লটাৰী ( -অংশুমান শইকীয়া)

“ অ দাদা টিকেট দুটামান লওক না৷ লক্ষ্মী পূজাৰ দিনাই খেলাম৷”- চিনাকি পোৱালি কেইটামানৰ কাতৰ অনুৰোধ৷
“হে মই লটাৰীত আজিলৈকে একো পোৱাই নাই৷”
“নাই দাদা এইবাৰ পাবই৷”
“ কিমান দাম টিকেটৰ?”
“ মাত্ৰ ১০ টকা আৰু বাম্পাৰ প্ৰাইজ এটা তেলাল পাতিহাঁহ৷ আপোনাৰ নামত দহটা টিকেট ৰাখিম দেই৷”
“ হ’ব আৰু দে৷ এনেওতো একো নাপাওঁয়েই তথাপি কিবা পালে খবৰটো দিবি আৰু”- মনিবেগৰ পৰা খমখমীয়া এশ টকাৰ নোট এখন আগবঢ়াই দিলোঁ৷
“দাদা পূজা বুলি একো নুখুৱাই নেকি?”
ৰূপ দুকুৰী দি দিলোঁ৷ ল’ৰা কেইটাই কিবা খাব আৰু পূজা বুলি৷ বিশ টকাটো কোনো ফেক্টৰ নহয়৷
“কি খাবি ভাইহঁত?”
“বিমল খাম দাদা!”
বুজিলোঁ এইকেইটাই এতিয়া মোৰ বিশ টকাৰে অজয় দেৱগনৰ দৰে আঁহে আঁহে কেশৰৰ সোৱাদ ল’ব৷

ottere
এইকেইটা কেশৰ বীৰৰ হাততে তেলাল পাতিহাঁহটো এৰি দিলোঁ ৷ বেলেগ বজাৰো আছে নহয়৷ নহ’লে ঘৰত লক্ষ্মী পূজাৰ ঠাইত কালী পূজা হোৱাৰহে সম্পূৰ্ণ সম্ভাৱনা আছে৷ বজাৰৰ লিষ্টখন চালোঁ৷ বিলাহী, দাংবদী, লাও আৰু অসংখ্য৷ লিষ্টত নথকা সুন্দৰ স্বাস্থ্যৱান কোমোৰা এটাও লৈ ল’লোঁ৷ ভাগ্যৰ কথা কোনে জানে৷ পাতিহাঁহৰ কথা আছে ভাই৷
চকুৰ আগত পাখি পাক খোৱা তেলাল পাতিহাঁহটোৰ ছবিয়েই আহি গল৷ হাঁহৰ আগত শৰীৰ চৰ্চা, বৰ্ধিত ওজন এইবোৰ নিচেই সামান্য কথা৷
সন্ধিয়া স্নানাদি কৰি সুন্দৰকৈ লক্ষ্মীচৰিত পঢ়ি একদম যোগাত্মক মনেৰে ওলাই আহিলোঁ৷ এইবাৰ মা লক্ষ্মীয়ে চকুমেলি চাব যেনেই ভাৱ হ’ল৷ পইচা বেছি হৈ গলে গেৰেজটোৰ কোন অংশত লুকুৱাম এবাৰ কল্পনাও কৰিলোঁ৷ মোৰো মন যায় দিয়কচোন৷ লগৰ কেইটাৰ লগত আদ্দা মাৰি থাকোঁতেই কেশৰ বীৰৰ ফোন আহিল৷
“ হেল্ল’ দাদা হেল্ল’ হেল্ল’”
“ কৈ যা শুনি আছোঁ”
“দাদা মই কৈছিলো নহয় আপুনি এইবাৰ পাবই বুলি৷ আপোনাৰ ঘৰত দি থৈ আহিছো দেই৷ এতিয়া আমাক কিবা খোৱাব লাগিব আকৌ৷ “
আনন্দতে কান্দিয়েই দিলোঁহেঁতেন৷ তথাপি নিজকে কণ্ট্ৰোল কৰি ক’লোঁ ‘যা বিনোদৰ হোটেলতে চাহ চিংৰা খাই ল মোৰ নামত৷’
“লটাৰী পালি নেকি?”- বন্ধুৰ প্ৰশ্ন ৷
“হেই এনেই লৈছিলো টিকেট দুটামান৷ পাতিহাঁহ এটা পালোঁ৷”
“পাৰ্টি পাৰ্টি “ – গোটেই কেইটা শিয়ালে একেলগে হোৱা দিলে৷
“স্কটচ্ হলে ভাল হয়” – আটাইতকৈ মানৱতাহীন বন্ধুৰ দাবী৷
“নেলাগে স্কটচ্৷ ই গাড়ী পোৱা নাই নহয়, হাঁহ এটাহে পাইছে৷ ছিগনেশ্বাৰৰ হাফ এটা হ’লেই হব৷ বাকী চাখনা তাখনা আমিয়েই মেনেজ কৰিম আৰু৷ “
হওক তেওঁ মোৰ অৱস্থাযে ই বুজিছে সেইয়াই বহুত৷
“ভাইহঁত মোৰ ফালৰ পৰা এই তিনিশ টকা ল আৰু মই ঘৰলৈ যাওঁ৷ হাঁহ বনাবলৈ আছে৷”
আজি পূজাৰ দিনাখন এটুপি ধৰি গ’লে যে ঘৰত মোৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক হ’ব সেইয়া ধূৰূপ৷ বন্ধু কেইটাই অৱশ্যে বুজি পায়৷
বন্ধুসকলক উপভোগ কৰিবলৈ এৰি দি বীৰদৰ্পে গৃহমুখী যাত্ৰা আৰম্ভ কৰিলোঁ ৷
বিনোদ হোটেলৰ মেনেজাৰটোক বাটতে পাই সুধিলোঁ –‘কিমান বিল হ’ল?’
“ চাৰিটা স্পেচিয়েল চাহ, চাৰিটা কচুৰী ৮০ টকা৷”
মানীবেগটো চালোঁ৷ ৰাতিপুৱাই শ্ৰীমতীয়ে দিয়া পাঁচশ টকাৰ মাত্ৰ ৮০ টকাহে আছেগৈ৷ সেইটোৰে হোটেলৰ বিল দি চিধা ঘৰ পালোঁহি৷ গেটখন খুলি দীঘলকৈ উশাহ এটা ল’লোঁ৷ বতাহত পিঁয়াজ নহৰুৰ গোন্ধ পাওঁৱেই বা!
“হে’ৰা ল’ৰাকেইটামানে কিবা এটা দি গৈছে নেকি বাৰু?”
“পাকঘৰত আছে চাই লোৱা৷ “ – শ্ৰীমতীৰ নিৰ্লিপ্ত উত্তৰ ৷
“পাকঘৰত? পাকঘৰত আকৌ হাঁহটো কিয় থৈছা?”
“কি হাঁহ? কিবা কিবি খাই আহিছা নেকি? অদৰকাৰী কাম কিছুমান কৰি থাকা৷ কালি আলু আনিছিলাহে৷ আজি আকৌ দুইকেজি আলু অনাৰ কি প্ৰয়োজন আছিল৷ আনিবলৈ কৈছিলোঁ মিঠাই, আনিছা আলু!”
আলু? ? ? ?
লৰালৰিকৈ পাকঘৰলৈ গৈ দেখিলোঁ মোৰ তেলাল পাতিহাঁহৰ ঠাইত দুই কিলো আলুৰ টোপোলা৷ লগতে কেশৰ বীৰৰ অট’গ্ৰাফ
“নিচুকণি পুৰস্কাৰ! ! ! !”
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments