লিবিয়াৰ কাহিনীৰ বিংশতিতম খণ্ড : (লিবিয়াত লিখা ডায়েৰীৰ পাতৰ পৰা) (- ডাঃ ভূপেন্দ্ৰ শইকীয়া)

 

২মাৰ্চ ২০০২শণিবাৰ,নিশাৰ এঘাৰটা বজাত

আজি চৰকাৰী বন্ধৰ দিন আছিল যদিও মই ডিউটি কৰিবলগীয়া হ’ল৷ সন্ধিয়া ক্লিনিকৰ গাড়ীখন অহাত ওলাই গৈ ক্লিনিকত বহিলোঁ৷ কিন্তু এজনো ৰোগী নোপোৱাত বিৰক্ত মনেৰ ঘূৰি আহিলোঁ৷ ফাৰ্মাচিষ্ট থিৰুৱে লগ পাই তাৰ কোঠালৈ মাতি নি চাহ খোৱালে৷ ডি ডি-১ৰ চিনেমাখন চাই নিজৰ কোঠালিলৈ উভতি আহিলোঁ৷ কেইদিনমানৰ পৰা মোৰ বাথৰুমৰ পানীৰ টেপ আৰু লেট্ৰিনৰ চিষ্টাৰ্ণ বেয়া হৈছে৷ তদাৰকীৰ মানুহক খবৰ দিও ঠিক কৰাব পৰা নাই৷ কোনেও কাৰো কথা নুশুনে৷ এনে অতিৰিক্ত আৰু অবাঞ্চিত অসুবিধাই মন বেয়া কৰি পেলায়৷ এইবিলাক হ’ল গেলাতে টেঙা ! লিবিয়ানসকলে বগা চামৰাৰ মানুহক কিন্তু বেচ সমীহ কৰে৷ ৪মহলীয়া এটা বিল্ডিং সম্পূৰ্ণ নবীকৰণ কৰি আছে ৷ মজিয়াত নতুন মাৰ্বলৰ টাইলচ্,নতুন চেনিটেৰী আৰু অত্যাধুনিক লাইটৰ ফিটিং, ৱালত সুন্দৰ প্লাষ্টিক পেইন্ট, বাতানুকূলিত ব্যৱস্থা, কোঠাই প্ৰতি টি ভি আদিৰ যোগাৰ দিনে নিশাই চলি আছে ৷ তালৈ অলপতে ইউক্ৰেইনৰ পৰা ভালেখিনি মেডিকেল কৰ্মচাৰী আহিব বেণি ভেলিডত কামত যোগ দিবলৈ৷ ইয়াকে কয় কাৰোবাৰ বাবে ৰাজভোগ আকৌ কাৰোবাৰ বাবে লোণ-ভাতৰো নাটনি !

dharabahik

গম পালোঁ ডাক্তৰ নৰসিংহম ৰাৱৰ পিছত এনাষ্ঠেটিষ্ট ডাক্তৰ পাৰিখেও অলপতে কাম বাদ দিয়াৰ সিদ্ধান্ত ল’লে৷ ‘খানা নিৰামিষ, কথা আমিষ’ ডাক্তৰ পাৰিখৰ নামটো মোৰ সৈতে একেই৷ ঘৰৰ পৰা মোৰ চেকবহী এখন ডাকত পঠাই দিবলৈ ৰুমুক কৈছোঁ৷ দৰ্মহা নাপালে আনৰ পৰা টকা ধাৰলৈ ল’বলৈ হলে চেকবহীখনৰ হয়তো প্ৰয়োজন হ’ব৷

  • ৩মাৰ্চ ২০০২ দেওবাৰ, নিশাৰ প্ৰায় বাৰটা বাজিছে৷ নিশাৰ ভাত খোৱা আধাতে এৰি ৱাৰ্ডত নতুনকৈ অহা ৰোগী এজন চাবলৈ ঢপলিয়াব লগীয়া হ’ল৷ আজি ৰুমুৰ সৈতে ইন্টাৰনেটত কথা পাতি গম পালোঁ তেওঁ মই ঘৰলৈ ঘূৰাৰ প্ৰতীক্ষাত৷

ভাৰতবৰ্ষত অলপতে কিছু উল্লেখযোগ্য ঘটনা সংঘটিত হ’ল৷ ৰামমন্দিৰৰ বিবাদ পুনৰ আৰম্ভ হ’বলৈ ধৰিছে৷ গুজৰাটত হিন্দু-মুছলমানৰ সংঘৰ্ষত দুখজনকভাবে কেইবাশ লোকে প্ৰাণ হেৰুৱালে৷

আজি পুৱা লোকসভাৰ অধ্যক্ষ বালাযোগীয়ে হায়দৰাবাদৰ ওচৰত হেলিকপ্তাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে৷ এই বালাযোগীয়ে নিয়াৰিকৈ সদন পৰিচালনা কৰিবৰ প্ৰয়াস কৰি লোকচক্ষুত সন্মানৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ অকালমৃ্ত্যুত দেশৰ ক্ষতি হ’ল৷

  • ৪মাৰ্চ ২০০২ সোমবাৰ, নিশাৰ ১১-৪৫ আজি ডাক্তৰ নৰসিংহম ৰাৱে ঘৰলৈ যাবলৈ এক্সিত ভিছা পালে৷ ৬মাৰ্চত হায়ৰাবাদৰ ঘৰলৈ ঘুৰিব ৷ কাম কৰা সময় চোৱাৰ দৰ্মহা নাপালেও কোনো কথা নাই – এনে প্ৰতিকূল পৰিস্থিতি ত্যাগ কৰি ঘৰলৈ ঘূৰিব পাই বেচ সন্তুষ্ট ৷ ডাক্তৰ পাৰিখেও ঘৰলৈ যাবলৈ ঠেং দাঙিয়ে আছে৷ এইবোৰ দেখি হাত পাছ গুণি ময়ো ঘৰমুৱা হোৱাটোৱেই ভাল হব বুলি ভাবিছোঁ৷ কষ্টৰ তিনিটা মাহৰ দৰ্মহা নোপোৱাৰ আপচোচ অৱশ্যে হ’ব৷ চাকৰিৰ বদলি আশা দেখুৱায়ো কোনেও নকৰিলে, আনহাতে ইয়াৰ পৰিস্থিতিৰ, কৰ্ম অৱস্থাৰ, চুপাৰিনটেণ্ডেন্ট ডাক্তৰ আব্দুচ চালামৰ ব্যৱহাৰৰ কিবা পৰিবৰ্তনৰ আশা মুঠেই কৰিব নোৱাৰি৷
  • ৫মাৰ্চ ২০০২ মঙলবাৰ, নিশাৰ বাৰটা

হস্পিতেলৰ পৰা অলপতে ঘূৰিছোঁ৷ কেইটিমান কেচ চাই ঘূৰোঁতে কেজুৱেলিটিৰ ওচৰত হস্পিতেল ডাইৰেক্টৰ মি০ আলমৰ সৈতে মুখামুখি হ’ল৷ চোৰাংচোৱাই হয়তো ইতিমধ্যে তেওঁৰ কাণ ভৰ্তি কৰি থৈছিল৷ মোক দেখি তেওঁ কঠুৱাভাবে ভৎৰ্সনা কৰি ক’বলৈ ধৰিলে প্ৰাইভেট ক্লিনিকলৈ যোৱাৰ বাবে মই হেনো কামত ভালদৰে মনোযোগ দিব পৰা নাই৷ ২৪ঘন্টাৰ যি কোনো সময়তে ৱাৰ্ডত কেচ চাই আহৰি নোপোৱা মানুহটোৱে বাৰু এনে এটা কামত অৱহেলাৰ মিছা অপবাদ নিৰৱে সহ্য কৰিব পাৰোনে ? অ’ পি ডি,ইমাৰ্জেঞ্চিৰ বাহিৰেও যি কোনো সময়তে আলট্ৰাচাউণ্ড কৰিবলগীয়া হ’লে য’ৰ কাম ত’তে পেলাই দৌৰি আহোঁ মই আৰু মোকে কয় কামত মন নিদিয়া বুলি ! ময়ো গৰমে গৰমে প্ৰত্যুত্তৰ দিলোঁ আৰু কাম বন্ধ কৰাৰ সিদ্ধান্ত ল’লোঁ৷ আচৰিত হবলগীয়া কথাটো হ’ল হস্পিতেল ডাইৰেক্টৰ মি০ আলমক মই আজিয়েই প্ৰথম লগ পাইছিলোঁ৷ উল্লেখযোগ্য এই দেশটো এনে প্ৰশাসনিক বিষয়াক নিয়োগ কৰা হয় ৰাজনৈতিক আনুগত্যৰ হেতুকে৷

  • ৮মাৰ্চ ২০০২, শুকুৰবাৰ, নিশাৰ এঘাৰটা বজাত

৬ আৰু ৭মাৰ্চ – যোৱা দুদিন কামলৈ যোৱা নাই৷৬ তাৰিখে ৰাতিপুৱাই বিভিন্ন বাৰ্ডত জনাই দিলোঁ মই কাম বন্ধ কৰা বুলি৷ মৌখিকভাবে মেডিকেল চুপাৰিণটেণ্ডেন্ট ডাক্তৰ আব্দুচ চালামকো জনালোঁ৷ স্বাস্থ্যমন্ত্ৰী ডা০ মুস্তফা তৌমৰলৈ বুলি দৰ্খাস্ত এখন লিখি প্ৰশাসনিক বিষয়া মি০তৌফিকৰ হাতত জমা দিলোঁ৷ স্বাস্থ্যমন্ত্ৰী শনিবাৰে আহিব বুলি মোক জনালে৷ আজি মছনালৈ গৈ গম পালোঁ মি০ মেহমুদো শনিবাৰে বেণি ভেলিডলৈ আহিব৷ এই দুয়োজন আহিলে মোৰ সমস্যাৰ হয়তো কিবা সমাধান ওলাবও পাৰে৷

মছনা কাৰ্পেট ফেক্টৰীলৈ গৈ তাৰ চিকিউৰিটি ইনচাৰ্জ মিষ্টাৰ সিঙৰ কুৰি বছৰীয়া অভিজ্ঞতাৰ অনেক ৰসাল কাহিনী শুনিলোঁ৷ পৰৱৰ্তী সময়ত সেইবিলাক কেতিয়াবা হয়তো লিখাৰ সমল হ’ব৷

  • ৯মাৰ্চ ২০০২, শনিবাৰ, নিশা এঘাৰটা বজাত

স্বাস্থ্যমন্ত্ৰী আৰু মি০ মেহমুদৰ এজনো আজি নাহিল ৷ তেওঁলোকৰ সাক্ষাৎ হ’লেহে মোৰ ভবিষ্যত নিৰ্ণয় হ’ব – মোৰ বদলি হ’ব নে ছুটী হ’ব নে একেবাৰে চাকৰিৰ পৰা বিদায় ? তাকো দৰ্মহা লৈ নে একো নোপোৱাকৈ ?

  • ১১মাৰ্চ ২০০২, সোমবাৰ, নিশা এঘাৰটা বজাত

স্বাস্থ্যমন্ত্ৰী আজি বেণি ভেলিডলৈ আহিল যদিও হস্পিতেললৈ নাহিল৷ আনহাতে মি০ মেহমুদো আজি বেণি ভেলিডলৈ নাহিল৷ সময়বোৰ অবাবতে পাৰ হৈ গৈ আছে লক্ষ্যবিহীনভাবে,একো কাম নোহোৱাকৈ৷ মনৰ পৰা বেয়া লগা ভাৱটো বহু চেষ্টা কৰিও আঁতৰাব পৰা নাই৷ বন্ধু-বান্ধৱৰ লগত কথা পাতি,লগত থকা কিতাপ-পত্ৰ পঢ়ি, নিজকে ব্যস্ত ৰাখি সময়বোৰ যেনে তেনে অতিবাহিত কৰি আছোঁ৷ এইবিলাক অসুবিধাৰ কথা কৈ ৰুমুক আৰু চিন্তাত পেলোৱাৰো মন কৰা নাই৷কাইলৈ শিৱৰাত্ৰি৷ মছনা কাৰ্পেট ফেক্টৰীত সমূহীয়াকৈ ডাঙৰকৈ শিৱৰাত্ৰিৰ আয়োজন তাত কৰিছে৷ সকলোৱে মোক পূজালৈ নিমন্ত্ৰণ জনাইছে৷ মই মনস্থ কৰিলোঁ কাইলৈ পুৱাৰ পৰা পূজা শেষ নোহোৱালৈ উপবাসে থাকিম আৰু সাত্বিকভাবে পূজা অৰ্চনা কৰি ভগবানক প্ৰাৰ্থনা জনাম মোক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ৷

  • (ডায়েৰীৰ এই অংশটো ২২এপ্ৰিল ২০১৫ তাৰিখে কাটাৰৰ ডোহাৰ পৰা প্ৰেৰণ কৰিলোঁ৷)

——————————————————————————————————————————————————————

  • লিবিয়াৰ কাহিনীৰ একবিংশতম খণ্ড.

 

১৬মাৰ্চ ২০০২ শণিবাৰৰ ডায়েৰী

  • নিশাৰ চাৰে বাৰটা বাজি গৈছে৷ যোৱা ৫দিন ডায়েৰী লিখিবলৈ সময় উলিয়াব পৰা নাই৷ ১২মাৰ্চৰ পুৱাই গা পা ধুই খোজ কাঢ়িয়েই মছনা কাৰ্পেট ফেক্টৰীত উপস্থিত হলোঁগৈ৷ ফেক্টৰীৰ আবাসগৃহৰ পুৰুষ মহিলা সকলোৱে একনিষ্ঠভাৱে শিৱৰাত্ৰিৰ পূজাৰ যা-যোগাৰত লাগি গৈছে৷ বেলপাত, ফুল-ফল,নাৰিকল,মাহ প্ৰসাদ সকলোবোৰ গোটোৱা হৈছে৷ এঠাইত শিৱমন্দিৰ স্থাপনা কৰি লোৱা হৈছে৷ ধূপ-ধূনাৰ সুবাস,শঙ্খ ঘন্টাৰ ধ্বনিৰে পৰিবেশটো উত্তৰ আফ্ৰিকাৰ এখন দেশৰ নহৈ ভাৰতৰ কোনো অঞ্চলৰ যেন লগা হৈছে৷ আৰতি আৰু প্ৰাৰ্থনা কৰিবলৈ বহিবলৈ মাটিত দৰি পাৰি দিয়া হৈছিল৷ দুপৰীয়া ২টা বজালৈকে নাম কীৰ্তন,প্ৰাৰ্থনা আদি চলি থাকিল৷ কিছুমান কৰ্মচাৰী ডিউটিলৈ গ’ল আৰু কিছুমান ডিউটিৰ পৰা আহিল৷ সৰহ সংখ্যক লোক গোট খোৱাত আঢ়ৈ বজাত প্ৰসাদ বিতৰণ কৰা হয়৷ তিনি বজাৰ পিছৰ পৰা ভোজনৰ পৰ্ব আৰম্ভ হ’ল আৰু ৬বজালৈকে চলি থাকিল৷ অমৃত যেন অনুভৱ হোৱা নিৰামিষ খাদ্যৰ তালিকাত আছিল – ভাত,দাইল,ৰঙা লাউ আৰু বন্ধাকবিৰ ভাজি, বেঙেনা ফ্ৰাই, গাজৰ-বিলাহী-তিঁয়হ-পিঁয়াজৰ চালাড, পাপৰ, পায়স আৰু ঘৰত বনোৱা আচাৰ৷

সেইদিনা দিনটো শিৱৰাত্ৰিৰ পূজাত ভাগ লৈ মনত এক আত্মবল উপলব্ধি কৰিলোঁ৷ মনৰ ভয়-ভীত,দুখ বেজাৰ একো যেন নোহোৱা হৈ পৰিল৷ ৰাতিটো মছনাতেই এজনৰ আলহীহৈ কটালোঁ আৰু বুধবাৰে আগবেলাতেই মই কাম বাদ দিয়াৰ সিদ্ধান্ত খাটাং কৰা বুলি আমাৰ চিকিৎসালয়ৰ অফিচত জনালোঁ৷ লগতে সোনকালেই মোৰ দৰ্মহা আৰু এক্সিট ভিছা দিবলৈ অনুৰোধ জনালোঁ৷

১৪মাৰ্চ বৃহস্পতিবাৰে ট্ৰিপলিলৈ গলোঁ ২০মাৰ্চ মানৰ ভাৰতলৈ ঘূৰাৰ টিকট কাটিবলৈ বুলি৷ কিন্তু ট্ৰেভেল এজেন্টৰ তাত টিকট নাপালোঁ৷ আজি বেণি ভেলিডত থকা একমাত্ৰ ট্ৰেভেল এজেন্টৰ বিপনিলৈ গৈ খবৰ কৰি গম পালোঁ – কলিকতা বা দিল্লীৰ টিকট কোনো এয়াৰলাইনচৰ নাই৷ মুম্বাইলৈ বিজনেচ ক্লাচৰ টিকট ট্ৰিপলি-ডুবাই লিবিয়ান এয়াৰলাইনচত আৰু ডুবাই-মুম্বাই এমিৰাট এয়াৰলাইনচৰ আছে৷ তাকে লৈ পেলালোঁ৷ কাইলৈ মানে মোৰ দৰ্মহাৰ বিষয়ে সিদ্ধান্ত এটা হব পাৰে বুলি শুনিলোঁ৷ চাওঁ, কি হয় – ‘শেষ ভালেই সকলো ভাল’ বুলি কথা এষাৰ আছে, সেয়া যদি ফলিয়ায় ভালেই !

  • উপসংহাৰ :

লিবিয়াত লিখা ডায়েৰীৰ পাত ইমানতে অন্ত পৰিল৷

থুলমুলকৈ পিছৰ কথাখিনি জুকিয়ালে এনেধৰণৰ হব :

– মোৰ এক্সিত ভিছা কেইদিনমানৰ পিছত ওলাল৷ মোৰ পাচপ’ৰ্ট আৰু অৰিজিনেল চাৰ্টিফিকেটসমূহ ১৯তাৰিখে ঘূৰাই দিলে৷

– মোৰ দৰ্মহাৰ একো সিদ্ধান্ত ওপৰৰ পৰা অহা নাই বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনালে৷

– ডা০ ভূপেন্দ্ৰ পাৰিখে মোতকৈ আগতে কাম বাদ দিয়া সত্বেও এক্সিত ভিছা পোৱা নাই৷ তেওঁ দৰ্মহা নোলোৱাকৈ ঘূৰি নাযায় বুলি কৰ্তৃপক্ষক জনাই দিছে৷

– মই ডা০ পাৰিখৰ হাতত মোৰ দৰ্মহা দিবলৈ এখন অথৰিটি লেটাৰ দি থলোঁ৷

– ২০মাৰ্চত মই ঘৰমুৱা হোৱাৰ খবৰ জ্ঞাত হোৱাৰ লগে লগে মোক সাক্ষাৎ কৰিবলৈ নিতৌ লোক আহিবলৈ ধৰিলে৷ তাৰে কিছুমানে নিজ নিজ ঘৰলৈ টকা, চিঠি, উপহাৰৰ পাৰ্চেল মোৰ হাতত জমা দিলে৷ আকৌ কিছুমানে মোক বিদায়ৰ উপহাৰ যাচিলে৷

– ট্ৰিপলি এয়াৰপ’ৰ্টলৈ চেলিমৰ গাড়ীত মোক আগবঢ়াই দিবলৈ ডা০ মিৰাজ আৰু আন এজন বন্ধু আহিছিল৷

– ট্ৰিপলি এয়াৰপ’ৰ্টত বিমানত বহালৈকে কিমানবাৰ যে মোৰ পাচপ’ৰ্ট আৰু এক্সিট ভিছা চেক নকৰিলে তাৰ হিচাপ নাই৷

– ডুবাই এয়াৰপ’ৰ্টত বিনামূলীয়া ভূৰি-ভোজন কৰি ৪ঘন্টা সময় অনায়াসে অতিবাহিত কৰি ২১মাৰ্চ ২০০২ তাৰিখ দেওবাৰে মুম্বাইত নামি লিবিয়াৰ এটা অধ্যায়ৰ শেষ পৰা বুলি স্বস্তিৰ নিশ্বাস ল’লোঁ৷

– মই ঘৰ পোৱাৰ ভালেমান দিনৰ পাছত এনাচথেটিষ্ট ডা০ পাৰিখে ভাৰতলৈ ঘূৰিবলৈ সক্ষম হ’ল৷ দৰ্মহাৰ ক্ষেত্ৰত তেওঁও মোৰ দৰে ঠোঁট-মোছ চেলেকিব লগীয়া হ’ল৷ বপুৰাই ভাল ধৈৰ্য্যৰ পৰীক্ষা এটা দিবলগীয়া হ’ল৷ পৰৱৰ্তী এটা সময়ত মুম্বাইত মই তেওঁৰ আলহী হৈছিলোঁহি৷ তেওঁ ঘৰৰ ওচৰৰ এখন ডাঙৰ নাৰ্চিহোমত কামত যোগদান কৰিছিল৷

– মই লিবিয়া এৰিলেও লিবিয়াত পৰিচিত হোৱা ভালে কেইজন বন্ধুৰ লগত মোৰ সুসম্পৰ্ক ই-মেইলযোগে থাকি গ’ল আৰু আজিও কেইজনমানৰ লগত অব্যাহত আছে৷

– একে আখাৰে ক’বলৈ হলে লিবিয়াৰ কঠোৰ জীৱন যাপনৰ অভিজ্ঞতাই মোক বহু শিক্ষা দিলে, মোৰ বাবে মুকলি কৰিলে সম্ভাৱনাৰ ন ন দ্বাৰ ……. ৷

                (২৩এপ্ৰিল ২০১৫ ডোহা, কাটাৰৰ পৰা)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments