লুছাই পাহাৰৰ এটা ঘৰৰ সন্ধান – কঞ্জলোচন পাঠক

 

ইমান ধুনীয়া এইখন গাৰ্ডেন থকা বুলি আমি আগতে কিয় শুনা নাছিলোঁ? অপৰিচিত পাহাৰীয়া স্কুল গছ এজোপাৰ ফুলবিলাক চুই চুই নিবেদিতাই কৈ উঠিল৷

: সমগ্ৰ লুছাই পাহাৰেই এখন গাৰ্ডেন৷ সেয়ে কৃত্ৰিম গাৰ্ডেনৰ ইয়াত মান নাই৷ সেয়ে লুংলেই পাংপাৰ হুৱানৰ নাম আমি শুনা নাছিলোঁ৷

: এয়া কি ফুল৷ কিমানযে ধুনীয়া! ইমান হালধীয়া৷

কিন্তু অঞ্জনৰ পৰা এইবাৰ একো উত্তৰ ভাঁহি নাহিল৷ দোলনা দুখনৰ লগত ব্যস্ত উৎফুল্ল মিজো শিশুকেইটিলৈ চাই সি হুমুনিয়াহ এটা কাঢ়িলে —- নাই, তেনে শিশু এটিক সিহঁতৰ জীৱনলৈয়ো মাতি আনিবলৈ আৰু কিছু সময় সিহঁতে অপেক্ষা কৰিব লাগিব৷

: কি ভাবি আছা তুমি৷

: হুঃ নাই, ক’ত কি ভাবিলোঁনো? অ’ সেই মানে ভাবিছোঁ নীলোৎপলক ফোন কৰি আকৌ এবাৰ ঘৰৰ কথাটো সোধোঁ নে নোসোধো৷

: কিন্তু কিয়৷ চৌধুৰীদাই ঘৰটো নহ’ব বুলি ক’লে নেকি৷ কিন্তু তেওঁতো ফোন কৰা নাই৷ এছ এম এছ দি ক’লে নেকি তেওঁ? চাওঁ চাওঁ! —- ফুলৰ গছজোপা এৰি চকুত আতংক লৈ নিবেদিতাই ঢপলিয়াই আহিল৷

: নহয় অ’ আঁকৰীজনী৷ চিধাই একদম বেয়াটো ভাবা৷ মানে এটাতকৈ দুটা ৰাস্তা খোলা থাকিলে বেছি নিৰাপদ আৰু সেই কাৰণেই …….

: বুজিছা চৌধুৰীদাই এই নিলোৎপলক কিবা চকুৰ কোণেৰেও দেখিব নোৱাৰে৷ সিদিনা যে ক’লে —- মোৰ যে কি হাঁহি উঠিছিল, মিজোৰামত মদ বন্ধ বাবে নীলোৎপলে নিজেই চাউলৰ মদ বনাই খায়৷ কিযে কথা! দেখাত নিলোৎপলক তেনেকুৱা কিন্তু নালাগে৷ নহয়, আৰু ইমান কম কথা কয়, শুনা চৌধুৰী দাক আকৌ এবাৰ ট্ৰাই কৰি চোৱানা৷

: কিমানবাৰ চাম আৰু! কেৱল এনগেজড্, এনগেজড্৷ কি বা ইমান ব্যস্ততা ভগৱানেহে জানে! এইফালে অফিচটোত টেবুল-চেয়াৰেই নাই৷ ব’লা, সেই প্লেটফৰ্মখনতেই উঠোগৈ৷ তাৰ পৰা গোটেই লুংলেই দেখা পাবা৷

: পূজাৰ চান্দা কালেকচনত ব্যস্ত আছে নেকি তেওঁ৷ ধন ভঁড়ালী নহয় জানো কমিটিৰ! ঘৰটো ঠিক হ’লে এহাজাৰ টকা চান্দা দি দিবা বুজিছা৷ শুনা শুনা, চৌধুৰীদাৰ বাইদেউক কিবা উদাস উদাস যেন লাগে, নহয়নে৷

: অ’ হয় নেকি! মই অৱশ্যে লক্ষ্য কৰা নাই৷

: হয়তো, কিয়নো নহ’ব৷ ঘৰৰ পৰা ইমান দূৰত এই অটব্য পাহাৰৰ মাজত মানুহ ইমান উদাস হ’বই৷ অহা তিনি বছৰত ময়ো যদি তেনেকুৱা হৈ যাওঁ৷ প্ৰশ্নটো সুধি অঞ্জনৰ হাতদুখনত আকুলভাৱে খামুচি ধৰিলে নিবেদিতাই৷

উত্তৰত অঞ্জনে একো নকৈ নিবেদিতাৰ চকুলৈ চাই মুখেৰে বিভিন্ন অংগী – ভংগী কৰিলে আৰু শেষত জোৰেৰে তাইৰ গালত চিকুটি দিলে৷

: আই ঔ মৰিলোঁ মই৷ দাগ বহিল গালত৷ উস্, দাগ বহিল যদি নেৰিছোঁ আজি কিন্তু তোমাক৷ আহা ব’লা প্লেটফৰ্মখনলৈ৷

হাতত ধৰাধৰি কৰি দুয়ো প্লেটফৰ্মখনলৈ আগবাঢ়িল৷

: আস্ সঁচাকৈ কিমান ধুনীয়া, সঁচাকৈ কিমান ধুনীয়া! কেতিয়াও মই দেখা নাই পাহাৰৰ এনে সৌন্দৰ্য্য….৷

লানি নিছিগা নীলাভ পাহাৰবোৰলৈ চাই নিবেদিতা শিশু এটিৰ দৰে উল্লাসিত হৈ পৰিল৷ তাইৰ সন্মুখৰ বিশাল খাদটোৰ সেইফালে সেয়া লুংলেই চহৰৰ আনটো অংশ৷ বিশাল পাহাৰ এখনৰ কোলাত বহি থকা মধ্যমীয়া আকৃতিৰ পাহাৰ এখনত বিস্তৃত লুংলেই চহৰ৷ পাহাৰখনৰ সৰ্বত্ৰ জুইশলা বাঁহৰ দৰে অগণন ঘৰেৰে গুঁঠা৷

সন্ধিয়া সেই ঘৰবোৰত বিজুলী বাতিবোৰ যেতিয়া জ্বলি উঠে তেতিয়া তৰা গুঁঠা আকাশখন যেন সেই পাহাৰলৈ নামি আহে৷

পাহাৰবোৰলৈ কেইটামান মুহূৰ্ত চাই থাকি লাহে লাহে নিবেদিতা জঁই পৰি গ’ল৷ মুখমণ্ডলত উজ্জ্বলি উঠা আনন্দানুভূতিখিনি লাহে লাহে অদৃশ্য হৈ পৰিল৷ পাহৰবোৰৰ প্ৰতিটো অংশকে চেলেকি অস্থিৰ হৈ পৰা তাইৰ কোবাল দৃষ্টি অজান ক’ৰবাত আছাৰ খাই নিঠৰ হৈ পৰিল৷ তাই অস্ফুট স্বৰেৰে কৈ উঠিল- এয়া লুংলেই, লুংলেইৰ পৰা আইজল বাৰ ঘণ্টা সৰ্পিল ৰাস্তা৷ আইজলৰ পৰা গুৱাহাটী আৰু বিছ ঘণ্টা৷ আমি কিয় আহিলোঁ? ইমান দূৰলৈ আমি কিয় আহিলোঁ?

: সেয়াই সমস্যা৷ তোমালোক মহিলাবিলাকৰ লগত মানে ছোৱালীবিলাকৰ লগত সেয়াই সমস্যা৷ প্ৰথমে আশা, ….. তাৰ পাছত হতাশা৷ মোক চোৱা, মই তোমাৰ কথাখিনি কি ক্ৰমত ক’লোঁ হয়, এই লুংলেইৰ পৰা আইজল সৰ্পিল পথেৰে বাৰ ঘণ্টাৰ ৰাস্তা আৰু আইজলৰ পৰা গুৱাহাটী বিছ ঘণ্টা৷ আমি ইমান দূৰলৈ কিয় আহিলোঁ? কিয় আহিলোঁ? কিন্তু…. আহাঃ! এই পাহাৰবোৰ কিমান ধুনীয়া! কিমান বিউটিফুল! আস্ এয়া লুছাই পাহাৰ সৃষ্টিকৰ্তাৰ বাসস্থান! ‘য়ে হাসিন ৱাদিয়া, য়ে খোলা আস্মা, আগেএ হম কহাঁ, হে মেৰে জনেজা’, ‘ৰোজা’ ফিল্মখন মনত নাই? সেই গানটো৷ তুমি মধু, মই অৰবিন্দ স্বামী৷

শিশু এটিয়ে টিভিৰ পৰ্দালৈ চোৱাদি অঞ্জনে নিবেদিতাৰ মুখমণ্ডললৈ আকুলভাৱে চাই কৈ উঠিল, গাই উঠিল৷ সি ইতিমধ্যেই মোবাইলৰ কেমেৰাটো সক্ৰিয় কৰি লৈছিল৷ সি মোবাইলৰ মনিটৰত নিবেদিতাৰ মুখমণ্ডল আৱদ্ধ কৰি পেলালে৷ কপাহী কাপোৰে ৰং শুহি লোৱাৰ দৰে নিবেদিতাৰ মুখমণ্ডলে ইতিমধ্যেই খিলখিলিয়া হাঁহি এটি শুহি লৈছিল৷

‘খিছিটিক’ —– মোবাইলটোৱে চিঞৰি উঠিল আৰু নিবেদিতাৰ মুখমণ্ডলৰ চৌপাশ আৱৰি ধৰা হাঁহিটিৰে নিবেদিতাৰ মুখমণ্ডলৰ পাৰ্শ্বচিত্ৰ মোবাইলৰ মনিটৰত এখন্তেক স্থিৰ হৈ পৰি তাৰ পিছত আকৌ অস্থিৰ চলমান হৈ পৰিল৷ মোবাইলটোৱে তাৰ পিছত আকৌ এবাৰ চিঞৰি উঠিল —- ‘খিছিটিক’৷

: উস্ কিমান উঠাবা আৰু মোক?  পাহাৰবোৰ বৰ ধুনীয়া নহয়? সৃষ্টিকৰ্তাৰ বাসস্থান৷ উঠোৱা, পাহাৰবোৰৰ ফটো উঠোৱা৷

মিছা খঙৰ আৱৰণ মুখত সানি নিবেদিতাই কৈ উঠিল৷

: নাই সেই পাহাৰবোৰতকৈ তুমিযে অনেক ধুনীয়া৷ আটলাণ্টিকত চৰি ফুৰা আইচবাৰ্গৰ দৰে তুমি ধুনীয়া৷

: হৈছে হৈছে, থোৱা আৰু৷ তেলাব নালাগে৷

অঞ্জনৰ মোবাইলটোৱে আকৌ এবাৰ চিঞৰি উঠিল —-‘খিছিটিক’৷

: কাম-বন নাই আৰু হা?

: তুমি দেখোন জানাই, মই তোমাৰ অভিব্যক্তিবোৰৰ এখন এলবাম উলিয়াম৷ লুংলেইৰ তোমাৰ এই অভিব্যক্তিবোৰ সেই এলবামত আটাইতকৈ সত্য অভিব্যক্তিৰূপে চিহ্নিত হ’ব, আটাইতকৈ সত্য আৰু আটাইতকৈ প্ৰকৃত, আৰু পবিত্ৰ৷ অহা তিনি বছৰত তোমাৰ কিমানযে ভিন্ন ভিন্ন অভিব্যক্তি ইয়াত বন্দী হ’ব৷

: আৰু তোমাৰ?

: মোৰ! মোৰ কিয়?

অঞ্জনে চিত্ৰকৰৰ চিত্ৰৰ দৰে তাৰ সন্মুখত বিস্তৃত পাহাৰবোৰৰ দৃশ্য তাৰ মোবাইলৰ মনিটৰত বোঁৱাই আনিলে৷ পাহৰ, পাহাৰ আৰু মাথোঁ পাহাৰ, সৰু ডাঙৰ, ওখ, চাপৰ, সকলো আকৃতিৰ এখনে আনখনক হাতত ধৰি থকা, এখনে আনখনক চুমি থকা, এখনে আনখনক সাৱটি ধৰি থকা, ভেজা দি থকা, এখনে আনখনৰ লগত কথা পাতি থকা, প্ৰেমালাপ কৰি থকা—- বিভিন্ন ৰঙৰ পাহাৰ, সেউজীয়া, ঘন সেউজীয়া, নীলা, ঈষৎ নীলা, মটীয়া, ক’লীয়া আৰু উৎফুল্ল, উদাস, উদাসীন অথবা স্থিতপ্ৰজ্ঞ৷

অঞ্জনে মোবাইলটো আঁতৰাই খালী চকুৰে চৌপাশৰ দূৰ দিগন্তলৈ চালে৷ সি অসতৰ্ক অস্ফুট স্বৰেৰে কৈ উঠিল —– পাহাৰ, কেৱল মাথোঁ পাহাৰ আৰু ইয়াত তিনিবছৰ অজ্ঞাতবাস৷

পাহাৰবোৰৰ প্ৰতিটো অংশতে চুমি অস্থিৰ হৈ পৰা অঞ্জনৰ দৃষ্টিও হঠাতে পাহাৰবোৰৰ অজান ক’ৰবাত আচাৰ খাই নিঠৰ হৈ পৰিল৷ তাৰ মুখমণ্ডলত বিয়পি পৰা বিৰল উদাস সেই ভাবাৱেগে নিবেদিতাৰ বুকুলৈ কঢ়িয়াই লৈ আহিল এবুকু শংকা৷

: আ….. হা….. হা….. মিষ্টাৰ অঞ্জন শইকীয়া!

এতিয়া৷ এতিয়া৷ লওঁ মই তোমাৰ ফটো৷ এতিয়া মই বনাম তোমাৰ অভিব্যক্তিৰ এলবাম, দিয়া দিয়া, মোবাইলটো দিয়া…… —কণ্ঠত অনুযোগ আৰু আশ্বাসৰ অনুৰণন সানি মোবাইলটোত মৃদুভাৱে খামোচ মাৰি ধৰি নিবেদিতাই কৈ উঠিল৷ লগে লগে অঞ্জনৰ সম্বিৎ ঘূৰি আহিল৷ মূৰটো লৰাই লৰাই চকু-নাক কোঁচাই কোঁচাই সি গুণগুণালে—— ইস্ ইস্ কিনো হ’ল মোৰ! কিনো হ’ল৷ মোৰ ফটো ল’বা, ওঁ লোৱা৷

মোবাইলৰ কেমেৰাটো অঞ্জনে খপজপকৈ সক্ৰিয় কৰি নিবেদিতাৰ হাতত দিলে৷ তাৰ পিছত পাৰ্কত গোটখোৱা তাকৰীয়া মানুহখিনিলৈ আঁৰ চকুৰে চাই সি অদ্ভুত ভংগিমাত লোহাৰ ৰেলিঙত ভেজা দি থিয় দিলে৷ নিবেদিতাৰ হাঁহিৰ খিল্খিলনি আৰু কেমেৰাৰ ঢাকোন বন্ধ হোৱাৰ শব্দ সানমিহলি হৈ পাহাৰুৱা বতাহত ভাহি গ’ল৷ নাতিদূৰৰ মিজো শিশুকেইটিৰ হাঁহিৰ গুঞ্জনো পাহাৰৰ ওচৰৰ ক’ৰবাত ঠেকা খাই সেই শব্দৰ লগত মিহলি হৈ গ’ল৷

: বাঃ চোৱা কিমান তুমি হেণ্ডছাম!

: অ’ হয়ো, একদম চালমান খান৷

লুংলেইত মাত্ৰ এবছৰ আগতে সম্প্ৰসাৰণ কৰা অফিচটোত পাৰ্ছনেল মেনেজাৰ ৰূপত পদোন্নতি হৈ অহাৰ এই পঁচিশটা দিনৰ পিছত প্ৰথমবাৰৰ বাবে অঞ্জন আৰু নিবেদিতাই একেলগে হাঁহিলে৷

: বুজিছা, নিবেদিতা, মোৰ বিশ্বাস চৌধুৰীদাই আজিৰ ভিতৰতেই ঘৰটোৰ সম্বন্ধে ভাল খবৰ এটা দিব৷ মাথোঁ ধৈৰ্য্য ধৰা৷

: বছ, সেই খবৰটোৱেই মোক লাগে৷ বচ, সেই ঘৰটো হ’লেই হৈ গ’ল৷ আৰু মোক একো নালাগে৷ চাবা কেনেকৈ সজাম মই ঘৰটো৷ জানা, চব সুবিধাই আছে ঘৰটোত৷ তাতে চৌধুৰীদাৰ ঘৰৰ লগতেই আন ঘৰবোৰৰ দৰে এইটো ঘৰ শূন্যত ওলমি থকাৰ দৰে নহয়৷ বাকী ঘৰবোৰ যে! ভগৱান, ভূমিকম্প আহিলে কিযে হ’ব!

নিবেদিতাই কল্পনাপ্ৰৱণ হৈ পৰিল৷ চকু দুটা কোটৰৰ ভিতৰত অনৰ্গল তাইৰ নাচিলে৷ তাই পুনৰ কৈ উঠিল —– শুনা, অনিৰুদ্ধ চৌধুৰীক আমাৰ বাবে ভগৱানে আনি ইয়াত ৰখা যেন নালাগে তোমাৰ৷ তেওঁ নাথাকিলে কিযে হ’ল হয়! অসমীয়া মানুহ কিয় ইমান কম ইয়াত৷ পৰিয়াল লৈ চৌধুৰীদাই অকলে আছে নেকি৷

: আৰু আছে, আমি লাহে লাহে লগ পাম৷ কিন্তু নিবেদিতা ……৷

: কোৱা৷

: আমাৰ অসমীয়া মানুহবোৰৰ বিলাসপ্ৰৱণতাই বাহিৰত বৰ ডাঙৰ সমস্যা হৈ পৰে৷ য’লৈ যায় একেবাৰে ৰজাৰ দৰে থাকিবলৈ খোজে৷ অমল সৰকাৰ, মনীষ প্ৰসাদ, অলক চাহাৰ কথাই ভাবাচোন৷ এটা কোঠাতে ইমানদিনে কিমান ৰংমনেৰে আছে আৰু …….

: তুমি মোৰ ফালে আঙুলিয়াইছা নহয়, মোৰ ফালে আঙুলিয়াইছা!

: চোৱা ভগৱান, কি কয়৷ ক’ত তোমাক মই আঙুলিয়ালোঁ৷ মই এজ এ হোল অসমীয়া মানুহৰ কথাহে কৈছোঁ ……

: নোৱাৰোঁ বুজিছা, নোৱাৰোঁ৷ তেনেকৈ গাহৰিৰ দৰে মই থাকিব নোৱাৰোঁ৷ অ’ নোৱাৰে, কোনো অসমীয়া মহিলাই থাকিব নোৱাৰে৷ তুমি দহ বজাৰ পৰা পাঁচ বজালৈ অফিচতে থাকা৷ মইহে গোটেই দিনটো দেখোঁ সেই এপাল ল’ৰা-ছোৱালীৰ কোৰ্হাল, চুলিয়া-চুলি৷ পাঁৰো মই সেই দুজনীৰ দৰে পানীৰ বাবে কাজিয়া কৰিবলৈ৷ —–নিবেদিতাৰ মাতটো লাহে লাহে থোকাথুকি হৈ আহিল৷

: আই ঔ, আই ঔ! মোৰ আঁকৰীজনী, কন্দা বন্ধ, কন্দা বন্ধ৷ সেয়া কাপ্পু দুজনে চাবলৈ ধৰিছে, মই নুবুজোঁ নেকি মই নুবুজোঁ৷ তোমাৰ এই অঞ্জনে নুবুজে৷ নেফেকুৰিবা দেই, নেফেকুৰিবা, নহ’লে ল’লো মই আৰু এখন ফটো, এয়া ল’লোঁ…….

মোবাইলটোৱে আকৌ এবাৰ শব্দ কৰি উঠিল৷ অঞ্জনে এইবাৰ আবেগ বিহ্বলতাৰে কৈ উঠিল—– এয়া চোৱা, কেনেকুৱা ভূতুনী যেন লাগিছে৷ শুনা মই তোমাক জানো দুখ দিব পাৰোঁ৷ এই পঁচিশ দিনত দুটাকৈ ঘৰ বদলাইছোঁ৷ তোমাৰ সমস্যা হয় বুলিয়েতো বদলাইছোঁ৷ মই জানো নুবুজোঁ৷ হয়তো প্ৰথম ঘৰটোত পানীৰ কিমান সমস্যা, তাতে আকৌ ঘৰটো শূন্যত কিবা ওলমি থকাৰ দৰে, ভূমিকম্প আহে বুলি ভয় লাগে জানা, দ্বিতীয় ঘৰটোত মালিকৰ ড্ৰাগ এডিক্ট পুতেকজনে তোমাক খাওঁ-খাওকৈ চায়, মোৰ নিজৰো কিমান ভয় লাগিছিল৷ অফিচে দিয়া কোঠাটোলৈকে অৱশেষত উভতি আহিলোঁ৷ কিন্তু কি হ’ব—– দুৰ্ভাগ্য, কাষত থাকিল কৰ্মকাৰ আৰু ঝা৷ খটাসুৰ যেন এপাল ল’ৰা-ছোৱালী, মাক দুজনী হ’ল পুতনা৷ সেই কোঠাটোত আমাৰ উমৈহতীয়া অসুবিধাৰ কথা তুমি নাজানা নেকি৷ তক্তাৰ মজিয়া, ৰাতি গোটেই ঘৰটো কঁপে৷ খটাসুৰকেইটাই জুমিবলৈ ৰন্ধ্ৰ বিচাৰি ঘুৰ্মুটিয়াই ফুৰে৷ সেয়া চোৱা নিবেদিতা, সেয়া চোৱা, মেঘবোৰ চোৱা, তোমাৰ গুৱাহাটীত দেখা পাবা এই দৃশ্য৷

অঞ্জনে আঙুলিওৱা দিশলৈ নিবেদিতাই উদাসীনভাৱে চালে—– পছিম আকাশৰ মেঘৰ ফাঁকেৰে নিৰ্গত আবেলিৰ সূৰ্যৰ কিৰণে দূৰৰ কৃষ্ণাভ পাহাৰবোৰৰ একাংশ উজলাই তুলিছে, যেন আকাশৰ পৰা কোনোবাই পাহাৰৰ সেইটো অংশত বৃহৎ টৰ্চ এটাৰ পোহৰহে পেলাইছে, সেই পাহাৰবোৰৰ মাজৰ দুখন পাহাৰত এনেয়ে মণিব নোৱাৰা দুশাৰী নিৱাসেৰে সেয়া দুখন মিজো গাঁও৷ ঘৰবোৰৰ টিনৰ চালবোৰ সূৰ্য্যৰ সেই পোহৰত বালিচন্দাৰ দৰে জিলিকি উঠিছে আৰু নাতিদূৰৰ সৌখন পাহাৰৰ মূধচত সৃষ্টি হৈছে মেঘৰ খেলা, পাহাৰখনৰ আনটো ফালৰ পৰা ফিচকাৰীৰ পৰা ওলোৱাৰ দৰে ডাৱৰ এইটো ফাললৈ সোমাই আহিছে৷ মেঘৰ ফাঁকেৰে সৰকা সূৰ্য্যৰ সেই কিৰণে ডাৱৰবোৰৰ বক্ষত ক্ৰমশঃ আঁকিব ধৰিছে একাংশ ৰামধেনু; প্ৰতিটো মুহূৰ্ততে ডাৱৰবোৰৰ ব্যাপ্তি বাঢ়িছে আৰু তাৰ লগে লগে প্ৰতিটো মুহূৰ্ততে ৰামধেনুখনৰো দৈৰ্ঘ্য বাঢ়িব ধৰিছে, অ’ত-ত’ত ৰামধেনুখনৰ ৰংবোৰ উজ্জ্বল আৰু অ’ত-ত’ত ৰামধেনুখনৰ ৰংবোৰ অনুজ্জ্বল……..৷

নিবেদিতাৰ মুখেৰে অস্ফুট স্বৰেৰে শব্দ দুটা উচ্চাৰিত হ’ল—– ‘মোৰ ভগৱান! ’ তাইৰ কণ্ঠধ্বনিত ৰামধেনুখন ভাগি যোৱাৰ ভয়তেই যেন তাই অঞ্জনৰ কঁকালত আঙুলিৰে হেঁচুকি ফুচফুচাই উঠিল—– ৰেকৰ্ড কৰা, ৰেকৰ্ড কৰা!

কিন্তু অঞ্জনৰ মোবাইলৰ মনিটৰত বিৰল সেই দৃশ্য ইতিমধ্যেই জলমলাইছে৷ কিন্তু দুটামান ছেকেণ্ড পিছতেই মোবাইলটোৱে গুণগুণাই উঠিল আৰু প্ৰাকৃতিক সেই দৃশ্যৰাজিৰ সলনি দুটা ইংৰাজী শব্দ মনিটৰত জিলিকি উঠিল—- চৌধুৰীদা কলিং৷

: কাৰ ফোন, কাৰ ফোন৷ চৌধুৰীদাৰ হ’বই লাগিব৷ ধৰা না বেগতে, কি চাই আছা? উস্ মোক দিয়া৷ —- নিবেদিতাই অঞ্জনৰ হাতৰ পৰা মোবাইলটো থপিয়াই আনিলে৷

: হেল্ল’, চৌধুৰীদা৷ অ’ চৌধুৰীদা, মই নিবেদিতাই কৈছোঁ৷ ভালনে আপোনাৰ?

অঞ্জনৰ দৃষ্টি ৰামধেনুখনে পুনৰ কাঢ়ি ল’লে৷ ক্ৰমশঃ ৰামধেনুখনৰ দৈৰ্ঘ্য বাঢ়িছে, ক্ৰমশঃ ডাৱৰবোৰৰ ব্যাপ্তি বাঢ়িছে, পাহাৰৰ নিম্নাংশলৈও ব্যাপ্তি হ’বলৈ ধৰিছে ডাৱৰবোৰ৷ লুংলেই পাংপাৰ হুৱানৰ সেই নিৰ্জনতাৰ বুকুত স্পিকাৰ ফোনত বাজি উঠা অনিৰুদ্ধ চৌধুৰীৰ গুৰু-গম্ভীৰ কণ্ঠস্বৰ ৰজঞ্জনাই উঠিল——অ’ মোৰ ভাল৷ তোমালোকৰ?

: ভাল, মানে ঠিকেই আছোঁ আৰু৷ এই অকণ ফুৰিবলৈ আহিছোঁ, ছেকেণ্ড ছেটাৰডেও আছিলতো৷ এই গাৰ্ডেনখনলৈ আহিছোঁ, কি নাম—– অ’ কিবা যে পাংলাৰ পাণ নে কি, অঁ তালৈ৷ জানেইটো এই ৰূমটোত মোৰ দমবন্ধ হয়, ভগৱান, কি যে পৰিবেশ! আপুনি দেখি গৈছেই৷ দাদা, কওক না, ঘৰটোৰ কথাটো কি হ’ল?

: এই অনিৰুদ্ধ চৌধুৰীয়ে দায়িত্ব লোৱাৰ পিছতো চিন্তা কৰি আছা? তোমালোকো যে!

: নহয়, মানে ইচ্ ৰাম৷ মানে আমি বুজিব পাৰিছোঁ৷ কিন্তু আমি যেনেদৰে থাকিব লগা হৈছে চিন্তা হ’বই দিয়কচোন৷ মানে ঘৰটো তেতিয়াহ’লে কনফাৰ্ম হৈ গ’ল আৰু৷

: এস্ সিদিনা মই দায়িত্ব লোৱাৰ লগে লগেই কনফাৰ্ম হৈ গৈছিল৷

: অহ্ কিমান ভাল লাগিছে জানে নে? কিমান ভাল লাগিছে!

: বুজিছা, মই হাতত লোৱা কাম আজিলৈকে নোহোৱাকৈ থকা নাই৷ ঘৰ এটাতো সামান্য কথা৷ তুমি কি বুজিবা, ঘৰৰ মালিক কাপ্পিজনীয়ে মোৰ মতেই চলে৷ হৈ গৈছে৷ মই পূজাৰ কালেকচনৰ কামত খুউব ব্যস্ত, ফোন কৰোঁ কৰোঁ বুলি গোটেই দিনটো সুৰুঙাই উলিয়াব পৰা নাছিলোঁ৷

: অ’ চৌধুৰীদা, থেংক ইউ ছ’ মাচ্চ, থেংক ইউ ছ’ মাচ্চ৷ শুনিলা, ঘৰটো হৈ গ’ল! —— নিবেদিতাই উত্তেজিতভাৱে অঞ্জনলৈ চালে৷ অঞ্জনৰ দৃষ্টি ডাৱৰবোৰত আৱদ্ধ৷

: তুমি কি মানুহ, সঁচাকৈ তুমি কি মানুহ …….

: কি হ’ল মই শুনি আছোঁতো৷ —-অপ্ৰস্তুত হাঁহি এটি মাৰি অঞ্জনে নিবেদিতালৈ চালে আৰু উচ্চস্তৰত ক’লে —– এহ্ চৌধুৰীদাই কামটো লওঁতেই মই গম পাইছিলোঁ আমাৰ সমস্যাৰ অন্ত পৰিব বুলি৷ মই কিবা মানুহ চিনি নাপাওঁ নেকি? তোমাক মই কৈ থকা নাই নেকি? অ’ চৌধুৰীদা, আপোনাক কেনেকৈ ধন্যবাদ দিওঁ ভাবিব পৰা নাই? কিমান ডাঙৰ সমস্যা এটাৰ পৰা উদ্ধাৰ কৰিলে আপুনি! মইতো প্ৰমোচন ৰিজেক্ট কৰি টোপোলা বান্ধো বুলিয়েই ভাবি আছিলোঁ৷

অকস্মাৎ হাঁহিৰ ঢেকঢেকনিৰে মোবাইলটো কঁপি উঠিল—– হে হে হে! সামান্য থকা ঠাইৰ সমস্যাৰ বাবে প্ৰমোচন ৰিজেক্ট কৰি টোপোলা বান্ধিবলৈ ওলাইছিলা? কি কোৱাহে, ইমান দুৰ্বল হ’লে কেনেকৈ হ’ব? সবল হ’ব লাগিব৷ কিমান ডাঙৰ ডাঙৰ সমস্যা আহে জীৱনলৈ, কিমান ডাঙৰ সমস্যা আহে!

: কিন্তু চৌধুৰীদা, থকা ঘৰটো বহুত ডাঙৰ কথা৷ আপুনি কেনেকৈ বুজি পাব, যি সুন্দৰ ঘৰত আছে আপুনি……

: হ’ব দিয়া, এতিয়া তোমালোকেও সুন্দৰ ঘৰলৈ আহিবা৷ তথাপিও কওঁ জানা, চব আচলতে মনৰ কথা৷ মন ভালে থাকিলে চব ভাল৷ কি সুন্দৰকৈ আমি দুয়ো কটালোঁ ইয়াত আঠ বছৰ, বিন্দাস্, ন’ টেনচন৷ বুজিছা, ইয়াৰ এই লোকেলবোৰো বিন্দাস্ মানুহ, ন’ টেনচন, হাঃ …… হাঃ …….. হাঃ ……..

নিবেদিতাৰ হাতৰ তলুৱাত থকা মোবাইলটো আকৌ এবাৰ হাঁহিৰ ঢেকঢেকনিত কঁপি উঠিল৷

: অ’ চৌধুৰীদা, দেখিছে, মই সোধাই নাই, বাইদেউৰ ভালনে?

: বাইদেউ৷ অ’ ভাল ভাল৷ সৌৱা তেখেত শুই আছে৷ মাতিম নেকি৷ ৰীণা অ’ ৰীণা ………

: চৌধুৰীদা, প্লিজ শুবলৈ দিয়ক না, মাতিব নালাগে, একো নহয়৷ চৌধুৰীদা, কথা এটা সোধোঁ —— আমি মানে ঘৰটোলৈ কেতিয়ালৈ ছিফ্ট কৰিব পাৰিম৷

: ছিফ্ট৷ কাইলৈয়ে পাৰিবা৷ বুজিছা, কাইলৈয়ে পাৰিবা৷ ৰবিবাৰো নহয় কাইলৈ৷

: কাইলৈ!

নিবেদিতাই আনন্দত চিঞৰি উঠিল৷

: অ’ কাইলৈয়ে পাৰিবা৷ তথাপিও মই পাক্কা খবৰ কাইলৈ ন মান বজাত দিম৷ মানে ঘৰৰ মালিক আজি ক’ৰবালৈ গৈছে৷ তোমালোকে পেকিং-ছেকিং অলপ-অচৰপ কৰি থ’বা আৰু!

: কিমানযে ভাল লাগিব৷ ৰক্ষা আৰু! ——

নিবেদিতাই অঞ্জনক খামুচি ধৰিলে৷

আকৌ এবাৰ হাঁহিৰ ঢেকঢেকনিৰে মোবাইলটো মুখৰ হৈ পৰিল৷ অঞ্জনে দেখিলে ৰামধেনুখন অদৃশ্য হৈ পৰিছে আৰু ডাৱৰবোৰে যেনি-তেনি পিয়াপি দি ফুৰিব ধৰিছে৷ ডাৱৰবোৰৰ এটা অংশ পাহাৰৰ তলৰ বিশাল খাদটোত এখন নদীৰ দৰে বিয়পি পৰিছে৷ মেঘৰ ফাঁকেৰে নিগৰা সূৰ্য্যৰ প্ৰত্যক্ষ কিৰণখিনি স্থানচ্যুত হৈছে আৰু মিজো গাওঁ দুখন নমনা হৈ পৰিছে৷ অঞ্জনে দৃষ্টি ঘূৰাই আনি মোবাইলটোলৈ চাই সুধিলে——- চৌধুৰীদা, নীলোৎপলক আকৌ ঘৰৰ কথা কৈছিলোঁ৷ মানা কৰিম তেনেহ’লে৷

: সেই মদাহীটোক পুনৰ ঘৰৰ কথা কৈছিলা৷ সি বিচাৰি দিয়া ঘৰত এবাৰ থাকি আহিছা৷ শিক্ষা হোৱা নাই নহয়৷ হ’ব দিয়া তাকেই কোৱা৷ ……..মই বাদ দিলোঁ তেনেহ’লে৷

অত্যন্ত তৎপৰতাৰে চকু থিয় কৰি অঞ্জনলৈ চাই নিবেদিতাই ফুচফুচালে—— তুমি কিযে! সচাই মানে কি যে…….

তাৰ পিছত তাই ফোনটোলৈ চাই কৈ উঠিল ——- ওহোঁ, বেয়া নাপাবা দেই চৌধুৰীদা৷ মানে জানেইতো খেৰ-কুটাকে বাৰে বাৰে কেতিয়াবা আশ্ৰয় কৰিব লগা হয়তো, সেয়েই আৰু৷ তেতিয়া হ’লে চৌধুৰীদা, আমি আজিয়েই পেকিং-ছেকিং কৰি থ’ম৷

: অ’ কৰিবা৷ কিন্তু মই ফোন নকৰালৈকে ওলাই নাহিবা আকৌ৷ আচ্ছা এটা কথা, চান্দাৰ কথাটো নাপাহৰিবা৷ মই আকৌ ধন ভড়ালী নহয়! মেইন মানুহ৷ ভালকৈ পূজাটো হৈ গ’লে আমাৰে সন্মাম আৰু ………  :

একদম একদম, মই এহেজাৰ টকা এই জেপত ৰাখিয়েই থৈছোঁ৷ ——অঞ্জনে ফোনটো হাতত লৈ এইবাৰ আটাহ পাৰি উঠিল৷

: বেয়া নাপাবা আকৌ৷

: ইস্! কিযে কয়, আপুনি কিযে কয়! —— নিবেদিতা আৰু অঞ্জন দুয়ো এইবাৰ সমস্বৰে আটাহ পাৰি উঠিল৷

ঘৰলৈ উভতি গৈ কাপোৰ নসলোৱাকৈয়ে নিবেদিতাই বস্তু সামৰাত ব্যস্ত হ’ল৷ সাহা আৰু কৰ্মকাৰ পৰিয়ালৰ খটাসুৰকেইটাৰ কোৰ্হালবোৰ জুবিন গাৰ্গৰ গানৰ তালে তালে মিহলি হৈ গ’ল৷ বস্তু সামৰাৰ মাজে মাজে গৰম খবৰটো নিবেদিতাই ফোনযোগে সকলো আত্মীয়কে দিলে৷ জুবিন গাৰ্গৰ সংগীতৰ তালে তালে সেই নিশা সিহঁতৰ কোঠাটো বহু সময় ভয়ানকভাৱে কঁপিলে৷

কিন্তু পিছদিনাখন ন বজালৈ বহু আকাংক্ষিত ‘চৌধুৰীদা কলিং’ শব্দ দুটা মোবাইলৰ মনিটৰত সিহঁতৰ দৃষ্টিগোচৰ নহ’ল৷ গতিকে অনিৰুদ্ধ চৌধুৰীৰ নম্বৰটো সিহঁতে নিজেই মিলাওঁতে ফোনটোৱে চিৎকাৰ কৰি উঠিল, ‘দা নাম্বাৰ টু হুইটচ্ য়ু হেভ ডায়েল ইজ্ কাৰেণ্টলি ছুইট্ছ অফ্’৷ আৰু চৌধুৰীৰ লেণ্ডলাইনৰ নম্বৰটো মিলাওঁতে সেইপিনে ফোনটোৱে চিঞৰিলে ঠিকেই যদিও উত্তৰ দিওঁতা কোনো নোলাল৷ লাহে লাহে জুবিনৰ গানৰ তালে তালে খটাসুৰকেইটাৰ ৰবিবৰীয়া কোৰ্হালবোৰ নিবেদিতাৰ কাণত হেলিকপ্টাৰৰ শব্দলৈ পৰ্য্যবসিত হৈ পৰিল৷

দুপৰীয়ালৈ ‘চুইটছ অফ্’ আৰু ‘ন’ এনচাৰ’ শব্দকেইটাৰ সঘন শ্ৰৱণ আৰু দৰ্শনে নিবেদিতাক টিঙিৰি-তুলা কৰি তুলিলে৷

গতিকে আলুপিটিকা আৰু ভাত খাই অঞ্জনে অনিচ্ছা সত্ত্বেও অনিৰুদ্ধ চৌধুৰীৰ ঘৰলৈ যাবলৈ ওলাল৷ অৱশ্যে অঞ্জনে সাহস কৰি ক’লে—— বুজিছা, গৈ লাভ নাই নেকি! ঘৰত কোনো নাই৷ নহ’লে লেণ্ড ফোনটো কোনোবাই অন্ততঃ ধৰিলেহেঁতেন৷

: মূৰটো আৰু মোৰ গৰম নকৰিবা৷ মুঠৰ ওপৰত আজি আৰু ছিফ্ট কৰা নহ’ল৷ এই দুজনীয়ে আজি মোক দাঁত নিকটাই হাঁহিব৷ ——নিবেদিতাৰ চকুৰ পানী ওলাল৷

‘বুজিছোঁ চৌধুৰীয়ে নোৱাৰিলে কামটো কৰিব৷ সেয়েহে লাজতে মোবাইলটো বন্ধ কৰি ঘৈণীয়েকক লৈ ক’ৰবালৈ ফুৰিবলৈ গৈছে’ —– বুলি ক’বলৈ বাক্য দুটা জিভাৰ আগত লৈয়ো পৰিবেশ খুউব বেয়া হোৱাৰ আশংকাত অঞ্জনে বাক্য দুটা পেটলৈ গিলি দিলে৷ সি তাৰ সলনি কৈ উঠিল ——- তুমি আৰু যে! এদিন আৰু এই কোঠাটোত থাকিলে কিনো হয়৷ কালি সন্ধিয়াৰ পৰা কিমানযে ভাল লাগিছে —— তুমি, মই আৰু জুবিন…….. চোৱা, চোৱা এইফালে এবাৰ চোৱা ………

অঞ্জনৰ মোবাইলটোৱে লেনিয়াই উঠিল—— ‘খিছিটিক’৷ নিবেদিতায়ো চিঞৰি উঠিল —— তুমি তুমি, তুমি খবৰটো ল’বলৈ যাবা নে নোযোৱা, নে মই যাম …….. মোক পাগলী বুলি ভাবিছা নেকি৷

কিন্তু সেই সময়তেই অক্টোবৰ মহীয়া পাহাৰীয়া চেঁচা বতাহ এজাক খিৰিকীৰে সোমাই আহিল৷ বতাহজাকৰ সংগী হৈ আহিল ডাৱৰ আৰু কোঠাটোৰ ভিতৰত অবতৰতে সন্ধিয়া নামি আহিল৷

অঞ্জনে বাহিৰত খোজটো পেলাওঁতেই চৌপাশ আৱৰি ধৰা ডাৱৰবোৰ যেন গলি গ’ল আৰু মুষলধাৰ বৰষুণেৰে চৌদিশ ৰজনজনাই উঠিল৷

: বৰ বেয়া চিন, ঘৰটো নহ’বই যেন পাইছোঁ৷

চৌধুৰীদাটো যে কেনেকুৱা দয়া-মায়াহীন মানুহ! —— নিবেদিতাৰ চকু দুটা সজল হৈ পৰিল৷

অনিৰুদ্ধ চৌধুৰীৰ নম্বৰটো আকৌ এবাৰ মিলাবলৈ বুলি মোবাইলটো হাতত লৈ অঞ্জনে দেখিলে—— মোবাইলত নেটৱৰ্ক নাই৷ কথাটো সি ঘোষণা কৰাৰ পিছত নিবেদিতাই এইবাৰ মাথোঁ নিশ্চুপভাৱে হুমুনিয়াহ কাঢ়িলে৷

কেইবা ঘণ্টা বৰষুণ সেই হিংস্ৰতাৰেই চলি থাকিল৷ তেনে বৰষুণত পাহাৰৰ চৌপাশে য’তে-ত’তে সৃষ্টি হোৱা অস্থায়ী জুৰিবোৰৰ আৰাও, বৰষুণৰ গৰ্জন, খটাসুৰকেইটাৰ চিঞৰ আৰু বাংলা ভাষাত মাক দুজনীয়ে পৰা গালি -শপনি আৰু মোবাইলৰ কেমেৰাটোৰ ‘খিছিটিক’, ‘খিছিটিক’ শব্দই লাহে লাহে নিবেদিতাক স্থিতপ্ৰজ্ঞ কৰি তুলিলে৷ বৰষুণ কমাৰ পিছতেই মোবাইলৰ নেটৱৰ্ক অহাত অঞ্জনে কিবা এটা ভাবি অনিৰুদ্ধ চৌধুৰীৰ নম্বৰ নলগাই নীলোৎপলৰ নম্বৰ লগালে৷ ভালকৈ ৰিং হ’বলৈ নাপাওঁতেই কণ্ঠস্বৰ এটাই টপৰাই কৈ উঠিল—– হেল্ল’!

: নীলোৎপল, মই অঞ্জন শইকীয়াই কৈছোঁ৷ ——অঞ্জনে নিবেদিতাৰ সুবিধাৰ বাবে স্পিকাৰ ফোনটো অন্ কৰিলে৷

: গম পালোঁ৷ কওঁক৷

: মানে কথা এটা হ’ল —– এই চৌধুৰীদাক মানে অনিৰুদ্ধ চৌধুৰীক ফোন কৰি কৰি পোৱা নাই৷ চুইটছ অফ্ বুলি কয় আৰু ঘৰৰ ফোনটোও কোনেও নধৰে৷

: কৈ যাওক৷

: মানে তেওঁৰ লগত কাম অলপ আছিল৷ তেওঁ ক’ত থাকিব পাৰে তুমি খবৰ পোৱা নেকি?

: পাওঁ৷

: হয় নেকি? ক’ত আছে, ক’ত আছে? ——- অঞ্জন আৰু নিবেদিতা দুয়োৱে সমস্বৰে এইবাৰ সুধিলে৷

: থানাত৷

: থানাত! অ’ মানে চান্দাৰ বাবে গৈছে৷ কিন্তু মিজোবোৰতো খ্ৰীষ্টিয়ান৷ চান্দা দিয়ে জানো পূজা-তুজাৰ বাবে?

: নিদিয়ে৷

: তেন্তে কিহৰ বাবে গৈছে?

: মালিচ ল’বলৈ৷

: মালিচ ল’বলৈ?

: চৌধুৰী ডাঙৰীয়া লক্ আপত৷

: লক্ আপত?

: অঁ আকৌ৷

: কিন্তু কিহৰ বাবে? পূজাৰ পইছা-তইছা মাৰিলে নেকি?

: নাই মৰা৷

: তেন্তে? কোৱানা?

: কাষৰ ঘৰৰ মিজো ছোৱালী এজনীক মৰম কৰিবলৈ গৈছিল৷ হাঁহি-মাতি কথা পাতে৷ আমাৰ চৌধুৰী বাপুৰাইহে বেলেগ বুজিলে৷ ছোৱালীজনীয়ে চিঞৰি দিলে আৰু ………

: ঈশ্বৰ, ঈশ্বৰ! সচাঁ জানো!

: মিছা৷ আচ্ছা, ৰাখিছোঁ ফোন, বাই!

: ৰ’বা ৰ’বা, ৰ’বাচোন, হয় দিয়া সচাঁ৷ কোৱাচোন, তেখেত কেতিয়া গৈছিল?

: কালি সন্ধিয়া৷

: তাৰ পিছত?

: তাৰ পিছত প্ৰথমে মিজো সন্থাই লৈ গ’ল৷ ৰাতিটো ৰাখি আজি পুৱা পুলিচৰ হাতত দিছে আৰু ……..

: হৰি হৰি৷ মাৰ ধৰ কৰিছে নেকি?

: মাৰধৰ? কৰা নাই, গোল্লা-জিলাপী খুৱাইছে!

: ছোৱালীজনী কিমান বয়সৰ?

: মেট্ৰিক পাছ কৰিছে এইবাৰ৷

: কৃষ্ণ কৃষ্ণ! তুমি পিছে এতিয়া ক’ত আছা?

: থানাত৷

: কি?

: চিন্তা নকৰিব, লক্ আপৰ বাহিৰত আছোঁ৷ আমি কেইবাজনো আহিছোঁ—— মণ্ডল, বেনাৰ্জী, ফুকন, চেৰিয়ন৷ আমি ছেটল কৰিছোঁ কেছটো৷ মিজো সন্থাক ফাইন দিব লাগিব অলপ তেওঁ৷ বচ্ দহ হাজাৰমান৷ আৰু শুনক, তেওঁৰ ঘৰৰ ফালে নাযাব দেই আৰু, পিটিব৷ আমাৰ এজনে গৈছিল, আজি কিবা কৈহে বাচি আহিছে মিজো ভাষা জানে বাবে৷ আচ্ছা ৰাখিছোঁ৷ আমাৰ ভৈয়ামৰ মানুহৰ এয়াই ভুল আৰু!

অঞ্জন আৰু নিবেদিতাই দুয়ো দুয়োৰে মুখলৈ চালে৷ নিবেদিতাই অকস্মাৎ বিকৃত হাঁহি এটা মাৰিলে আৰু সেই হাঁহিটিক বুকুত বন্দী কৰি অঞ্জনৰ মোবাইলৰ কেমেৰাটোৱে চিঞৰি উঠিল—— ‘খিছিটিক’৷

 

 ■■■

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক