লিমাৰিক – ৰাজীৱ শৰ্মা

(১)

কি কৰোঁ ক’তে মৰোঁ আনি ৰাখিছিলোঁ ফেনাইল
টেবুলতে আছিল সিটি কাষত ফ্ৰেন্সিডাইল
শ্ৰীমতীৰ হৈ আছিল কাঁহ
ক’লোঁ খোৱা নকৰি এলাহ
দৰব বুলি ফেনাইল খাই হৈ গ’ল ঘাইল

(২)

টেট দিবলৈ গৈছিল প্ৰিয়া নিজে গাড়ী চলাই
তাও দিছিল নিজকে ধনীৰ দুলাৰী বোলাই
প্ৰশ্ন নপৰিল কমন
এঘণ্টাতে সেয়ে গমন
বেজাৰতে টেটুলৈকে পিলে চানা আৰু চুলাই

(৩)

চোৰ এটা আছিল ঘূৰি দাড়িৰে ভোবোকাৰ
বাবা বাবা বুলি হঠাৎ লাগিল হাহাকাৰ
বিজ্ঞান মনস্ক আমি
তাবিজো পিন্ধো দামী
আশ্ৰমত এতিয়া বাবাৰ জয়জয়কাৰ

(৪)

দীঘলীয়াকৈ চুলিটাৰি ডালিমগুটীয়া দাঁত
প্ৰথম চিনাকিতে প্ৰেম দেহাও পৰিল শাঁত
চিনাকি আছিল ফেচবুকৰ
শেষটো হ’ল অতিকে দুখৰ
উইগ আৰু লগোৱা দাঁত দেখি হেৰাল মাত

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments