লুইতৰ হাঁহি- (নিশান্ত বৰদলৈ)

প্ৰস্তাৱনাঃ

ডাকচাপৰিৰ দিন-ৰাতি৷ আকালো নাই, ভঁৰালো নাই৷ বৰলুইতৰ জলতৰংগত সিঁচৰতি হৈ আছে সেই মাটিৰ সপোন-দিঠক৷ ভৰ লুইতত অপূৰ্ব ভংগিমাৰে ওপৰলৈ পানী ছটিয়াই ধেমালি খেলা ইয়াৰ ঐণা অথবা লাইকু একোজনী জীৱন্ত জলকুঁৱৰী৷ সন্ধিয়ালৈ দহ টকাৰ সুৰা আৰু পাঁচ টকাৰ চানা৷ আহা ভাই, আজি ৰাতি আমি টুৱেণ্টীনাইন খেলিম৷ টিক্, চাহাব, মেম, গোলাম……!
নিপাঙ! নিপাঙৰ ছন্দোবদ্ধ বাঁহীৰ সুৰত থৰ লাগে লুইতৰ বলিয়া পানী৷ নদীয়ে হাঁহে, নিপাঙে হাঁহে৷ নদীয়ে কান্দে, নিপাঙে কান্দে৷

সেই নদী নিৰৱধিঃ
দেশৰ পৰা দেশ বাগৰি মোৰ এই অন্তহীন যাত্ৰা৷ মোৰ এই যাত্ৰাৰ এক ক্ষুদ্ৰ অংশ ডাকচাপৰি৷ পৃথিৱীৰ এটা কোণৰ পৰা আন এটা কোণলৈ ’মই’ চৰিত্ৰটিয়ে বিচাৰি ফুৰিছে এখন পৌৰাণিক নদী৷ মোক এখন নদী দিয়া, যাৰ বুকুত ওলমি আছিল পুৱাৰ ৰঙা বেলি! মোক এখন নদী দিয়া য’ত কিৰিলিয়াই আছিল এজাক প্ৰেমিক চৰাই! মোক এখন নদী দিয়া য’ত জিলিকি আছিল পিতাইৰ সেউজীয়া দুহাত! মোক এখন নদী দিয়া যিখন নদীত গা ধুয়েই মোৰ আই ’কইনা’ হৈছিল!
প্ৰকৃতাৰ্থত, ’মই’ চৰিত্ৰটিয়ে চাগৈ নাজানে সেই নদীৰ স্থান-কাল-পাত্ৰ বুলি কোনো কথা নাই৷ সেই নদী নিৰৱধি৷ সেই নদী বৈ আছে মানুহৰ বুকুৰ পৰা বুকুলৈ৷ তথাপি তেওঁৰ এই যাত্ৰাক অমূলক আখ্যা দিব নোৱাৰি৷ নিপাঙ, ঐণা অথবা লাইকুৰ মনৰ কথাবোৰ জানিবলৈ, সিহঁতৰ সুখ-দুখৰ পৃথিৱীখনৰ মোহনীয়তাক উপলব্ধি কৰিবলৈ তেওঁ দুহাতত সঁপি দিলোঁ ডাকচাপৰিৰ নৈপৰীয়া ঠিকনা!

নষ্ট নদীৰ গীতঃ
লাইকুক বোলে এবাৰ গাঁৱৰ হৰমহাজনে চহৰত লগ পাইছিল৷ তাইৰ হেনো পেটটো ওফন্দি আছিল৷ গাঁৱৰ মেলত হৰমহাজনে নাক কোঁচাই ঘোষনা কৰিছিল-
: লাইকু বিজতৰীয়া হ’ল, তাইৰ গাত লেঠা, গাত লেঠা থকা মাইকী মানুহক মই চিনি পাওঁ৷ তাই আমাক নৰকত পচালে, তাই আমাৰ নাম নুমুৱালে৷

তিনিআলিবোৰত লাইকুৰ ওফন্দা পেটটো দবা বজাদি বাজে৷ নিপাঙে বিশ্বাস নকৰে সাত জনমলৈ৷ তাৰ বাঁহীৰ সুৰটোৰ দৰেই সঁচা লাইকু৷ লোকৰ মেখেলা শুঙি ফুৰা হৰমহাজনে, মতাৰ মূৰ খাইতীকেইজনীয়ে কি জানে তাৰ লাইকুৰ কথা৷ লাইকু এখন নদী হ’ব পাৰে, এজোপা গছ হ’ব পাৰে, এটা ৰাতি হ’ব পাৰে! কিন্তু বেশ্যা…! চাল্লা নৰকীহঁত, তহঁতৰ মাৰ বেশ্যা, তহঁতৰ চৈধ্য পুৰুষ বেশ্যা!
লুইতৰ পাৰত নিপাঙৰ বাঁহীয়ে কান্দে, ঐণাই কান্দে, উচুপি উঠে নদীৰ ভাষা বুজি পোৱা প্ৰতিজন মানুহ!
নদীয়ে হাঁহে, নদীয়ে গুণগুণায়

ফুল ফুলাৰ দিন অথবা ৰাতিঃ
নিপাঙৰ চকুৰ আগতে লাইকু গাভৰু হৈছিল৷ জুৰুলা সাজযোৰতো তাইক ধুনীয়া দেখাইছিল৷ তাৰ ধুনীয়া লাইকুজনীৰ দৰে কোনেও হাঁহিব নাজানিছিল৷ তাৰ ধুনীয়া লাইকুজনীৰ দৰে কোনেও ফুল বাচিব নাজানিছিল৷ তাৰ ধুনীয়া লাইকুজনীৰ দৰে কোনেও সাঁতুৰিব নাজানিছিল৷ তাইৰ নকৈ উঠি অহা বুকুখনত তাৰ সৰু-বৰ সপোনবোৰে গজালি মেলিছিল৷

: ঐ লাইকু, তোৰ গাৰ পৰা তেজ ওলাইছে!!!

: ক’তা? মিছাকৈ ভয় খুৱাই নিদিবি কিন্তু!

লাইকুৰ সোঁফালৰ কলাফুলটোৱেদি বৈ অহা তেজৰ সোঁতাটো দেখি সি পগলাৰ দৰে তাইৰ ভৰি দুখনত সাৱটি ধৰিছিল৷ এক অজান আশংকাত সি কঁপিছিল৷ হঠাতে কি হ’ল তাৰ মৰমৰ লাইকুজনীৰ! লাইকুৱে সকলো জানিছিল, বুজিছিল৷ নিপাঙে তাইক নদীৰ গৰাটোত বহুৱাই পিতপতকৈ বিচাৰিছিল সেই উৎস৷ লাইকুৱেও কোনো প্ৰতিবাদ কৰা নাছিল৷ এক অবোধ সাঁথৰ হৈ সি লুইতৰ পাৰৰ পৰা ঘৰলৈ উভতিছিল৷ কাকো ক’ব নোৱাৰা বেমাৰটোৰ কথা ভাবোঁতে ভাবোঁতে তাৰ ভোক-পিয়াহ সকলো নোহোৱা হৈছিল৷ পেট বিষাইছে বুলি সি সেইদিনা বিছনাত বাগৰ দিছিল৷
কেইদিনমানৰ পিছতেই সি ঐণাৰ মুখেৰে গম পাইছিল লাইকুৰ দেহৰ পৰা পৃথিৱীলৈ বৈ অহা ৰঙাখিনিৰ ৰহস্য৷ লাইকুৰ সন্মুখলৈ ওলাবলৈ তাৰ লাজ লগা হ’ল৷ কেইবাদিনো ধৰি সি লাইকুৰ আঁতৰে আঁতৰে থাকিল৷ তাৰ মানে তাৰ লাইকুজনী এতিয়া অকণমানি ছোৱালীজনী হৈ থকা নাই৷ সি নিজকে লাইকুৰ লগত জুখি চায়৷ নাই, নাই, তাতকৈ লাইকু এবেগেত মান সৰু! লাইকু যদি গাভৰু হ’ল তেনে সিও ডেকা হ’ল৷ তাৰো নাকৰ তলত দুই-এডাল দাড়ি ফুটিছে৷ মাকৰ মাতত তাৰ তন্ময়তা ভাগে, জলপানৰ টোপোলাটো লৈ, ঐনিতমৰ কলি এটি গুণগুণাই সি পথাৰলৈ খোজ ধৰে৷

নদীৰো আছে দুখৰ সেমেকা ৰাতিঃ
ঐণাই ভালকৈ জানে নিপাঙৰ মনৰ কথা! লাইকু অবিহনে নিপাঙৰ জানো কিবা অস্তিত্ব আছে!! আৰু নিপাঙৰ অবিহনে…! তাই আৰু ভাবিব নোৱাৰে৷ এৰা সুঁতিটোৰ কাষৰ টিঙনাটোত তাই বহি পৰে৷ নিপাঙ তোক মই জীয়াই ৰাখিম! মোৰ বুকুৰ উমেৰে তোক জীয়াই ৰাখিম৷ লুইতৰ আকাশত জিলিকি থকা অচিনা-অজানা তৰাবোৰলৈ চাই তাই নিজকে প্ৰবোধ দিয়ে৷ সীমাহীন দুখৰ মাজতো সুখ আজুৰি জীয়াই থকা ঐণাই ভালকৈ বুজে এই দুখৰ গভীৰতা৷ তাই জানে তাইৰ সমান নিপাঙক কোনেও ভাল পাব নোৱাৰে৷ ব’হাগ বিহুত তাৰ বাবেই তাই তাঁতৰ পাতত বহে৷ চকুৰ পানীৰে ভমকাফুলীয়া ফুল বাছে৷ লাইকুলৈ তাইৰ হিংসা লাগে৷ কিন্তু তাইৰ লগত তাইৰ মৰমৰ নিপাঙ সুখত থাকিব, ইয়াতকৈ সুখৰ কথা সহজ-সৰল ঐণাৰ বাবে আন কি হ’ব পাৰে! লুইতপাৰৰ আবেলিবোৰত, আন্ধাৰবোৰত ঐণাৰ বুকুত শব্দহীন কাবান বাজে৷

দেওলগা নদীত বুৰ গ’ল এচেৰেঙা ৰ’দঃ
নদীৰ মানুহ বাধাহীন, মুকলি বিহংগমৰ দৰে৷ লুইতপাৰত লাইকুৱে সোলোকাই পেলালে গাভৰু বসন৷ নিপাঙৰো লাজ নদীয়ে কাঢ়ি ল’লে৷ মিচিং গাঁওখনত আগতে নোলোৱা কথাবোৰ ওলাল৷ সি মাকৰ মুখে মুখে ধৰিব পৰা হ’ল- ’লাইকুৰ কথা বেয়াকৈ নক’বি কিন্তু ক’ৰবালৈ গুচি যাম!’ লুইতপাৰৰ কাহিনীবোৰ চুবুৰি-তিনিআলিৰে সৰকি গৈ আকাশে-বতাহে মিলি গ’ল৷ লাইকুক ঘৰৰ মানুহে বাহিৰ ফুৰিবলৈ নিদিয়া হ’ল৷ ’ঘৰৰ বাইজ হ’লে ভৰি কাটি দিম!’- লাইকুৰ বাপেক সিংহৰ দৰে গৰজি উঠে৷ তথাপি লাইকু যায়, লাইকু আহে৷ তাইৰ চেনেহৰ ’জংকী’ক এবাৰ মাথোঁ লগ পাবলৈ তায়ো হৈ উঠিব পাৰে ’পানৈ’৷ বাপেকৰ ৰঙা চকু, লৌহ দুহাতেও নিপাঙৰ পৰা তাইক দূৰৈত ৰাখিব নোৱাৰে৷ লুইতৰ পাৰাপাৰহীন বালিত যোৰপতা খোজ সিঁচি সিহঁত আগবাঢ়ে৷
লাইকু বোলে চহৰলৈ যাব! ঐণাই আনি দিয়া বাতৰিটোৱে নিপাঙৰ নিজস্ব পৃথিৱীখনত এটা প্ৰচণ্ড বিস্ফোৰণ ঘটাইছিল৷ যন্ত্ৰণাক্লিষ্ট মানুহৰ দৰে তাৰ বুকুখনে কেঁকাই উঠিছিল৷ তাৰ আৰু বুজিবলৈ বাকী নাথাকিল- এয়া লাইকুক তাৰ পৰা আঁতৰোৱাৰ এক গভীৰ ষড়যন্ত্ৰ৷ লাইকু চহৰলৈ যোৱাৰ আগদিনা নিপাঙ ৰাতি বাৰ বজাত মনে মনে সিহঁতৰ ঘৰলৈ গৈছিল৷ মুকলি আকাশৰ তলত, বুকুৰ ভাষাৰে কথা পতা লাইকুক এনেকৈ চোৰৰ দৰে লগ ধৰিবলৈ আহি তাৰ অলপো ভাল লগা নাছিল৷ প্ৰথমবাৰৰ বাবে নিপাঙে লাইকুৰ বুকুত মূৰ থৈছিল৷ সৰু ল’ৰাৰ দৰে সি ফেঁকুৰি উঠিছিল৷ লাইকুৱে তাক অভয় দিছিল- ’তই চিন্তা নকৰিবি, চহৰলৈ গৈ মই বহুত ডাঙৰ ছোৱালী হৈ তোৰ কাষলৈ উভতি আহিম!’ নিপাঙে তাইক বিশ্বাস কৰিছিল৷ দুখন মৌ হৃদয়ত একেলগে উথলি উঠিছিল এখন বিষাদৰ নৈ! পুৱতি নিশা সিহঁতে আৱিষ্কাৰ কৰিছিল এখন অবিনশ্বৰ বিশাল বোৱতী নৈ, যিখন নৈ বৈ আছে নিপাঙৰ বুকুৰ পৰা লাইকুৰ বুকুলৈ৷ নিপাঙ নদী হৈ উঠিছিল- ’লাইকু, তই যাগৈ, তই ডাঙৰ ছোৱালী হৈ উভতি নহালৈকে মই তোৰ বাবে বাট চাম৷’ পিছলৈ এবাৰো ঘূৰি নোচোৱাকৈ লাইকু আঁতৰি গৈছিল৷ এক ভয়ানক চেঁচাই আৱৰি ধৰিছিল তাৰ বুকুৰ চৌপাশ৷ হিমচেঁচা বুকুখন বহু কষ্টৰে কঢ়িয়াই নিপাঙ উভতি আহিছিল৷ লাইকু ডাঙৰ ছোৱালী নোহোৱালৈকে সি যন্ত্ৰণাৰ দিন কটাব, তাৰ পিছতেই সুখ, মাথোঁ সুখ!
নদীক ভালপোৱা মানুহে জীৱনটোকো ভাল পাব জানে৷ লাইকু এদিন ডাঙৰ হৈ ঘূৰি আহিব- সেই আশাতেই নিপাঙ মৰি মৰি জী উঠিছিল৷৷
লুইতৰ মৰুময় বালিত নিপাঙে খেপিয়াই চাইছিল লাইকুৰ চকু-মুখ-বুকু৷ নিপাঙৰ কৰুণ বাঁহীৰ সুৰে হুৰাহুৰে কন্দুৱাইছিল ঐণাক৷ লুইতৰ দেওলগা পকনীয়াই নিপাঙলৈ ৰ লাগি চাইছিল৷ মাজে মাজে সি পগলাৰ দৰে চিঞৰি উঠে- ’নাই, নাই, ইয়াত নদী নাই, আছে মাথোঁ এজাক ডেউকা ভঙা বতাহ!!
লাইকুক ঘোঁৰা গাড়ী এখনত উঠাই গাঁৱলৈ লৈ অনা হৈছিল৷ ৰেলে দুচেওকৈ কটা লাইকুৰ মৃতদেহটো গাঁওখনৰ বাবে একো আচৰিত হ’ব লগা ঘটনা নাছিল৷ নৈপৰীয়া মিচিং গাঁওখনৰ বাবে মৃত্যু এক প্ৰাত্যহিক সংবাদ৷ আজি বোলে নদীয়ে নিলে, কালিলৈ বোলে হাইজা, মৃত্যুও যে মানুহৰ বাবে ইমান সহজ-সৰল হ’ব পাৰে ভাবিলে আচৰিত লাগে৷ নিপাঙে লাইকুৰ মৰাশটো হেঁপাহ পূৰাই চাইছিল৷ কলিজাৰ কঁৰাল বন্ধা গোটা তেজবোৰৰ মাজত সি তাৰ আধৰুৱা ঘৰখনৰ ছবি আঁকিছিল৷ মৰা মানুহৰ লগত সি নদীদেশৰ কথা পাতছিল-

: জাননে লাইকু, তোৰ গাৰ পৰা তেজ ওলাওঁতে মোৰ মৰি থাকিবৰ মন গৈছিল৷ তোৰ বগা কৰঙন দুটাত চুমা খাই দিবলৈ মন গৈছিল, লুইতৰ বুকুত জঁপিয়াই দিবলৈ মন গৈছিল৷

আজিকালি বাঁহীৰ যাদুকৰী মূৰ্ছনাৰে ডাকচাপৰিৰ আবেলিক জীপাল কৰি তুলিবলৈ নিপাঙ লুইতৰ পাৰলৈ নাহে৷ মায়া-মোহ নথকা এখন পৃথিৱীত জীয়াই থকাৰ সংগ্ৰামী আখৰাত সি এতিয়া ব্যস্ত৷ জীৱনৰ প্ৰতি তাৰ কিবা নিৰ্মোহ ভাৱ আহে৷ আনকি তাৰ বুকুৰ এফাল লুইতৰ প্ৰতিও নাই তাৰ দুৰ্বাৰ আকৰ্ষণ৷ সি অনুভৱ কৰে তাৰ বুকুৰ পৰা ক্ৰমশঃ হেৰাই গৈছে সেই সুৰীয়া নদী, যিখন নদী যৌৱনৰ দোকমোকালিতে তাক উপহাৰ দিছিল লাইকুৱে৷ এটা ভয়ানক পিশাচে তাৰ মূৰৰ আকাশখন কাঢ়ি লৈ গ’ল৷ নিৰুত্তাপ একুৰা জুইত জাহ গৈছে তাৰ নদীৰ কলিজা৷ তাৰ জকজকীয়া কামিহাড়বোৰে দুখৰ ভাৰ সহিব নোৱাৰি যন্ত্ৰণাত কেঁকাই উঠিছে৷ প্ৰচণ্ড চাবুকৰ কোবত তাৰ গাৰ পৰা চপৰা-চপৰকৈ খহিছে মঙহ৷

নদীৰ পাৰত মোৰ ঘৰ

তাইৰ বুকুত মোৰ ঘৰঃ

নিপাঙ, তোৰ লাইকু বহুত ভাল, বহুত৷ তোৰ নিচিনা ভাল৷
প্ৰথমবাৰৰ বাবে লাইকুক কোনোবাই ভাল বুলি কোৱা শুনি নিপাঙ উচপ খাই উঠিল৷

: নিপাঙ, তোৰ লাইকু বহুত ভাল, ব-হু-ত৷ তোৰ লাইকু কেতিয়াও বেশ্যা হ’ব নোৱাৰে৷ তোৰ লাইকু তোৰ বাবে ক’ৰবাত নহয় ক’ৰবাত ৰৈ থাকিব৷ বিশ্বাস কৰ, তোৰে শপত!

: ঐণা তই!!!

ৰঙাকৈ হেলনীয়া বেলিটো পশ্চিমলৈ খহিছে৷ নিপাঙৰ বাঁহীৰ সুৰত গাঁৱৰ পদূলিত দামুৰি ডিঙিৰ টিলিঙা বাজিছে৷ বাঁহীয়ে হাঁহিছে, ঐণাই হাঁহিছে, নদীৰ গতিৰে গাঁৱৰ পঁজালৈ খৰকৈ নামিছে জোনাক৷
লুইতৰ হাঁহিঃ

আপোনাৰ দৰেই মোৰো উৎসুকতা থাকি গ’ল চহৰীয়া পৃথিৱীত এনে কি দুৰ্ঘটনা ঘটিল যাৰ বাবে নদীৰ জীয়ৰী লাইকুৱে আত্মহননৰ দৰে মাৰাত্মক পন্থা হাতত ল’ব লগা হ’ল!! মোৰ সকলো প্ৰশ্নৰ উত্তৰ নিয়াৰিকৈ দিয়া ’মই’ চৰিত্ৰটিয়ে অতি চতুৰতাৰে এই বিষয়ত মৌনতা অৱলম্বন কৰিলে৷ সেই খেয়ালী মনৰ যাযাবৰী যুবকজনক মোৰ গাঁৱলৈও সাদৰেৰে আমন্ত্ৰণ জনাইছিলোঁ৷ মই তেওঁক আঙুলিয়াই দিছিলোঁ মোৰ ঘৰৰ কাষেদি বৈ যোৱা মোৰ প্ৰাণৰ- মৰনৈক৷ প্ৰাপ্তিৰ হাঁহি বিৰিঙাই তেওঁ মোৰ মুখলৈ চাই ৰৈছিল৷ হয়তো তেওঁৰ দিনহীন-ৰাতিহীন যাত্ৰাৰ অৱসান ঘটিছিল৷ সুদূৰ এটা পৰিক্ৰমাৰ অন্তত তেৱোঁ গৰাকী হ’ল এখন ৰহনীয়া নদীৰ৷ সেই বাবেই মোৰ আকুল আহ্বানক নেওচি তেওঁ গুচি গ’ল৷ বিদায়ৰ পৰৰ কৰুণ ক্ষণত তেওঁ মোৰ শূন্য দুহাতত তুলি থৈ গ’ল – “লুইতৰ হাঁহি৷“

(মিচিং শব্দ
কাবান: – শোকগীত৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments