লাজ: টুৱাৰাম দত্ত

(এইখন অসমত য’তে-ত’তে ধুনীয়া ধুনীয়া মন্দিৰৰ অভাৱ নাই ৷ কিন্তু ৰাজহুৱা শৌচগাৰ, প্ৰস্ৰাৱগাৰৰহে অভাৱ ৷ তাকে এবাৰ কেন্দ্ৰীয় মন্ত্ৰী এজনাই কওতে মিডিয়া, ধৰ্মগুৰু সকলোৱে জাঙুৰ খাই উঠিছিল ৷)

ৰূপনগৰ প্ৰাথমিক বিদ্যালয়ৰ তিনিআলিটোৰ পৰা ট্ৰেকাৰত উঠি গৈ চানমাৰিত নামিব বুলি তাই থিক কৰিলে ৷ নৱনীতাক লগ পোৱাৰ বাবে তাই ৰূপনগৰলৈ গৈছিল। কিন্তু লগ নাপালে ৷ নৱনীতাই চাৰিদিনৰ পূৰ্বে নলবাৰীত থকা মোমায়েকৰ ঘৰলৈ গৈছে। কিন্তু তাই গমেই পোৱা নাছিল ৷ নৱনীতাৰ ম’বাইলত ফোন এটা কৰি যোৱা হ’লে ভাল আছিল ৷ কিন্তু তাইৰ নিজৰ ম’বাইল ফোনটো বেয়া হৈ আছে। আজিকালি বেলেগৰ ফোন বা পি চি অ’ৰ পৰা ফোন কৰিবলৈ কিবা এটা সংকোচ ভাব অহা হ’ল ৷ চেহ: অন্তত পি চি অ’ৰ পৰাও যদি যোগাযোগ কৰিলে ইমানখিনি পয়মাল নহ’লহেঁতেন ৷
ট্ৰেকাৰৰ বাবে আপেক্ষা কৰোতে কৰোতে তাইৰ জোৰ প্ৰেস্ৰাৱৰ তাড়না এটা উজাই আহিল। ইফালে-সিফালে চাই সুবিধাজনক ঠাই এডোখৰ চকুত নপৰিল ৷ অলপ আগবাঢ়ি গ’লে পোৱা যাব নিশ্চয়! এখোজ দুখোজকৈ তাই ট্ৰেকাৰৰ ষ্টপেজৰ পৰা আগবাঢ়ি গ’ল ৷ টষ্টপেজটৰ কাষতে শনি মন্দিৰটো ৷ তাৰ কাষত থকা অট’ষ্টেণ্ডত কেইজনমান ডেকা বয়সৰ অট’ৱালা ৷ তেওঁলোকৰ সন্ধানী দৃষ্টিয়ে তাইৰ কোমল দেহাটো ‘স্কেন’ কৰি পাৰ হৈ যোৱা যেন লাগিল।৷ তাইৰ হাঁহি উঠি গ’ল ৷ অট’ত অহা-যোৱা কৰাৰ বিলাসিতা তাই কৰিব নোৱাৰে ৷
এখোজ দুখোজকৈ কেবাটাও পদূলি পাৰ হ’ল ৷ অদূৰত সত্য সাই বাবাৰ মন্দিৰ এটা চকুত পৰিল ৷ মনোমোহা, কাৰু-কাৰ্য খচিত, চকুত লগা মন্দিৰ ৷ অলপ আগবাঢ়ি গৈয়েই গণেশ মন্দিৰ এটালৈ যোৱাৰ তোৰণ এখন ৷ তাৰ কাষতে পূজাৰ সামগ্ৰী বেচা দোকান দুখনমান ৷
হঠাতে ট্ৰেকাৰ এখন তাইৰ গাৰ কাষতে ৰ’লহি ৷ –বাইদেউ যাব নেকি ? উঠক ৷” ট্ৰেকাৰখনৰ পৰা পোৱালি এটাই ছিঞৰীয়েই সুধিলে ৷

তাই নঞাৰ্থক ভাবত মূৰ জোকাৰিলে ৷ প্ৰেস্ৰাৱ কৰাৰ তাড়নাটোৱে তাইক ট্ৰেকাৰত উঠিবলৈ নিদিলে। যিমান পাৰিসোনকালে ঘৰলৈ ওভতি যাবৰ ইচ্ছা। কিন্তু? কেনেবাকৈ ক’ৰবাত অলপ সুবিধাজনক ঠাই পোৱা হ’লে !
নৱোদয় বাইলেন ৷ চকুত লগাকৈ লিখা সুন্দৰ নাম-ফলকৰ কাষতে ৰাজহুৱা শিৱ মন্দিৰটো ৷ অলপ পিছতে ৰাষ্টাটো ওখ হৈ উঠি গৈ ভঙাগড় সংযোগী পথত লাগিছেগৈ ৷
ভালেখিনি বাটেই তাই খোজকাঢ়িলে ৷ ছে : ইমান দূৰ যোৱাৰ পিচতো ক’তো অলপো সুবিধাৰ ঠাই নোলাল ৷ অচিনাকী মানুহৰ ঘৰত সোমাবলৈকো তাইৰ লাজ লাগে ৷

এইখন অসমত য’তে-ত’তে ধুনীয়া ধুনীয়া মন্দিৰৰ অভাৱ নাই ৷ কিন্তু ৰাজহুৱা শৌচগাৰ, প্ৰস্ৰাৱগাৰৰহে অভাৱ ৷ তাকে এবাৰ কেন্দ্ৰীয় মন্ত্ৰী এজনাই কওতে মিডিয়া, ধৰ্মগুৰু সকলোৱে জাঙুৰ খাই উঠিছিল ৷
মেডিকেল কলেজ হাস্পতাল চৌহদৰ গে’টৰ সন্মুখত আৰু এটা শনি মন্দিৰ ৷ কাষত আৰু এটা অট’ষ্টেণ্ড ৷ সেইখিনিতে ৰাস্তাটো দুভাগত বিভক্ত ৷ তাই যিফালেদি গৈ আছে সেই ফালটো অলপ নামনিত ৷ তাতে ট্ৰেকাৰবোৰ ৰয় ৷ অলপ আগত ডাষ্টবিন্ এটা ৷ মৰা কুকুৰ এটা পৰি আছে ৷ অসহ্য লেতেৰা গন্ধ এটাই মানুহ কাষ চাপিব নোৱাৰা পৰিবেশৰ সৃষ্টি কৰিছে।৷ থিয়ৈ থিয়ৈ প্ৰেস্ৰাৱ কৰা পুৰুষৰ প্ৰেস্ৰাৱৰ পানী বৈ আহি ৰাস্তা মাজ পাইছেহি ৷ তাই ডাষ্টবিনটোৰ কাষ চাপি গ’ল ৷ ইফালে-সিফালে এবাৰো ঘূৰি নাচালে ৷ মৰা কুকুৰৰ শ টোৰ কাষতে তাই বহি পৰিলে ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক