লেগ পিচ্, হাত আৰু কাটা চামুচ : চিদানন্দ বৰা

গুৱাহাটীৰ এখন বিলাসী ৰেষ্টুৰেণ্ট৷ ১৯৮৬ চন৷ কলজীয়া জীৱনৰ আৰম্ভণি৷ গাঁৱৰ পৰা গুৱাহাটী ৰ এখন নামী কলেজত নাম ভৰ্তি কৰি দুপৰীয়া সাজ খাবলৈ খুৰাৰ লগত হোটেলত প্ৰবেশ৷ এচি তেতিয়া আছিল নে নাই মনত নাই৷
যথাসময়ত সুন্দৰ পোচাক পিন্ধা লোক এজনে টেবুলত ভাত সজাই দিলেহি৷ ৭/৮টা মান বাটি, ডাঙৰ ষ্টিলৰ থালখনৰ কাষে কাষে৷ মাজতে কেইটিমান ভাত৷ কেইটি মান মানে, মজলীয়া বাটি এটাত ভাত ভৰাই তাক ওলোটাই বাকী দিছে৷ আমাৰ কেটলীৰ মূখত দিয়া পিঠাটোৰ লেখীয়া৷ প্ৰচণ্ড ক্ষুধাত জান যায় যায়৷ কাৰন সেই ৰাতিপুৱা ৫টাতে ঘৰৰ পৰা ওলোৱা৷ একাঁহী ভাত সন্মূথত লৈয়েই ইমান বয়স পালো য’ত!!
ভাতৰ চেহেৰাই সেয়ে চিন্তাতো পেলাইছে৷ তিনি গৰহাতে শেষ হবলগীয়া৷ যাহওক, আৰম্ভ কৰোঁ৷ হাতখন আগবঢ়াই নি কোঁচাই আনিলোঁ৷ ওচৰতে তিনিখন চামুচো দিছে দেখুন! ! ওচৰে পাজৰে চকু ফুৰালো, বহুতে চামুচ দিয়েই খাই আছে৷ খুৰা গড়কাপ্তানি বিভাগৰ ডাঙৰ ঠিকাদাৰ৷ কথাতো তত্ ধৰিব পাৰি কলে-“খাৱ যদি চামুচেৰেই চেষ্টা কৰি চাব পাৰ“৷ ভগৱানকে চিন্তি অস্ত্ৰদুপাত দুই হাতে লৈ আৰম্ভ কৰিলোঁ৷ দালি-ভাত-চবজিখিনিলৈকে ঠিকেই আছিল৷ এইবাৰ থালিৰ কাষতে থকা ‘চিকেন লেগপিচ’টোত অপাৰেচন চলালোঁ৷ এখনেৰে হেঁচি কটাৰীৰ লেখীয়া সিখন চামুচেৰে (?) কৰতখনৰ দৰে ৰেপিবলৈ চেষ্টা কৰিলোঁ৷
সৰুতে কাঠমিস্ত্ৰীয়ে ঘৰত কাম কৰি থাকোতে, সিহঁত কিবা খাবলৈ ইফাল-সিফাল হওতেই সেইভাগ চলোৱাৰ সুবিধা পাইছিলোঁ৷ মঙহখিনি ঠিকেই দুভাগ হ’ল৷ কিন্তু মাজৰ হাড় ডাল কেতকুতেই নহয় দেখোন?? দীঘল দাঁত থকা চামুচখন সাৱধানে ধৰি মাৰিলোঁ হেঁচা তাৰ থিক মাজখিনিক টাৰ্গেট কৰি৷ তেনেতে খুৰাই কিবা এটা কোৱা শুনি তেওঁলৈ ঘূৰি চালোঁ৷
তেওঁক উত্তৰটো দি কাঁহীখনলৈ ঘূৰি চাও-মোৰ লেগ পিচটো অন্তৰ্ধান৷ আৰে ক’ত গল? ভূতে লম্ভা যেনহে লাগিল৷ খুৰাই মিচিকিয়াই মোৰ ফালে চাই আছিল৷ মোৰ মনৰ কথা বুজিয়েই তেওঁ আমাৰ পৰা নাতি দূৰত থকা টেবুলখনৰ তলৰ পিনে চকুৰে ইচাৰা কৰিলে৷ টেবুলখনত বাপেক জীয়েকে একান্ত ভাৱে খোৱাৰ আৰম্ভ কৰিছেই৷ তলৰ পিনে চাই দেখো মোৰ লেগপিচটো ছোৱালী জনীয়ে পিন্ধি অহা বগা মখমল হেন লগা জোতাযোৰৰ গাতে লাগি চিত্ ভোলোঙা দি আছে৷ লাজে অপমানে মোৰ মনটোক গধুৰ কৰি পেলালে৷ ছেঃ, হেঁচাটো বেছিকৈ পৰিলনেকি?? আচল বস্তুটোৱেই খাবলৈ নাপালো দেখোন! !
খুৰাই প্ৰৰোক্ষভাৱে সব লক্ষ্য কৰি আছিল৷ জম্বুৰা লেখীয়া চেপেনা এডালে তেওঁৰ ডিচ্ খনৰ পৰা মাংসৰ টুকুৰা এটা মোৰ কাঁহীত উঠাই দিলে৷
: বাবা, হাতেৰেই খা নেকি? সেই যে ছোৱালীজনী আৰু বাপেকটোক দেখিছ, তেখেত গড়কাপ্তানী বিভাগৰ চীফ্ ইঞ্জিনিয়াৰ৷ তাইয়ো তোৰ বয়সৰে হব৷ তাই হাতেৰেই খাই আছে৷ —-খুৰাই কথা খিনি কি অৰ্থত কলে বুজি লাজে অপমানে ঘামি পৰিছিলোঁ৷ ময়ো হাতেৰে আৰম্ভ কৰিলোঁ৷ আৰু সেয়াই আৰম্ভণি৷ আজিও যিমানেই ডাঙৰ পাৰ্টি খাবলৈ গলেও মই কিন্তু চামুচখন লোৱাৰ সাহস গোটাব নোৱাৰো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক