটু নহা কৰি —
কইলজেৰটু৷

মায়েকে তিত্তেও শাও দি থাকলাক৷
আজিও দেই!
লখেইতৰাক৷

ইত্তেও কেতেবা লখেইতৰা গন্ধেই৷
তাই তাই!!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক