লাইট, কেমেৰা, একশ্যন (ঈশানজ্যোতি বৰা)

“….গিৰিণে ফুলস্পীডত বাইক চলাই আহি থাকিব, কঁপালত তাৰ ঘাম বিৰিঙি থাকিব…কেমেৰাৰ লেন্সত বাইকৰ চকা, পাঁচ চেকেণ্ডসময় আগ আৰু পিচ চকাকেইটা অলটাৰনেটিভলি দেখুওৱাৰ পিছত কেমেৰা ঘূৰিব পশ্চিম আকাশৰ মাৰ যাব ধৰা বেলিটোৰ ফালে৷ যদি বেলি ৰঙা নহয়,তেন্তে কেমেৰামেনে লেন্সৰ আগত এখন ৰঙা কাগজ দি দিব৷ ন’ প্ৰবলেম এট অল৷ সূৰ্যটোক ‘ঝুম’ কৰি দেখোৱাৰ তিনিছেকেণ্ডৰ পিছতেই নায়িকাই মেখেলা-চাদৰ পিন্ধি ফ্ৰেমত ধৰা দিব৷ নায়িকাই দৌৰি দৌৰি আহি থাকিব নায়কৰ ফালে….পিছে পিছে হাতত এটা বেগ লৈ দৌৰি আহিব নায়িকাৰ বান্ধৱী চম্পা৷ দৌৰি থকা নায়িকাৰ টপ ভিউ, ছাইদ ভিউ, ফ্ৰণ্ট ভিউ সকলো দেখুৱাব লাগিব৷ নায়িকা দৌৰি আহি থাকিব, নায়কৰ বাইক চলি থাকিব…নায়ক গৈ থাকিব, নায়িকা আহি থাকিব…আহি থাকিব…গৈ থাকিব….গৈ থাকিব…আহি থাকিব৷ এণ্ড ডেন…আফটাৰ ছেভেন্টি চেকেণ্ডছ,নায়কৰ বাইক ঠিক ৰ’বগৈ নায়িকাৰ সমুখত৷ নায়ক বাইকৰ পৰা লাহে লাহে নামিব…নায়িকাৰ কঁপি থকা ৰঙা ওঁঠত কেমেৰা ঝুমম…ন’ ছাউণ্ড..কমপ্লিট চাইলেঞ্চ..মাৰ যোৱা বেলিৰ চকা-মকা পোহৰৰ ৰেঙণি পৰিব নায়িকাৰ বগা গালত…নায়কে কিবা ক’ব খুজিব…কিন্তু আৱেগবিহ্বল নায়কৰ মুখৰ পৰা কোনো শব্দ নোলাব..চম্পাৰ চকুত চকুপানী…নায়িকাই কান্দিব….নায়কে বুজাব….সংলাপ মাতিব.. .নায়িকাই খৰধৰকৈ চম্পাৰ হাতৰপৰা বেগটো লৈ নায়কৰ বাইকত উঠিবগৈ…ধৰি থকা চম্পাৰ হাতখন লাহে লাহে এৰিব নায়িকাই…বাইক এইবাৰ চলিব বিপৰীত দিশলৈ…নায়িকাই পিচলৈ ঘূৰি চাব..চম্পাই আৱেগিক হাঁহি এটা মাৰিব…হাত জোকাৰি বিদায় দিব নায়িকাক…কেমেৰা ঘূৰিব পুনৰ পশ্চিম আকাশলৈ…আৰু ফাইনেলি মই ‘কাট’ বুলি কৈ চিনেমাৰ শেষ ছিনটো অ’কে কৰি দিম…….৷ বুজিলানে সকলোৱে? এনি দাউট??”

উজনি অসমৰ ভিতৰুৱা গাঁও এখনত পূৰ্ণগতিত চলি আছে পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ভিচিডি ছবি ‘ব’হাগত ব’হাগীৰ বিয়া’ৰ দৃশ্যগ্ৰহণৰ কাম ৷ পথাৰৰ মাজেৰে যোৱা মূলপথটোৰ কাষৰ আঁহতজোপাৰ তলত চিনেমাৰ অন্তিমটো দৃশ্য সম্বন্ধে চিনেমাৰ কলা-কুশলীক শিকাই-বুজাই নতুন ডেকা-পৰিচালক তথা নিৰ্দেশক মুকুটমনি দিহিঙীয়াই এটা দীঘল নিশ্বাস এৰিলে৷ উফফ! চিনেমা বনোৱাটোও কম ধেমালিৰ কথা নহয় দেই! তাতে অসমীয়া চিনেমা৷ এলা-পেচা কথা নহয়৷মাত ভাঙি গৈছেগে মানুহটোৰ! তথাপিও ভাগি পৰা বিধৰ মানুহ নহয় তেখেত৷ ব’হাগ মাহতে ভিচিদিখন ৰিলিজ যেনেতেনে দিবই লাগিব৷ কথাবোৰ ভাবি বেগৰপৰা পানী এবটল উলিয়াই গলাধ:কৰণ কৰিলে দিহিঙীয়াই ৷
চিনেমা বনোৱাৰ হেঁপাহ এটা সৰুৰেপৰাই আছিল দিহিঙীয়াৰ৷ বিহুৰ চিজনতে চিডি এখন বনাম বনাম বুলি যোৱাটো বিহুলৈকে দৌৰি ফুৰিছিল৷ কাহিনী-সংলাপ,নায়ক-নায়িকা সকলো মজুত আছিল৷ নাছিল কেৱল মূলধন৷ কিন্তু যোৱা এটা বছৰে বিভিন্নজনৰ লগত যোগাযোগ কৰি কৰি শেষত গৈ মঙলদৈ ফালৰ এজন ধনী ব্যৱসায়ীক সৈমান কৰালে৷ তেখেতৰ সদিচ্ছা আৰু সহযোগিতাৰ ফলতেই দিহিঙীয়াৰ জীৱনৰ এটা লক্ষ্য আজি পূৰণ হোৱাৰ পথত৷ শ্বুটিঙৰ আজিৰ ছিনটো শেষ হ’লেই দৃশ্যগ্ৰহণৰ কামো শেষ হ’ব৷ অভিনেতা-অভিনেত্ৰীৰ সৰহসংখ্যকেই তেওঁৰ গাঁৱখনৰে৷ কম খৰচত অধিক লাভৰ আশা কৰিয়েই তেওঁ এইটো ভাবিলে৷ অৱশ্যে সকলোৱে ভালদৰেই অভিনয় কৰি আছে৷ নায়কৰ চৰিত্ৰ ৰূপায়ন কৰা তেখেতৰ চুবুৰীৰ গিৰীনৰ অভিনয় সকলোতকৈ পৈনত৷নায়িকা ৰাধা আৰু তাইৰ বান্ধৱী চম্পায়ো তেখেতক হতাশ কৰা নাই৷
‘বুজি পাইছানে নাই তোমালোকে?’-পানীৰ বটলটো খালী কৰি মুকুটে গিৰীণহঁতক উদ্দেশ্যি আকৌ সুধিলে৷
‘দাদা,বুজিছো,বুজিছো৷মানে এইৰহে অলপ খেলিমেলি আছে’-গাঁৱৰ চফল ডেকা তথা ‘ব’হাগত ব’হাগীৰ বিয়া’ৰ নায়ক গিৰীণে তাৰ কাষতে থিয় হৈ থকা চম্পালৈ আঙুলিয়ালে৷
‘ইছ ৰাম চম্পা ! কিহৰ খেলিমেলি কোৱা! ভয় নাখাবা৷ কৈ দিয়া৷ মোক কৈ দিয়া’-চম্পাক উৎসাহ দিয়াৰ উদ্দেশ্যৰে চকীৰপৰা উঠি দিহিঙীয়া গাঁৱৰ ধুনীয়া গাভৰু চম্পাৰ কাষ পালেহি৷ হাতদুখন অলপ আগবঢ়াই চম্পাৰ দুবাহুত কোমলকৈ স্পৰ্শ কৰিবলৈ যো-জা চলাইছিলেই,তেনেতে গিৰীণে দুটা কৃত্ৰিম কাহ মাৰিলে৷ তৎক্ষনাৎ হাতদুখন পিছুৱাই আনি নিজকে যেনিবা চম্ভালিলে দিহিঙিয়াই৷
‘দাদা,মই কি পিন্ধিম বাৰু?’- চকুহাল ডাঙৰ কৰি চম্পাই বিৰাট উৎসুকতাৰে দিহিঙীয়ালৈ চালে৷
‘অ’ আচ্ছা,তুমি হেৰি পিন্ধিবা৷ মানে জিনছ্ আৰু টপ এটা৷ বুজিলা?’-দিহিঙীয়াই বুজালে৷
‘ আজিলৈকে জিনছ পিন্ধিয়েই পোৱা নাই যে’-মুখখন ফুলালুচিৰ দৰে ফুলাই চম্পাই নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিলে৷
‘ন’ প্ৰবলেম৷ জীৱনত বহুত কাম প্ৰথমবাৰৰ বাবেই কৰিব লগা হয়৷ব্ৰেকিং নিউজত থাকিব হ’লে এইবোৰ সৰু-সুৰা কাম কৰিবই লাগিব৷ বুজিলা?যোৱা,যোৱা,ৰেডি হোৱা৷ সাধাৰণ জিনছ এটা পিন্ধিবলৈ টান পালে,মল্লিকা শ্বেৰাৱতৰ দৰে একট্ৰেছ কেনেকৈ হ’বা হে তোমালোক!’-দিহিঙীয়াৰ কাঢ়া নিৰ্দেশ৷ লগে লগে চম্পা মেক-আপ মেন জনৰ কাষ পালেগৈ৷
‘গিৰীণ,তুমি তোমাৰ এই আওপুৰণি নামটো সলাব লাগিব৷ মানে তোমাৰ নামটো হিৰ’ৰ দৰে লগা নাই৷ আৰু নামটো ঠিক কৰিছোঁ মই৷ তোমাৰ নাম শেখৰ হ’ব,মানে শেখৰ নন্দন৷কোৱাচোন,কেনে লাগিছে নামটো!-গিৰীণক কাষলৈ মাতি আনি প্ৰস্তাৱটো দিলে দিহিঙীয়াই৷
‘নামটো নসলালে নহ’ব নেকি ছাৰ!মানে আই-বোপায়ে দিয়া নাম যে!’
‘জেঙটো সেইখিনিতেই ন! তোমালোকে ছেন্টি বিৰাট ফালা৷ এনেকৈ হ’লে নহ’বতো! ফিল্মৰ লাইনত এইবোৰ ছেন্টি দি লাভ নাই৷কিয়,আজিকালি তুমি দেখা নাই জানো,সৰু-সৰু ল’ৰা-ছোৱালীৰ নামবোৰ কেনেকুৱা ষ্টাইলিছ! এই ধৰা তনুজা প্ৰিয়ম,ৰাহুল বিকাশ,কুমাৰ কিৰণ ইত্যাদি ইত্যাদি.. দেখিছা কেনে ম’ডাৰ্ণ নাম! উপাধি-চুপাধি নাই,কোন ল’ৰা,কোন ছোৱালী তুমি নাম চাই ক’বয়েই নোৱাৰিবা৷নামৰ লগত বহুত কথা থাকে৷নামটো শুনিলেই গম পোৱা যায় কোন কিমান পানীৰ মাছ!মোৰ পৰামৰ্শ লোৱা,নামটো সলাবই লাগিব ৷ গোটেই জীৱনৰ বাবে নহ’লেও,এই চিনেমাখনৰ খাতিৰত৷ মোৰ ষ্টেটাছৰ কথা আছে ভাই…বুজিলা? এতিয়া,যোৱা লাষ্ট শ্বটটোৰ বাবে ৰেডি হোৱাগৈ৷ এণ্ড বি প্ৰফেচ’নেল মাই বয়!’- গিৰীণক একে উশাহে কেইবাটাও পৰামৰ্শ দি দিহিঙীয়া বহাৰ পৰা উঠিল৷ গিৰীণেও উপায়ন্তৰ হৈ দিহিঙীয়াৰ কথাত সহমত দিলে৷ পিন্ধি থকা বগা ফুটুকীয়া চোলাটোৰ খুলি যোৱা বুটামকেইটা মাৰি দিহিঙীয়া এইবাৰ কেমেৰামেন ধৰণীৰ কাষ পালেগৈ৷
‘ধৰণী,শ্বট ল’ব লাগে৷ কেমেৰা ৰেডি কৰা৷কুইক,কুইক..’
‘হয় দাদা,মই পুৰা ৰেডি হৈয়েই আছো৷ হিৰ’ আৰু হিৰ’ইন ওলালেই মোৰ কাম ষ্টাৰ্ট দিম আৰু..’-কেমেৰাটোৰ লেন্সখন বগা কাপোৰ এখনৰে মচি মচি ধৰণীয়ে সঁহাৰি জনালে৷
পৰিচালকৰ পৰামৰ্শমতে চিনেমাৰ কলা-কুশলী সকলো পুনৰ আঁহতজোপাৰ তলত থিয় দিলেহি ৷নায়িকাও সাজি-কাচি ওলাই আহিল৷ জীৱনত প্ৰথমবাৰৰ বাবে জিনছ্ পিন্ধা চম্পাকহে অলপ অসন্তুষ্ট যেন লাগিল পৰিচালকৰ৷ভৰিহালত লিপিট খাই ধৰা জিনছটো তাই যেন চম্ভালিব পৰা নাই ৷ ইপিনে,দিহিঙীয়াৰ নতুন পালছাৰ বাইকখনৰ সৈতে গিৰীণক ৰখাই থোৱা হ’ল অলপ আঁতৰত৷ পৰিচালকৰ আদেশ পালেই সি তাৰপৰা বাইক চলাই আহিব৷ হাতত বেগ লৈ ৰাধাৰ কাষত ইপিনে চম্পাও সাজু হ’ল৷
‘চম্পা,তুমি নায়িকাৰ পৰা তিনিখোজ নিলগত থাকিবা৷ মনত ৰাখিবা,তুমি যাতে তাইতকৈ আগবাঢ়ি নোযোৱা৷ ৰাধাতকৈ অলপ লাহে লাহে দৌৰিবা৷ আৰু ৰাধা,অলপ ইম’শ্বনেল হোৱা৷ আৱেগ আৰু অনুভূতি লাগিব এই ছিনটোত৷ মুখৰ এক্সপ্ৰেছন বাৰে বাৰে সলনি কৰিব লাগিব৷ শিকাই দিয়া মতে কৰি যাবা৷বুজিলাতো?’-ৰাধা আৰু চম্পাক উদ্দেশ্যি ক’লে দিহিঙীয়াই৷
‘থিক আছে দাদা৷’-হয়ভৰ দিলে দুয়োজনীয়ে৷ সিহঁত গৈ থিয় হ’লগৈ দিহিঙীয়াৰ পৰা কিছুদূৰৈত৷ এতিয়া দিহিঙীয়াৰ সোঁফালে আছে গিৰীণ আৰু বাওঁফালে অলপ দূৰৈত আছে চম্পা আৰু ৰাধা৷
সকলো সাজু৷ গিৰীণে আঁতৰৰপৰাই সোঁহাতৰ বুঢ়া আঙুলিটো দিহিঙীয়াক দেখুৱাই ‘অ’কে’ সংকেত দিলে৷
পৰিচালকে সেই একেই সংকেত পঠিয়ালে কেমেৰামেনলৈ৷দিহিঙীয়াৰ সহায়ককেইজনমানে দৃশ্যগ্ৰহণস্থলীৰ পৰিসীমাৰ ভিতৰত থিয় হৈ থকা দৰ্শকজনক অলপ আঁতৰলৈ যাবলৈ অনুৰোধ কৰিলে৷বিনাদ্বিধাই তেওঁলোক পিচুৱাই গ’ল৷
‘অ’কে.ৰেডি নে?গিৰীণ,চম্পা,ৰাধা ৰেডি নে?’-শেষবাৰৰ কাৰণে দিহিঙীয়াই চিঞৰিলে৷ উপস্থিত সকলোৱে অ’কে বুলি ইতিবাচক সঁহাৰি দিলে৷দিহিঙীয়াই অন্তিমবাৰৰ বাবে সকলোৰে ওপৰত চকু ফুৰালে৷ঠিকেই আছে,সকলো ঠিকেই আছে৷
গিৰিণ,বাইকখন ষ্টাৰ্ট দিয়া৷-দিহিঙীয়াৰ আদেশমৰ্মে গিৰীণে বাইক ষ্টাৰ্ট দিলে৷
খৰখোজেৰে দিহিঙীয়া এইবাৰ কেমেৰামেনৰ কাষলৈ গ’ল৷
ধৰণীৰ কেমেৰাৰ সন্মুখৰপৰাই পৰিচালক মুকুটমণি দিহিঙীয়াই জোৰদাৰ কণ্ঠেৰে চিঞৰিলে:
“অ’কে,লাইট,কেমেৰা…এণ্ড একশ্যন”
লগে লগে ধৰণীয়ে কেমেৰাৰ লেন্স ঘূৰালে আৰু আৰম্ভ হ’ল ‘ব’হাগত ব’হাগীৰ বিয়া’ৰ শেষ দৃশ্যৰ দৃশ্যগ্ৰহণ৷
গিৰীণে বাইক চলাই আহিল৷বিপৰীত দিশৰ পৰা নায়িকাৰ সাজত থকা ৰাধা আৰু তাইৰ বান্ধৱী চম্পা দৌৰি আহিল৷
ৰাধাহঁতৰ গতি ক্ৰমাৎ কমি আহিল৷ বাইকৰ আসনত নায়কক দেখি নায়িকাৰ চকু উজ্জ্বল হৈ উঠিছে৷ সিফালৰপৰা নায়কেও বাইক চলাই আহি আছে৷নায়কৰ মুখতো হাঁহি বিদ্যমান৷
নায়কৰ বাইকখন আহি ৰাধাহঁতৰ ওচৰ পাও-পাও হৈছেহি,তেনেতে সকলোৰে চকুৰ সমুখতে ঘটিল অঘটনতো৷
ৰাধাৰ পিছে পিছে ধীৰগতিত আহি থকা চম্পাই নিজৰ খোজৰ গতি হঠাৎ বঢ়াই দিলে৷ চিনেমাৰ কাহিনীমতে বাইক আহি ৰ’বহি লাগিছিল ৰাধাৰ সমুখত৷ পিছে,বাইক আৰোহী নায়ক গিৰীণে বাইকখন সিহঁতৰ কাষেদিয়েই জোৰেৰে পাৰ কৰাই নিলে৷তাৰপিছত জোৰেৰে ব্ৰেক মাৰি বাইকখন ৰখালেগৈ সিহঁতৰপৰা পোন্ধৰফুটমান দূৰৈত৷ নায়িকাই একো বুজিব নোৱাৰি চম্পালৈ ঘূৰি চালে৷ কিন্তু নায়িকাৰ বান্ধৱী চম্পা ইতিমধ্যে সেইস্থান এৰি দৌৰিবলৈ আৰম্ভ কৰিছিল ওলোটা দিশত,অৰ্থাৎ বাইকৰ ওচৰলৈ৷ গিৰীণৰ ওচৰ পাই চম্পাই জাঁপ মাৰি বাইকৰ পিছফালে বহিল৷হাতত আছে বেগটো,যিটো বেগ তাইক নিৰ্দেশ দিয়া হৈছিল নায়িকাক বিদায়ক্ষণত দিবলৈ ৷ পিচত বহা চম্পালৈ এটা ধুনীয়া হাঁহি মাৰি ,পৰিচালকৰ অনুমতিলৈ অপেক্ষা নকৰি নায়ক গিৰীণে এইবাৰ বাইক ষ্টাৰ্ট দিলে৷ মুহূৰ্ততে ধূলি উৰুৱাই বাইকে তীব্ৰগতি ল’লে৷ লাহে লাহে বাইকে গাঁৱৰ সীমা অতিক্ৰমি কোনোবা অজান ঠাইলৈ গতি ল’লে৷
এই গোটেই অঘটনটো দৃশ্যগ্ৰহণস্থলীত উপবিষ্ট সমূহ ৰাইজে মুখ মেলি চাই থাকিল৷ কাহিনীৰ ক্লাইমেক্স সলনি কৰি গিৰীণে বাইকখন চম্পাৰ পিচফালে ৰখোৱাৰ পৰা আৰম্ভ কৰি চম্পাক বাইকত উঠাই কোনোবা অজান ঠাইলৈ লৈ যোৱাৰ এই সম্পূৰ্ণ দৃশ্যটো সকলোৰে চকুৰ সমুখতে ঘটি গ’ল৷পৰিচালক,কেমেৰামেন,কলা-কুশলী,ৰাধা কোনেও একো তৰ্কিবই নোৱাৰিলে৷
কিছু সময় পাৰ হ’ল৷ গিৰীণে বাইকখন চলাই নিয়াৰ পাঁচ-দহমিনিটৰ পাছৰ ঘটনা৷ ভাইব্ৰেছন মুদত থৈ দিয়া দিহিঙীয়াৰ ম’বাইলটো ভো-ভো শব্দৰে গৰ্জি উঠিল৷ দিহিঙীয়াই ম’বাইলটো উলিয়াই হাতত ল’লে৷ এটা মেচেজ আহিছে৷ পঠোৱাজনৰ নাম ওলোৱা নাই৷ ম’বাইলৰ স্কীণত এটা অচিনাকি নাম্বাৰহে৷দিহিঙীয়াই মেজেছটো খুলিলে আৰু এফালৰপৰা পঢ়ি গ’ল…
“নমস্কাৰ দাদা৷ আমি বুজিছো,আমাৰ ওপৰত আপোনাৰ সাংঘাটিক খং উঠি আছে৷খং উঠাটো স্বাভাৱিক৷ আমিও বহু ভাবি-চিন্তিহে এই কামটো কৰিবলৈ বাধ্য হ’লো৷ দাদা,আমি দুয়ো-দুয়োকে ভাল পাওঁ৷ যোৱা তিনিবছৰ ধৰি চলি আছে আমাৰ প্ৰেম৷ আমি ঘৰত কৈছিলো আমাৰ বিয়াৰ কথা৷ কিন্তু নিষ্ঠুৰ মা-দেউতাই এই সম্পৰ্কত সমৰ্থন নকৰিলে৷ যিদিনা আপুনি মোক কৈছিল, চিনেমাৰ লাষ্ট চিনটোত বাইকৰ ব্যৱহাৰ হ’ব,তেতিয়াই মই এই কামটো কৰিম বুলি মনে মনে খাটাং কৰি পেলাইছিলো৷চম্পায়ো সন্মতি দিছিল এক উশাহে৷ সেয়ে সকলো কথা ছালি-জাৰি চাই আজি চম্পাক মই নিজৰ কৰি ল’লো৷ দাদা,আপুনি ক্ষমা কৰি দিব আমাক৷ আৰু আমাক আৰ্শীবাদ দিব দাদা৷আপোনাৰ কৃপাতেই আমাৰ এই মিলন সম্ভৱ হ’ল৷ আপুনি মহান,দাদা৷ আপুনি মহান৷আপোনাক কেতিয়াও নাপাহৰো৷ বাইকখন মই কৰ্দৈগাঁও তিনিআলিৰ বিপীনৰ দোকানতে থৈ আহিছো৷ আপুনি লৈ যাবহি৷ সেইখিনিয়েই কথা৷ ধন্যবাদ দাদা৷বহুত বহুত ধন্যবাদ৷ আপোনাৰ চিনেমা হৈ নুঠিলগৈ৷ তাৰ বাবে দু:খিত৷ পাৰিলে আমাক ক্ষমা কৰি দিব৷ ইতি-গিৰীণ আৰু চম্পা৷”
সূদীৰ্ঘ মেছেজটো পঢ়ি উঠি দিহিঙীয়া ধৰণীৰ কাষতে থকা চকীখনত ধপকৈ বহি পৰিল৷ কাষতে থকা ধৰণীলৈ চাই ক’লে-হেৰা ,ধৰণী, এটা কাম কৰিবা!
‘কি দাদা কওক’ধৰণী কাষ চাপি আহি সুধিলে৷
‘মোৰ মূৰত তিনিলিটাৰমান ঠাণ্ডা পানী ঢ়ালি দিব পাৰিবা’-এইবুলি কৈ দিহিঙীয়াই নিজৰ দুয়োখন হাতেৰে তেওঁৰ বহল কপালখনত জোৰেৰে চপৰিয়াবলৈ ধৰিলে৷
পৰিচালকৰ ‘হয়’ৰ লগত সদায় ‘হয়’ মিলাই থকা কেমেৰামেন ধৰণীয়ে পিছে এইবাৰ দিহিঙীয়াৰ অনুৰোধ ৰক্ষা কৰিবলৈ আগবাঢ়ি নাহিল৷
তেওঁ দিহিঙীয়াৰ কাষতে থিয় হৈ ৰ’ল৷
অনুজ্জ্বল পোহৰত তেওঁ চকামকাকৈ দেখিলে-‘ব’হাগত ব’হাগী বিয়া’ৰ পৰিচালক মুকুটমণি দিহিঙীয়াৰ চকুহালৰ পৰা তেতিয়া বাগৰি আহিছে বাৰিষাৰ বৰষুনৰ দৰে

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments