লজ্জা – মনমী ভট্টাচাৰ্য্য

ৰাস্তাত মানুহৰ জুম৷ অস্বাভাৱিক এক ভিৰত ব্যস্ত হৈ পৰিছে মানুহবোৰ৷ বাগ্মিতাৰ বুকুখন চিৰিংকৈ উঠিল৷ কিবা এক অজান আশংকাত কঁপি উঠিল মনটো৷ ষষ্ঠ ইন্দ্ৰিয়ই যেন কঢ়িয়াই আনে এক অনাহুত সংকেত৷ কিবা এটা ঘটিছে৷ হয়তো সাধাৰণ, মানে দৈনন্দিন ঘটি থকা জাতীয়, কাজিয়া, সৰু সুৰা দুৰ্ঘটনা ইত্যাদি৷ কিন্তুু ভিৰ দেখি সাধাৰণ যেন লগা নাই৷
ঘৰৰ পৰা ওলাই কেঁকুৰিটো পাইছিলহে তাই৷ পথৰ প্ৰাত্যহিক অশান্তি আৰম্ভ হৈ গ’ল৷ তাইৰ মৰমৰ সৰু চহৰখন সলনি হৈছে বহুত৷

গাড়ীৰ আইনাখন সামান্য নমাই হাউলি চালে বাগ্মিতাই৷ নাই, তেনে কোনো ভয়াবহতাৰ সংকেত নাই৷ মানুহবোৰৰ মুখত চোন কিবা ফিচিঙা ফিচিঙি হে৷
“কাক সুধো কি হৈছে৷ তাতকৈ নিজে গৈ চোৱাই ভাল” ভাবি নামি আহিল তাই গাড়ীৰ পৰা, ঘটনাৰ বুজ লবলৈ৷ কিবা এক আচহুৱা অনাকাংক্ষিত হৈছে, সেয়া নিশ্চিত৷ কিন্তুু দুৰ্ঘটনা যেনো নালাগিল বাগ্মিতাৰ৷
মানুহৰ জুমটো ফালি ঘটনাৰ পম লবলৈ আপ্ৰাণ চেষ্টা কৰিলে তাই৷ জুমটো ঠেলি যাবলৈ যিমান অসুবিধা হ’ল, তাতকৈ বহুত বেছি দিগদাৰ হ’ল বতাহত ভাঁহি অহা অশ্ৰাব্য, অশ্লীল মন্তব্য কিছুমান হজম কৰি নিমাতে থাকিব৷

“বয়ফ্ৰেণ্ডৰ লগতে আছিল বাইকত৷ সি বা ক’ত? ”

“পলাল সি৷ হা হা৷ লেংটা কৰি পলাল …. (অশ্ৰাব্য)”

দুহাল বৃদ্ধ চকুত এক অদমনীয় আদিম লোভ দেখিলে তাই৷ বাগ্মিতা যেন চটফটাই উঠিল৷ আৰু এক মুহূৰ্তত যেন উশাহ বন্ধ হৈ যাব৷ দেহৰ সমস্ত শক্তিৰে জুম ঠেলি আগুৱাই গ’ল তাই৷

অৱশেষত পালে তাই গন্তব্য! ভিৰ ফালি ঘটনাৰ উম লোৱাৰ প্ৰচেষ্টাত ফলৱৰ্তী হ’ল৷ কিন্তুু এয়া কি! কি দেখিছে এয়া তাই৷ আকাশখন খহি পৰিব নে পৃথিৱী ফাট মেলিব, বুজি নাপালে তাই৷

এজনী ষোড়শী গাভৰু৷ ঠিক ৰাজপথৰ মাজতেই বহি আছে৷ পৰিধানত এটা কলাৰঙৰ টপ আৰু, , , আৰু নিম্নাংশত অন্তৰ্বসন৷ শতজনৰ নিৰ্লজ্জ দৃষ্টিত ধৰাশায়ী হৈ বহি আছে তাই৷ নিশ্চুপ, নিমাত, আশ্চৰ্য্যচকিত৷
বাগ্মিতাই ঠিক ধৰিব নোৱাৰিলে এই মুহূৰ্তত কি কৰা উচিত৷ বিবেচনাহীন হৈ যোৱা যেন লাগিল নিজকে তাইৰ৷ পশুৰ পৰ্য্যায়ৰ পৰা উত্তৰণ নঘটা অথচ নিজকে সভ্য বুলি দাবী কৰা এজাকৰ সংশ্ৰৱত বিবেকহীন হৈ গৈছে তাই এই মুহূৰ্তত৷ আৰ্তনাদ কৰি উঠিল তাই৷ দূৰ হৈ যাবলৈ চিঞৰিলে মানুহবোৰক৷

ৰেপাৰ আৰু টপ পৰিহিতা হৈ বাইকত আহি থকা ছোৱালীজনী চালকৰ ভুলৰ বাবেই এই ব্যস্ত ৰাজপথত এইদৰে৷ টুকুৰা টুকুৰ শব্দবোৰৰ পৰা বাগ্মিতাই বুজি উঠিছিল৷ এটা প্ৰাণঘাটক দুৰ্ঘটনাৰ পৰা কথমপি বাচিল অচিনাকি ছোৱালীজনী৷ কিন্তুু ৰেপাৰখন সুলকি গ’ল৷ পৰি ৰ’ল তাই৷ বাইকৰ চকাত ৰেপাৰৰ একাংশ মেৰিয়াই প্ৰায় উৰি যোৱাদি গুচি গ ল চালক৷ সন্মানহানিৰ এই দুৰ্ঘটনা এগৰাকী নাৰীৰ বাবে কিমান ঘাটক, ভাবিলে বাগ্মিতাই৷

কেইটামান মুহূৰ্ত মাথোঁ৷ কিন্তুু মানুহৰ জুমটো যেন কিছু পৰিমাণে পাতলিল৷ এনেতে এজন বয়সস্থ ৰিক্সাচালক আহি গাৰ মলিন গামোচা খনেৰে ছোৱালী জনীক ঢাকি দিব চেষ্টা কৰিলে৷ বাগ্মিতাই ভাবিলে হুকহুকাই কান্দি পেলাব ছোৱালীজনীয়ে৷

কিন্তুু তেনে একো নঘটিল৷ গামোচা খন ককালত মেৰিয়াই লৈ, ৰিক্সাচালক জনক সম্পূৰ্ণ আওকাণ কৰি, স্বাভাৱিক ভাৱেই খৰ খোজেৰে আঁতৰি গ’ল তাই৷

বাগ্মিতাই কিবা এটা ভাবি ড্ৰাইভাৰক ইংগিত দিলে৷ কেই ফাৰ্লং মান আঁতৰত তাইৰ ঘৰ৷ উভতি গ’ল সি৷
“ব’লা, বজাৰ যাবা? চাহ একোকাপ খাওঁ৷ ” বিনাবাক্যে ৰিক্সা চলিল৷ কিছুপৰ মৌনতা৷ মৌনতা ভাগি ৰিক্সাচালক জনে সুধিলে
“বাইদেউ, আপুনি ইয়াত নতুন নেকি? দেখা মনত নপৰে৷ মোৰ চল্লিশ বছৰে হ’ল৷ ই- ৰিক্সাবোৰে ভাত মাৰিব যেন পাওঁ এতিয়া৷ ”
বাগ্মিতাৰ কব মন নগল তাইৰ যে শেষবাৰ ৰিক্সাত কেতিয়া উঠিছিল মনত নাই৷

“ওও ইয়াৰেই৷ আজিকালি পিছে বিদেশী হলোঁ৷ ”

“আপুনি কি ভাবিছে বাইদেউ? এইবোৰ নাটক আজিকালি চলিয়ে থাকে৷ আমি সহ্য কৰিব নোৱাৰোঁ৷ উপায় নাই৷ ”

বাগ্মিতাৰ এইবাৰ চাহ একাপ সঁচাকৈ প্ৰয়োজন হৈ পৰিছে৷ আজিও আছেনে বাৰু পছন্দৰ পুৰণি চাহ দোকানখন!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments