লিহিৰি দুবৰিৰ বন – হিৰন্ময়ী গগৈ কোঁৱৰ

তেতিয়া সিহঁতে অ’ত ত’ত চাকৰিৰ কাৰণে ইন্টাৰভিউ দি আছে৷ প্ৰেমো চলিছে পূৰাদমে৷ প্ৰেমৰ ফাঁকে ফাঁকে কাঁজিয়াও হৈছে৷

সিটোৱে সিটোক এৰি থাকিব নোৱাৰিব! এনেকুৱা অংগীকাৰ কৰাও হৈ গৈছে৷

ভাবিছিল, তাইৰ নিজৰ নহ’লেও তাৰে কিবা এটা সংস্থাপন হওক৷ সিহঁতে ঘৰত জনাব৷ দুয়োঘৰ মানুহৰ অহা-যোৱা হ’ব আৰু লাহেকৈ আহিব সেই বিশেষ দিনটি৷ সমাজক সাক্ষী কৰি ইটোৱে সিটোৰ হাতত ধৰি নতুন জীৱনটোত খোজ থব!

এনেকুৱা এটা দিনতে পৱিত্ৰই এদিন মাকৰ লগত তাইক কথা পতোৱাই দিম বুলি ক’লে৷ তাই বৰ ভয় খালে৷ গালি চালি পাৰিবনেকি আক’! অৱশ্যে তেনেকুৱা নহ’ল৷ তাইৰ লগত পাতিবলৈ তেওঁৰো চাগে কথা হেৰাইছিল৷ কিনো পাতিব পুতেকৰ প্ৰেমিকাৰ লগত! ফোনটো কাণত লৈ তাইৰ বুকুখনে ধান বানি থাকিল যদিও তাইৰ মনৰ পৰা গধুৰ বোজা এটা আঁতৰিল৷

বিবাহযোগ্যা ছোৱালী দেখি কোনোৱে কোনোৱে ল’ৰাৰ খবৰো আনে৷ পঢ়া-শুনা কৰা ধুনীয়া ছোৱালী৷ ঘৰখনৰ লগত মিলাকৈ ভাল ভাল খবৰেই আনে৷ তাইৰ বাবে ভাল ল’ৰা এটা চাবলৈ মাকে বহুতকে কৈয়ো থয়৷

“কোনোবা আছেনেকি?”- তাইক সোধে৷

কথাটো এৰাই চলে তাই৷ নানা অজুহাত দেখুৱায়৷ কেতিয়াবা পঢ়াৰ, কেতিয়াবা চাকৰিৰ আৰু কেতিয়াবা মনটোৰ! মানুহবোৰে বেয়া পায়৷

মাকে দাঁত কৰচি উঠে৷

“বাচোঁতে বাচোঁতে গেলা বৰালী পাবিগৈ!” বৰ লাজ পায় তেওঁ মানুহবোৰৰ আগত৷

তাই মাকৰ মুখলৈ থৰ লাগি চায়৷ এয়া মাকৰ মুখৰ পৰা ওলোৱা কথাইনে?

পৱিত্ৰক তাই কথাবোৰ নকয়৷ নিজৰ ভিতৰতে পাগুলি থয়৷ ইন্টাৰভিউৰ ৰিজাল্টবোৰে পৱিত্ৰক হতাশ কৰে৷ চাকৰি পালেই সি সিহঁতৰ ঘৰটো মেৰামতি কৰাৰ কথা কৈছিল৷ দেউতাকে তৰা ঘৰটোৰ কাম আগবঢ়োৱাৰ কৰাৰ কথাও আছিল৷ সোনকালে পৱিত্ৰৰ চাকৰি এটা হ’বলৈ তাই ভগৱানক প্ৰাৰ্থনা কৰে৷

তাই নকলেও কথাবোৰ পৱিত্ৰই জানে৷ তাক কোৱা মানুহ ওলায়৷ সি একেদিনাই কেতিয়াবা দুটাকৈও ইন্টাৰভিউ দিয়েগৈ! কেতিয়াবা এইবোৰ চিন্তা বাদ দি ব্যৱসায় কৰাৰ কথাও ভাবে৷ বা ভালকৈ খেতিতে ধৰাৰ কথাও ভাবে৷

এদিন ককায়েকে তাইক বোলে ভন্টী তোৰ ভাল খবৰ এটা আছে৷

“কি?” তাই সোধে ৷

“মই তোৰ কাৰণে ল’ৰা এটা চাইছো দেই৷”

তাই মূক হৈ ৰয়৷ পৱিত্ৰৰ কথা ক’বই লাগিব! কিন্তু কেনেকৈ ক’ব তাই ভাবিয়ে নেপায়৷

“হব দে৷ লাজ কৰিব নেলাগে৷ তই চাইছনেকি আক’ কাৰোবাক?” লাজতে মৰহি যোৱা ভনীয়েকলৈ তাৰ মৰম লাগি যায়৷

“নাই! নাইচোৱা!” থতমত খাই কৈ পেলাই তাই৷ ককায়েকলৈ ভয়ো লাগে তাইৰ৷

“ভালেই হ’ল৷ মোৰ ক’লিগ জাননে! বৰ ভাল ল’ৰা৷ তোক দেখিছেও৷”

“মোৰ এতিয়াই বিয়া হ’বৰ মন নাই৷” কোনোমতে মাতষাৰ উলিয়ায় তাই৷

“এতিয়াই নেলাগে নহয়৷ ঠিকহে কৰি থৈছোঁ৷”

কৈয়ে ককায়েক অফিচলৈ যায়গৈ ৷

নিজৰ মুখখনতে চৰিয়াবলৈ মন যায় তাইৰ! সেইষাৰ নোকোৱা হ’লেওতো হ’লহেঁতেন৷

ঘৰত মাক-দেউতাকহঁতে বিয়াৰ আলোচনাকে কৰি পেলায়৷

এদিন তাই মাকক মনে মনে কথাটো কয়৷

“ল’ৰাটো কোন? ” মাকে গহীনাই সোধে৷ তাই সকলোখিনি কথা কয়৷ এদিন বজাৰত লগ পোৱা ল’ৰাটোৰ মুখখন মনলৈ আহে তেওঁৰ৷ বেয়া নহয়চোন ল’ৰাটো৷ তেওঁ ভাবে৷

মাকে তাইৰ দেউতাকক ক’বলৈ পায়হে, গৰজি উঠে মানুহজন৷ মাকে মনতে ভবা কথাষাৰ পেটতে ৰৈ যায়৷ ককায়েকেও গম পায় কথাটো৷ বন্ধুক সি কথা দিয়েই পেলাইছিল৷ দেউতাকৰ দৰে সিও গৰজি উঠে৷ তলে তলে অপকৰ্ম কৰি থকা ভনীয়েকৰ ওপৰত সি জ্বলি উঠে৷ জ্বলি উঠে ল’ৰাৰ ঘৰখনৰ কথা গম পাই!

ঘৰখনৰ পৰিবেশ অশান্ত হৈ পৰে৷

“মই পৱিত্ৰৰ বাহিৰে বেলেগলৈ বিয়া নহওঁ৷” নিমাতী ছোৱালীজনীয়ে এদিন ঘোষণা কৰি পেলায়৷ তাইৰ স্পৰ্দ্ধা দেখি এদিন তাইৰ গালত চৰ এটাও পৰেহি৷

“চাওঁচোন তাই কেনেকৈ যায় সেই ভিকহুটোলৈ৷”

আৰু এটা চৰ যেন তাইৰ গালতে পৰেহি৷ 

তাইৰ ঘৰৰ বাহিৰ ওলোৱা বন্ধ কৰি দিয়া হয়৷ মাকে মৰমেৰে বুজাবলৈ চায়৷

“জীয়েৰক চম্ভালিব নোৱাৰ!” দেউতাকৰ অট্টহাস্য তাইৰ কাণত পৰেহি! তাইক হাৰ মনাব নোৱাৰি মাকে তাইক অভিশাপকে দি পেলায়! তাৰ পাছত মানুহজনীয়ে উচুপি উচুপি কান্দি পেলায়৷

পৱিত্ৰক তাই সকলো কথা কয়৷

“মোক লৈ যোৱা পৱিত্ৰ!” চকুলো বোৱাই তাক অনুনয় কৰে তাই৷

তাইৰ চকুলোৱে তাক আহত কৰে৷ তথাপি সি তাইক ধৈৰ্য্য ধৰিবলৈ কয়৷ সোনকালেই সিহঁতৰ ঘৰলৈ নিজে আহিম বুলিও কয়৷ সোনকালেই চাকৰি এটা হ’ব বুলি সিও কামনা কৰে৷

 কিন্তু ভবামতেইতো সকলো নহয়৷ আৰু নভবাকৈয়ে বহু কিবাকিবি হৈ যায়৷ পৰিবেশ পৰিস্থিতিয়ে মানুহক ক’ৰ পৰা কলৈ নিয়ে মানুহে ততকে ধৰিব নোৱাৰে৷

এদিন গধুলি সময়ত তাই পৱিত্ৰৰ বাইকত উঠি সিহঁতৰ ঘৰৰ পদূলিত ৰ’লগৈ৷ বাইকৰ পৰা নামোঁতে তাইৰ গাটো কঁপিল৷ আহোঁতে মাকৰ মোবাইললৈ মেচেজ এটা দি থৈ আহিল৷

তাৰ পাচে পাচে সিহঁতৰ পদূলিয়েদি সোমাই যাওঁতে তাইৰ বৰ ভয় লাগিল৷ এই পদূলিত তাই এনেকৈ ভৰি দিয়াৰ কথা একেবাৰেই নাছিল৷ আয়তীৰ উৰুলিৰ মাজেৰে কলৰ তলৰ পৰা তাইক মাকে চুমা খাই আদৰি নিয়াৰ দৃশ্যটোৰ কল্পনা কৰি থৈছিল তাই!

পবিত্ৰই বাইকখন থোৱাৰপৰা দুৱাৰখনৰ ওচৰ পোৱালৈকে তাই পৱিত্ৰৰ গাতে লাগি থকাদি থাকিল৷ ৰাস্তাইদি যোৱা কোনোবাই দেখিলে যদিও ঠিকনা নাই৷ চকুহাল ভৰি আহিল তাইৰ৷ বুকুখন কঁপি থাকিল ৷ পবিত্ৰৰ মাক দেউতাকে বাৰু এতিয়া কি ভাবিৱ! তাইক যদি সোমাবলৈ নিদিয়ে! তেতিয়া?  তেতিয়া কি হ’ব তাইৰ! যদি ঘৰৰ পৰা উলিয়াই দিয়ে তাইক!

দুৱাৰখন খুলি আনদিনাৰ দৰেই মাক ভিতৰলৈ গুছি গ’ল৷ তাইক নেদেখিলেই!

সি বাহিৰৰ পৰাই মাতিলে,-

“মা এইফালে আঁহচোন৷”

“কি হ’ল অ’৷” বুলি ঘূৰি দিওঁতেই দেখিলে পুতেকৰ লগত ছোৱালী এজনীচোন! তেওঁৰ বুজিবলৈ বাকী নাথাকিল৷ মানুহজনীৰ ভৰি দুখন কঁপিল৷ কি ভাবি জানো তাই মানুহজনীৰ ভৰিতে পৰি দিলে৷

তাইক বাহিৰৰ কোঠাতে বহিবলৈ দি মাকে ভিতৰ পালেগৈ৷ সিও তাতে ৰৈ থাকিল৷ দুয়োটাৰে মুখ শুকাল৷ কি হ’ব এতিয়া সিহঁতে একেবাৰে অনুমান কৰিব পৰা নাই৷

“এইটোৱে ছোৱালী লৈয়ে আহিল৷” মাকে কাৰোবাক ফুচফুচাই কোৱা সি শুনিলে৷ তাৰো কঁপনি উঠিল৷ দেউতাক মানে ঘৰতে আছে৷

“আপুনি খং চং নকৰিব৷ ” চেপা মাতেৰে ক’লে মাকে আৰু সাউৎ কৰে পৰিয়ালৰ মানুহ দুঘৰমানক মাতি আনিলেগৈ৷

ৰাতিলৈ তাই মাকলৈ ভয়ে ভয়ে ফোন কৰিলে৷  কেইবাবাৰো কৰাৰ মূৰতহে মাকে ফোনটো ধৰিলে৷ ফোনটো ধৰিয়েই মাকে উচুপিবলৈ লাগিল৷

“ভালকৈ থাকিবি৷” বুলি কৈ তেওঁ আৰু একো ক’বই নোৱাৰিলে৷ সৰসৰকৈ তাইৰো চকুলো ওলাল৷

ছোৱালী নোহোৱা ঘৰ৷ তাইক বাহিৰ-ভিতৰ কৰা দেখি পৱিত্ৰৰ মাক-দেউতাকৰ মৰম নলগাও নহয়৷ তথাপিও বৰপুত্ৰৰ এই কাণ্ডত মাক-বাপেকহালৰ খং উঠাটো স্বাভাৱিক৷ ইফালে মুখলজ্জাৰ কথাটো আছেই!

দোষটো বোৱাৰীজনীৰ গাতে দিয়াটোও স্বাভাৱিকেই! এনেও নিজৰবোৰৰ দোষ কম মাক-বাপেকেহে দেখে৷ নেদেখে বুলিলেও ভুল নহয়৷

গতিকে এগেল থেগেল কৰি হ’লেও মাকে নিজৰ বাকচৰ পৰাই নতুনে পুৰণাই কাপোৰ দুযোৰমান উলিয়াই দিলে৷ এদিন পাটৰ কাপোৰ এযোৰো কিনি আনিলেগৈ৷ গাঁৱৰে ভকত দুজনমান আৰু আয়তী দুগৰাকীমান গোটাই তেল সেন্দুৰকণ দি তাইক বোৱাৰী কৰি ল’লে৷ ওচৰ চুবুৰীয়াক ভাত এসাজো খুৱালে৷ শাহুৱেকৰ চাদৰেৰে ওৰণি টানি তাই বোৱাৰীৰ ৰূপ ল’লে৷ আগফাল পাচফাল কৰিলে৷ আলহী অতিথি সুধিলে৷

কথাবোৰ তাইৰ সপোনৰ দৰে লগা হ’ল৷ পৱিত্ৰক কাষতে পোৱাটোও তাইৰ সপোন যেনেই লাগে৷ ভৰুণ সময়বোৰৰ ফাঁকে ফাঁকে তাইৰ দেউতাকৰ ৰঙা চকু, ককায়েকৰ খং আৰু মাকৰ উচুপনিটোলৈ মনত পৰে৷ মাকলৈ তাই মাজে মাজে ফোন কৰে৷ দেউতাক আৰু ককায়েকৰ খং উঠিয়েই আছে বুলি তাই মাকে নক’লেও গম পায়৷

বিহুৰ আগে আগে পইচা কেইটামান দি পবিত্ৰৰ মাকে সিহঁতক বজাৰ কৰিবলৈ পঠিয়ায়৷ তাৰেই তাই শহুৰেক শাহুৱেকলৈও কিবাকিবি কিনে৷ বিহুৰ আগে আগে তাই ঘৰত কি কি কৰিছিল মনত পেলায়৷ পৱিত্ৰক সুধিলে নেজানো বুলিয়েই কয়৷ তাতে তাৰ চাকৰিৰ চিন্তা! শাহুৰ মন বুজা টান৷ কেতিয়াবা ভালে থাকিলেও কেতিয়াবা গোমোৰা মাৰি থাকে৷ তাতে তাই লগাই থোৱা দোষটো আছেই! তাই পৰ্দাবোৰকে খুলি ধুবলৈ ল’লে৷ মকৰাজাল গুছালে৷

“পিঠা-পনা পুৰিব জানানে?” শাহুৱেকে এদিন ভাত খাই থাকোঁতেই সুধিলে৷ তেওঁৰ মাত তেতিয়ালৈকে নৰম হোৱাই নাছিল৷

“জানোঁ মা৷” লাহেকৈ কয় তাই৷ এইদৰে ক’বলৈ পাই তাই বৰ সকাহ পায়৷ সৰুৰে পৰাই তাইৰ এইবোৰত বৰ ৰাপ৷

শাহুৱেকে পিঠা তিল গুৰৰ যোগাৰ কৰি দিলে৷ ভয়ে ভয়ে তাই তিলপিঠাকেইটা পুৰিলে৷ লাৰু বনালে৷ বিহুৰ আলহীও সুধিলে৷

বছেৰেকৰ বিহুটোত ওচৰৰ জীয়ৰীবোৰ ঘৰলৈ আহে৷ ন-ছোৱালী চাওঁ বুলি সিহঁতৰ ঘৰতো সোমাই যায়৷ তাই চাহ তামোল যাঁচে৷

সিহঁতৰ ঘৰৰ সন্মুখেৰেই সমনীয়া বোৱাৰীবোৰো ঘৰলৈ যায়৷

“পলাই নহা হ’লে এতিয়া ঘৰলৈ যাবলৈ পালিহেঁতেন!” ভাতৰ পাতত বহি থাকোতে শাহুৱেকে এদিন কয়৷

তাই দেখে কথাষাৰ কৈ শাশুৱেকৰো চকুকেইটা সেমেকি উঠে৷

ৰাতি মাকে তাইলৈ ফোন কৰে৷

সেইদিনা তাই বহুদিনৰ মূৰত দেউতাক আৰু ককায়েকৰ মাতটো শুনে৷

কান্দি কান্দিও তাইৰ এপাক নাচি দিবৰ মন যায়৷

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments