লুইতৰ পাৰ জিলিকোৱা সাক্ষাৎকাৰৰ এটি অনুভৱ (-পংকজ চেতিয়া)

পি. এইচ. ডি. পোৱা তেতিয়া এবছৰ হৈ গৈছে। ক’তো কোনো চাকৰিৰ সাক্ষাৎকাৰলৈ নেমাতেহে নেমাতে। তাৰ মাজতে এখনি চিঠি পালো। সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰণ। তাকো একেবাৰে “লুইতৰ পাৰ জিলিকাই থকা” অনুষ্ঠানত। কত সপোন যে দেখা আৰম্ভ কৰিলো। কত প্ৰস্তুতি!!!
অৱশেষত সাক্ষাৎকাৰৰ দিন পালেহি। হাজিৰাবহীত চহীটো দিবলৈ গৈ দেখোঁ, মাত্ৰ চাৰিজন প্ৰাৰ্থীকহে মাতিছে সাক্ষাৎকাৰৰ বাবে! মানে পোৱাৰ সম্ভাৱনা ১/৪=০.২৫। অলপ পিছতে দেখিলো শুক্লা আৰু শ্ৰীৱাস্তৱ উপাধিধাৰী প্ৰাৰ্থী দুজন অহাৰো সম্ভাৱনা নাই! আকৌ একেবাৰে “মন মে লাড্ডু ফুটা”!! এতিয়া সম্ভাৱনা ১/২=০.৫!!

অলপ পিছতে বাকী “০.৫” আহি হাজিৰা দিলেহি। সৌজন্যসূচক দুই এষাৰ কথা হ’ল। কাৰ্যালয়ৰ কৰ্মচাৰীসকলে মোৰ প্ৰতিদ্বন্দীগৰাকীক শুভেচ্ছা জনাই আছেহি। তেখেতসকলৰ কাণ্ড-কাৰখানা দেখি দেখি মোৰ চাকৰি পোৱাৰ সম্ভাৱনা ০.১ মানলৈ নামি অহা যেন পালো। তাৰ পিছত তেখেতক সাক্ষাৎকাৰ কক্ষলৈ মাতিলে। মই বাহিৰত ফিকা চাহ খাই খাই অপেক্ষাৰত। ৩০ মিনিট গ’ল। তেতিয়ালৈ মোৰ চাকৰি পোৱাৰ সম্ভাৱনা ০.০১ মান পাইছিলেগৈ।
অৱশেষত মোৰ পাল!!
সাক্ষাৎকাৰ কক্ষত সোমাই সকলোকে মৃদু অভিবাদন এটা যাঁচি নিজৰ আসন গ্ৰহণ কৰিলো।
মাজতে বহি থকা মূল মানুহ যেন লগাজনৰ প্ৰশ্ন:
:- চ’, ইউ আৰ পংকজ চেতিয়া?
== য়েছ ছাৰ
:- অ’কে। ইউ ডিড এমএছচি ইন লাইফ ছায়েন্স (ব’টানী), দেট মিন্স ব’টানী অনলী!!
== য়েছ ছাৰ
:- দেট মিন্স ইউ নেভা দিদ এনী ক’ৰ্চ অন বায়’টেক??
== ছাৰ বায়’টেক ইজ এ পাৰ্ট অৱ লায়েফ ছায়েন্স। এণ্ড আই ৱৰ্ক ইন দিচ ফিল্ড অনলী! এণ্ড ছাৰ, মাই পিএইচ ডি ইজ ইন দ্যা ফিল্ড এজ পাৰ দ্যা এডৱাৰ্টাইজমেণ্ট!!
:- ফৰগেট এবাউট পিএইচ ডি। ৱী ৱাণ্ট ছামৱান হুজ বেচিক ডিগ্ৰী ইজ বায়’টেক।
(মনৰ ভিতৰতে আওঁৰালো, দেন হুৱাই দ্যা $#$# য়ু কল্দ মি ফৰ দ্যা ইণ্টাৰভিউ???)
নাটকখন ১৫ মিনিটমান চলিল। আৰু অৱশেষত বাহিৰলৈ ওলাই আহি শান্তিত উশাস দুটামান ললো।
বাহিৰত চিনাকি ছাৰ এজন লগ পালো। কথাবোৰ কলো। ছাৰে কলে, “কিন্তু তাক ইণ্টাৰৱিউলৈ কেনেকৈ মাতিলে??? তাৰ পিএইচ ডি সেইদিনাহে এৱাৰ্ড হৈছে। তাৰ নেটো নাইচোন!!!” শুনি মইও আচৰিত হলো।
নলে-গলে লগা বন্ধু এজন আছিল, কলাকোট পিন্ধা!! গম পাই পেলায় সি নিজেই ১০ টকীয়া কেইটামান খৰছ কৰিলে, মোৰ অজ্ঞাতেই! ছমাহমান পিছত মোৰ হাতত এজাপ কাগজ ধৰাই দিলেহি। কাগজখিনি চাই মোৰ চকু কপালত উঠিল…
ইতিমধ্যেই সিজন প্ৰাৰ্থীয়ে চাকৰিটোত যোগ দিছে। তেখেতৰ আৱেদন পত্ৰত লিখা আছে, “ক্লিয়েৰ্ড নেট ইন ২০০১, এৱেইটিং চাৰ্টিফিকেট। ছীকিং ক্লেৰিফিকেশ্যন ফ্ৰম নেট ব’ৰ্ড”!!! আন এখন কাগজত দেখিলো, প্ৰপত্ৰ জমাদিয়াৰ অন্তিম দিনৰ ৮ মাহ পিছত তেখেতৰ পিএইচ ডি এৱাৰ্ড হৈছে। ২০০১ ত নেট পাছ কৰি ২০১৩ লৈ নেট চাৰ্টিফিকেট দিব নোৱাৰাজনক কি হিচাপত যোগ্য বিবেচনা কৰিলে, তাৰ উত্তৰ কেইবাটাও ১০ টকা খৰছ কৰিও মোৰ বন্ধুৱে ওলিয়াব নোৱাৰিলে!
সেইদৰে দেখা পালো, তেখতৰ পি.এইচ. ডি.ৰ গাইড আছিল বাচনি সমিতিৰ সদস্য। বহিৰাগত বিশেষজ্ঞজনৰ সৈতেও প্ৰাৰ্থীজনে কেইবাবছৰো কাম কৰিছে। প্ৰাৰ্থীজনৰ ঘৰৰ ঠিকনাও, লুইতৰ পাৰ জিলিকোৱাৰে কোৱাৰ্টাৰ এটা!
সেইবাৰ সৰ্বমুঠ ৩৭ জন আৱেদনকাৰীৰ মাজত কেৱল ৪ জনক সাক্ষাৎকাৰৰ বাবে মতা হৈছিল! মোকো বোধহয় শক্তিশালী বুলি নহয়, নিয়মটো ৰক্ষা কৰিবলৈ দুৰ্বল প্ৰাৰ্থী বুলিহে মাতিছিলে!!
কাগজবোৰ এতিয়াও আছে মোৰ ওচৰত। বহুত ভাৱি-চিন্তি আৰু আগ নেবাঢ়িলো। আজি আকৌ এটা বিজ্ঞাপন দেখি সেই দিনটোলৈ মনত পৰি গ’ল। এই বিজ্ঞাপনত বায়’টেক বিভাগতে আকৌ এমএচছি বেলেগ বিষয়ত বিচাৰিছে!!! হাঃ হাঃ হাঃ…
কৈ থওঁ, বৰ্তমান মই নাহৰৰ দেশত যোগদান কৰিলো। আৰু লুইতৰ পাৰতেই আছো। নাহৰ গুটিৰ জুইৰে হ’লেও অসম পোহৰাবলৈ চেষ্টা কৰিম।
এনেদৰেই জিলিকিব লুইতৰ পাৰ…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক