লিখা হ’ল যি আগতেই: অনুবাদ- মিনাক্ষী গোস্বামী বৰঠাকুৰ, মূলঃ হিন্দী কবি মায়ামৃগৰ “जो लिखा है पहले से”

 

লিখা হ’ল যি আগতেই

লিখিবতো লাগিছিল
লিখা নহ’ল
লিখিলোহেঁতেন
যদি যি লিখা আছিল
তাতোকৈ ভাল লিখিব পাৰিলোঁহেঁতেন

ভাবিলোঁ কি পানী লিখিম
ভিতৰৰ পানীভাগ ওপচাই পেলালেই
কবিতা বৈ গ’লহেঁতেন
মোতকৈ বেছি জানিছিল
মাছেই পানীক
মই পাৰত আছিলোঁ
মাছ পানীৰ সোঁতত
ভাঙি চিঙি চুপচাপ
ডাল এটা পানীত উটি গৈছিল বুলিনো
মই কেনেকৈ লিখিলোঁহেঁতেন

মাটি লিখিলোঁহেঁতেন
যদি পাৰিলোঁহেঁতেন লিখিব
তিতা কোমল মাটি পিতিকি
কিবা আকাৰ দিলোঁ হেঁতেন
লিখিছিলোঁ এদাল কিলবিলাই থকা কেঁচু
পঢ়িব নোৱাৰা কোনো লিপিৰে
এটা সেউজীয়া কবিতা
মোৰ শব্দৰো ওপৰলৈ উঠি গৈ
অৰ্থই আকাৰ লব ধৰিছিল
মই খন্তিৰে কিমান বেলিনো
মাটি খান্দিলোঁহেঁতেন তেনেকৈ
মই জানো
কেঁচুতকৈ ভাল লিখিব যে নোৱাৰো

নীলা আকাশ লিখিলোঁহেঁতেন নে
দূৰ দূৰলৈ উৰাবাতৰি কল্পনাৰ আঁত ধৰি
আঁত এৰি…..
বুজাইছিল চৰাই বোৰে
তুমি যিমান দূৰলৈ যোৱা
তাতোকৈ আগলৈ উৰে বতাহ
ওপৰলৈ উঠি যোৱাৰ পাছত হে
জ্ঞান হয় উচ্চতাৰ
মই হেপামেলি জপিয়াই থাকিলোঁ তলৰ পৰাই
তেনেকৈনো মই কি লিখিলোঁহেঁতেন তেতিয়া

কিবা এটা তো লিখিলোঁহেঁতেন
গছ বা পাহাৰ
কিজানি শব্দমাত্ৰ ছাঁয়াতেই
জী থাকে অৰ্থৰ যাত্ৰীবোৰ
মই খোজ দিয়াৰ আগতেই
গছবোৰ পাহাৰৰ ওপৰলৈ উঠিল
পাহাৰে গালে গছৰ জয়গান
মই লিখিবলৈ থাকিল শ্ৰুতলিপি মাত্ৰ
তাকেনো কি লিখিলোঁহেঁতেন মই

মন আছিল প্ৰেম লিখোঁ
ডুবি ডুবি গৈ উঠি উঠি আহিলোঁহেঁতেন
তোমাৰ পৰা…..
ভিতৰি খটখটিৰে বগাই উঠিছিলোঁ
যিটো নামিছিলগৈ পোঁতাশালত
তুমি প্ৰেমত মজি আছিলা
মোতকৈয়ো বেছি ভাল ক’ৰবাত
গভীৰ হৈ……
মই লিখিব নোৱাৰিলোঁ
লিখিলোঁহেঁতেন মই
যদি যি লিখা আছিল
তাতকৈ ভাল লিখিব পাৰিলোঁহেঁতেন

লিখাতকৈ ভাল পঢ়িয়েই পেলাওঁ
যি লিখা আছিল আগৰ পৰাই
মোতকৈ গভীৰ
মোতকৈ বেছি ভালকৈ…..
____________________________

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments