লেছেৰি বুতলাৰ দিনবোৰ…(পাৰ্শ্ব নেওগ)

(পথাৰত ধান দাবলৈ গ’লে বৰমায়ে সদায় তামোল এটোপোলা লগত লৈ গৈছিল । চূণ-চাধা জোখমতে লৈ তামোল এখন মুখত ভৰাই অলপ সময় চোবাই ভালদৰে পাক উঠাৰ পিচতহে তেওঁ ধানৰ মুঠিত হাত দিয়ে । ধান দাই যাওতে মাজে মাজে দুই-এছিৰা ধান নকটাকৈ ৰৈ যায় । ইয়াৰ লগে লগে আমাৰ পোৱালিমখাৰো লেছেৰী বুতলাৰ অভিযান আৰম্ভ হৈ যায় ।)

আঘোণ মাহ সোমালেই আমাৰ বৰদেউতাই পথাৰলৈ সঘনে অহাযোৱা কৰিবলৈ লয় । কাৰণ পথাৰত গাখিয়তী ধানবোৰে সোণোৱালী ৰং ধৰি পকিবলৈ আৰম্ভ কৰে । তাৰ কেইদিনমানৰ পাছতে মা আৰু বৰমাই ওচৰৰ দুগৰাকীমান দাৱনিৰ সৈতে হাতত কাঁচি লৈ পথাৰত নামে । লখিমী আইক সেৱা জনাই ধানত কাঁচি
লগায় ।
আমাৰ চুবুৰিটোত মুঠ পাঁচগৰাকী ল’ৰা-ছোৱালী আছিলোঁ । মা আৰু বৰমাহঁতে ধান দাবলৈ গলে আমিও লগতে ওলাইছিলো । পথাৰত ধান দাবলৈ গ’লে বৰমায়ে সদায় তামোল এটোপোলা লগত লৈ গৈছিল । চূণ-চাধা জোখমতে লৈ তামোল এখন মুখত ভৰাই অলপ সময় চোবাই ভালদৰে পাক উঠাৰ পিচতহে তেওঁ ধানৰ মুঠিত হাত দিয়ে । ধান দাই যাওতে মাজে মাজে দুই-এছিৰা ধান নকটাকৈ ৰৈ যায় । ইয়াৰ লগে লগে আমাৰ পোৱালিমখাৰো লেছেৰী বুতলাৰ অভিযান আৰম্ভ হৈ যায় । কোনে কিমান ধান গোটাব পাৰে তাকে লৈ আমাৰ মাজত প্ৰতিযোগিতা চলে । লেছেৰি বুতলি গোটোৱা ধানবোৰ থবলৈ আমি প্ৰত্যেকেই নিজৰ নিজৰ এটা টেকেলি গোটাই লৈছিলোঁ । টেকেলিকেইটাৰ দায়িত্ব আমাৰ আইতাৰ হাতত দিছিলো যাতে কোনেও আনৰ টেকেলিৰ পৰা ধান চুৰ কৰি নিজৰ টেকেলিত ভৰাব নোৱাৰে । গোটেইকেইটা টেকেলি পূৰ হোৱাৰ পাছত আইতাই ধানখিনি ঢেঁকীত বানি চাউল কৰে । পিচত তাৰে পৰা পিঠাগুড়ি খুন্দি পিঠা পোৰে আৰু আমাৰ আটাইমখাকে খাবলৈ দিয়ে । অৱশ্যে যিয়ে বেছিকৈ ধান গোটাব পাৰিছিল তাৰ ভাগত পিঠা এখন বেছিকৈ পৰিছিল ।
সৰুকালৰ এই কথাবোৰ এতিয়াও মনত পৰে । অৱশ্যে পথাৰলৈ মাজে-সময়ে এতিয়াও যাওঁ । কিন্তু আগৰ সেই আনন্দ এতিয়া অনুভৱ নোহোৱা হৈছে । এতিয়াৰ ল’ৰা–ছোৱালীবোৰলৈ বেয়াই লাগে । বিদ্যালয়ৰ পাঠ্যক্ৰমৰ কিতাপ, ঘৰৰ কাম (HOMEWORK), টিউচন, মম্-পাপা (?)ৰ কঠোৰ ৰুটিনৰ মাজত সিহঁতে লেছেৰি কি বস্তু চিনিবলৈ আহৰিয়েই নাপায় । তাতোকৈও দূৰ্ভাগ্যজনক কথা কিছুমানে হয়তো পথাৰো দেখি পোৱা নাই ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক