আপদীয়া পদ্য(দেবাংগ গগৈ)

(১)
তুমিতো জানাই
এই মদাহীৰ আৰু একো নাই
এটাই মাথো পিঠি
তাতো নিতৌ পৰে পাব্লিকৰ ধূলাই

পিটন নিশ্চয় এনেকুৱাই
পিঠিৰ চোলা ফাটি তেজ ওলায়

কচুৱনিত সোমাইও তৰণি হেৰায়

(২)
বুকুৰ মাজত জ্বলে
কলিজাৰ জুই
মুখেৰে বাৰে বাৰে
বাজ হয় তিতা থুই
এয়াই নহয় জানো
প্রেম আৰু প্রীতি
যি প্রেমৰ নদীত
ভগৱন্তও গৈছিল উটি

পিছতহে বুজিলো:

প্রেম-চ্রেম নহয় বাপা
এচিডিটিৰ জুই
“পূদীন হৰা” এফোট খাই
তুমি থাকা শুই

(৩)
বাঘ সিংহই গোজৰ মাৰে
পাৰই দিয়ে ৰুণ
মনমোহনে মৌন ব্রত কৰে
কিযে নিকৰুণ ।

বান্দৰে কৰে খেক খেক
শিয়ালে দিয়ে হোৱা
দিগ্বিজয়ে গায় আবোল তাবোল
আপোন মনে চোৱা ।

বে বে কৰে ছাগলীয়ে
গৰুৱে হেম্বেলিয়ায়
লালু প্রসাদে আকৌ সদনত
বাৰে ভচহু ফুচুৰি উলিয়ায় ।

কুলিয়ে কৰে কু কু
কাউৰীয়ে ৰমলিয়ায়
সদনত বহি অসমৰ সাংসদে
বাৰুকৈ টোপনিয়ায় ।

(৪)
“অ” হ’ল অসমৰ প্রথম আখৰ
অসমৰ এম পি মনমোহনৰ
অসমতেই নাই ঘৰ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments