লাও খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা (দেৱ প্ৰতীম হাজৰিকা)

লাও খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা

গৰু বিহু, আমাৰ সমাজৰ অতিকৈ আপোন এটা দিন। ৰঙালী বিহুৰ প্ৰথম দিন।
গৰু বিহুৰ সেই দিনটোত দেউতাৰ লগত ৰাতিপুৱাৰে পৰা ব্যস্ত আছিলো। নতুনকৈ পঘা তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি মাহ-হালধি , মাখিয়তী পাত আদিৰ যোগাৰৰ লগতে বাঁহৰে বনোৱা খৰিকা কেইডালত লাও, বেঙেনা, তিঁয়হ আদি যিমান পাৰো ভৰোৱাত লাগিছিলো I মুঠতে এক ব্যস্ত দিন।
তাৰ পাছতেই গাঁৱৰ সকলো ৰাইজৰ লগত গৰুৰ পাছে পাছে নদী পাৰলৈ গ’লো। মোৰ লগত সৰু ভাইটি ৰমেন। আমি দেউতাৰ পাছে পাছে গাই গৈছিলো‘….মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু…লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা…’।
মথাউৰি পাৰ হোৱাৰ লগে লগেই পাইছিলো লুইতৰ পাৰ। বেলি দেৱতাই তেতিয়া লুইতৰ বুকুত এটি ফোঁট আঁকিছে। নদীৰ পাৰত মাহ-হালধিৰে গৰুক গা ধুৱাই সকলোৱে আনন্দত নাচিছে, গাইছে। নদীৰ পাৰত বিহুৰ আৰম্ভণি ঘটিছিল।
হাতবাউল দি মাতি থকা নদীৰ বুকুলৈ জাঁপ দিছিলো। নদীৰ বুকুৰ পৰা তেনেতে মোৰ চকু গৈছিল এজনী ছোৱালীৰ ওপৰত। তাই ব্যস্ত আছিল গৰুৰ গাত মাহ-হালধি সনাত। বেলিৰ পোহৰত তাইৰ মুখখন জিলিকি উঠিছিল। মনত পৰা নাছিল তাইক আগত দেখা। সম্ভৱতঃ তাই এই গাঁৱৰ নহ’ব। মন্ত্ৰমুগ্ধ হৈ পৰিছিলো তাইৰ ৰূপত।
পিছদিনা গাওঁবুঢ়াৰ ঘৰত আমি উপস্থিত হৈছিলোহি হুঁচৰি মাৰিবলৈ। তেনেতে মোৰ চকু এঠাইত আকৌ স্থিৰ হৈ পৰিছিল। আকৌ তাইক দেখা পাইছিলো। খুটাটোৰ আঁৰে আঁৰে তাই প্ৰত্যক্ষ কৰিছিল আমাৰ হুঁচৰি । লগৰ ল’ৰাৰ গালি খাব লগীয়া হৈছিল কাৰণ সেইদিনা ঢোল বজাবলৈ পাহৰি গৈছিলো। বুজি উঠিছিলো লাহে লাহে মোৰ মনটোৱে মোৰ কৱলৰ পৰা মুক্ত হৈ পৰিছিল। মনটো উৰা মাৰি তাইৰ অধীনলৈ গুচি গৈছিল।
যৌৱনে যেন মোক আমনি কৰিব লাগিছিল। তাইক এবাৰ চাবলৈ গাওঁবুঢাৰ ঘৰৰ ওচৰেৰে দিনটোত পাঁচ-ছবাৰমান অহা-যোৱা কৰিবলৈ ধৰিলো। ভাগ্যই লগ দিছিল মোক, বিহুৰ প্ৰতিদিনাই তাইক দেখা পাইছিলো। খবৰ কৰি গম পাইছিলোঁ তাই গাওঁবুঢাৰ ভাগিনীয়েক আছিল। দিল্লীত থাকে। বিহু বুলি গাৱঁলৈ ফুৰিব আহিছিল।
বিহু শেষ হোৱাৰ লগে লগেই মোৰ ভাগ্যই মোৰ লগ এৰিছিল। নেদেখা হৈ পৰিছিলো তাইক। কেনেকৈ দেখা পাম তাইক? তাই যে চহৰলৈ বিহুৰ পাছদিনাই গুচি গৈছিল। কিন্তু তাই মনটোৰ লগতে মোৰ হৃদয় খনো অধিকাৰ কৰিছিল। বিহুৰ পাছৰ পৰাই মনটোৱে যেন আন্দোলন কৰি উঠিছিল, কাৰণ এই মন এতিয়া মোৰ কৱলত নাছিল।
ভাবিছিলো গাওঁবুঢ়াৰ ঘৰলৈ তাই আহিব কোনোবা উৎসৱত, কিন্তু দেখা নাপালো কোনো উৎসৱত। বুজি উঠিছিলো মনৰ এই আন্দোলন শাম কাটিব অকল বিহুৰ বতৰতহে। কাৰণ পাছৰ বছৰৰ সেই একেই দিনটোত আকৌ দেখা পাইছিলো নদীৰ পাৰত মাহ-হালধিৰে গৰুক গা ধুৱাই থকা অৱস্থাত মোৰ মনৰ ৰাণীজনীক। এইবাৰ তাই অচিনাকী নাছিল। তাইক ওচৰলৈ কাষ চাপি গৈছিলো, কিন্তু মাতিবলৈ সাহসে মুৰ দঙা নাছিল। সাহ্সটোক সৈমান কৰো মানে তাই সেই ঠাইৰ পৰা নোহোৱা হৈ পৰিছিল। সাহসৰ সৈতে যুঁজি যুঁজি অৱশেষত হাৰ মানিছিলো মই। তাইৰ ওচৰ চপাৰ লগে লগেই সাহসটোৱে পলাই পত্ৰং দিছিল। বিহু শেষ হোৱাৰ লগে লগেই আকৌ তাই নোহোৱা হৈ পৰিছিল। এইবাৰ অপেক্ষা আগন্তক বিহুলৈ।
এইবাৰ সাহসৰ লগত যুঁজখনত জযী হৈছিলো। যথেষ্ঠখিনি সাহ্স গোটাইছিলো এইবাৰ তাইক মাত এষাৰ দিম বুলি। কিন্তু অকল সাহসেৰে জানো এনে কাম সমাধা কৰিব পাৰি। ভাগ্যয়ো সমানেই প্ৰয়োজনীয়। মাহ-হালধিৰ সৈতে এইবাৰ দেখা নাপালোঁ মোৰ মনৰ ৰাণীজনীক। তেনেদৰেই পাৰ হৈছিল বহুকেইটা বসন্ত, কিন্তু আকৌ মোৰ সৌভাগ্যৰ উদয় হোৱা নাছিল।
তাই গুছি গৈছিল এইবাৰ বহু দুৰ। দিল্লী এৰি মাক-দেউতাকৰ লগত সুদুৰ আমেৰিকালৈ গুছি গৈছিল তাই। কিন্তু কোনে তাইক বুজাব তাই যে মোৰ মনটোকো লৈ উৰা মাৰিলে? তাইক কোনে বুজাব মই এতিয়া কেনেদৰে থাকিম এটা পৰাধীন মন লৈ?
-“ককা, এনেদৰে নদীখনৰ ফালে চাই কি ভাবি আছে? আজিও আন কেইবাৰৰ দৰে গাঁৱৰ ভিতৰত আপুনিয়ে প্ৰথম নদীৰ পাৰত।”
আজি আন এটা গৰু বিহু, বেলিয়ে কেতিয়াবাই লুইতৰ বুকুত ফোঁট আঁকিলে। হয় আন কেইবাৰৰ দৰেও আজিও প্ৰথম মইয়েই নদীৰ পাৰত। গৰু বিহুৰ দিনটোত লুইতে মোক হাত-বাউল দি মাতে আৰু মই গৰু কেইটা লৈ নদীৰ পাৰত হাজিৰ হৈ পৰো।
লাহে লাহে এটা-দুটাকৈ গাঁৱৰ মানুহ গোট খাইছিল। তেনেত মোৰ চকু গ’ল এহাল দম্পত্তীলৈ। আগতে দেখা মনত নপৰে। মানুহটো দেখান বৰ বগা, একেবাৰে বিলাতী চাহাব।
-“ককা, সেই যে বগা চাহাব দেখিছে সেইয়া গাওঁবুঢ়াৰ ঘৰলৈ অহা আলহী। সুদুৰ আমেৰিকাৰ পৰা আহিছে।”
বেলিটোৱে মানুহগৰাকীৰ মুখখন উজ্জ্বল কৰি তুলিছিল। মোৰ বুজাত অসুবিধা হোৱা নাছিল তাই কোন। তাই মাহ-হালধীৰে গৰুক গা ধুৱাবলৈ ধৰিছিল আৰু তেনেদৰে কৰিবলৈ বিলাতী চাহাব জনকো তেনেদৰে কৰিবলৈ শিকাইছিল।
মনটোৱে যেন আজি পৰাধীনতাৰ শিকলি চিঙিছিল। গাই উঠিছিলোঁ,
“…….লাও খা, বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা….
মাৰ সৰু, বাপেৰ সৰু
তই হ’বি বৰ বৰ গৰু…..”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক