লগৰীয়া(- পৰাশমণি বৰা)

স্মৃতিয়ে লগ এৰা দিব নোখোজে কেতিয়াবা। ঘপহকৈ চকুত পৰা সৰু কিবা এটায়ো কেতিয়াবা পাতনি মেলি দিয়ে পাহৰণিৰ কোলাত শুই থকা সময়ৰ পৃষ্ঠা কিছুমানৰ। হোষ্টেলত অস্থায়ী ঠিকনা এটা গঢ়ি লোৱাৰ সময়ত এবাৰ ভণ্টি এজনীয়ে কৈছিল- স্মৃতিবোৰ অতীতৰ সেউজীয়া উকি, সৰা শেৱালিৰ গোন্ধৰ দৰে ইহঁতে বিলায় অতীতৰ সেউজী সুবাস। এৰা, সময়বোৰ হাতত থাকোতে অনুভৱেই কৰিব নোৱাৰোঁছোন স্মৃতি কিছুমান গঢ় দিবলৈ গৈ আছোঁ বুলি!

কলেজলৈ ওলাই যাওঁতে বাটতে এখন জলফাই বৰণীয়া ট্রাক দেখিলোঁ আজি। ক্রমাৎ ওচৰ চাপি অহা গাড়ীখন দেখিয়েই ড্রাইভাৰৰ চীটটোলৈকে পোনচাটে চকু গৈছিল, এই যেন চিনাকি মুখ এখন দেখা পাম; গাড়ীখন পাৰ হৈ যোৱাৰ পাছত চিনাকি মুখখন নেদেখি অলপ আচৰিত হৈছিলোঁ, পিছে তেনেতে যেন সম্ভিত ফিৰি আহিল। ট্রাকখনে খেলি-মেলি হৈ থকা পূৰণি দিন কিছুমান সজীৱ কৰি তুলিলে আৰু মই পিছুৱাই গ’লোঁ শৈশৱৰ কিছুমান দিনলৈ।

তেতিয়া মই তৃতীয় শ্রেণীৰ শেষভাগত সোমাইছোঁ। নতুনকৈ সজা আমাৰ ঘৰটোত মূৰটো গুঁজ মাৰিছোঁ ঘৰৰ আটাইকেইটি প্রাণীয়ে। প্রথমে মোৰ কন্দা-কটা, হুলস্থূল আৰম্ভ হৈ গৈছিল পূৰণি লগবোৰৰপৰা বিচ্ছিন্ন হ’বলৈ পায়; কিয়নো নতুন ঠাইডোখৰত মোৰ লগ বুলিবলৈ নাছিল কোনো। পাতলীয়া হাবিৰ মাজে- মাজে পতা চাহ বাগিচাৰ সৌন্দর্যৰ একো সোৱাদ বিচাৰি পোৱা নাছিলোঁ মই, কোলাহল ভালপোৱা জনীয়ে। এদিন ৰাতিপুৱাতে নতুন আলহী দেখিছিলোঁ বহা কোঠাত; মায়ে অলপ দূৰৈত থকা ঘৰটোলৈ আঙুলিয়াই দেখুৱাই কৈছিল- সেয়া ‘ভাইটি খুড়া’, আমাৰ নতুন প্রতিবেশী আৰু ওচৰৰ বিস্তৃত চাহ বাগানখনৰ ঘাই মহৰী। সেইদিনাৰেপৰা মোৰ দোস্তি আৰম্ভ খুড়াৰ লগত। খুড়াৰ দোস্তিৰে আৰম্ভ হৈ আৰু ঢেৰ খুড়াৰে সৈতে চিনাকি হ’লোঁ। ছেকেণ্ড মহৰী বড়ো খুড়াই গধূলি হ’লে বাগান পাৰ হ’বলৈ ভয় কৰা কথা শুনি ঠিককৈ হঁহা হ’লো। তেওঁৰ জীয়েক সৰু আৰু মইনাৰ সৈতে উলুৱনি, কচুৱনি গৰকি আবেলি আবেলি বগলীৰ জাক খেদি ফুৰাটো খেল হৈ পৰিল। বাগানখনৰ গৰাকীজন মোৰ বাবে হৈ পৰিল পেটু বৰদেউতা, তেওঁৰ চাহ বাগানখন হ’ল ‘আমাৰ বাগান’ আৰু গাড়ীবোৰ হৈ পৰিল ‘আমাৰ গাড়ী’। স্কুলৰপৰা ওভটাৰ পাছত পেটু বৰদেউতাৰ লগত তেওঁৰ জিপচীখনত উঠি বাগানৰ মাজে- মাজে ঘূৰি ফুৰাটো মোৰ অভ্যাসত পৰিণত হ’ল। আটাইতকৈ ভাল লাগিছিল পিছে তেওঁৰ ডাঙৰ আকাৰৰ ট্রাকখন, যিখনত উঠিলে নিজকে জেট্ প্লেনত উঠাৰ দৰে অনুভৱ কৰিছিলোঁ। সেইখন বৰদেউতাই স্বাধীনভাবে এৰি দিছিল ধনে খুড়াৰ হাতত; এইজনৰ আক’ আচল নামটো আছিল ধন বাহাদুৰ, মুখ বাগৰি ‘ধনে’ কেতিয়াৰপৰা হৈছিল মই নাজানো। ভাইটি খুড়াই ধনে খুড়াৰপৰা মনে-মনে ড্রাইভিং শিকি পটু হৈছিল আৰু সেই প্রশিক্ষণৰ সদ্ ব্যৱহাৰ কৰিবলৈ বাচি লৈছিল দেওবৰীয়া পুৱাবোৰত। সংগী আছিলোঁ মই, নিজৰ ভাষাত ট্রাকখনৰ হেণ্ডিমেন। বাগানবোৰৰ মাজে-মাজে এমূৰৰপৰা সিমূৰলৈ থকা বহল ৰাস্তাটোত খুড়াই সুহুৰিয়াই সুহুৰিয়াই গাড়ী চলাই যায়, কাষত মাষ্টৰ ধনে খুড়া আৰু খিৰিকীৰ দাঁতিত মই। “বে’ক কৰক”, “কাটক”- এইবোৰ শুনি-শুনি মোৰ মুখস্থ হৈছিলগৈ। এটা সময়ত “ডাঙৰ হ’লে কি হ’বা?” বুলি সোধা প্রশ্নটোৰ উত্তৰ ‘হেণ্ডিমেন’ বুলিও ওলাইছিলগৈ। আমাৰ দেওবৰীয়া সেই অভিযানৰ কথা পিছে ঘুণাৰক্ষেও মাক গ’ম পাবলৈ দিয়া হোৱা নাছিল। নহ’লে মাধমাৰ নিশ্চিত হৈ আছিল। তেনেকৈ গাড়ী শিকি ভাইটি খুড়াও এক্সপার্ট হ’ল। ময়ো হেণ্ডিমেনৰ চাকৰি বাদ দিলোঁ পঢ়াৰ বোজা বাঢ়ি অহাৰ লগে-লগে।
এতিয়া ভাইটি খুড়া আছেগৈ ধেমাজীত, বাগান এৰি গুছি যোৱাই বহু বছৰ পাৰ হৈ গ’ল। খুড়াৰ ছোৱালীজনী হ’লগৈ সহোদৰাৰ দৰে। ফোনৰ তাঁৰৰ মাজেৰে পিছলি অহা তাইৰ মাতষাৰ শুনিলে খুড়াহঁতৰ লগত কৰা কাণ্ডবোৰলৈ মনত পেলাওঁ আৰু ভাবোঁ তাইৰ বয়সত মই কৰা কামবোৰৰ কথা। বড়ো খুড়াৰ গোটেই পৰিয়ালটোও উঠি গ’ল নলবাৰীলৈ একেবাৰেই। আৰু ধনে খুড়াই অসুখৰ বাবে গাড়ী চলাবলৈ এৰি দিছিল। তেওঁ যোৱাৰ পিছত বৰদেউতাই বেলেগ ড্রাইভাৰ আনিলে, কিন্তু গাড়ীখনে যেন খুড়াৰ বাহিৰে কাকো পার্টনাৰ মানিবলৈ ৰাজী নাছিল। কেইবাটাও সৰু- সুৰা দুর্ঘটনা হোৱা দেখিয়েই বৰদেউতাই সেইখন বেচি দিলে। আজি মই দেখা গাড়ীখন সেই তাহানিৰ মোৰ মৰমৰ হেণ্ডিমেনগিৰি কৰা ট্রাকখনেই আছিল। মাথোঁ ড্রাইভিং চীটত বহি তেওঁ নাছিল, অসুখত তেওঁ ঢুকুৱাৰ যে বহু বছৰ পাৰ হৈ গ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments