লাজ (জাহ্নৱী গগৈ)

লাজ

বৰ উদাস আৰু ক্লান্ত খোজেৰে আবেলিটোক ঠেলি-হেঁচুকি সন্ধিয়াটো নামি আহিছিল।
গছৰ পাতৰ মাজেৰে সৰকি অহা ৰ’দৰ শেষ পোহৰকণ কেতিয়ানো নাইকিয়া হ’ল মেনকাই গমেই নাপালে। গিৰিধৰে মাতি পঠিওৱা সময়তকৈ অলপ পলমকৈ মেনকা গো-বাটটোৰে আহি পথাৰ ওলাইছিলহি। পশ্চিম আকাশৰ ডাৱৰবোৰ তেতিয়াও ৰঙীণ হৈ আছিল যেতিয়া গিৰিধৰ পথাৰৰ সোমাজতে কঁকালত হাত দি ৰৈ আছিল। দূৰৈৰ পৰাই গিৰিধৰক দেখি মেনকাৰ বুকুখন দুৰু-দুৰুকৈ কঁপি উঠিছিল। কিয়বা মাতি পঠিয়ালে এনেকৈ? আনকালে গিৰিধৰ সিহঁতৰ চোতাললৈ সন্ধিয়া মেল মাৰিবলৈ যায়। চোতালৰ সোঁমাজৰ ঠিক ৰবাব টেঙাজোপাৰ তলতে পদূলিৰ ফালে মুখ কৰি মেনকাৰ দেউতাকৰ সৈতে বহেগৈ গিৰিধৰ। কান্ধৰ গামোছাখনেৰে চটৌপ-চটৌপকৈ মহ মাৰি মাৰি মেনকাৰ দেউতাক ভৱকান্তও বহুদেৰিলৈ বহে। কেতিয়াবা ওচৰৰে দুই এজনো আহে। কেতিয়াবা মেনকাৰ মাক মনোমতীও তামোলৰ বটাখন লৈ বহেগৈ, আৰু প্ৰায়ে ইটো-সিটো কথাৰ অজুহাত লৈ মেনকাৰ সৰু ভনীয়েক তৰালীও সেইখিনি ওলায়গৈ। কেৱল নাযায় মেনকা। বাঁহখৰিৰ জুইৰে ভাত-পানী ৰন্ধা হোৱাৰ পাছতো তাই পাকঘৰতে বহি থাকে। দুই আঠুৰ মাজত মুখখন গুজি তাই বহি থাকে যদিও কাণখন কিন্তু সজাগ হৈ থাকে আগচোতালৰ মেলখনত। কেতিয়াবা মেল মাৰি থকা সকলৰ মাজৰ পৰাই কোনোবাই সোধে-“এই মেনকা নাই নেকি?”
: আছে আছে। নাথাকিনো ক’লৈ যাব? মেনকাৰ মাক মনোমতীয়ে তপৰাই উত্তৰ দিয়ে। কেতিয়াবা যদি সেই প্ৰশ্নকৰ্ত্তাজন গিৰিধৰ হয়, তেন্তে মনোমতী সাউতকৈ ভিতৰলৈ উঠি আহে আৰু মেনকাৰ বাহুত খোচ এটা মাৰি তাইক ইংগিতেৰে বাহিৰলৈ যাবলৈ কয়। কিন্তু মেনকা কোনোদিনেই নাযায়। কিয় জানো আগফালৰ চোতালত মেলখন কেতিয়াবা সৰস কথাৰে জমি উঠিলেও ভনীয়েক তৰালীৰ দৰে মেনকা আগবাঢ়ি যাব নোৱাৰে। কেতিয়াবা ৰগৰ উঠা কথাবোৰ শুনি তাই ঘৰৰ ভিতৰতে হাঁহি আধামৰা হয়, তথাপিও চোতাললৈ ওলাই নাহে। ভয়, শংকা নে লাজ নে আটাইবোৰেই আহি তাইক হেঁচা মাৰি ধৰেহি। কাৰ বাবে? গিৰিধৰ? হয়, গিৰিধৰৰ বাবেই মেনকাক লাজে আৱৰি ধৰেহি!
গিৰিধৰক প্ৰথম মেনকাহঁতৰ ঘৰলৈ লৈ আহিছিল মেনকাৰ বৰদেউতাকৰ ল’ৰা ৰাতুলে। কৰবাৰ পৰা সিদিনা সি হৰিণাৰ মাংস এটোপোলা লৈ আহিছিল। মাংসৰে দুপৰীয়াৰ ভাতসাঁজ সিহঁতৰ ঘৰতে খোৱাৰ কথা কৈছিল। গিৰিধৰক দেখুৱাই সি মেনকাৰ মাক-দেউতাক দুয়োকে একেলগে বহুৱাই লৈ কৈছিল “খুড়ীদেউ, ইয়াক চিনি পাইছানে নাই? ই বিপিন সেনাপতিৰ পুতেক। টাউনত দোকান দিয়াজন আকৌ। বিয়া পাতিবলৈ ছোৱালী বিছাৰি ফুৰিছে। মই বোলো আমাৰে দুজনী আছে, কোনজনী লাগে পচন্দ কৰি নে, নে কি কোৱা?” ৰাতুলৰ কথাৰ চেও ধৰি মনোমতীয়েও যোগ দিলে “কোনজনী মানে, ডাঙৰজনী থাকোতে সৰুজনীক দিমনে?”
মেনকাহঁতৰ ঘৰত গিৰিধৰৰ প্ৰথম চিনাকীপৰ্ব তেনেকৈয়ে হৈছিল। সিদিনাৰ পৰাই মেনকাৰ গিৰিধৰলৈ লাজ লগা হল। মাকে যেন বৰ লাজ লগা কথা এষাৰহে ৰাতুলহঁতৰ আগত কৈ দিলে। তাৰ পিছৰ পৰাই গিৰিধৰ প্ৰায় সদায়েই অহা হ’ল। আগতে টাউনত দোকান বন্ধ কৰি ঘৰলৈ আহোতে দেৰি হয় বাবে সি ৰাতি ঘৰলৈ নাহে, কিন্তু আজিকালি সি ফুট গধূলিতে দোকান বন্ধ কৰি ছমাইল বাট ঘৰ আহি ওলায়হি, আৰু তাৰ পিছতেই মেনকাহঁতৰ ঘৰ। হওঁতে গিৰিধৰৰ বাপেকক মেনকাহঁতৰ ঘৰৰ মানুহে চিনি নোপোৱা নহয়। মেনকাহঁতৰ গাঁও পাৰ হৈ মাজতে এখন গাঁও এৰি গিৰিধৰহঁতৰ গাঁও। দেউতাক আছিল এল পিৰ শিক্ষক। গিৰিধৰ ঘৰৰ ডাঙৰ। তাৰ তলত দুজন ভায়েক, দুজনী ভনীয়েক। আটাইকেইজনেই বিয়া বাৰু কৰাই আজৰি। গিৰিধৰহে বাকী আছেগৈ। হওঁতে তাৰো বয়স নোহোৱা নহয়, তাতে বৰণটোও ক’লা, বয়সৰ ছাপো পৰিছে দেহত। কিন্তু মতা মানুহলৈ ছোৱালীৰ কিহৰনো আকাল পৰিছে!
ৰাতুলে কথাটো কোৱাৰ পাছৰ পৰা গিৰিধৰক মেনকাহঁতৰ ঘৰখনে হ’বলগীয়া জোৱাই বুলিয়েই ভাবি ল’লে। গিৰিধৰ প্ৰায় সদায়েই অহা হ’ল, ভৱকান্ত বুঢ়াৰ লগত মেল মৰা হ’ল, তৰালীৰ লগত চুপতি মৰা হ’ল, কিন্তু কোনেও একো নকলে। সকলোৱে ধৰিয়েই ল’লে যে গিৰিধৰৰ ছোৱালী পচন্দ হৈ গ’ল, নহ’লেনো এনেকৈ আহি থাকেনে? লাহে লাহে গাঁওতো কথাতো গম পোৱা হ’ল। মনোমতীয়ে কিন্তু কথাটো কেৰেপকে নকৰিলে। গাঁওৰ মানুহৰনো কাম কি? কাৰ ঘৰলৈ কোন আহিছে, কাৰ ঘৰত কি হৈছে, কোনে কাৰ লগত পিৰিতি কৰিছে এইবোৰহে! সেয়ে মনোমতীৰ মতে, গাঁওৰ মানুহৰ কথা শুনিবই নাপায়। ঘৰত বিয়া দিবলৈ থকা ছোৱালীৰ মাকেহে জানে, ছোৱালীজনীক ভাল ল’ৰা এজনলৈ বিয়া দিয়াটো কিমান ডাঙৰ সমস্যা। তাতে ডাঙৰজনী ছোৱালী মেনকাৰ বিয়াৰ বয়স পাৰ হওঁ হওঁ। গোটেই গাঁওজুৰি প্ৰতি ঘৰতে কমেও দুজনীকৈ আবিয়ৈ ছোৱালী আছে। গতিকে মেনকাৰ বাবে গিৰিধৰৰ দৰে ল’ৰা এজন পাই মনোমতীয়ে যেন হাততে সৰগ ঢুকি পালে। মেনকাক বিয়া দি লব পাৰিলেই তেওঁ ৰক্ষা পৰে। সৰুজনী জীয়েকলৈ তেওঁৰ সিমান চিন্তা নাই। চিন্তা ডাঙৰজনীক লৈহে। বিয়াৰ বয়স প্ৰায় পাৰ হৈয়েই আৰু, তাতে সৰুতে বসন্ত ওলাওতে আইৰ দোষ লাগি মুখত দাগ কিছুমান ৰৈ গ’ল। বয়স থাকোতেই বিয়াৰ বাবে চাবলৈ অহা সকলোৱেই সেই দাগবোৰকে অজুহাত দেখুৱাই বিয়া ভাঙিলে। ডাঙৰজনীক চাবলৈ আহি সৰুজনীক পচন্দ কৰে বুলি তেওঁ সৰুজনীক ওলাবলৈকে নিদিয়ে। কিন্তু গিৰিধৰৰ কথাটো বেলেগ। সি মেনকাক বহুবাৰ দেখিছে, তাতে প্ৰথমদিনাই তেওঁৰ ইংগিতটো দি দিলেই, মাজে সময়ে উনুকিয়াইয়ো থাকে। গিৰিধৰে একো আপত্তি নকৰে। মনোমতীৰ মনতো ভৰি উঠে। কিন্তু সমস্যা হয় মেনকাক লৈহে, তাইৰ লাজটোক লৈহে। ইমাননো লাজ লাগেনে মানুহৰ? সুযোগ বুজি তেওঁ মেনকাক গিৰিধৰক তামোলখন, চাহটোপা দিবলৈ পঠিয়ায়। পিছে তাই লাজতে নাযায়। অৱশেষত তৰালীয়েই দি থৈ আহেগৈ। মনোমতীয়ে কেতিয়াবা খঙেৰে আৰু কেতিয়াবা মৰমেৰে বুজায় “হেৰ’, নেদেখিলে নুশুনিলে, অকণমান মৰম নলগালে কোনটো পৈয়েৰে নিবহি তোক! গোটেই জীৱন মাৰৰ ঘৰতে খাম বুলি ভাবিছ নেকি? গাঁওত ইমানবোৰ ধুনীয়া ছোৱালী থাকোঁতে সি তোলৈ যে  চকু দিছে, সেয়াই বহুত……….”
মাকৰ কথাত মেনকাই একো নামাতে। মাতিবওনো কি বুলি? মাকেতো মিছা কথা কোৱা নাই। মেনকাৰ একে লগৰ প্ৰায় আটাইকেইজনী ছোৱালীৰেই ল’ৰা-ছোৱালীয়ে হাইস্কুল পালেগৈ। অৱশ্যে তাইৰ দৰে আৰু দুজনীমানে এতিয়াও দৰাৰ অপেক্ষাত ঘৰতে বহি আছে। নিজৰ ফালে চালে মেনকাৰ আৰু বিয়াৰ কথা ভাবিবলৈকে মন নাযায়। বসন্তৰ দাগেৰে আপচু কৰি তোলা মুখখন বয়সৰ লগে লগে আৰু আপচু হৈ পৰিছে। চুলি সৰি গৰুৰ নেজডালৰ সমান হ’ল। তাতে আগতে তাইক চাবলৈ অহা মানুহবোৰে অতি সোনকালে খবৰ দিয়াৰ আশা দি নিৰাশ কৰাৰ বাবে এই বিয়া-বাৰুবোৰলৈ আৰু তাইৰ মন-চন নোযোৱা হল। তাতে তাইৰ বাবে ভনীয়েক তৰালীৰো বিয়াৰ কথা পাতিবলৈ মাক-দেউতাকে টান পায়। তাতে তৰালী দেখিবলৈও চকুত লগা, অন্ততঃ মেনকাতকৈ ধুনীয়া। কিন্তু কিয় জানো মাকে এতিয়াও আশা পুহি ৰাখিছে মেনকাৰ বিয়াৰ বাবে। মাকে যেন মেনকাৰ বয়সটো নেদেখেই। মেনকাই নিজৰ বিয়াৰ আশা প্ৰায় এৰিয়েই দিছিল যদিও গিৰিধৰৰ চাল-চলনে যেন সকলো উলট-পালট কৰি দিছে। গিৰিধৰেতো মেনকাক নেদেখা নহয়।   দেখিছে! দেখি-শুনিও সি আশা দেখুৱাইছে যেতিয়া….! শুনামতে গিৰিধৰৰ ঘৰতো কথাটো সকলোৱে সহজভাৱেই লৈছে। বয়স হৈছে বাবে সি ঘৰখন পাতিলে সকলোৱে ভালেই পায়। তাতে আগতে সি যিকেইঠাইত বিয়াৰ বাবে ছোৱালী চাইছিল সেইবোৰত তাৰ যদি ছোৱালী পচন্দ হয়, ছোৱালীৰহে তাক পচন্দ নহয়। ক’ৰবাত আকৌ ছোৱালীৰ মাক-বাপেকে তাক পচন্দ নকৰে। এইবাৰ সকলো থিকে-থাকে আছে যেতিয়া সোনকালে শুভ কামফেৰা হৈ গ’লেই ৰক্ষা।
মেনকা গৈ গিৰিধৰৰ সন্মুখত ৰয়গৈ মানে বেলি লুকাবৰেই হ’ল। পথাৰখন গৈ গৈ য’ত শেষ হৈছে, য’ৰপৰা হাবিখন আৰম্ভ হৈছে তালৈকে চাই ৰৈ আছিল গিৰিধৰে। মেনকা গৈ তাৰ সন্মুখত থিয় হোৱা সি গমেই নাপালে। “কিয় মাতিছিলে?” বুলি সুধিম বুলি ভাবিও নুসুধিলে মেনকাই। দুই-এবাৰ মুখামুখি হৈছে যদিও আজিলৈকে কথা এষাৰ পাতি নোপোৱা মানুহটোক কথা সুধিবলৈ লাজ লাগিল মেনকাৰ। পথাৰৰ মাজত গিৰিধৰৰ ওচৰত থিয় হৈ থাকিবলৈও অস্বস্তি লাগিল মেনকাৰ। কিন্তু কি কৰে এতিয়া তাই? এম্ব্ৰইডাৰী শিকিবলৈ যোৱা মেনকাৰ ভনীয়েক তৰালীক বাটতে লগ পাই গিৰিধৰে কৈ পঠিয়াইছিল সন্ধিয়া পিছফালৰ পথাৰখনলৈ মেনকাক আহিবলৈ। প্ৰথমে মেনকা কোনোপধ্যেই মান্তি হোৱা নাছিল আহিবলৈ। কিন্তু মাক মনোমতীয়ে প্ৰথমে বুজনি আৰু তাৰ পাছত উৰাই-ঘূৰাই বকিবলৈ আৰম্ভ কৰাত মেনকা আহিবলৈ বাধ্য হল। অৱশ্যে তৰালীয়ে এছোৱা বাট আগবঢ়াই দিয়াতহে তাই আহিল, আৰু আহি এয়া..!
গিৰিধৰে কাঁহ এটা মাৰিলে। মেনকা উচপ খাই উঠিল। গিৰিধৰলৈ এবাৰ চাই তাই তললৈ মূৰ কৰি থিয় হৈ ৰ’ল মেনকা। মেনকালৈ পোনে পোনে চাই গিৰিধৰে তাৰ ডাঙৰ আৰু গলগলীয়া মাতটোৰে ক’লে-“আমাৰ ঘৰৰ পৰা তহঁতৰ ঘৰলৈ ছোৱালী খুজিবলৈ এইকেইদিনতে মানুহ যোৱাৰ কথা। কিন্তু আইয়ে কৈছে যে বয়সত তই মোতকৈ দুবছৰমানে ডাঙৰ হবি। সেইকাৰণে তৰালীকহে খুজিবলৈ য়োৱাৰ কথা। কিন্তু তহঁতৰ মাৰহঁতে আকৌ তোৰ কথাহে কৈ আছে। কথাবোৰ বুজাই কবলৈ সেয়ে তোকেই মাতি পঠিয়ালোঁ। সকলোৱে কৈছে তৰালীহে মোৰ লগত মিলিব। তই কি ক’ৱ? তোৰ কিবা আপত্তি আছে নেকি ভনীয়েৰক মোলৈ দিয়াত?”
শিল পৰা কপৌৰ দৰে মেনকা থৰ লাগি থিয় হৈ থাকিল। কি কব, কি নকব, তাই একো ভাবি নাপালে। দোধোৰ-মোধোৰ অৱস্থা এটাৰে তাই থিয় হৈয়েই থাকিল। গিৰিধৰ উচপিচাই উঠিল। ইফালে-সিফালে এনেয়ে চাই চাই সি আকৌ মেনকাৰ ফালে চালে, তাই তেতিয়াও একেদৰেই থিয় হৈ আছে। বহুদেৰি উচপিচাই থকাৰ পাছত গিৰিধৰে এইবাৰ মেনকাৰ অকণমান ওচৰ চাপি আহি ক’লে-“এন্ধাৰেই হ’ল। যাগৈ যা। তহঁতৰ ঘৰত কথাবোৰ মই কমগৈ বাৰু, তাৰ আগতে তোক কৈ থলোঁ। তোৰ কিবা আপত্তি থাকিলে কৈ দিবি, লাজ নকৰিবি, বুজিছনে?”
মেনকাই কি কব ভাবি ভাবি অৱশেষত মূৰ দুপিয়ালে। একান্ত বাধ্যৰ দৰে তাই এইবাৰ ঘৰলৈ বুলি উভতি খোজ ললে। গিৰিধৰৰ ওচৰলৈ বুলি যাওঁতে লগা লাজটো এইবাৰ নালাগিল মেনকাৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক