লাডাখ, ইয়াৰ ইতিহাস আৰু ভাৰত-চীন ভূমি বিবাদ—বিকাশ দত্ত

ভাৰতৰ ৰাজনৈতিক মানচিত্ৰখন চালে আমি সদায়েই এটা কথা লক্ষ্য কৰো যে জম্মু আৰু কাশ্মীৰৰ সীমাৰেখা বিভিন্ন মানচিত্ৰত বিভিন্ন ধৰণৰ। ১৯৪৭ চনত স্বাধীনতাৰ প্ৰায় ৩ মাহ পিছতেই পাকিস্তানে জম্মু আৰু কাশ্মীৰ আক্ৰমণ কৰে আৰু তেতিয়াৰে পৰা এক নিয়ন্ত্ৰণ ৰেখাই জম্মু কাশ্মীৰক দুভাগত বিভক্ত কৰে। POK অৰ্থাৎ পাকিস্তান অধীকৃত কাশ্মীৰ (Pakistan Occupied Kashmir) আৰু জম্মু আৰু কাশ্মীৰৰ লগতে লাডাখ, যি ভাৰতৰ মূল ভুখণ্ডৰ অন্তৰ্গত। তেতিয়াৰে পৰা জম্মু আৰু কাশ্মীৰক লৈ দুই দেশৰ মাজত বিবাদ চলিয়েই আছে। এই বিবাদে এক নতুন গতি লয় ১৯৫৮ চনত। যেতিয়া চীনে ভাৰতক গম নিদিয়াকৈ এটা হাইৱে নিৰ্মাণ কৰে লাডাখৰ ভূ-খণ্ডৰ ওপৰেৰে, যি ভাৰতৰ ভূ-খণ্ডৰ অন্তৰ্গত আছিল। আৰু তেতিয়াৰে পৰা জম্মু আৰু কাশ্মীৰক লৈ চলি অহা বিবাদ ত্ৰিপক্ষীয় বিবাদলৈ ৰূপান্তৰিত হয়। কিন্তু লাডাখত ক্ষেত্ৰত হোৱা বিবাদ POK আৰু J&K ৰ ক্ষেত্ৰত হোৱা বিবাদৰ কিছু পাৰ্থক্য আছে। ইয়াৰ বাবে আমি লাডাখৰ ইতিহাস সম্পৰ্কে জানিব লাগিব।

লাডাখৰ ভৌগোলিক অৱস্থিতি ভাৰতৰ সুদূৰ উত্তৰাঞ্চলত। ভৌগোলিকভাৱে লাডাখৰ উচ্চতা সমূদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১১, ০০০ ফুট। লাডাখৰ অৰ্থই হ’ল “The Land Of High Passes।” তদুপৰি প্ৰাচীন ছিল্ক ৰোডৰ এক এৰাব নোৱৰা অংশ আছিল লাডাখ। কাৰাকোৰম পাছৰ পৰা মধ্য এছিয়াৰ য়াৰকাণ্ডক সংযোগ কৰা প্ৰাচীন বাণিজ্যিক পথ ছিল্ক ৰোড লাডাখৰ মাজেৰেই পাৰ হৈ গৈছিল। সেইবাবে দক্ষিণ-পূব এছিয়াৰ চীন, জাপানৰ পৰা লাডাখ হৈ মধ্য এছিয়া আৰু ইউৰূপ সংযোগী ছিল্ক ৰোডৰ জৰিয়তে বেপা বাণিজ্যৰ বাবেও এই ঠাই আছিল সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। কাশ্মীৰৰ পাছমিনা শ্ব’ল খুবেই বিখ্যাত। আৰু ইয়াৰ বাবে ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰী তেতিয়া তিব্বতৰ পৰা আমদানি কৰা হৈছিল কাশ্মীৰলৈ। যিহেতু লাডাখ তিব্বত আৰু কাশ্মীৰৰ সংযোগী পথ আছিল সেইবাবে, কাশ্মীৰৰ বাবেও লাডাখ আছিল অতি গুৰুত্বপূৰ্ণ অংশস্বৰূপ।

খ্ৰীষ্টীয় ৯ম শতিকাৰ সময়ত লাডাখ তিব্বত সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। তিব্বত সাম্ৰাজ্য ইমানেই শক্তিশালী আছিল যে যেতিয়া তিব্বতৰ ৰজা লংদাৰ্মাৰ হত্যা কৰা হয় আৰু সাম্ৰাজ্য ভাঙিবলৈ লয়, তেতিয়া সেই সাম্ৰাজ্য ভাঙোতেও প্ৰায় ৩০০ বছৰ পাৰ হৈ যায়। এই বৃহৎ তিব্বত সাম্ৰাজ্য বিভিন্ন সৰু সৰু গোটত বিভক্ত হয় আৰু ইয়াৰ ভিতৰত “মাৰয়ুল” নামৰ ৰাজ্যখনত লাডাখ অন্তৰ্ভুক্ত হয়। ৯৩০ খ্ৰীষ্টাব্দত এই ৰাজ্য প্ৰতিষ্ঠা হয়। মাৰয়ুলৰ প্ৰতিষ্ঠাৰ পিছতেই লাডাখৰ সংস্কৃতি, ৰাজনীতি, ধৰ্ম ইত্যাদি তিব্বতৰ সৈতে বহুত মিল থকা দেখিবলৈ পোৱা গৈছিল। কিন্তু মধ্যযুগীয় সময়ছোৱাত “মাৰয়ুল” ৰাজ্য ক্ৰমান্বয়ে নিশকতীয়া হ’বলৈ ধৰে আৰু ১৪৬০ খ্ৰীষ্টাব্দত নামগয়াল বংশই লাডাখ দখল কৰে। নামগয়ালৰ শাসনকালত লাডাখ শক্তিশালী হৈ পৰে। আনিক বিভিন্ন ধৰণৰ মঠ-মন্দিৰৰ লগতে সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাৱেও লাডাখ শক্তিশালী হয়। বৰ্তমান সময়ত লাডাখত নামগয়াল শাসনৰ সময়ৰ কিছুমান ঘৰ-দুৱাৰ আজিও সংৰক্ষিত অৱস্থাত আছে। অৱশ্যে তিব্বত সৈতে লাডাখৰ বহুতো সৰু সৰু যুদ্ধ সংঘটিত হৈ আছিল সেই সময়ছোৱাত। তদুপৰি মোগলসকলে জম্মু আৰু কাশ্মীৰ দখল কৰাৰ পিছত লাডাখ আৰু মোগল সীমান্তৱৰ্তী হৈ পৰে। কিন্তু মোগলে লাডাখ আক্ৰমণ কৰা নাছিল। ইয়াৰ মূল কাৰণেই আছিল প্ৰতিকূল বতৰ আৰু লাডাখৰ ভৌগোলিক অৱস্থান।

তাৰ পিছতেই ১৮১৯ চনত পাঞ্জাৱৰ ৰজা ৰনজিৎ সিঙে কাশ্মীৰ দখল কৰে আৰু প্ৰায় ৪, ০০০ সেনাৰে সৈতে ডোগৰা (শিখ বাহিনী)সেনাপতি জোৰাৱৰ সিঙ কাহলুৰিয়াই লাডাখ আক্ৰমণ কৰে। আচৰিতভাৱে ৫, ০০০ সেনাৰ লাডাখী সেনাক প্ৰতিহত কৰি লাডাখ জয় কৰে ডোগৰা বাহিনীয়ে। এইয়া ১৮৩৪ চনৰ ঘটনা। লগে লগে নামগয়াল বংশৰ পতন হয় লাডাখত। লাডাখ দখল কৰাৰ পিছতেই জোৰাৱৰ সিঙ অধীনস্ত লাডাখ আৰু তিব্বত তেতিয়া প্ৰতিবেশী হিচাপে অৱস্থান লয়। সেই সময়ত তিব্বত চীনৰ অধীনস্থ হৈছিল। চীনৰ বিখ্যাত ছিঙ বংশই তিব্বতৰ শাসনভাৰ গ্ৰহণ কৰাৰ লগে লগেই তিব্বতত থকা বিভিন্ন বাণিজ্যিক পথ চীনৰ দখললৈ যায়। জোৰাৱৰ সিঙে এই কথাটো লক্ষ্য কৰিছিল। সেইবাবে তেওঁ ভাবে যে যদি তিব্বত দখল কৰিব পৰা যায় তেতিয়া সমগ্ৰ বাণিজ্যিক পথ ডোগৰাৰ অধীনত থাকিব। সেইবাবে জোৰাৱৰ সিঙে ১৮৪১ চনত তিব্বত আক্ৰমণ কৰে। প্ৰথমতে ডোগৰা সেনাই খুব মসৃণভাৱে তিব্বত দখল কৰে। কিন্তু যুদ্ধৰ কিছুদিন পিছতেই ছিঙ সেনাই পুনৰ আক্ৰমণ কৰে আৰু এই যুদ্ধত ডোগৰা সকল পৰাজিত হয়। এই যুদ্ধক চীনো-শিখ যুদ্ধ “Sino-Sikh War (1841-42)” বুলি জনা যায়। ইতিমধ্যে চীনা সৈন্য লাডাখৰ ভিতৰলৈ সোমাই আহিছিল। অৱশেষত ১৮৪২ চনৰ ছুছ্ল সন্ধি স্বাক্ষৰিত হয় আৰু সেই সন্ধিৰ চুক্তি মতে লাডাখ ডোগৰা সকলৰ অধীনতেই ৰাখি তিব্বত ছিঙ সেনাৰ অধীনত ৰখা হয়। দুয়োপক্ষই যাতে ভৱিষ্যতে কোনো যুদ্ধত অংশ নলয় সেই সম্পৰ্কেও চুক্তি স্বাক্ষৰিত হয়।

১৮৪৫-৪৬ চনত শিখ আৰু ব্ৰিটিছৰ মাজত যুদ্ধ হয়। আৰু জম্মু-কাশ্মীৰৰ লগতে লাডাখ ব্ৰিটিছৰ অধীনত থাকে। কিন্তু তাতেই লাগে কেনাটো, হয়তো উক্ত ঘটনাৰ বাবেই আজি লাডাখৰ ক্ষেত্ৰত চীন ভাৰত ভূমিবিবাদ চলি আছে। পূৰ্বতে কোনো দেশৰ সীমাৰেখা নিৰ্ধাৰণ কৰাটো এটা জটিল প্ৰক্ৰিয়া আছিল। তদুপৰি পাহাৰীয়া দুৰ্গম ঠাইত ই আৰু জটিল আছিল। ব্ৰিটিছে কৈছিল যে সাংস্কৃতিক আৰু ঐতিহাসিক পৰিপ্ৰেক্ষিতত লাডাখ ভাৰতৰ অন্তৰ্গত আছিল আৰু চীনেও একেধৰণৰ মতামত প্ৰদান কৰি আহিছিল। সেইবাবেই কোনো ধৰণৰ স্পষ্ট সীমাৰেখা নাছিল সেই সময়ত। দুয়োপক্ষই ঔপনিৱেশিক শাসনক ভিত্তি হিচাপে লৈছিল; ব্ৰিটিছৰ মতে ভাৰতত তেওঁলোকৰ ঔপনিৱেশিক শাসনৰ বাবে লাডাখ ব্ৰিটিছৰ দখলত থাকিব, একেদৰে তিব্বতত চীনৰ ঔপনিৱেশিক শাসনৰ বাবে আৰু লাডাখৰ লগত থকা সাংস্কৃতিক সাদৃশ্যৰ ভিত্তিত লাডাখ চীনৰ অধীনত আহিব। এই বিবাদ প্ৰায় এক শতিকাযুৰি বৰ্তি থাকে।

১৯৪৭ চনত ভাৰত স্বাধীন হয়। প্ৰায় দুবছৰ পিছতেই ১৯৪৯ চনত মাও জেদঙে টিয়ানানমেন স্কোৱেৰৰ পৰা কমিউনিষ্ট পতাকা উৰুৱাই People’s Republic of China ৰ প্ৰতিষ্ঠা কৰে। ১৯৫৯ চনত চীনে তিব্বত দখল কৰে বলপূৰ্বকভাৱে আৰু তেতিয়াই এই বিবাদে গতি লয় এক নতুন ধাৰালৈ। তিব্বতৰ আক্ৰমণৰ সময়ত তিব্বতৰ ধৰ্মগুৰু দালাই লামা পলায়ন কৰি ভাৰতত প্ৰৱেশ কৰে আৰু ভাৰতেও তেখেতক শৰণ দিয়ে। তেতিয়াৰে পৰা ভাৰতৰ সৈতে চীনৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ লয়। তদুপৰি চীনে গম নিদিয়াকৈ নিৰ্মাণ কৰা হাইৱেটোৰ সন্দৰ্ভত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আগষ্ট, ১৯৫৯ চনত লোকসভাত এক বক্তব্য দিয়ে। তেওঁ কয় যে, “There is a large area in Eastern and North-Eastern Ladakh which is practically uninhabited where not even a blade of grass grows “
এই বক্তব্যৰ পিছতেই চীনেও নিজৰ আগ্ৰাসন নীতি অব্যাহত ৰাখে আৰু বৰ্তমান উক্ত ঠাইক Aksai Chin হিচাপে জনা যায়। নেহৰুৱে হয়তো সেইসময়ত নিজৰ Non-Alliance Movement ৰ বাবেই চীনৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ চেষ্টা কৰিছিল। কিন্তু এইয়া যে এটা ভুল সিদ্ধান্ত সেইটো প্ৰমাণিত হয় তেতিয়াই, যেতিয়া ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰে। যুদ্ধৰ শেষত LAC (Line of Actual Control) গঠন কৰা হয়। কিন্তু যোৱা দুমাহধৰি উক্ত সীমাৰেখাৰ ভিতৰত চীনা সৈন্য সোমাই অহাৰ পৰিপ্ৰেক্ষিতত যুদ্ধৰ পৰিস্থিতিলৈ গতি কৰিছে সমগ্ৰ ঘটনাটো। ইতিমধ্যে যোৱা জুন মাহত হতাহতিৰ বাবে ভাৰতৰ ২০ জনকৈ জোৱান শ্বহীদ হোৱাৰ লগতেই বহুকেইজন আহত হয়। অৱশ্যে চীনৰ ফালৰ পৰা একো তথ্য এতিয়ালৈ মুকলি কৰা হোৱা নাই যদিও, বিভিন্ন ৰক্ষা বিশেষজ্ঞৰ মতে প্ৰায় ৪৬-৫০জন চীনা সেনা নিহত হৈছে।

ভাৰত-চীনৰ লাডাখ বিবাদ ইতিমধ্যে যোৱা বছৰতেই হোৱাৰ সম্ভাৱনা হৈছিল। ২০১৯ ৰ আগষ্টত Article-370 শেষ কৰাৰ লগে লগে লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰে আৰু চীনে তেতিয়াৰে পৰাই আপত্তি দৰ্শাও আহিছে। হয়তো যোৱা বছৰত হ’ব লগা বিবাদে এইবছৰ তুংগত উঠিছে। Covid-19 ৰ বাবে চীনৰ অৰ্থনীতিও ইতিমধ্যে নিম্নগামী হৈছে। বিভিন্ন বহুজাতিক কোম্পানী চীনৰ পৰা ওলাই আহি ভাৰত বা অন্যান্য বিভিন্ন দেশত থিতাপি লোৱাটোৱে চীনক বিপাঙত পেলাইছে। অৱশ্যে এই আটাইবোৰ কিছুমান ধাৰণাহে। কিন্তু চীনৰ ভূমি বিবাদ পূৰ্বৰে পৰা চলি আহিছে। আগন্তুক দিনত এই বিবাদে কি ৰূপ লয় সেইয়া সময়েহে ক’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments