লিপষ্টিক –ৰিমঝিম দত্ত

পুৱা চাৰি বজাতেই উঠি ঘৰৰ সকলো কাম-বন অতাই দীপাই ভাত কেইটা বনাই আজৰি হয় মানে ঘড়ীয়ে আঠ বজাৰ সংকেত দিলে। দৌৰা-দৌৰিকৈ গাটো ধুই আহি তাই আইনাখনৰ সমুখত থিয় হৈ জীয়েক মাইনুক চিঞৰি চিঞৰি সুধিলে,

“মাইনু, মোৰ লিপষ্টিকটো কি হ’ল? থোৱা ঠাইত নাই যে!”

”মই বিচাৰি আছো ৰ’বা” মাইনুৱে সকলোৰে ৰুমে ৰুমে গৈ লিপষ্টিকটো বিচৰাত লাগিল। স্কুললৈ যাবৰ বাবে দীপাৰ ইতিমধ্যে দেৰিয়েই হৈছিল। লৰা-লৰিকৈ মেখেলা-চাদৰযোৰ গাত মেৰিয়াই লৈ তাই মুৰটো ফণিয়াই খোপাটো বান্ধি ললে।

”মা, এইটো পালো, লোৱা” মাইনুৱে আহি তাইৰ হাতত লিপষ্টিকটো তুলি দিলেহি।

”ক’ত পালা?” লিপষ্টিকটোৰে লাহে লাহে ওঠযুৰি ৰঙাকৈ বোলাই লৈ দীপাই মাইনুক সুধিলে।

” আইতাৰ ৰুমত।”

মাইনুৰ উত্তৰটো শুনি দীপাৰ টিঙিচকৈ খঙটো উঠি আহিল। ‘ড্ৰেছিং’ৰ ‘ড্ৰয়াৰ’টো খুলি তাই ‘লিপষ্টিক’টোৱ ঠুকুচা মাৰি ভৰাই থৈ দিলে। এটা হাতত নিজৰ বেগটো আৰু আনখন হাতেৰে জীয়েকৰ ‘স্কুলবেগ’টো লৈ তাই আগফাল পালেগৈ। বাৰাণ্ডাৰ গ্ৰীলত ধৰি সিহঁতলৈ চাই থকা শাহুৱেকক মাতষাৰ লগাই যাবলৈ তাইৰ অলপো মন নগল। মাইনুক সাৱধানে পিছফালে বহুৱাই লৈ তাই স্কুল অভিমুখে ধীৰ গতিৰে ‘স্কুটি’ পোনাই দিলে।

এটা মধ্যবিত্ত পৰিয়ালৰ কনিষ্ঠ সন্তান আছিল দীপা। মাক-দেউতাকৰ উপৰিও দুজন ককায়েকৰ অত্যন্ত মৰম স্নেহ আৰু আদৰৰ মাজত তাই ডাঙৰ-দীঘল হৈছিল। পঢ়া-শুনা শেষ কৰি দীপাই মাক-দেউতাকৰ পচন্দ অনুসৰি জয়ন্তৰ লগত বিয়াত বহিছিল। বিয়াৰ ঠিক এবছৰৰ পিছতেই মাইনুৰ আগমনে সিহঁতৰ জীৱনটো পৰিপূৰ্ণ কৰি তুলিছিল। জয়ন্ত চাকৰিসূত্ৰে চহৰত থাকে। মাইনুৱে গৰ্ভত থিতাপি লোৱাৰ পিছৰ পৰা তায়ো তাৰ লগত চহৰতেই থাকিবলৈ ললে।

বিয়াৰ পিছত জয়ন্তই সকলো দিশতেই তাইক আৱৰি-সামৰি ৰাখিলেও কিছু ক্ষেত্ৰত তাই যথেষ্ট অসুবিধাৰ মুখামুখি হৈছিল। স্বভাৱতেই দীপা আছিল অলপ চৌখিন। অন্য উচ্চাকাংক্ষা নাথাকিলেও তাই নিজকে সজাই-পৰাই ধুনীয়াকৈ থাকি আৰু ফুৰি-চাকি ভাল পাইছিল। জয়ন্তৰ এই ক্ষেত্ৰত দৃষ্টিভংগী কিছু সুকীয়া আছিল। প্ৰয়োজনৰ বাহিৰত অতিৰিক্ত কাপোৰ-কানি, গহনা-গাঁঠৰি আৰু ফুৰা-চকাত টকা-পইছা খৰচ কৰাটো সি ভাল নাপাইছিল। এই ক্ষেত্ৰত দীপাকো সি প্ৰতিটো মুহূৰ্ততেই সকিয়াই থাকিছিল। কোনোবা মুহূৰ্তত সি তাইক টান কথা শুনাবলৈও কুণ্ঠাবোধ কৰা নাছিল। সেয়েহে পৰিয়ালত হোৱা বিয়া-বাৰুবোৰত তথা বিহু-পূজা আদি উৎসৱ-পাৰ্বনবোৰত নতুন কাপোৰ এযোৰ লবলৈ দীপাই এশবাৰ চিন্তা কৰিবলগীয়া হৈছিল।

তেনে এক সময়তেই ওচৰৰ ব্যক্তিগত খণ্ডৰ স্কুল এখনত দীপাই চাকৰি এটা পাবলৈ সক্ষম হৈছিল। চাকৰিটো পোৱাৰ পিছত জীয়েক মাইনুকো সেইখন স্কুলতে তাই নাম লগাই দিলে। দৰমহা কম আছিল যদিও মুখত ঘহাঁ ক্ৰীম, লিপষ্টিককে আদি কৰি নিজৰ নিত্য- প্ৰয়োজনীয় বস্তুকেইটাৰ বাবে তাই জয়ন্তৰ ওচৰত আৰু হাত পাতিবলগীয়া হোৱা নাছিল; যিটো কথাই তাইক অত্যন্ত সুখ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিছিল।

এনেদৰে দিনবোৰ গৈ থকাৰ মাজতেই এদিন হঠাতে জয়ন্তৰ দেউতাকৰ মৃত্যু ঘটিছিল। দেউতাকৰ আকস্মিক মৃত্যুৰ পিছত জয়ন্তৰ মাক একেবাৰে অকলশৰীয়া হৈ পৰিল। সেয়েহে শ্ৰাদ্ধ- কৰ্ম শেষ হোৱাৰ পিছত জয়ন্তই মাককো গাৱঁৰ পৰা চহৰলৈ সিহঁতৰ লগত থাকিবলৈ লৈ আহিল। শাহুৱেক সিহঁতৰ লগত থাকিবলৈ অহাত দীপাই পেটে পেটে বেয়াও পোৱা নাছিল। জয়ন্তই অফিচ আৰু তাই মাইনুৰ লগতে স্কুললৈ যোৱাৰ পিছত ঘৰখন তলাবন্ধ হৈ নথকাৰ উপৰিও মাইনুৰ আজৰি সময়ৰ লগ এটাৰ অভাৱ পুৰণ হব বুলিই ভাবি তাইৰ মনটো ভৰি পৰিছিল।

শাহুৱেক অহাৰ কিছুদিন পিছতেই তাই লক্ষ্য কৰিছিল যে অন্য কামত ব্যস্ত থকাৰ সলনি বা মাইনুৰ সৈতে সময় কটোৱাৰ সলনি দীপাৰ ‘ড্ৰেছিং টেবুল’খনৰ ওচৰত ৰৈ থাকিবলৈ তেওঁ যেন বেছি ভাল পায়। দীপাৰ প্ৰসাধনৰ বস্তুবোৰ তেওঁ পিটিকি পিটিকি মনযোগেৰে চাই থাকে। যিকোনো সময়তে শাহুৱেকে তাইৰ কোঠাত সোমাই ‘ড্ৰেছিং’খনৰ ওচৰত ৰৈ বস্তুবোৰ তেনেদৰে লিৰিকি-বিদাৰি থকা কথাটোৱে দীপাক বিৰক্ত কৰিছিল যদিও তাই মুখ ফুটাই কিবা কোৱাৰ পৰা বিৰত আছিল। লাহে লাহে তেওঁ নিজৰ বস্তুবোৰ ব্যৱহাৰ কৰাৰ সলনি দীপাই ব্যৱহাৰ কৰা ক্ৰীম, পাউদাৰ, তেল আদিবোৰ ব্যৱহাৰ কৰিবলৈ ললে। দীপাই হেঁপাহেৰে কিনা প্ৰিয় ৰঙৰ ‘নেইল পলিছ’টোৱে তাইৰ লাহী-পাহি আঙুলিকেইটাৰ ধুনীয়া নখকেইটাৰ সলনি পোনপ্ৰথমেই শাহুৱেকৰ সোতোৰা পৰা আঙুলিকেইটাৰ নখকেইটাকহে শুৱনি কৰি ৰখা হ’ল। কৰবালৈ ওলাই যাবৰ পৰত তাই নিজৰ বস্তুবোৰ বিচাৰি সদায় হাহাঁকাৰ কৰিবলগীয়া হ’ল। ক্ৰমান্বয়ে দীপাৰ প্ৰসাধনৰ বস্তুবোৰে তাইৰ কোঠালি এৰি শাহুৱেকৰ শুৱনিকোঠাৰ টেবুলখনতহে ঠাই অধিকাৰ কৰিবলৈ আৰম্ভ কৰিলে। কিবা এটা ক’লে কাজিয়া-পেচাল হৈ ঘৰুৱা পৰিৱেশ বিনষ্ট হোৱাৰ ভয়ত দীপাইও মনৰ খঙ মনতে সামৰি দিনবোৰ পাৰ কৰিলে।

কিন্তু আজি ‘লিপষ্টিক’টো নি শাহুৱেকে নিজৰ ৰুমৰ ভিতৰত সুমুৱাই ৰখা কথাটোৱে সহনশীলতাৰ সীমা অতিক্ৰম কৰি স্কুলত থকা সময়ছোৱাত অহৰহ তাইৰ মন আৰু মগজুত খুন্দিয়াই থাকিল। তাই শাহুৱেকক এই বিষয়ে মুকলিকৈ কবৰ বাবে মনতে স্থিৰ কৰি ললে। আশীৰ উৰ্দ্ধৰ বৃদ্ধা এগৰাকীয়ে সদায় নিজৰ বয়সৰ গাম্ভীৰ্যতা বজাই ৰখাটো যে জৰুৰী, সেই কথাও শাহুৱেকক বুজাই দিয়াৰ বাবে মনতে প্ৰস্তুতি চলাই তাই স্কুলৰ পৰা আহি ঘৰ পালেহি।

স্কুলৰ পৰা আহি দীপাই হাত-মুখ ধুই লোৱাৰ পিছতেই চুবুৰীয়া বৰুৱানী খুড়ী আৰু তেওঁৰ নৱবিবাহিতা বোৱাৰী শিখা আহি সিহঁতৰ ঘৰত উপস্থিত হ’ল। দীপাই তেওঁলোকক বহিবলৈ দি পাকঘৰলৈ গৈ খৰধৰকৈ চাহৰ যোগান ধৰিলে। চাহৰ প্লেট কেইখন তেওঁলোকৰ সন্মুখত আগবঢ়াই দিবলৈ আহি তাইৰ শাহুৱেকে ন-বোৱাৰী শিখাৰ হাতকেইখন পিটিকি পিটিকি চোৱা দৃশ্যটো প্ৰত্যক্ষ কৰিলে। এবাৰ শিখাৰ থুতৰিটো দাঙি ধৰি তেওঁ সুধিয়েই পেলালে “তুমি মুখত কি সানা, ইমান যে ধুনীয়া!” শিখাই হাঁহি হাঁহি উত্তৰ দিলে “আজিকালি মুখত সানিবলৈ বজাৰত বিধে বিধে বস্তু পাই বৰমা। সেইবোৰ সানিলে সকলোকে ধুনীয়া দেখি; আপোনাকো ধুনীয়া দেখিব।” খঙে-লাজে একোনাই হৈ দীপাই মনে মনে থাকিবলৈ শাহুৱেকক কবলৈ লওঁতেই তেওঁ হুমুনিয়াহ কাঢ়ি শিখাক ক’লে “গাভৰু হৈ থাকোঁতে সাজি-কাচি থাকিবলৈ ময়ো বৰ ভাল পাইছিলো, বুজিছা! কিন্তু বিয়া হৈ অহাৰ পিছত গাভৰুকালৰ সকলো চখ পাকঘৰৰ চৌকাৰ জুইৰ লগত পুৰি খালো।” শাহুৱেকৰ কথা শুনি দীপাৰ মেলা মুখ মেলাতেই থাকিল। বৰুৱানী আৰু শিখায়ো বহা ঠাইতে থৰ লাগি তেওঁলৈ চাই ৰ’ল। বাৰ্দ্ধক্যই সোতোৰা-সোতোৰ কৰা তেওঁৰ গাল দুখনত চকুপানীবোৰে ইতিমধ্যে চিকমিক কৰিবলৈ আৰম্ভ কৰিছিল।

কিছুসময় নীৰৱে থাকি থোকাথুকি মাতেৰে তেওঁ পুনৰ কবলৈ ধৰিলে “জয়ন্তৰ দেউতাক বৰ খঙাল মানুহ আছিল। সৰু সৰু কথাতেই তেওঁৰ হাতৰ পৰা পোৱা চৰ, ভুকুবোৰে মোৰ গোটেই গাটো বিষালী কৰি পেলাইছিল। চখ পুৰাই বস্তু এটা লোৱাৰ বাবে তেওঁক মুখ খুলি কবলৈ কোনোদিন মোৰ সাহসে নুকুলালে। সেয়েহে এতিয়া বোৱাৰীৰ বস্তুবোৰকে অকাই-পকাই চাই থাকি, ব্যৱহাৰ কৰি মই বৰ সুখ পাওঁ; নিজকে বিচাৰি পাওঁ।”

বৰুৱানী আৰু শিখাক খুৱাই-বুৱাই বিদায় দিয়াৰ পিছত দীপাই মাইনুক লগত লৈ ঘৰৰ ওচৰৰে চিনাকি দোকানখনলৈ ওলাই গ’ল।
”লেকমি লিপষ্টিক এটা দিয়কচোন, অলপ লাইট কালাৰ চাই দিব” দীপাই দোকানীক ক’লে।

”মা, তোমাৰ দেখোন দুটা লিপষ্টিক আছেই, আকৌ কিনিছা যে!” মাইনুৱে আচৰিত হৈ মাকক সুধিলে।

“মোৰ বাবে নহয় মাইনু, এইটো আইতাৰ বাবে কিনিছো” দীপাই ক’লে।

”আইতাৰ বাবে, সঁচাইনে!” মাইনুৱে খুকখুকাই হাঁহিবলৈ ধৰিলে।

”আচলতে জীৱন জীয়াবৰ বাবে কোনো বয়স নাথাকে মাইনু। পৃথিৱীৰ প্ৰতিটো পল-অনুপল আমি হেঁপাহ পলুৱাই জীয়াব লাগে, স্বাধীনমনেৰে।”

মাইনুক কথাষাৰ কৈ শাহুৱেকক কেন্দ্ৰ কৰি আজি অতদিনে গধুৰ হৈ থকা দীপাৰ বুকুখন পাতল পাতল লাগিল।

বহুদিনৰ মুৰত ভাল লগা গান এটা গুণগুণাই সৰু ছোৱালীৰ দৰে জঁপিয়াই জঁপিয়াই আপোনমনেৰে দীপাই জীয়েকৰ হাতত হাত থৈ দোকানৰ পৰা ঘৰলৈ উভতিল। ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক