লিতিকাই পুৰাণ (মনোৰঞ্জন মজুমদাৰ)

যোগেন চিৰস্তাদাৰৰ পুতেক ৰমেনৰ কথানো কি ক’ম আৰু? দেউতাকৰ পুৰণা প্ৰকাণ্ড ৰাজদূত মটৰচাইকেলখন যেতিয়া আলিয়েদি ৰমেনে চলাই যায়, তেতিয়া অঞ্চলটোৰ জীয়ৰী-বোৱাৰীৰ বুকু কঁপি উঠে ৷ আইতাসকলে কোৱা-মেলা কৰে, সেইখন ৰাজদূত নে যমদূত অ’? শেহতীয়াকৈ ৰমেনে তাক ছাপৰ্ট দিবলৈ কেইজনমান সাংগোপাংগ গোটাই লৈছে ৷ তাৰে মাজত আমাৰ কণপাইৰ পুতেক লিতিকাইও আছে ৷ ৰমেনে মটৰচাইকেলখন প্ৰায় দহ কিমি. প্ৰতি ঘন্টা বেগত চলায় আৰু পিছে পিছে দৌৰি থাকে লিতিকাইৰ গেংটো ৷ দৃশ্যটো কল্পনা কৰক আপুনি ৷ চিৰস্তাদাৰৰ পুতেকৰ কথা বাৰু পিছলৈ থ’লো ৷ এতিয়া আহোঁ আমাৰ কাহিনীৰ প্ৰধান নায়ক লিতিকাইৰ কথালৈ ৷ লিতিকাইৰ কণপাইৰ দ্বিতীয় পুত্ৰ ৷ কণপাইৰ চেকনিৰ কৃপাত লিতিকায়ে ক –ৰ চুক কেইটা চিনি নোপোৱা নহয় ৷ সেই যহতে লিতিকায়ে আজি লগৰ বন্ধুকেইজনৰ আগত ফিতাহি মাৰিব পাৰে ৷ পাঠশালাৰ পণ্ডিতে এবাৰ লিতিকাইৰ কাণ মুচৰি দিয়াত য’ৰ কিতাপ ত’তে এৰি লিতিকায়ে পঢ়া-শুনাৰ প্ৰতি পিছ-মুৱা যি দিলে আৰু দিলেই ৷ হওঁতে দেউতাকে তাৰ পিঠিত বাবৰি ফুল বাচিছিল পিছে লিতিকায়ে সেয়া গুৰুত্ব নিদিলে ৷ পঢ়া-শুনা বাদ দিয়াৰ পিছত মন গ’ল লিতিকাইৰ ব্যৱসায় কৰিবৰ ৷ পিছে পকেটযে খালী ৷ সেয়ে মূলধনৰ প্ৰয়োজন নোহোৱা ব্যৱসায় এটাৰ কথা চিন্তা কৰিলে লিতিকায়ে ৷ পোন-প্ৰথমে চকু গ’ল তাৰ টাউনৰ মাজত থকা চিনেমা হ’লটোলৈ ৷ ব্যৱস্থাটো হৰিধনেই কৰি দিলে ৷ লিতিকাইক তাত সততে দেখা পোৱা গ’ল হাউছফুল হোৱা দিন কেইটাত ৷ বৰ ভাল উপাৰ্জন হ’ল লিতিকাইৰ ৷ নতুন জোতা এযোৰো কিনিলে ৷ পিছে দিন বেয়া আছিল লিতিকাইৰ ৷ উগ্ৰপন্থী সংগঠন এটাই হিন্দী চিনেমা অসমত নিষিদ্ধ কৰাত চিনেমা হ’লটো বন্ধ হৈ গ’ল ৷ সংগঠনটোৰ চৈধ্য পুৰুষ উজাৰি গালি দি লিতিকায়ে এই ব্যৱসায়টো বাদ দিলে ৷ এইবাৰ লিতিকায়ে মন মেলিলে ঘটকালিৰ ব্যৱসায়লৈ ৷ বিশেষ কৰিব লগা একো নাই ৷ দৰা-কইনাৰ মাক-দেউতাকক মাত্ৰ চিনাকি কৰি দিলেই হ’ল ৷ তাতেই পাঁচশ এহাজাৰ টকা এটা ওলায় ৷ বৰ ধুনীয়াকৈ চলি আছিল ব্যৱসায়টো ৷ পয়মাল লাগিল সিদিনাহে যিদিনা প্ৰৱীণ আৰু মালতীৰ বিয়া থিক কৰিবলৈ লিতিকাই যাব লগা হ’ল প্ৰৱীণৰ ঘৰলৈ ৷ প্ৰৱীণৰ দেউতাকে লিতিকাইক সুধিলে বোলো কইনা ঘৰৰ পৰা যৌতুকত কি কি দিব ? লিতিকায়ে ক’লে, দদাই মই সুধি আহি জনামহি ৷ লিতিকাইৰ পালেগৈ এইবাৰ মালতীৰ ঘৰ ৷ মালতীৰ দেউতাকৰ লিতিকাইৰ কথা শুনি চকু কপালত উঠিল ৷ সেই সময়তে ওচৰতে ৰৈ আছিল মালতীৰ মোমায়েকৰ পুতেক ৷ তেওঁ আছিল স্থানীয় থানাখনৰ দাৰোগা ৷ একেকোবতে লিতিকাইক ক’লাৰত ধৰি তেওঁ থানালৈ চোচঁৰাই লৈ গ’ল ৷ লিতিকায়ে হায়ৈ বিয়ৈ লগালে ৷ থানাৰ পুলিচে লিতিকাইৰ কলাফুলত ক’লা দাগ বহুৱাই ঘৰলৈ পঠিয়াই দিলে ৷ লিতিকায়ে দুহাত ওপৰলৈ তুলি এইটো ব্যৱসায়কো নমস্কাৰ জনালে ৷ দেউতাক কণপায়ে বুজালে , বোলো বোপা ঘৰতে থাকি কিবা এটা কৰ ৷ পাণ-তামোলৰ দোকানখনকে পাতি দিওঁ৷ লিতিকায়েও ভাবিলে, এইফেৰাও কৰি চোৱা যাওঁক !বাপেকৰ প্ৰপজেলত গ্ৰীণ ছিগনেল দি অ’ হৰি অ’ ৰাম বুলি দোকানখন সি আৰম্ভ কৰিলে ৷ স্কুল ছুটিৰ সময়ছোৱাত কাকলি, মাকলিহঁত বাটেৰে আহি লিতিকাইৰ দোকান পালেই বিনাবলৈ আৰম্ভ কৰে –ককাই আমাকো এখন তামোল খুওৱা ৷ লিতিকায়েও লেতু-সেতু হৈ তামোলখন আগবঢ়াই দিয়ে ৷ কাকলি, মাকলিহঁতে কাষতে তামোলৰ পিক এটা পেলাই হাঁহি মাৰি আঁতৰি যায় ৷ ওচৰৰ কেৰকণ দদাইহঁতেও তোকনো আৰু কিহৰ পইছা দিম অ’ বুলি তামোল এখন মহা আৰামেৰে মুখত ভৰাই গুচি যায় ৷ সন্ধিয়া টকা থোৱা টেমাটো খুলি লিতিকায়ে তলীতে দুটামান এটকীয়া আৰু আধলিহে মিছিকিয়াই থকা দেখে ৷ সাঁতে পাঁচে ভাবি এই ব্যৱসায়কো লিতিকায়ে গুডবাই জনাই জইন কৰিলে চিৰস্তাদাৰৰ পুতেকৰ গেঙত ৷ জৰুৰী অৱস্থা নপৰিলে লিতিকাইৰ বিশেষ সিমান কাম নাথাকে ৷ গেঙৰ মেম্বাৰ বুলি ডালিমী হোটেলত তাৰ খোৱা-বোৱাও ফ্ৰী ৷ লিতিকাইৰ জীৱন আজিকালি কি বোলেনে এক্কেবাৰে বিন্দাছ৷ দুপৰীয়া ডালিমী হোটেলত দীঘলীয়া বেঞ্চিখনত শুই শুই সি সপোন দেখে –সি ৰাজদূত খন চলাইছে আৰু তাৰ পিছে পিছে দৌৰি আছে চিৰস্তাদাৰৰ পুতেকৰ সৈতে তাৰ গেংটো ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক