লিলিমাই (-জগদীশ চন্দ্ৰ শৰ্মা)

উজনিত চাকৰি পোৱাৰ আগলৈকে এই শব্দটোৰ সৈত্যে সিমান পৰিচিত নাছিলোঁ৷ এই কাহিনীৰ নায়কজনৰ নাম প্ৰকৃততে লিলিমাই আছিল নে নাই, সেয়াও নিশ্চিত নহয়৷ কিন্তু, গোলাঘাট বাছ আস্থানৰ যাত্ৰীবাহী বাছবোৰত উঠি ভিক্ষা খোজাৰ ছলেৰে বিহুনাম গাই সি বহুত লিলিমাই কৰিছিল৷ ধুনিয়া আৰু গাভৰু ছোৱালী দেখিলে সি “বাতি ভৰাই চিৰা..”জাতীয় বিহুগীত গাবই। লিলিমাইৰ মুখখন সিমান সুবিধাজনক নহয় বাবে সৰ্বসাধাৰণ ৰাইজে বাছত সি উঠি গীত গাবলৈ আৰম্ভ কৰিলে যিমান পাৰি সিমান মনযোগেৰে বাতৰি কাকত পঢ়াত লাগে৷ গধূলি আন্ধাৰ হোৱাৰ পিছত জাপ মাৰি কোনোবা এখন বাছ বা ট্ৰাকত উঠিলে হেন্দিমেন বা কণ্ডাক্তৰে তাক গালি পাৰি নমাই দিয়ে, “ঐ লিলিমাই, নাম, ….ভাড়া-চাৰা নিদিয়, মিছা-মিছি তোৰ লগত সময় ক্ষতি, নাম, নাম..”।
লিলিমাইৰ সোহাতখন কোঙা, জন্মৰে পৰা৷ ভৰি দুখনো একা বেকা, পলিঅ’ ৰোগীৰ দৰে৷ সোঁহাতখন দেখিলে কোনোবাই হেণ্ডচেক কৰি ওপৰমুৱাকৈ পকাই দিয়া যেন লাগে৷ হঠাৎ দেখিলে মানুহে চক খাই যাব৷
এদিন সন্ধিয়া ঘৰলৈ উভতিবৰ সময়ত লিলিমাইক বহুকেইখন গাড়ীয়ে বিমুখ কৰিলে৷ সন্ধিয়া লাগি ভাগিল৷ এখন এখনকৈ ষ্টেণ্ডৰ গাড়ী গৈ নোহোৱা হ’ল৷ লিলিমাইৰ চিন্তা বাঢ়ি আহিল৷ এনেতে বাটা চকৰ কাষৰ তেল ডিপোটোত কৰ’বাৰ পৰা ট্ৰাক এখন আহি ৰল৷ গাড়ীখন ৰখাই ড্ৰাইভাৰ হেণ্ডিমেন নামি ওচৰতে কৰবাত চাহ-তামোল খাবলৈ গ’ল৷ লিলিমাইয়ে সময় নষ্ট নকৰি সাউৎকৰে ট্ৰাকখনৰ পিছফালেদি বগাই ভিতৰ পালেগৈ৷ ঘিটমিটীয়া অন্ধকাৰ, একো নমনি…মহৰ কামোৰ খাই কুচিমুছি ট্ৰাকখনৰ এচুকত লিলিমাইয়ে ড্ৰাইভাৰ হেণ্ডিমেনৰ অপেক্ষাত ৰল৷ আন্ধাৰৰ মাজতে লিলিমাইয়ে অনুমান কৰিলে, গাড়ীত বিশেষ বস্তু নাই৷ সোমাজত কিবা এটা পেলাই থোৱা আছে আৰু বগা নে কি ৰঙৰ, ভালকৈ ধৰিব নোৱাৰি… কিবা এখনেৰে ঢাকি থোৱা আছে৷
অলপ পলমকৈ এমুখ তামোলেৰে মুখখন ভৰাই চিগাৰেট হুপি হুপি চালকে গাড়ী ষ্টাৰ্ট দিলে৷ লিলিমাইৰ মুখলৈ পানী আহিল৷ গাড়ী লাহে লাহে ডিচি অফিচৰ কাষেৰে গোলাঘাট দেৰগাও পথেৰে আগবাঢ়িল৷ সি টোপনিয়াবলৈ যত্ন কৰিলে৷ গাড়ীৰ জোকাৰণিত ক’ত টোপনি আহে! বহু দেৰি আন্ধাৰৰ মাজত থাকি হঠাৎ সি চৌপাশৰ বস্তুবোৰ মনিব পাৰিছে বুলি অনুভব কৰিলে৷ সি স্পষ্ট দেখিলে গাড়ীৰ সোমাজত শুধ বগা কাপোৰেৰে কিবা এটা ঢাকি থোৱা আছে৷ কাষত সেয়া পুৰি আদায় হোৱা ধূপ যেন লাগিল…তাৰ গাটো বেজবেজাই গল…অজান এক আশংকাত লিলিমাই শিয়ঁৰি উঠিল! “মৰাশ নেকি বে…”নিজৰ ওপৰত প্ৰচণ্ড খং উঠিল৷ …. কিহে পাইছিল এইখনত নোসোধাকৈ উঠিবলৈ! ! কঁপা কঁপা হাতেৰে চাওঁ-নাচাওকৈ সি কাপোৰখন দাঙি চালে৷ “মৰিলো ঐ!!” পকা চুলিৰে হাড়ে-চালে লগা এজনী বুঢ়ীৰ মৃতদেহ৷ তাৰ জীৱ ওলাই যোৱা যেন হল৷ আজি ৰক্ষা নাই৷ দিনটো টলৌ টলৌকৈ ছোৱালী জোকাই ভিক্ষা মাগি ফুৰা লিলিমাইয়ে প্ৰাণৰ মায়াত দেদাউৰি পাৰিবলৈ ধৰিলে৷ “ঐ, গাড়ী ৰখা, গাড়ী ৰখা” বুলি ড্ৰাইভাৰৰ কাষৰ খিৰীকীখনত লিলিমাইয়ে কোঙা হাতখনেৰে পাৰেমানে ঢকিয়াইছে৷ আপোনমনে গাড়ী চলাই যোৱা চালকে একো দেখা নাই, কিন্তু কিহবাই চিঞৰা যেন শুনিছে৷ হঠাৎ আতংকিত নেত্ৰে হেণ্ডিমেনজনে চিঞৰি খিৰীকীৰ আইনাখনৰ পিনে দেখুৱাই দিলে৷ এখন কোঙা হাত! ওপৰমুৱাকৈ পাক খোৱা! দেখিলেই ভয় লগা হাতখনে এই মুহুৰ্ততেই যেন গাড়ীৰ খিৰীকী ভাঙি ড্ৰাইভাৰৰ নেলু চেপি ধৰিব!! “আবে…এইখন কাৰ হাত! পিছফালে ডেড বডিহে আছিল!!!” “ওস্তাদ, মৰিলো..”হেণ্ডিমেনে চেপি চেপি ক’লে, “বুঢ়ী উঠি আহিছে..গাড়ী ৰখাওক আৰু পলাওক..”।
ইফালে ভয়ৰ খুন্দাত ড্ৰাইভাৰে গাড়ী খালে-ডোঙে চলাবলৈ লাগিল, প্ৰবল জেকাৰণিত বুঢ়ীৰ ডেডবডিও ওপৰলৈ জপিয়াবলৈ লাগিল৷ জোকাৰণিত পকা চুলি উৰি আহি লিলিমাইৰ মুখত লাগিল…বাহিৰত অন্ধকাৰ ৰাতি…. বুঢ়ীৰ মৃতদেহৰ পৰা ৰক্ষা পাবলৈ লিলিমাইৰ গগনফলা চিঞৰ! আনফালে গাড়ীৰ ভিতৰত কোঙা হাতখনৰ পৰা ৰক্ষা পাবলৈ চালকৰ আপ্ৰাণ চেষ্টা! !
একোবত দৰ্জা খুলি হেণ্ডিমেনে দিলে এন্ধাৰে মুন্ধাৰে বাহিৰলৈ জাপ মাৰি! তাৰ পাছত আৰু কি! ড্ৰাইভাৰে নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে৷ পুলিবৰ নৌপাওতেই মেইন ৰোডৰ পৰা হোৰহোৰাই ট্ৰাকখন পথাৰলৈ নামি গ’ল, আৰু ঢলংপলং গাড়ীখনৰ ভিতৰত বুঢ়ীৰ ডেডবডিয়ে লিলিমাইক হেচা মাৰি ধৰিলে!!
****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments