লেছেৰি বুটলা (অসম সমাজ,কাটাৰৰ-২০১৩ স্মৰণিকাৰ সৌজন্যত): চিকিৎসকৰ দিনলিপি (-ডা০ ভূপেন শইকীয়া)

 

 

 

 

 

 

 

 

” মোৰ মানুহজন চোৰ “! কামৰূপৰ এখন ভিতৰুৱা গাঁৱৰ পৰা অহা হৃদৰোগৰ ৰোগী এগৰাকীয়ে যোৱা এঘাৰ বছৰে মোৰ তত্বাবধানত চিকিৎসা লৈ আহিছে ৷ প্ৰথমতে মাহৰ মূৰে মূৰে আহিছিল, তাৰ পিছত তিনি

মাহৰ মূৰত আৰু এইবাৰ সুদীৰ্ঘ তিনি বছৰৰ ব্যৱধানত আহিছে ৷ আগতে এটি চাৰি বছৰীয়া ল’ৰাৰ মাক আছিল ৷ এতিয়া এজনী চাৰে তিনি বছৰীয়া

ছোৱালীৰো

মাক হ’ল ৷ গিৰিয়েকে কি কৰে বুলি মই সোধাত এইদৰে পোনপেতিয়া উত্তৰ দিছিল আৰু কৈছিল- “ল’ৰাটো পোন্ধৰ বছৰীয়া হ’ল ৷ মোৰ অসুখৰ বাবে

ই সি পঢ়াশুনা বাদ দি এঘৰত ‘বন্ধা’ সোমাইছে ৷ দৰব কিনিবলৈ মোক টকা এহেজাৰ সিয়েই দিছে ৷ বাপেককো চুৰি কৰিবলৈ হাক দি ঠেলা চলাবলৈ লগাইছে “৷
গুৱাহাটীৰ এগৰাকী মহিলা,বয়স ত্ৰিশৰ ওচৰ ৷ মোৰ চেম্বাৰৰ ওচৰতে গিৰিয়েকে দোকান-ব্যৱসায় কৰে ৷ মানুহজনে মোৰ ওচৰত হাঁপানীৰ চিকিৎসা লৈ থাকে ৷ মহিলা গৰাকী দুবছৰৰ ভিতৰত তিনিবাৰ মোৰ ওচৰলৈ আহিল ৷ মানুহজনীৰআকুল ইচ্ছা এটি সন্তানৰ মাতৃ হোৱাৰ ৷ কিন্তু গিৰিয়েকে কোনোপধ্যে সন্তান জন্ম হবলৈ নিদিয়ে ৷ কাৰণ আগৰ প্ৰয়াত ঘৈণীয়েকৰ ফালৰ পৰা তেওঁৰ চাৰিটি সন্তান আছে ৷ গিৰিয়েকে মানুহজনীৰ বাৰে বাৰে গৰ্ভ নষ্ট কৰি দিয়ে ৷ গৰ্ভধাৰণৰ কথাটোতো গোপনে ৰখা সম্ভৱ নহয় ৷ মানুহজনীয়ে গৰ্ভ হোৱাৰ লগে লগে মাকৰ ঘৰলৈ

যাবলৈ চেষ্টা কৰিও ব্যৰ্থ হয় ৷ চিকিৎসক হিচাপে মই মনতে আশা পুহোঁ – মানুহজনীৰ মাতৃত্বৰ বাসনা যেন অপূৰ্ণ হৈ নাথাকে ৷
কেতিয়াবা আকৌ বিপৰীত ছবিও দেখিবলৈ পাওঁ ৷ উজনিৰ ফালৰ পৰা এযোৰ দম্পত্তি মোৰ ওচৰলৈ আহিল ৷ তেওঁলোকৰ চাৰিটি সন্তান, এতিয়া গৰ্ভত পঞ্চমটিৰ নমাহ চলিআছে ৷ কোনোপধ্যেই তেওঁলোকে নৱজাতকৰ বোজা লব নোখোজে ৷ ইফালেগৰ্ভত থকা সন্তানটিৰ অস্বাভাৱিক অৱস্থান ( Breech presentation ) হেতুকে চিজাৰিয়ান অপাৰেচনৰ বাহিৰে প্ৰসৱ অসম্ভৱ ৷ ভগবানৰ ইচ্ছা – একে সময়তে উত্তৰ পাৰৰ পৰা এহাল সন্তানহীন দম্পত্তিও মোৰ ওচৰলৈ একে সময়তে আহিল ৷ তেওঁলোকে ইতিমধ্যে সন্তান হোৱাৰ বাবে চিকিৎসা কৰি ভাগৰি পৰিছে ৷ মই তেওঁলোকক এটি কেচুঁৱা তুলি লোৱাৰ পৰামৰ্শ দিলোঁ ৷ চিজাৰিয়ান কৰি চাৰে তিনি কেজি ওজনৰ এটি সুঠাম ল’ৰা সন্তান জন্মদি প্ৰথম দম্পত্তিহাল ঘৰলৈ গ’লগৈ ৷ অপাৰেচনৰ যাবতীয় খৰছ দ্বীতিয়হাল দম্পত্তিয়ে হাঁহিমুখে বহন কৰিলে ৷ ভিন্ন ধৰ্মৰ দুয়োটা পৰিয়ালৰ মাজত কোনো পৰিচয় মই হবলৈ নিদিলোঁ ৷

মেঘালয়ৰ নংপো বাচষ্টেণ্ডৰ ওচৰত এজনী ক্ৰন্দনৰতা অৰুণাচলী যুৱতীক এদিন সন্ধিয়া পুলিচে আটক কৰি থানালৈ আনিলে ৷ নংপো সৰু ঠাই – কৌতুহলবশত: যুৱতীক চাবলৈ মানুহৰ জুম বান্ধিল ৷ ধকধকীয়া বগা কুৰিবছৰীয়া যুৱতী গৰাকী আছিল ন মাহৰ গৰ্ভৱতী ৷ লক্ষ্যবিহীনহৈ ঘৰৰ পৰা পলাই আহিছে ৷ ভালপোৱা ল’ৰাজনে বিয়া নকৰোৱাত বিমোৰত পৰি গৃহত্যাগ কৰিছে ৷ এহাল মুছলিম দম্পত্তিয়ে আশ্ৰয় দিয়াৰ আশ্বাস দি যুৱতীক তেওঁলোকৰ ঘৰলৈ লৈ আহিল ৷ কুৰি দিনৰ ভিতৰত যুৱতী গৰাকীয়ে এটি সুন্দৰ স্বাস্থবান ল’ৰা সন্তান স্বাভাবিকভাবে জন্ম দিলে ৷ ইয়াৰ পিছত – দেবা: ন জানন্তি স্ত্ৰিয়া চৰিত্ৰম ! কেচুঁৱা জন্মৰ দুদিনমানৰ পিছৰ পৰাই যুৱতী গৰাকীয়ে ঘৰলৈ যাবলৈ উচ-পিচাবলৈ ধৰিলে ৷ পাঠকে আচৰিত হব কেচুঁৱাক স্তনপান কৰোৱা দূৰৰ কথা – জন্ম দিয়া সন্তানক কেঁৰা চকুৰেও এবাৰো নাচালে ৷ আশ্ৰয়দাতা পৰিয়ালটোৱে এজন উকীলৰ সহায়ত কাছাৰীত গৈ সন্তানটি নিজৰ কৰি তুলি ললে আৰু তাৰ পিছত অৰুণাচলী যুৱতীক হাতত বাট খৰচ দি বিদায় দিলে ৷ আজি ছবছৰীয়া সেই বালক নংপোৰ এখন ইংৰাজী স্কুলত পঢ়ি আছে ৷ অতি পৰিতাপৰ কথা তাৰ যশোদা মাতৃৰ যোৱা বছৰএক অজান ৰোগত মৃত্যু হোৱাত সি পুনৰাই মাতৃহাৰা হ’ল ৷
চিকিৎসকৰ বিচিত্ৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিলে এখন মহাভাৰতেই হব ৷ আশাকৰো সহৃদয় পাঠকে পৰিস্থিতি আৰু পৰিবেশৰ কথা হৃদয়ংগম কৰি তলৰ কথাখিনি সহানুভূতিৰে বিবেচনা কৰিব ৷ সময়ত চিকিৎসকে বিভিন্ন ভূমিকাত অৱতীৰ্ণ হবলগীয়া হব পাৰে ৷
আন এহাল দম্পত্তিৰ কথা কবলৈ ওলাইছোঁ ৷ গিৰীয়েক মেঘালয়ৰ পৰিবহন বিভাগৰ কৰ্মচাৰী, ঘৈণীয়েক অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ চাকৰিয়াল ৷ বিবাহৰ পিছত তিনি চাৰি বছৰ তেওঁলোকে সন্তান নিবিচাৰিলে ৷ কেইবাবাৰো ফাৰ্মাচীত গৈ গৰ্ভপাত কৰালে ৷ পিছত যেতিয়া সন্তানৰ কামনা কৰিলে তেতিয়া গম পালে যে মহিলাগৰাকীৰ ফেলোপিয়ন টিউব দুয়োটা বন্ধ হৈ গৈছে ৷ অপাৰেচনৰ দ্বাৰা তাৰ নিদান সম্ভৱপৰ যদিও, ইমান খৰচী চিকিৎসা কৰিবলৈ তেওঁলোক আৰ্থিকভাবে অপাৰগ ৷ কিছুদিনৰ পিছত মানুহজন যক্ষ্মা আৰু এলক’লিক লিভাৰ ডিজিজত আক্ৰান্ত হ’ল ৷ দুবছৰমান এইবিলাক চিকিৎসাত সময় পাৰ হ’ল ৷
আৰোগ্য লভাৰ পিছত দম্পত্তিহাল মোৰ কাষ চাপিল ৷ মই তেওঁলোকৰ সন্তানহীন সমস্যাৰ চিকিৎসা কৰিব লাগে ৷ মই বুজালোঁ স্বাস্থ্যজনিত কাৰণত তেওঁলোক পিতৃ-মাতৃ হব নোৱাৰে ৷ ইচ্ছা কৰিলে এটি সন্তান তুলি লব পাৰে ৷ নাই, মোৰ কোনো বুজনি তেওঁলোকৰ কাণত নোসোমাল ৷
সময়বোৰ, দিনবোৰ পাৰ হৈ গৈ আছে ৷ মোৰ বাবে পৰম বিস্ময় ৰৈ আছিল ৷ এদিনাখন দম্পত্তিহালে আহি মোক পৰম প্ৰত্যয়ৰে জনালেহি – “দাদা, পাঁচ মাহৰ প্ৰেগনেন্সি চলি আছে ৷ আপুনি সময়ত ডেলিভাৰি কৰি আমাৰ হাতত কেঁচুৱা তুলি দিব লাগিব “৷ মই অবাক হৈ লক্ষ্য কৰিলো হয়তো মহিলা গৰাকীৰ উদৰ স্ফিত ৷ মোক জনালে বন্ধু-বান্ধৱ,আত্মীয় সকলোৱে তেওঁলোকক অভিনন্দন জনাইছে,, পঞ্চামৃত খোৱাইছে, ভোজ-ভাতৰ নিমন্ত্ৰণ কৰিছে ৷
কিন্তু মোৰ আনন্দ বিমৰিষত পৰিণত হবলৈ বেচিপৰ নালাগিল ৷ আচল কথাটো মোক জনালে মানুহজনীয়ে লোকক দেখুৱালৈহে গৰ্ভধাৰণৰ নাটক কৰিছে, কিয়নো তেওঁলোকে সন্তান তুলি লোৱা কথাটো কেতিয়াও কাকো জনাব নোখোজে আৰু গৰ্বিত পিতৃ-মাতৃ হিচাপে সমাজত জীয়াই থাকিব খোজে ৷ তেওঁলোকে মোক আৰু আচৰিত কৰি আল্টিমেটাম দিলে – “আপুনি সময়ত আমাক এটি সন্তান আমাক নিদিলে আমি দুয়ো আত্মঘাতী হম ৷ আমাৰ মৃত্যুৰ বাবে আপুনিয়েই দায়ী হব “!
ঘটনাটোৰ গভীৰতা অনুধাৱন কৰি ইয়াৰ পিছৰ পৰ্ব ময়েইআৰম্ভ কৰিলোঁ ৷ দম্পত্তিহালক লগতলৈ গুৱাহাটীৰআশে-পাশে কেঁচুৱা পাব পৰা সম্ভাব্য সকলো ঠাইতে খবৰ কৰিব ধৰিলোঁ ৷ মাদাৰ টেৰেচাৰ নামত, বিভিন্ন সমাজসেৱী সংস্থাৰ নামত প্ৰতিষ্ঠিত অনাথ আশ্ৰম এখনো বাদ নপৰিল ৷ বিভিন্ন অনুস্থানৰ মুৰব্বীক নানান আপদাৰ কৰিলোঁ ৷ অনাথালয়ৰ অনেক ভিতৰুৱা কথাও জানিবলৈ সক্ষম হলোঁ ৷ কিন্তু ক’তো এটি সদ্যজাত কেঁচুৱা পোৱাৰ মই নিশ্চয়তা নাপালোঁ ৷ প্ৰসৱকালৰ সময় ওচৰ চাপি অহাৰ লগে লগে সম্ভাব্য মাতৃ গৰাকীৰ উদৰ ক্ৰমাৎ স্ফীতহৈ আহিবলৈ ধৰিলে ৷ আনহাতে চিন্তাত মোৰ টোপনি নহা হ’ল, পেটলৈ ভাত নোযোৱা হ’ল৷ —— আকস্মিকভাবে মোৰ প্ৰতি ভগবান সদয় হ’ল ৷ সেই সময়ত মই পানবজাৰৰ মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয়ত কৰ্মৰত আছিলোঁ ৷ প্ৰসূতি বিভাগৰ ৱাৰ্ড গাৰ্ল জ্বলীয়ে এদিন খবৰ দিলেহি – পলাশবাৰীৰ পৰা এজনী কুৰি বছৰীয়া অবিবাহিত ছোৱালীয়ে মাকৰ সৈতে ডেলিভাৰীৰ বাবে আহিছে ৷ কেঁচুৱা তেওঁলোকক নালাগে ৷ মই যেন সৰগহে ঢুকি পালোঁ ৷ যেতিয়া কিশোৰী মাতৃক লেবাৰ ৰুমলৈ নিয়া হ’ল, তেতিয়া মই মোৰ “সম্ভাব্য” মাতৃক পল্টন বজাৰৰ হোটেল ‘মধুবনত’ ভৰ্তি কৰালোঁ ৷ এটি কন্যা সন্তান জন্ম দি যুৱতী গৰাকীয়ে যথাসম্ভৱ সোণকালে চিকিৎসালয় এৰিলে ৷ মই নৱজাতকক নতুন পিতৃ-মাতৃৰ হাতত তুলি দি স্বস্তিৰ নিশ্বাস এৰিলোঁ ৷ নকলেও হবযে এই গোপন ডেলিভাৰীৰ সাক্ষী আমি মাত্ৰ তিনিজন ৷ আনফালে দম্পতিহালৰ পৰিয়ালৰ পেটলৈ ভাত নোযোৱা অৱস্থা – ডেলিভাৰীৰ কাৰণে ঘৰৰ পৰা ওলাই আহি ক’ত হেৰাল ? মই মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয়ৰ চুপাৰিডেণ্টৰ পৰা জন্মৰ চৰকাৰী প্ৰমাণপত্ৰ এখনো তেওঁলোকৰ হাতত তুলি দিলোঁ ৷ জ্বলীক মই টকা এহেজাৰ আৰু এখন ভাল শাৰী উপহাৰ দিলোঁ ৷ তাই কৰা উপকাৰৰ তুলনাত সেইয়া আছিল অতি সাধাৰণ উপহাৰ ৷
গোটেই ঘটনাটোৰ আৰু এজন অংশীদাৰ আছিল – তেওঁ হ’ল মোৰ সহধৰ্মিনী ৷ মোৰ দু:চিন্তাৰ ভাগ তেঁৱো সমানে পাইছিল ৷ সুকলমে সকলোহৈ যোৱাত সম্ভাব্য এক দূৰ্ঘটনাৰ পৰা নিশ্চিত ভাবে ৰক্ষা পৰি এনে লাগিল যেন আমি দুয়ো মেট্ৰিক পৰীক্ষাহে দি উঠিছোঁ ৷ মনৰ বোজা পাতল হোৱাত দুয়ো এসপ্তাহকাল দাৰ্জিলিং ভ্ৰমণ কৰি আহিলোগৈ ৷ নকলে নহব যে ছোৱালীজনী সময়ত ধুনীয়া আৰু মৰমলগা হৈ উঠিল ৷ মেধাবী ছাত্ৰী হিচাপে সন্দিকৈ কলেজৰ পৰা স্নাতক হ’ল ৷ পৰাপক্ষত তাইৰ জন্মদিনত মই বিশিষ্ট অতিথি হৈছিলোঁ ৷ মই ‘ডাক্তৰ মামাই’ তাইৰ মাক দেউতাকে মোক শুনোৱা “আইজনীয়ে ভায়েক এটা বিচাৰিছে ” কথাষাৰি মই সদায়
নুশুনা হৈ থাকিলোঁ ৷ অলপতে এক সুপাত্ৰত তাইৰ বিবাহ সম্পন্ন হ’ল ৷ মই হিয়া উজাৰি বৰ-কন্যাক আশীষ দি ধন্য হলোঁ আৰু মন এক অবুজ আনন্দৰে পৰিপূৰ্ণ হ’ল ৷
(ৰচনাকাল-২০১০)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক