লেখক আৰু পাঠকৰ সম্পৰ্ক (বন্দিতা গগৈ বৰা)

এয়া ঠিক লেখক অবিহনে পাঠক আৰু পাঠক অবিহনে লেখকৰ কোনো অস্তিত্ব নাই৷ পাঠক আৰু লেখকৰ সম্পৰ্ক যুগ যুগ ধৰি অভিন্ন৷ ভাল লেখকৰ মনোগ্ৰাহী লেখা নহলে পাঠকৰ মনৰ ক্ষুধা পূৰণ নহয়, ঠিক তেনেদৰেই পাঠক অবিহনে লেখকৰ লেখাও অনাদৃত হৈ ৰব৷ লেখকৰ লিখাৰ উদ্দেশ্যই হল পাঠকৰ মন হৰণ কৰা৷ পাঠকে লেখক জনক লিখনিৰ মাজেৰেই চিনি পায়৷ কেতিয়াবা পাঠকৰ মন যায় প্ৰিয় লেখক জনক এটি বাৰ নিজ চকুৰে দেখাৰ, অলপ সময় কথা পতাৰ৷ এয়া হয়তো সকলোৰে বাবে সম্ভৱ হৈ নুঠে৷ কেতিয়াবা যদি হঠাৎ প্ৰিয় কোনোবাজন লেখকক দেখা পোৱা যায়, মনৰ আনন্দ ভাষাৰে প্ৰকাশ কৰিব পৰা নাযায়! আজি মই মোৰ জীৱনত লগ পোৱা অসমৰ এজন বিখ্যাত ব্যক্তি তথা লেখকৰ কথা কব বিচাৰিছোঁ৷ হঠাতে তেখেতক দেখা পাই কেনে অনুভৱ হৈছিল ভাষাৰে বুজাবলৈ অসুবিধা তথাপিও চেষ্টা কৰিছো৷
2000 চন, তেতিয়া মই কটন কলেজৰ ৰসায়ন বিজ্ঞানৰ থাৰ্ড চেমেষ্টাৰৰ ছাত্ৰী৷ দেওবাৰৰ হোষ্টেলৰ আমনি দায়ক সময় খিনি অলপ লঘু কৰিবলৈ শ্বহীদ কণকলতা ছাত্ৰী নিবাসৰ পৰা মই আৰু মোৰ ৰুমমেট বৰপেটাৰ কৰবী উজানবজাৰ হৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে অলপ খোজকাঢ়িলৈ ওলাই গৈছিলোঁ৷ আমি ইজনীয়ে সিজনীক কান্ধত ধৰাধৰিকৈ নানা কথা পাতি পাতি, তেতিয়াৰ উজানবজাৰৰ আমাৰ হোষ্টেল বোৰৰ ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় কালু নামৰ দৰ্জী দোকান খন পাৰ হৈছো, হঠাতে সন্মুখৰ পৰা বগাৰংৰ গাড়ী এখন আমাৰ কাষেদি পাৰ হ’ল৷ গাড়ী খন পাৰ হওঁতেই আমাৰ দুইজনীৰ চকুত পৰিল গাড়ীৰ সন্মুখৰ চিটত বহি গৈছে, আমাৰ মৰমৰ ঁলক্ষ্যধৰ চৌধুৰী ককা৷ ককাক দেখি আমি দুইজনীয়ে স্থান কাল প্ৰাত্ৰ নুগুণি ককা ককা বুলি প্ৰায় জপিয়াই দিলোঁ৷ গাড়ীখন কাষেদি পাৰ হৈছিল, কিন্তুু আমাৰ চিঞৰ চাগৈ ককাৰ কাণত পৰিল৷ দুহাত মান গৈচোন গাড়ী খন ৰৈ দিলে আৰু পিছুৱাই আনি আমাৰ ওচৰলৈ আহিল৷ আমি ইমানখিনি আশা কৰা নাছিলোঁ, আনন্দত দৌৰি ককাৰ খিৰিকীৰ কাষ পালোগৈ৷ হাঁহি মাৰি ককাই, ক’ত পঢ়ো, কত থাকো, আমাৰ নাম আদি সুধিলে৷ আমাৰ আনন্দ যে কিমান লাগিছিল বুজাব নোৱাৰোঁ! ককাৰ সেইদিনবোৰত স্বাস্থ্য ভাল নাছিল গতিকে লাহে লাহে দুই এটা কথা কৈ আমাৰ হালি থকা মূৰ দুটাত হাতবুলাই বিদায় ললে৷ আমি কটন হোষ্টেলত থাকো বুলি জানি আৰু দুই তিনি দিন পাছত আমাৰ হোষ্টেলৰ নবাগত আদৰণি সভালৈ আহিলে লগ পাম কৈ গল৷ হয় ককা আহিছিল আমাৰ হোষ্টেল, বৰ ভাল পাইছিল হোষ্টেলৰ ছাত্ৰী সকলক৷ সেইদিনা আমি সকলোৱে ককাৰ চৰণ চুই আশীৰ্বাদ লৈছিলো৷ এয়াই আছিল মোৰ জীৱনত এজন বিখ্যাত তথা প্ৰিয় মানুহক লগ পোৱাৰ প্ৰথম অভিজ্ঞতা৷ তেখেতক লগপাই, এটা দুটা কথা পাতি যি আনন্দ লভিলো সেয়া গোটই জীৱন কঢ়িয়াই ফুৰিম৷
বহুতো প্ৰিয় লেখকক লগপোৱাৰ আশা মনতে ৰৈ গল৷ তেনে এজন স্বনামধন্য লেখক ঁভবেন্দ্ৰনাথ শইকীয়া ছাৰক এবাৰ লগ পোৱাৰ আশা এই জীৱনত পূৰণ নহল৷ কিন্তুু তেখেত তেখেতৰ লিখনিৰ মাজেৰে সদায়ে মনৰ মাজত জীয়াই আছে আৰু থাকিব৷
আৰু এজন প্ৰিয় লেখকক সচক্ষে দেখাৰ অভিজ্ঞতা হৈছিল গুৱাহাটীত পঢ়ি থকা সময় চোৱাত৷ তেখেত হ’ল মহান গল্পকাৰ ঁসৌৰভ কুমাৰ চলিহা দেৱ৷ এদিন ক্লাছ শেষ হোৱাৰ পাছত আমি বন্ধু বান্ধৱী সকলে মেঘদুত ভৱনৰ আগেদি খোজকাঢ়ি আহি আছিলো, হঠাতে আমাৰ দৃষ্টিগোচৰ হল ঠিক মেঘদুত ভৱনৰ সন্মুখত থকা ফুটপাথৰ লেফেফা আদি বিক্ৰী কৰা দোকান এখনৰ সন্মুখত এজন দীৰ্ঘদেহী মানুহ৷ মনটোৱে কৈছিল এইজনচোন …..তেনেতে বন্ধু দুলুৰঞ্জনে প্ৰায়ে চিঞৰি দিলে, ““অই সেয়া কোন চাচোন, …““, মানুহ জনে আমালৈ এবাৰ মূৰ তুলি চালে আৰু দীঘল দীঘল খোজ পেলাই ৰাষ্টাটো পাৰ হৈ খৰধৰকৈ আতৰি গল৷ ওচৰলৈ গৈ কিবা এষাৰ কোৱাৰ আশা মনতে ৰৈ গল৷ তথাপিও দেখিলো যে তেখেতক, সেয়াই ভাল লগা অনুভৱ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments