লাজ ( বি. জে. ৰঞ্জন )

মনোৰমা আহিব বিমলাৰ ঘৰলৈ। বহু বছৰৰ মূৰত। বিমলাৰ কি কৰোঁ নকৰোঁ লাগিল। পুৱাৰে পৰা তিনি চাৰিবাৰমান বিৰেণক ক’লেগৈ সোনকালে বজাৰৰ পৰা মাছ, পাচলি আদি আনিবলৈ। গিৰিয়েককো ক’লে ঘৰৰ খেতি তোলাৰ পৰা পালেং, ধনিয়াপাত কেইমুঠিমান চিঙিবলৈ, লগতে চাঙৰ পৰা কুমলিয়া চাই লাউ এটা আনিবলৈও দোহাৰিলে।

মানুয়ে সুধিলে- “কোন আহিব আইতা?”
আইতাকে তাইৰ গালখন পিহি ক’লে-“মাজনী, আমাৰ ঘৰলৈ মোৰ লগৰ ছোৱালী এজনী আহিব, তুমি ধুনু-ধুনু হৈ থাকিবা দেই।”
তাই মূৰ জোকাৰি শলাগি সুধিলে-“ তোমাৰ লগৰ ছোৱালী? কোন ইস্কুলত পঢ়ে আইতা তোমাৰ ফ্ৰেইণ্ডজনীয়ে?”
-“মোৰ ফ্ৰেইণ্ডজনীয়ে এতিয়া নপঢ়ে মানু, তেওঁও মোৰ দৰে ঘৰতে থাকে। ঘৰৰ কাম কাজ কৰে। তোমাৰ মাৰা উঠিল নে? যোৱাচোন, মাৰাক কোৱাগৈ আজি আমাৰ ঘৰলৈ আলহী আহিব বুলি।”

বিমলা আৰু মনোৰমা দুয়োজনীয়ে একেলগে জগতপুৰৰ ছোৱালী হাইস্কুলত পঢ়িছিল। সাংঘাটিক, এৰা-এৰি নোহোৱা ধৰণৰ বান্ধৱী আছিল। বিমলাৰ জগতপুৰতে বিয়া হয়। আনহাতে মনোৰমা বিয়াৰ পিছত চহৰলৈ গুছি যায়। মনোৰমাৰ শহুৰেকৰ আচল ঘৰো জগতপুৰতে। এতিয়াওঁ তেওঁলোকৰ ভালেখিনি খেতিৰ মাটি আধিলৈ দিয়া আছে। বহু বছৰ আগেয়ে পৰিয়ালটো গুৱাহাটীলৈ উঠি যায়। বিয়াৰ পিছত কাৰোবাৰ বিয়াই-চিয়াই দুয়ো বান্ধৱীৰ দুবাৰমান লগালগি হৈছিল । পিছলৈ লগ পোৱা কমি গ’ল। সংসাৰৰ ব্যস্ততা, দায়িত্ববোধ আদিত ককবকাই এসময়ৰ প্ৰাণৰ সখী দুয়োজনীয়ে দুয়োজনীক পাহৰি থাকিবলগীয়া হ’ল। মাথো মাজে সময়ে ওপৰোৱা কৈ খবৰবোৰ পাই থাকে, সিমানেই। তথাপিও তেওঁলোকৰ বন্ধুত্বৰ টানটো পৰস্পৰৰ হৃদয়ত নেদেখা কৈয়ে সজীৱ হৈ থাকিল।

বিমলাই ৰাতিপুৱাই ফোনত খবৰ পালে- মনোৰমাই পুতেক বোৱাৰীয়েকৰ সৈতে গাঁওলৈ আহি আছে। বিমলাহঁতৰ ঘৰ পাই মানে দুপৰীয়াই হ’ব হেনো। দুপৰীয়া পাব যেতিয়া ভাত নোখোৱাৰ প্ৰশ্নই নুঠে। ইমানদিনৰ মূৰত সখীয়েকক সপৰিবাৰে দেখিবলৈ পোৱাৰ উত্তেজনাই বিমলাক উত্‌ফুল্লিত কৰি তুলিলে। লগে লগে মনোৰমাহঁতৰ চহৰৰ ধুনীয়া ঘৰটোৰ কথা ভাবি নিজৰ আও পুৰণি ঘৰটোৰ ছবিখনে বিমলাৰ মনটো কিছু পৰলৈ সংকুচিত কৰি তুলিলে। হলেওঁ সেয়া তেনেই ক্ষন্তেকীয়া ভাৱ। তেওঁ হুৰমুৰকৈ বন কৰা ল’ৰা হৰিকণক চোতাল বাৰাণ্ডা আদি চাফা কৰিবলৈ লগাই নিজেও লাগি গ’ল। নতুনকৈ চিলোৱা পৰ্দা কেইখনমান আনি থোৱা আছিল। দ্ৰয়িংৰূমৰ দৰ্জা খিড়িৰিকীত সেইকেইখন লগাই দিলে। ধুলিৰে চামনি পৰি থকা চোফা চেটযোৰ মচি মচি চিন্তা কৰিলে, নতুন চেটৰ কাপ-প্লেট কেইযোৰ উলিয়াই ধুই, পিছফালৰ বাৰাণ্ডাত ৰ’দ পৰা ঠাই ডোখৰত ৰাখি, খটখটিয়া কৰি থৈ দিব লাগিব। ডাইনিং টেবুলখনো মচি কাচি টেবুল-ক্লথ খন বদলাই দিব লাগিব। আঞ্জা-পাচলি কটা, চাহৰ যোগাৰ কৰা…. কিমান যে কাম আছে, হ’বগৈ নে সময়ত? ঘৰখনত অইন মানুহ থাকিলেও সময়ত তেওঁ কাৰো পৰা সহায় নাপায়। পিছপিনলৈ আহি বিমলাই হৰিকণক চিঞৰিলে, “গাখীৰ খীৰালি নে!”….. পায়স পগোৱাৰ কথাও লগে লগে চিন্তা কৰিলে। মানুৰ হাতত ধৰি কাষতে ৰৈ থকা, মানুক চোৱা চিতা কৰিবলৈ ৰখা ছোৱালী জোনালীক দাবি লগোৱাৰ সুৰত সুধি পেলালে, “বৌৱেৰা উঠিল নে? কিমান নো শুব পাৰে অ’? বাহ্ মানুহ দেখিছো আৰু দেই।”
জোনালীয়ে মুখখন এন্ধাৰ কৰি বিমলাই শুনা নুশুনাকৈ ভোৰভোৰালে, “মইনো কি কৰিব লাগে এতিয়া।”। এৰা, তাইনো কি কৰিব, তাইক মানুক চাবলৈহে ৰখা হৈছে। চেহ্, ভিজা কাপোৰ কেইখনো মেলি দিয়া নহ’ল, বিমলাই বাথৰূমলৈ দৌৰিলে এইবাৰ।

দিনটোৰ পিছৰ সময়খিনি বিমলাই ভবাৰ দৰেই আগবাঢ়ি গৈ থাকিল, অলপো খেলিমেলি নোহোৱাকৈ। সকলো ঠিক-ঠাক হৈ চিজিল লগাৰ পিছতেই মনোৰমাহঁত আহি পালে। দুয়ো বান্ধৱীয়ে সাৱটা-সাৱটি কৰিলে। মনোৰমাৰ বোৱাৰীয়েক চুমিয়ে চিধাই বিমলা আৰু গিৰিয়েকক আঠু কাঢ়ি সেৱা কৰিলেহি। চুমি ধুনীয়া, মৰমলগা ছোৱালী। চাকৰিও কৰে। কথা বতৰাও যে কি সুন্দৰ। বিমলাৰ মৰম উপজিল। নিজে নভবাকৈ গোপনে চুমিক নিজৰ বোৱাৰীয়েক তুলিকাৰে সৈতে তুলনা কৰি পেলালে। এই তুলিকাজনী যে আৰু! কি অদ্ভুত। মানুহক মাত দিবই নিশিকিলে আজিলৈ।

চাহ জলপান খোৱাৰ পিছত মনোৰমাৰ পুতেক-বোৱাৰীয়েক ৰিতু আৰু চুমিয়ে গাঁওত থকা তেওঁলোকৰ নিজৰ মাটি বাৰি চাবলৈ বুলি ওলাই গ’ল।
ভাত-পানী ৰন্ধা প্ৰায় শেষ হৈ আহিছিল।
বিমলাই পাকঘৰলৈ গৈ বোৱাৰীয়েকক ক’লে, “তুলিকা, ৰন্ধা হৈয়ে গৈছে দেখোন, তুমি যোৱাচোন, পিছফালৰ কাপোৰ কেইখন শুকাইছে যদি জাপি থৈ আহাগৈ। মাছৰ জোলখন ময়ে ৰান্ধো দিয়া। মনোৰমা আহ, বহ ইয়াত। আমি কথাকে পাতো আহ। আঞ্জাখনো বহাই দিওঁ ইপিনে।”
তুলিকাই মনোৰমালৈ চাই ক’লে, “মাহীদেউ বহক, মই অকণ আহিছোঁ” বুলি ওলাই গ’ল।
তুলিকা যোৱালৈ চাই মনোৰমাই ক’লে, “বিমলা, তই লক্ষ্মী বোৱাৰী পাইছ। ৰন্ধাই বঢ়াই, কামে কাজে ইমান ভাল।”
– “যিহে ভাল, মইহে জানো, কিডাল কাম কৰি ফলাই তেওঁ। দিনটো ৰূমত শুই বহিয়ে সময় কটাই। আলহী-দুলহি আহিলে ৰূমৰ পৰা মাতি মাতি উলিয়াব লাগে।”

মনোৰমাই একো নামাতিলে। তেওঁ কথা কম কয়। মানুহৰ সমালোচনা কৰিব ভাল নাপায়। বিমলা ওলোটা, ভলভলিয়া, মনত যি আহে কৈ দিয়ে।
বিমলাই পৰ্দাৰ বাহিৰলৈ ইফালে সিফালে চাই সৰুকৈ ক’লে, “আজিয়ে যি ৰেকৰ্ড হ’ল জান মনোৰমা- বোৱাৰীয়ে এনেকৈ পাকঘৰত সোমাই মোক সহায় কৰি দিয়া। এদিন দেখি একো ক’ব নোৱাৰি অ’। হায়-হায়, কেনে বোৱাৰী বিচাৰিছিলোঁ, কেনে পালো। তোৰ ভাগ্যখন বৰ ভাল দেই। চুমিক যে সঁচাই ইমান ভাল লাগিছে। মাতে কথাই কি সুন্দৰ। এনে বোৱাৰী পোৱা কম ভাগ্যৰ কথা নহয়।”

ফাগুন মাহ। গৰম পৰিছিল। মনোৰমাৰ গাটো চাটিফুটি লাগিল। ইচাত বিচাত কৰি সৰুকৈ তেওঁ ক’লে, “আমাৰজনী কেনেকুৱা মই আকৌ গমেই নাপালো নহয়।”
– “মানে?”
– “মানে, বিয়াৰ তিনিমাহ পিছতে সিহঁতে ফ্লেট কিনি গুচি গ’লগৈ।”
– “কি কৱ! তহঁত দুয়োটা অকলে থাক এতিয়া?”
– “অ’। সিহঁত আহে, কেতিয়াবা মাহেকে পষেকে, যদি মন যায়।”
– “কিয়? তহঁতৰ ঘৰটোতো বেচ ডাঙৰেই, কোঠালিও কেইবাটাও আছিল যেনেই পাওঁ।” বিমলাই হাতত থকা ধনিয়া চিঙিবলৈ পাহৰি মনোৰমালৈ চাই ৰ’ল।

– “কি কবি আৰু। বিয়াৰ পিছত মানুহক বোলে কিবা স্বাধীনতা লাগে। নুবুজোঁ সেইবোৰ। দেউতাকেও মানা নকৰিলে। ক’লে , যাব খুজিছে যাওঁক, সিহঁতে যেনেকৈ ভাল পায়, তেনেকৈয়ে থাকক গৈ। আমাৰ নো কি? আচলতে কি জান, শোৱাৰ কোঠাত কৈ মনৰ কোঠাহে ডাঙৰ হ’ব লাগে অ’ বিমলা।”
মনোৰমাৰ মুখখনিলৈ একেথৰে চালে বিমলাই। হঠাতে যেন আৱিষ্কাৰ কৰিলে ফুৰ্টিবাজ বান্ধৱীজনীৰ ৰঙিয়াল মুখখনি বহুত শুকান আৰু দুৰ্বল হৈ গৈছে।

– “হে হৰি! হয় দেই, এইবোৰ নো কি কাৰবাৰ অ’। মোৰ আকৌ আমাৰ তুলিকাৰ কথা ভাবিয়ে লাজ লাগি আছিল। তই প্ৰথম দেখা পাবি, যিহে ৰেহ ৰকম বোৱাৰীৰ, দেখি বিচূৰ্তি খাই যাৱ বুলি ভয় লাগি আছিল।”
মনোৰমাই সেমেকা হাঁহিৰে ক’লে, “জাননে বিমলা, মানুহে ৰিতুহঁতৰ কথা সোধে। সকোলোৱে জানে, তথাপি সোধে। কি কম, মোৰ লাজেই লাগে। তোৰ আগত এইবোৰ নুলিয়াওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু কথাই কথাই ওলায়ে গ’ল, কিনো লুকুৱাম আৰু। ভাগ্যৰে কথা, বুজিছ নে?”
– “ঠিকেই কৈছ, এয়া ভাগ্যৰে কথা।”

– “মাহী। কি ভাগ্যৰ কথা কৈ আছে হে আপোনালোকে?”
পাকঘৰৰ পৰ্দাখন ডাঙি বিৰেণ হঠাতে ভিতৰলৈ সোমাই আহি মনোৰমালৈ চাই সুধিলে।
অপ্ৰস্তুত হৈ পৰা সৰল মনা মনোৰমাক উদ্ধাৰ কৰিবলৈ বিমলাই ক্ষীপ্ৰতাৰে পুতেকক উত্তৰ দিলে, “আজি কিমান বছৰৰ মূৰত নমৰাকৈ থাকি দুয়োজনী লগালগি হৈছো, কম ভাগ্যনে আমাৰ। আহ বিৰেণ, বহ ইয়াত। কথা পাতচোন মাহীয়েৰৰ লগত।”

দুপৰ বেলাটো ৰং ৰহইচেৰে পাৰ হৈ গ’ল। বিমলাই ৰন্ধা পায়স ৰিতু আৰু চুমিয়ে বখানি বখানি খালে।
গহীন গম্ভীৰ হৈ থকা, মানুহৰ হৈ-ছৈ ভাল নোপোৱা তুলিকাৰ চুমিহঁতক ভাল লাগিল। আকৌ কেতিয়াবা আহিবলৈ ক’লে।
যোৱাৰ পৰত ৰিতু, চুমিহঁতে আটাইকে গুৱাহাটীৰ ঘৰলৈ মাতি গ’ল।
মনোৰমা বিমলা, দুয়োৰে চকু চলচলীয়া হৈ পৰিল। ভগা ভগা কান্দোনৰ অস্পষ্ট সুৰ দুয়োজনীৰ কণ্ঠত বিয়পি পৰিল।
মনোৰমাই বিমলাক সাৱটি ক’লে, “আহিবি আমাৰ তালৈ, থকাকৈ আহিবি, তেখেতৰ লগত।”

ৰাতি তুলিকাই বিৰেণক ক’লে, “শুনিছা, চুমিহঁতে ইয়ালৈ আহি বৰ ভাল পাইছে বোলে। মোৰো কিন্তু তেওঁলোকক বেয়া নাই লগা।”
বিৰেণে বিচনাত বাগৰি ক’লে, “অ’ হে, ভাল লাগিব বুলি ময়ো ভবা নাছিলো। ভাবিছিলোঁ, ধনী মানুহ, ভেমেই আছে নে কিয়েই আছে।”

আইনাত মুখ চাই ক্ৰীম সানি থকা তুলিকাৰ কিবা কথা মনত পৰি হাঁহি উঠি গ’ল। বিৰেণলৈ ঘুৰি চাই ক’লে, “কি জমনি! ৰিতুৱে কৈছিল যে শুনিছিলা নে? আমাৰ ইয়াত আহি তেওঁলোকে বোলে বৰ আহল বহল পাইছে, মুকলি চোতাল, মুকলি বতাহ। গুৱাহাটীত তেওঁলোকৰ বোলে ফ্লেটত চেপা মাৰি থাকিবলগীয়া অৱস্হা এটা, ভাবিলে হেনো আমাৰ নিচিনা মানুহৰ আগত তেওঁলোকৰ লাজেই লাগে।”

বিৰেণে ক’লে, “বুজি নাপাওঁ, নিজৰ ইমান ডাঙৰ ঘৰ এটা থাকোতেওঁ কেলেই বাৰু ফ্লেটত থাকিবলৈ গ’ল।”
তুলিকাই ক’লে, “চুমিক সুধিছিলোঁ। ক’লে কি তাই হেনো বান্ধোনত থাকি খুব এটা ভাল নাপায়। মনৰ ইচ্ছামতে ফুৰা চকা কৰি সৰুৰে পৰা ডাঙৰ হোৱা ছোৱালী, টাইমিংবোৰ নিমিলিলে সময়ত শাহু-শহুৰৰ সৈতে অশান্তি যে নহ’বগৈ কোনো মানে নাই। তাতকৈ আগৰে পৰা বেলেগ কৈ থাকিলেই হেনো ভাল, দিগদাৰিও নাই, মনবোৰো নাভাগে ।”

অলপ ৰৈ তুলিকাই ক’লে-“সকলোৱে ফ্লেট কিনি, ঘৰবাৰী সাজি নোহোৱা কৰিলে। আমাৰে একো নাই। লাজেই লাগে ভাবিলে। কিমান ৰখিবা আৰু। আমাৰ বজাৰৰ মাটিখিনিতে সোনকালে কিবা কিবি এটা কৰাৰ চিন্তা কৰা।”

বিৰেণে বিতৃষ্ণাৰে ক’লে, “তাকেইটোহে, কৰিবতো লাগিছিলেই, পইছাহে….। ৰিতুহঁতৰ লাইফ ষ্টাইল চোৱাচোন, কি হাই-ফাই! তাৰ গাড়ীখন দেখিছিলা নে? হুন্ডাইৰ নতুন এচ.ইউ.ভি. মডেল, ৱাহ! আমাৰ আকৌ চেকেণ্ড হেন্ড ঘেগেলা এইট হান্ড্ৰেড। লাজেই লাগে।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments