‘লুইতৰে পানী যাবি ঐ বৈ’ (মনজিৎ)

মিলন নগৰৰ গলিটোৰে গৈ থাকিলে শেষৰ দুঘৰ মানুহেই ক্রমে বৰুৱা আৰু শর্মা। চুবুৰীয়া হ’লেও কিন্তু দুয়োৰে মাজত শ্বাহৰুখ-চালমানৰ দৰেই শীতল যুদ্ধ এখন চলি আছে ভালেমান দিন আগৰে পৰা। এবাৰ বৰুৱাৰ গাড়ীয়ে অসাৱধানবশতঃ শর্মাৰ কাপোৰলৈ বোকা মৰাৰ বাবে শর্মা তৎক্ষণাৎ অগ্নিশর্মা হৈ পৰে আৰু বৰুৱাক উধাই-মুধাই গালি দিয়ে । বৰুৱাই নিজৰ ভুল মানি লৈ বহু দেৰি বুজাই বঢ়াই কাপোৰযোৰ ধুবলে ২ টকীয়া চার্ফ এক্সেলৰ পেকেট এটা দিম বুলি কোৱাতহে ক্ষান্ত হয়। কিন্তু কিবা কাৰণত বৰুৱাই চার্ফৰ পেকেটতো দিবলে পাহৰি যোৱাত এদিন বাটত লগ পাই অলপ বেয়াকেই কৈ দিলে মানুহৰ আগতে। সেয়ে ঘৰৰ বাকী মানুহবোৰৰ মাতবোল থাকিলে তেতিয়াৰে পৰা দুয়োৰে মাতবোল নাই বুলিবই পাৰি। ওপৰৰ ঘটনাটোৰ পৰা সহজেই অনুমেয় যে শর্মা যিদৰে ব্রহ্ম কৃপণ তেনেদৰে একদম আঁকোৰগোজ। টকা পইছাতো বাদেই মাতষাৰো হকে-বিহকে খৰছ কৰিবলে টান পাই। পিছে বৰুৱা আকৌ ওলোটা, ইমানকে কথাবোৰ ধৰি নাথাকে বা বেলেগৰ কথা ভাবি বেছিকৈ মূৰ ঘমোৱাৰো প্রয়োজন বোধ নকৰে ।

কিন্তু আজি কেইসপ্তাহমানৰ পৰা বৰুৱাই কথা এটা লক্ষ্য কৰিছে। সদায় পুৱা ৯:৩০ মান বজাত অফিছলে যাবলৈ ওলাওঁতেই শর্মাৰ একমাত্র পুত্র কুলনন্দন শর্মাই “তেৰা পিয়াৰ পিয়াৰ পিয়াৰ, হুক্কা বাৰ” বুলি হিমেশৰ হিট গানটোৰ ৰিমিক্স ভাৰ্ছনটো ফুল ভলিউমত লগাই লয় আৰু নিজেও চিঞৰি চিঞৰি গাই থাকে আৰু তাৰ ঠিক ৬ দিনৰ পাছতেই শর্মা-শর্মানীৰ মাজত তুমুল কাজিয়া এখন লাগে। প্রথমে কথাটোত ইমান গুৰুত্ব দিয়া নাছিল। পিছে প্রতি সপ্তাহতে একেখন নাটককে বাৰে বাৰে হোৱা বাবে বৰুৱাই কৌতূহল দমাব নোৱাৰি বৰুৱানীকে সুধিলে যে ঘটনাটো কি? বৰুৱানীয়েও আকৌ নাজানো বুলি মূৰহে জোকাৰিলে। কিন্তু উৰহিৰ ওৰ নোপোৱালৈকে শান্তি নাপাম বুলি ভাবি শর্মানীকে সুধি ৰহস্যটো উদ্‌ঘাটন কৰাৰ কথা ক’লে। কথামতেই কাম। পিছদিনা বৰুৱানীয়েও ৰহস্য ফাদিল কৰি আহিল। বৰুৱাক জনালে যে ঘটনাৰ নায়ক হেনো এটুকুৰা ‘গা ধোৱা চাবোন’হে। চাবোন টুকুৰাই হৈছে যত কূটৰ ঘাই। ঘটনাটো ঠিক এনেকুৱা।

 

শর্মাৰ একমাত্র পুত্রক কোনোবাই শিকাই পঠিয়ালে যে গা ধোওঁতে চাবোন টুকুৰা খুব জোৰৰে ঘঁহিলেহে গাত থকা মলিবোৰ সোনকালে নোহোৱা হৈ যায়। আৰু চাফা হৈ থাকিলেহে ছোৱালীয়ে ভাল চকুৰে চায়। সেয়ে হোলাৰ ভাই মোলা শর্মা তনয়েও সেয়ে সদায় সেই ৰিমিক্স গানটো লগাই তাৰ তালে তালে যিমান পাৰি সিমান স্পীডত চাবোন ঘঁহি গা ধোৱে, মলিখিনি সোনকালে ওলাই যাওক বুলি। কিন্তু লাভৰ মূৰত হয় কি, ৬ দিনৰ পিছতে নতুন চাবোন টুকুৰা শেষ হৈ যায়। আৰু ৬ দিনতে এটুকুৰা নতুন চাবোন শেষ হোৱাটো শর্মাৰ দৰে কৃপণ মানুহৰ দৃষ্টিত এটি ডাঙৰ অপৰাধ। পুতেকক একো ক’ব নোৱাৰি ঘৈণীয়েককে উধাই-মুধাই দিয়ে গালি পাৰি। ঘৈণীয়েকেও এনেই গালি শুনাৰ খং দমাব নোৱাৰি সমান কম্পনাংকতে কনজুছ, মাখিচুছ আদি উপাধিবোৰ শর্মালে বুলি দিয়ে দলিয়াই ফৰ্মুটিয়াই। ফলত মূহুর্ততে পৰিস্থিতি ৰাভা হাচঙৰ দৰেই উতপ্ত হৈ পৰে। ইফালে ল’ৰাকো ক’লে কথা নুশুনে। শর্মানীয়েও বিৰক্ত হৈ বৰুৱানীকেহে উপায় এটা বিচাৰিলে। বৰুৱাই কথাবোৰ একান্ত মনে এফালৰ পৰা শুনি গ’ল। অলপ পৰ কিবা এটা ভাবি শেষত শর্মাৰ ল’ৰাটোক পিছদিনা পুৱা তেওঁৰ ওচৰলে মাতিছে বুলি ক’বলে ক’লে। কথা মতেই কাম। পুৱা শর্মাৰ ল’ৰাটোৱে বৰুৱাক লগ ধৰিলে। বৰুৱাইও তাক বুজালে “চা বোপাই । কোন অলগৰ্ধই তোক চাবোন জোৰেৰে ঘঁহিলে মলি আঁতৰে বুলি শিকাইছে নাজানো। কিন্তু আচল কথাটো হ’ল সেইটো এটা অত্যন্ত ভুল ধাৰণা। কাৰণ জোৰেৰে ঘঁহাৰ পিছতো চা তোৰ গলধনত এতিয়াও মলি লাগিয়েই আছে । সেয়ে মোৰ কথা মন দি শুন আৰু সেই মতেই কাম কৰ দেখিবি তই পুৰা পৰিষ্কাৰ হৈ যাবি আৰু ছোৱালী বোৰেও ভাল পাব । আছলতে গাৰ মলি জোৰেৰে চাবোন ঘঁহিলে আতৰি নাযায়, বৰঞ্চ লাহে লাহে ঘঁহি কোমলাই ল’লেহে সহজে আঁতৰি যায় । সেয়ে তই কাইলৈৰ পৰা সেই হুক্কা বাৰ নে মিক্কা বাৰ গানটো বাদ দিবি। সেইটোৰ ঠাইত ‘লুইতৰে পানী যাবি ঐ বৈ’ গানটো মিহিকে লগাই ল’বি আৰু তাৰ সুৰৰ লয়লাসত লাহে লাহে চাবোন ঘঁহি ঘঁহি গা ধুই থাকিবি দেখিবি তোৰ গাত মলি নোহোৱা হৈ গৈছে। যদি মই কোৱা কথা মিছা হয় তেনেহ’লে মোৰ নামত এটা ফে’ক ফে’চবুক একাউন্ট খুলি দিবি যা। বুজিলিতো?” সিও কিবা এটা বুজি পালে হ’বলা, মূৰ দুপিয়াই হ’ব কৈ বুলি ঘৰমুৱা হ’ল ।

সেই দিনাৰ পৰা ৬ দিনৰ মূৰত কি আজিলৈকে চাবোনকলৈ শর্মা-শর্মানীৰ কাজিয়া হোৱা নাই । শর্মাইও আজিকালি বৰুৱাক বৰ ভাল পোৱা হ’ল। বৰুৱা নহ’লে সন্ধিয়াৰ আড্ডাই নজমে বুলিয়েই কৈ ফুৰে হেনো আনৰ আগত।

(কেইদিন মান আগত দেউতাই লগৰ কেইজনমানৰ আগত কৈ থকা শুনিছিলোঁ। তাকে অলপ সজাই-পৰাই আপোনালোকলৈ আগবঢ়ালোঁ।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments