লিমচিং আৰু বীৰচিং – নিলোৎপল শৰ্মা

ৰামজাং মাখা নামৰ এখন গাওঁ আছিল । সেই গাঁৱতে এহাল বুঢ়া-বুঢ়ীয়ে জুপুৰী এটা বনাই কোনো মতে জীৱন কটাইছিল । বুঢ়া-বুঢ়ীৰ দুজন পুতেক আছিল । ডাঙৰজনৰ নাম ৰাখিছিল বীৰচিং আৰু সৰুজনৰ নাম ৰাখিছিল লিমচিং । বুঢ়া-বুঢ়ীৰ মাটি-বাৰী বুলিবলৈ থকা ভেটিটোৰ বাদে একোৱে নাছিল । লাহে লাহে দুই পুত্ৰ বীৰচিং আৰু লিমচিং যিমানেই ডাঙৰ হৈ আহিল বুঢ়া-বুঢ়ীৰো দেহা পৰি আহি থাকিল । চকুমুদাৰ আগতে দুই পুত্ৰৰ সংসাৰ দুখন পাতি থৈ যাওঁ বুলি বুঢ়া-বুঢ়ীয়ে অ’ত ত’ত বিবাহ উপযোগী ছোৱালীৰ খবৰ কৰাত লাগিল । পিছে ভাগ্যৰ বলত বীৰচিঙে বৰ চহকী ঘৰৰ ছোৱালী এজনী বিয়া পাতিলে । বিনিময়ত ওৰেতো জীৱন বীৰচিঙে শহুৰেকৰ ঘৰত ঘৰজোঁৱাই হৈ থাকিব লগা হ’ল । ইফালে বৃদ্ধ-ৰোগীয়া বুঢ়া-বুঢ়ীৰ চোৱাচিতাৰ সমস্ত দায়িত্ব পৰিল লিমচিং আৰু তাৰ ঘৈনীয়েকৰ ওপৰত । অ’ত ত’ত দিন হাজিৰা কৰি মাক দেউতাকৰ সৈতে কোনোমতে লিমচিঙে ঘৰখন চলাই আছিল । তেনেতে এদিন সন্ধিয়া সময়ত বীৰচিং ঘৰলৈ আহিল । বহুদিনৰ মূৰত ডাঙৰ পুতেকক চকুৰ আগত দেখা পাই বুঢ়া-বুঢ়ীৰ গাত তত নাই । ককায়েক আহিছে বুলিয়ে ভাই বোৱাৰীয়েকে ঘৰতে কৰা জু এচোঙা আৰু পুৰা মিছাম অলপো আনি খাবলৈ দিলে । বহু ৰাতিলৈকে জু খাই কথাৰ মহলা মাৰি থাকি দুভাগ ৰাতি বীৰচিং যাবলৈ ওলাল । যোৱাৰ সময়ত লিমচিঙক কৈ গ’ল যে সি আৰু বেলেগ মানুহৰ ঘৰে ঘৰে কাম-বন কৰি ফুৰিব নালাগে । তাৰ শহুৰেক বৰ ধনী মানুহ । বছৰৰ বাৰটা মাহে ধানে চাউলে উভৈনদী হৈ থাকে । ৰামজাং মাখা অঞ্চলৰ প্ৰায়ভাগ মানুহেই বীৰচিঙৰ শহুৰেকৰ ঘৰত দিন-হাজিৰা, চাকৰ-নাকৰ কৰি জীৱন কটাই আছে । গতিকে সিও তালৈকে যাওঁক, শহুৰেকক কৈ ভায়েকক সি কিবা নহয় কিবা এটা ভাল কামৰ যোগাৰ কৰি দিবই । কথাখিনি কৈয়ে বীৰচিং ঢলং পলং খোজেৰে গুচি গ’ল । কথাটো শুনি সকলোৰে মুখলৈ পানী আহিল । হওঁক তেওঁ ককায়েকৰ জহতে এতিয়াৰ পৰা ঘৰখনলৈ দুটা টকা আহিব ।

 

 

পিছে কথাবোৰ লিমচিঙে ভবাৰ দৰে নাছিল । ঘৰজোঁৱাই গৈ নিজ পৰিয়ালৰ কথা মুঠেও ভাবিবলৈ আগ্ৰহী নোহোৱা বীৰচিং আহিছিল নিজৰ ন্যস্তস্বাৰ্থ সিদ্ধিৰ বাবেহে । দৰাচলতে এগাল লগুৱা লিকচৌৰে ভৰি থকা ঘৰ এখনত যোৱা কিছুদিনৰ পৰা ভাত ৰান্ধিবলৈ খৰি কাটি অনা মানুহৰ বৰ অভাৱ হৈ আছিল । অতগাল মানুহলৈ ৰান্ধিব লগা হোৱা বাবে খৰিও লাগিছিল যথেষ্ঠ । শহুৰেকে মানুহ এজনৰ বাবে বৰকৈ তাগিদা দি থকাত কাকো নাপায় বীৰচিং দৌৰি আহিছিল ভায়েকৰ ওচৰলৈ । ইফালে খৰি কাটিবলৈ মানুহ নোপোৱাৰো কাৰণ এটা আছিল । ৰামজাং মাখাৰ যি ঠাইত অতব্য অৰণ্যৰে ভৰি আছিল সাধাৰণতে খৰিবোৰ তাৰ পৰা কাটি আনিব লগা হৈছিল । আৰু লোকবিশ্বাস মতে সেই থাই আছিল দেওঁলগা । তাত গ’লে বিপৰ্যয় নিশ্চিত । গতিকে আন কোনো মানুহক বলাব নোৱাৰি শেষত ভায়েকৰ অসহায় অৱস্থাৰ সদব্যৱহাৰ কৰাৰ অভিপ্ৰায়েৰে ভায়েকক কামৰ বাবে মাতি আহিলগৈ বীৰচিঙে । কিন্তু বীৰচিঙৰ শহুৰেকৰ ঘৰলৈ আহি যেতিয়া লিমচিঙে গম পালে যে দেওলগা হাবিৰ মাজৰ পৰা সি খৰি কাটিবলৈ যাব লাগিব তেতিয়া সিও ভিতৰি ভিতৰি বহুত ভয় খালে । এফালে ৰোগীয়া মাক-দেউতাকৰ সমস্ত দায়িত্ব আনফালে ঘৈনীয়েকৰ সৈতে তাৰ অভাৱেৰে যোৰা-টাপলি মৰা সংসাৰখনৰ বাবে শেষত সি খৰি কাটা কামটো কৰাটোকে থিক কৰিলে । যদিহে হাবিত একো অমংগল নহয় আন নহ’লেও দিনটোৰ শেষত টকা দুটাটো পাব । ঘৰখনে দুটামান ভাত পেট ভৰাই খাবলৈটো পাব । আগপিছ ভাবি সি কুঠাৰখন লৈ দেওঁলগা হাবিডৰা পালেগৈ ।

 

এফালৰ পৰা ভাল ভাল চাই শুকান ডালপাতবোৰ সি গোটাই গৈ আছে । তেনেতে শুকান ডাল-পাত অলপৰ মাজৰ পৰা এষাৰ মাত শুনিলে । “বোপাই ভয় নকৰিবি । তোৰ কৰ্মস্পৃহা আৰু জেষ্ঠজনৰ প্ৰতি থকা শ্ৰদ্ধাত মই সন্তুষ্ট হৈছো । তোক মই সহায় কৰিম ।“

এডোখৰ দেওঁলগা নিৰ্জন হাবিৰ মাজত এনেকৈ মানুহৰ মাত শুনি সাংঘাতিক ভয় খালে । ইফালে সিফালে চাই কাকো নেদেখিলে । তেনেতে আকৌ সেই মাত ভাহি আহিল । এইবাৰ লিমচিঙে অনুমান কৰিলে যে শুকান ডাল-পাতবোৰৰ মাজৰ পৰাই মাতটো আহিছে । সি ভয়ে ভয়ে ডাল –পাতবোৰ অলপ আঁতৰাই দিলে আৰু ডাল-পাতবোৰ আঁতৰাই দিয়াৰ লগে লগে এটা উজ্জল মনিৰ দৰে বস্তু জিলিকি উঠিল । গাভৰুবোৰে পিন্ধা চপলা, ছিংলি বা খাইদঙৰ দৰে এটা ধুনীয়া চকুতলগা মনি । সি তধা লাগি চাই থাকেতেই তাক মনিটোৱে আকৌ ক’লে- “ভয় নকৰিবি বোপাই । মই তোৰ দুখ নোহোৱা কৰিম । মই তোৰ কৰ্মস্পৃহা আৰু জেষ্ঠজনৰ প্ৰতি থকা শ্ৰদ্ধাত সন্তুষ্ট হৈছো । গতিকে মই তোক যেনেকৈ কওঁ তই তেনেকৈয়ে কৰিবিনে ?”

লিমচিঙে ভাবিলে যিটো মনিয়ে মানুহৰ দৰে কথা কৈছে, তাক সহায়ৰ আশ্বাস দিছে গতিকে এইটো একেবাৰে সাধাৰণ মনি নহয় ! ই নিশ্চয় কোনোবা দেৱতা বা ভগৱান !!

সি মনিটোৰ কথাত হয়ভৰ দিলে । মনিটোৱে তাৰ সন্মতিত খুব ভাল পালে আৰু পুনৰ ক’বলৈ আৰম্ভ কৰিলে – “শুন বোপাই, আজিৰ পৰা পোন্ধৰ দিন পিছত লাংখুন পূজা । গতিকে তই এই পোন্ধৰ দিন প্ৰতিদিনে এই হাবিডৰালৈ আহিব লাগিব আৰু প্ৰতিদিনেই এই হাবিডৰাত বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা মোৰ আন চৈধ্য টুকুৰা অংশ তই বিচাৰিব লাগিব । আৰু বিচাৰি পোৱা টুকুৰাটো তই ঘৰলৈ লৈ গৈ কৰবাত লুকুৱাই থৈ দিবি । গোটেই পোন্ধৰ টুকুৰা মনি পোৱাৰ পিছত লাংখুন পূজাৰ ৰাতি তই এডাল বট গছৰ তলত আমাক একেলগে পুতি থব লাগিব । এনে কৰিলে আমি ইমান বছৰে নিজৰ পৰা বিচ্ছেদ হৈ থকা অংশবোৰে তোক আশীৰ্বাদ কৰিম আৰু সেই আশীবাৰ্দ পোৱাৰ পিছতে তোৰ ঘৰে ধনে ধানে উভৈনদী হৈ পৰিব । কেৱল মনত ৰাখিবি তই দিনে এটুকুৰকৈ মনিহে হাবিখনৰ পৰা লৈ যাব পাৰিবি । ব’ল এতিয়া মোক লৈ ব’ল ইয়াৰ পৰা ।“ মনিৰ কথা শুনি লিমচিঙৰ মনটো অলপ ভাল লাগিল যদিও ভয়ো লাগি আছিল । তথাপিও উপায়োতো নাই । গতিকে সি মনিটো লাহেকৈ উঠাই পিন্ধি থকা তাগলাটোৰ জেপতে ভৰাই ল’লে আৰু কান্ধত প্ৰকাণ্ড খৰিৰ ভাৰটো লৈ ঘৰমূৱা হ’ল । ইফালে লিমচিং ঘৰ পোৱা দেখি বহুত মানুহৰ মাজত কৌতুহল হ’ল, কি আছে হাবিৰ মাজত, সি কেনেকৈ একো নোহোৱাকৈ উভতি আহিল,  কিবা দেওঁভূতে তাক পাইছিল নেকি নানা প্ৰশ্নই আগুৰি ধৰিলেহি । কিন্তু লিমচিঙৰ চিন্তা মনিটোৱে কোৱা কথাবোৰক লৈ হে । সঁচাকৈয়ে সি ধনী হৈ যাব নেকি ? সি বাৰু বাকী অংশবোৰ বিচাৰি পাবনে ? তেনেবোৰ কথা ভাবি ভাবিয়ে সি ৰাতিটো পাৰ কৰিলে ।

 

পিছদিনা পোৱাও সি খৰি আনিবলৈ গ’ল । আগৰ দিনাৰ দৰে সি আকৌ এটা একেধৰণৰ মনি বিচাৰি পালে । সেইটোও সি লৈ আনি ঘৰৰে ক’ৰবাত কোনেও নেদেখাকৈ লোকোৱাই থৈ দিলে । এনেকৈয়ে সি এদিনৰ পিছত সিদিনকৈ মনিবোৰ গোটাই গ’ল ।

 

লাংখুন পূজাৰ দিনা সি শেষৰ মনিটো বিচাৰি আনিলে । ৰাতিলৈ কোনেও নেদেখাকৈ গাঁৱৰ এমূৰে থকা প্ৰকাণ্ড বটগছজোপাৰ তলত গাত এটা কৰি সি পোন্ধৰটা মনি পুতিবলৈ ওলাল । তেনেতে গাতৰ ভিতৰৰ পৰা মনিকেইটাই মাত লগালে । বোপাই তোক আমাৰ আশীৰ্বাদ দিছোঁ, যা আজিৰ পৰা তই এই ৰামজাং মাখা অঞ্চলৰ ভিতৰতে আটাইতকৈ চহকী মানুহ হবি । ধনে ধানে তোৰ ঘৰ উপচি পৰিব । এয়া মনিৰূপী ধন কোঁৱৰৰ আশীৰ্বাদ ।“ কথাখিনি কৈয়ে মনিকেইটা অন্তৰ্ধান হ’ল ।
সময় বাগৰিল । লাহে লাহে মনিয়ে কোৱাৰ দৰে লিমচিঙৰ অৱস্থা ভাললৈ আহিল । দোপত দোপে সি ধনী হৈ আহিবলৈ ধৰিলে । এসময়ত সি ডাঙৰ সদাগৰলৈ পৰিণত হ’ল । সকলোৱে তাক সমীহ কৰাৰ লগতে তাৰ ঘৰত চাকৰ খাতিবলৈ ধৰিলে । লাহে লাহে লিমচিঙৰ সকলো দুখৰ দিনৰ ওৰ পৰিল । (সংগ্ৰহীত)

 

 

সনা জিৰ্ জিৰ্ (সমাপ্ত)

 

*মাখা- পাহাৰ

*জু- তিৱা সম্প্ৰদায়ে থলুৱা পদ্ধতিৰে তৈয়াৰ কৰা মদ ।

*মিছাম- গাহৰিৰ মাংস

*চপলা, ছিংলি বা খাইদঙ- তিৱা গাভৰু সকলে পিন্ধা মনি

*তাগলা – তিৱা পুৰুষ সকলে পিন্ধা এবিধ চোলা

*লাংখুন পূজা – এটি তিৱা লোকউৎসৱলললল

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments