লাডেনৰ বজাৰ (ভাস্কৰজ্যোতি দাস)

লাডেন বজাৰ । নামটো কি ধৰণেৰে কথিত হ’ল সেইটো নাজানো । পূৰ্বৰ নাম “থলুৱা কৃষক বজাৰ” পূৰ্বতে শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে নিজৰ উৎপাদিত শাক পাচলি ইত্যাদিসমূহ আনি এই বজাৰতেই বিক্ৰী কৰিছিল । প্ৰতি দেওবাৰে বহা এই বজাৰখনলৈ শাক-পাচলি কিনিবলৈ যোৱাটো মোৰ এটা অভ্যাস । কিন্তু আজিকালি ল’কেল-চালানিৰ অঘোষিত যুঁজখনত যেন থলুৱাৰ অৱস্থা কাহিল । আজি তেনে এটা দৃশ্যৰে সাক্ষী হ’লো ।

মোনাটোত কলডিল আৰু অমিতা দুটামান ভৰাইছোহে মাথো । এনেতে খচ্‌কৈ ব্ৰেক মাৰি এখন বিলাসী গাড়ী প্ৰায় ৰাস্তাৰ ওপৰতে ৰ’ল । বিয়াগুম চেহেৰাৰ এজন লোক নামি আহিল । লগত এটা বনকৰা ল’ৰা । বয়স প্ৰায় ১০-১২ বছৰমান হ’ব । মই টেঙামৰা গুটি কেইটামান কিনি আছো । বিক্ৰী কৰি থকা জনী এজনী সৰু ছোৱালী । বয়স বনকৰা ল’ৰাটোৰ সমানেই হ’ব । কাষৰ দোকানীজনৰ ওচৰলৈ গৈ ভদ্ৰলোকজনে প্ৰশ্ন কৰিলে-“বন্ধা কেনেকে দিছা” উত্তৰ-কেজি চল্লিশ । মানুহজনে ক’লে- তিনিকেজি দিয়া । পইচা-পাতি দি মানুহজন মোৰ ফালে আহি এইবাৰ ছোৱালীজনীক সুধিলে -“ঐ, ঢেকীয়া কেনেকে দিছ” ছোৱালীজনীয়ে উত্তৰ দিলে-“তিনিমুঠিত দহ টকা ” মানুহজনে সুধিলে-“পাঁচ

মুঠি দিবি?” ছোৱলীজনীয়ে চাৰিমুঠি লওক বুলি কোৱাত মানুহজনে একো নকৈ আঁতৰি যোৱা দেখি ছোৱালীজনীয়ে আকৌ পিচফালৰ পৰা মাত লগালে -“লৈ যাওক দাদা, লৈ যাওক” এইবাৰ মানুহজনে উত্তৰহিচাবে যিষাৰ কথা ক’লে তাত মোৰ খঙ উঠাৰ বাহিৰে একো নাছিল । মানুহজন ওভটি নাহিল আৰু ক’বলৈ ধৰিলে-“পাৰিলে আগতেই ন’কলি কেলৈ” কথাতো দেখাত সাধাৰণ যেন লাগিলেও ছোৱালিজনীৰ অৱস্থালৈ মন কৰিয়েই তাইক সুধিলো-“কেই মুঠি আছে” তাই মুঠিকেইটা গন্তি কৰেমানে মন কৰিলো যে তাত ৬ মুঠিহে আছে । মই তাইক “মোকে দিয়া” জাতীয় কিবা এষাৰ কৈ তাইৰ হাতত পোন্ধৰ টকা এটা দি আঁতৰি আহিলো । এটা কথা মনতে ভাবিলো-“মানুহজনে চালানি বন্ধাকবিৰ ক্ষেত্ৰত কোনো দামাদামি নকৰিলে যিবোৰ উৎসতে হয়টো দাম পাঁচ টকা বা তাতোকৈ কম । স্তৰে স্তৰে মুনাফাবোৰ যোগ হৈ হৈ আজিৰ বজাৰত দাম হ’ল চল্লিশ টকা । অথচ এই ছোৱালিজনীয়ে কিমান কষ্ট কৰি ঢেকীয়া কেইডাল বুটলি আনিছে আৰু কিহৰ তাগিদাতবা এই বয়সতে ওলাই আহিছে সেইবোৰো চিন্তা নকৰিলে। ঘৰত মাৰ গালি শুনাটো স্বাভাৱিক । ইমানসোপা ঢেকীয়া । হ’লেও এটা কথা ভাবিলো – অন্ততঃ সেই মানুহজনকৈ মই কিবা ধৰণেৰে ধনী ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments