লেটছ্ চেলিব্ৰেট্ (ঈশানজ্যোতি বৰা)

লেটছ্ চেলিব্ৰেট্

ঈশানজ্যোতি বৰা

দুৰ্গাপূজা হৈছে অসমীয়া নামৰ মৰমিয়াল জাতিটোয়ে উলহ-মালহৰে পতা আন এটা পপুলাৰ উৎসৱ। অলপ অলপ বাপতিসাহোন টাইপৰ। মৰমৰ পূজাভাগ পালেহিয়েই আৰু। দিন চমু চাপি আহিছেই। কাক কিমান চাবা! শংকৰদেৱৰ তামাম ‘ফেন’ কেইজনমানক বাদ দি প্ৰতিজন অসমীয়াই দুৰ্গাপূজাৰ আনন্দৰ ছুনামিত উটি গৈ কোনোবাখিনি পাইছেগৈ। সকলোৰে মুখত এক ফূৰ্তিৰ চিন বিদ্যমান। বিশাল,বিগবাজাৰত যিহে মানুহৰ ভিৰ! কোন মাইকালালে কয়হে অসমীয়া জাতি দুখীয়া বুলি! উচকে মুহ পে কিঢ়ে পৰে। তাৰ মুখত পোক পৰি শেঙুন ওলাই যাওঁক। অসমীয়া জাতিক ভেঙুচালি কৰ! চিনি পোৱা নাই! কঁৰো বুলিলে বহুত কিবা কিবা কৰি দিব পাৰো। নকৰো কাৰণে চবেই সুবিধা লয়। কৰিম নিশ্চয় কৰিম। কেতিয়া কৰিম কিয় ক’ম! ঘপককৈ কিবা এটা কৰি সকলোকে ছাৰপ্ৰাইজ কৰি দিম। প্ৰথমতে আমাক পূজাটো ভালকৈ পাতি ল’বলৈ দিয়াচোন। বাৰটা মাহত তেৰটা পূজা পাতি দেশে-বিদেশে ইতিমধ্যে নাম ৰৌচন কৰা বন্ধপ্ৰদেশত দুৰ্গাপূজা ভাগৰ আয়োজন বৰ্তমান তুংগত।

মহানগৰীৰে গোৱেঙ্কা, শ্ৰেয়াত আমাৰ ৰঘুমলা, ৰহিমলাহঁতে মনপছন্দ কাপোৰ বিচাৰি বিচাৰি যিহে এটা উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে নহয়,দেখিলেই মনটো একেবাৰে ভৰি আহে। পূজা বুলি তাতে অ’ফাৰো ঢেৰ। ঘটিৰাম-বাটিৰামহঁতৰ পকেট একেবাৰে উদং হৈ গৈছে জোতা-চেন্দেল কিনি কিনি। কোনোবাটো পৰিয়ালে বিশৰপৰা ত্ৰিশহাজাৰটকা দুৰ্গাদেৱীৰ নামত ফু মাৰি বতাহত উৰুৱাই দিছে। দেৱী এওঁলোকৰ ওপৰত সন্তুষ্ট নহৈ পাৰেনে! আমাৰ কাষৰ ফুকননীয়েতো কৈয়েই দিছে –‘হ’ৰা,চাবা দেই, কমেও ৫০০০ টকাৰ শাৰী এখন লাগিবই। তাৰ তলতটো মই কথাই নাপাতো। বাবা-মাজনীকো ভালকৈ কিবা এটা দিব লাগিব। ন’হলে সিঁহতে ফ্ৰেণ্ডবোৰক কেনেকৈ ফেচ্ কৰিব!’ কোনোবাটো পৰিয়ালে আকৌ দুদিনীয়া কাৰ্যসূচী হাতত লৈ গুৱাহাটীত পদাৰ্পণ কৰিছেহি। প্ৰথমদিনা গুৱাহাটীৰ মেইন,মেইন দোকানকেইখনত কমেও দুই-তিনিঘণ্টাকৈ শাৰী-ছুৰিডাৰ হেঁপাহ পলাই যোৱাকৈ চাব আৰু কিনিব। পিছদিনা গুৱাহাটীৰে কোনোবা ৰিলেটিভৰ ঘৰত দুপৰীয়া লান্স কৰিব। ৰিলেটিভে যদি নতুন কিবা ডিজাইনৰ কাপোৰ কিনিছে,তেন্তে তেওঁলোকেও সেই বিষয়ে দকৈ চিন্তিব আৰু ৰিলেটিভক একো নোকোৱাকৈ মনে মনে গৈ সেই কাপোৰযোৰ কিনি আনিবগৈ। বজাৰ কৰি কৰি যেতিয়া ভাগৰ লাগিব,তেতিয়া হাতে হাতে একোটা চকলেটীয়া আইচক্ৰীম লৈ আবেলি নিজৰ ঘৰলৈ ৰাওনা হ’ব। এইদৰেই চলি গৈছে তেওঁলোকৰ কাৰ্যসূচী।

মুঠতে পূজা বুলি অসমীয়া ৰাইজ পুৰা এনজয় কৰাত মগ্ন। নকৰিবনো কিয়! হাৰৰে! মান-ইজ্জত বুলিতো কথা আছে! অসমত বানপানী হ’ল বুলিয়েই,চোৰাং চিকাৰীয়ে গড় মাৰিলে বুলিয়েই,সাহিত্য সভাত খেলি-মেলি হ’ল বুলিয়েই ইমান ধুনীয়া উৎসৱটো জানো চেলিব্ৰেট নকৰাকৈ থাকিব পাৰি!! বাংলাদেশী আহিছে, আহক। বানত ঘৰ-দুৱাৰ উটি গৈছে যাঁওক,গড় মৰিছে মৰক। আজিৰ যুগত মানুহৰ লাইফৰে কোনো পাট্টা নাই। গড় দুই-এটা মৰিল বুলিয়েই আমি কি ঘৰতে বহি থাকিম! আমাৰনো তাত কিডাল আহে আৰু যায়! সেইবোৰ ঘটনা সদায়েই হৈ থাকিব। কিন্তু পূজাটো বছৰত এবাৰহে আহে। আননেছেচেৰী কথা কিছুমানত ইনভল্ভ হৈ আমি পূজা নাপাতিম!! উহ-হু!!মুঠেই নোৱাৰে সেইটো হ’ব। সেইটো হ’বলৈ দিবই নোৱাৰি। অসমীয়া মানুহৰ কথাৰ কোনো হেৰ-ফেৰ নাই। পাতিম বুলিছো যেতিয়া পাতিমেই।

অক্টোবৰ মাহ সোমোৱাৰ লগে লগেই চাৰিওফালে এটা উখল-মাখল পৰিৱেশ! অসমীয়া জাতিয়ে যে ইমান ফূৰ্তি কৰিব জানে,ভাবিয়েই ভাল লাগি যায়। দুখৰ মাজতো সুখ কেনেকৈ বিচাৰিব পাগে সেইটো কথা এই জাতিটোৱে ভালকৈ বুজি উঠিছে। আজিকালি আকৌ ৰাজ্যখনত ইংৰাজী শব্দৰহে পপুলাৰিটি বেছি। ছেন্ট মেৰিজ,হলি-চাইল্ডত পঢ়ি থকা চোকা আৰু অতিপাত টেলেন্তেড ষ্টুদেন্টবোৰেতো আহিন মাহ বুলি ক’লে ভেবা লাগি আকাশলৈ চাই থাকে। শেৱালি ফুল,শৰৎ –এইবোৰ খায়নে,কাণতেই পিন্ধে বহুতে আকৌ ধৰিবই নোৱাৰে। নাজানিলে নাই। মাক-বাপেকৰ বাবে সেইটো গৌৰৱৰ কথা। লাজো লাগে দিয়কচোন ইমান কামোৰ টাইপ ভাষাটো ক’বলৈ। দুৰ্গাপূজাৰ দৰে এটা ফেষ্টিভেলত সাহিত্যসভাৰ দৰে ‘চিৰ চেনেহী মোৰ ভাষা জননী’বুলি চিঞৰি থাকিলেতো নহ’ব।

দুৰ্গা পূজাৰ সময়চোৱাত ৰাজ্যখনৰ স্বনামধন্য সাহিত্যিকসকলো বিৰাটেই ব্যস্ত। অক্টোবৰ মাহটো সোমোৱাৰ লগে লগে অসমৰ কাকত,আলোচনীবোৰে ‘বিশেষ’ শব্দটোৰ লগত এক বিশেষ সম্পৰ্ক গঢ়ি তুলে। যেনে শৰৎ বিশেষ,শাৰদ বিশেষ,পূজা বিশেষ। কি যে এটা জাগ্যান্টিক কাণ্ড হৈছে নহয়! অসমীয়া সাহিত্যৰ ভঁৰালটো দিনে দিনে গেৰেলা হৈ হৈ গৈ আছে। কোনোবাদিনা ফুটি নাথাকিলেই ৰক্ষা। কোনো-কোনো সাহিত্যিকৰ ইমান ডিমাণ্ড বাঢ়িছে এইকেইদিন!চাহ কাপ খাবলৈকো শান্তি পোৱা নাই। বৰ্মনে লিখি লিখি ভাগৰি পৰিছে। তথাপিও লিখিয়েই আছে। লিখিয়েই আছে। বহুজেগাৰে পৰা তেওঁৰ লেখা বিচাৰি ফোনকল,মেচেজ আহিছে। নিজকে অধিক ফেমাছ বনাবৰ বাবে দুৰ্গা পূজাৰ চিজনটো ভাল। উপৰঞ্চিকৈ দুটামান টকা পালেতো আৰু মজা। দুই-এজন তামাম তামাম কবিৰ টিকাত ঘাঁ হৈ গৈছেগৈ কবিতা ৰচোতে ৰচোতে। শেৱালি,শৰতক বাদ দি নতুন শব্দ বিচাৰি তেওঁলোকৰ কবিমন হায়ৰান হৈ চৌদিশ ঘূৰি পৰিছে। ফেচবুকতো আজিকালি অসমীয়া লিখিব পৰা হ’ল। তাতো বহুতেই সাহিত্য-চৰ্চা কৰি আছে। লাইক-কমেন্টৰে কবিতা ভৰি পৰিছে। কি যে এক ভাল লগা কাৰবাৰ!কবিতা লিখিবৰ বাবে কি পেছন্! কি অনুভৱ! কি সৃষ্টি! ৱাহ! মানি গৈছো। ঘৰৰে কাষৰ চৌধুৰীয়ে আকৌ কালি মোক ক’লে –‘হে’ৰা বৰা,মোৰ কবিতাত ঢেৰ বানান ভুল হয়হে। অলপ চাই দিবাচোন। বানানকেইটা শুদ্ধ হ’লে প্ৰকাশ পাবই মোৰ কবিতা। পুআ দেম চিউৰ। এইবাৰ চব পেপাৰ-আলোচনীলৈ কবিতা পঠিৱাবৰ বাবে চেষ্টা কৰি আছো।’-এইবুলি কৈ মোৰ হাতত কমেও দুই দিস্তামান কবিতা জমা দিলে। মিছাতো ক’লে কিডাল হ’ব। টেলেন্ট কিন্তু আছে তেখেতৰ। দুজনমানেতো কবিতা লিখিবৰ বাবে অফিচৰ পৰা ছুটিও বিচাৰিছে। ৱাহ! কিমান ডেডিকেটেড কবি! এৰা,নিলিখিলে কেনেকৈ হ’ব ? দুৰ্গা পূজাৰ বতৰত যদি ৰাইজক তুমি শৰৎ,শেৱালিৰ বিউটিফুল জগতখনৰ মাজলৈ লৈ যাব নোৱাৰা, তেন্তে তুমি কিহৰ কবিডাল হ’লা হে!

পেপাৰ-আলোচনীত কবিতা-গল্প প্ৰকাশ হ’ব বুলি কনফিদেঞ্চ নথকা দুই-এক প্ৰতিভাধৰে আকৌ অসমীয়া ই-আলোচনীবোৰলৈ ধুমা-ধুম লেখা পঠিয়াইছে। একেলগে দুই-তিনিটাকৈ পঠাইছে। ঘৰত কম্পিউটাৰ নথকাসকলে ইন্টাৰনেট কাফেত গৈ বহি লৈছে। এই ই-আলোচনীবিলাক আকৌ সাংঘাটিক আলোচনী। কিনিবলৈ টকাও নালাগে। লেখা নোলাব বুলি বিশেষ কোনো টেনছনো নাই। দেৰিকৈ হ’লেও যে লেখা ওলাব সেইটো খাটাং। কেৱল কম্পিউটাৰটোৰ সৈতে ইন্টাৰনেটৰ কানেকচনটো থাকিলেই হ’ল। প্ৰথমতে এই ই-আলোচনীবোৰ ইমান পপুলাৰ নাছিল। আজিকালি ঢেৰ হ’ল। নামবোৰ তামাম হাই-ফাই। সাহিত্য, অসমীয়া, স্পন্দন আদি টাইপৰ। মানে ক’বলৈ গ’লে কেঁচা মাটিৰ গোন্ধ এশ শতাংশই বিৰাজমান। তেওঁলোকেও বিৰাট হৈ-হাল্লাৰে এইবাৰ পূজা পাতিছে। অনলাইন পূজা। বিষয়ববীয়াসকল পুৰা বিজি। ই-জোনাকী যুগৰ আৰম্ভণি হ’লেই আৰু।

দুৰ্গা পূজাৰ এই টাইমতে আকৌ বহুতেই বহু টকা ইনকাম কৰে। চাৰিদিনতে নিজৰ উদং পকেটটো পাঁচশ, হাজাৰটকীয়া নোটেৰে ভৰাই তুলিবলৈ গলডেন চাঞ্চ পায় আমাৰ নদাই-ভদাইহঁতে। ভাল চিন্তা। চাঞ্চতে ডাঞ্চ্ যি মাৰিব পাৰে তেওঁলোকহে আজিৰ যুগত আচল বাজিগৰ। বাকীবোৰৰ কাম নাই। আমাৰ ভূঞা মাষ্টৰৰ ল’ৰা ৰাজেন খুবেই ব্যস্ত দেই পূজা বুলি। অলৰেডি হেনো পাঁচ লাখ টকা জমা হ’লেই পূজা ফাণ্ডত। বেকাৰ বুলি কোনে ক’ব তাক ? পূজা হেনো সি এইবাৰ ফালি দিব। যোৱাবাৰৰ পূজাত হোৱা ‘কিতাপৰ মেলা’ এইবাৰ নেচেল। হ’বলৈ নিদিয়ে সি। পূজাৰ বতৰত কোনে চায়হে সেইবোৰ! ধুৰ! কিতাপ আৰু কোনোবাই পঢ়ে নেকি ? তাকো এনেহেন উখল-মাখল পৰিৱেশত! পিছে,পূজা বুলি মদকণ নাখালে জানো হ’ব ? খাব লাগিব। তেহে দহে শলাগিব। টেটুৰ গুৰিলৈকে সুৰাপান কৰি তুমি যদি বাইকখন মিনিমাম ১০০ কিলিমিটাৰ প্ৰতি ঘন্টা বেগেৰে দৌৰাই নিব পাৰা তেহে বুলিম -তোমাৰ দেহাত লাচিতৰ তেজ আছে। ন’হলে ক’ম তুমি এটা কাপুৰুষ। তোমাৰ কোনো কামেই নাই। পূজা বুলি মদ অকন খালে ঘৰতো একো নকয়। ‘ডেকা ল’ৰা যেতিয়া অলপটো ফূৰ্তি কৰিবই’। নিবনুৱা বুলি কৈ কৈ কিমান আৰু ট্ৰেজেদী ফালিবা ? মদৰ নিচাত মাতাল হোৱা আৰু হিল-দল ভাঙি ওলাই আহা।

আমাৰ আকৌ অসমৰ মন্ত্ৰীসকল পূজাপালন কৰোতে খুবেই সাৱধান হয়। আজিকালি মিডিয়াৰ যিহে চকু! বেছিকৈ চেলিব্ৰেট কৰিবলৈও ভয়। কেনেকৈ ক’ত চোপ লৈ বহি থাকে ধৰিবই নোৱাৰি নহয়! সেইবুলি অৱশ্যে দুই-এক সাহসী মন্ত্ৰী আমাৰ অসমত এতিয়াও বিদ্যমান। যেনে আমাৰ শৰ্মাদেৱ। শৰ্মাদেৱেতো মন বান্ধি লৈছেই এইবাৰ মিনিমাম ১০টা ম’হ আৰু ২০ টা ছাগলী কামাখ্যাত বলি দিবই। অলৰেডি তেখেতৰ মানুহে ‘মাল’কেইটা ঠিক কৰিছেই। পুৰা পুৰঠ মাল। নমৰাকে নাথাকেই। এটা ঘাপত মূৰ দুচেও।

উন্নতিৰ পথত দোপত-দোপে আগুৱাই যোৱা সোণৰ অসমখনত আজিকালি ঢেৰ নিউজ-চেনেল। বছৰৰ গোটেইকেইটাদিন ব্ৰেকিং নিউজ দি দি আমাৰ বৰদলৈ,ভূঞাহঁত দুখে-ভাগৰে লেবেজান। তাতে পূজা বুলি ক’লে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ এশ এবুৰি নিউজ। ‘কোনোবাটো মদ খাই তিনিআলিত বাগৰি পৰিল,কোনোবা বিবাহিত পুৰুষে চেগ বুজি ধুনীয়া ছোৱালী এজনীৰ গালত টপহকৈ কিছ্ কৰিলে,চাৰিআলিৰ মিলন সমাজে পতা দুৰ্গা মূৰ্ত্তিটোৰ এখন হাত ভাঙিল,পূজা কৰি থাকোতে পূজাৰীৰ পেট চলিল’ আদি হৰেক ৰকমৰ বা-বাতৰি। পূজাকেইদিনত হ’বলগীয়া প্ৰায় বিশখনমান আলোচনাচক্ৰবোৰৰ বাবেও সম্পাদকমণ্ডলীসমূহে প্ৰিপেয়াৰেছন কৰি আছে। পূজালৈ এমাহ থকাৰ আগতেই ‘টপিক অৱ ডিছকাছন’ ৰেদী কৰি ৰাখিছে তেওঁলোকে। ‘দুৰ্গাপূজা আৰু প্ৰদুষন’ শব্দকেইটাটোত এইবাৰ বেছি ষ্ট্ৰেছ দিয়া হৈছে। বিশেষ বিশেষ ব্যক্তিসকললৈ ইনভাইটেশ্বন লেটাৰ পঠিয়াই দিয়া হৈছে। কোনেও না নকৰেই।সেইটোৱেই ভাল কথা। আজিকালি টিভিত উঠিবলৈ বহুতৰে তীব্ৰ ইচ্ছা আৰু দুই-এজন সমাজসেৱকৰ ‘এইম ইন লাইফ’। দত্ত,বৰগোঁহাইহঁতে সম্পূৰ্ণ অসমীয়া ভাষাত কোৱা কথাখিনি ৰাইজেও মনপুতি শুনে। দুটামানে আকৌ ৰ লাগি চাই থাকে। ‘ইমান টান অসমীয়া ভাষাটো সলসলীয়াকৈ কেনেকৈ কয়হে এওঁলোকে’।

মুঠৰ ওপৰত অসমৰ চাৰিওফালে এতিয়া চাই ভাল লগা এক মজ্জা পৰিৱেশ। প্ৰতি বছৰৰ দৰে এইবছৰো অসমীয়া ৰাইজে পূজা চেলিব্ৰেট কৰিবলৈ হাত-ভৰি দাঙি আছে। অসমীয়া জাতি যে এটা বৰ বিন্দাছ আৰু এনজয় কৰিব জনা জাতি তাক প্ৰমাণ কৰিবলৈ অসম মুলুকৰ প্ৰতিজন অসমীয়া একদম ৰেডি।

পূজা বুলি মোৰ বন্ধু শ্ৰী কবিকান্ত মোছাহাৰীয়ে ৰচনা কৰা এটা শৰতীয়া কবিতা পাঠকৰাইজৰ মাজলৈ আগবঢ়াই নিদিয়াকৈ থাকিব নোৱাৰিলো। মন কৰিব তেখেতেৰ ৫৫৫ নম্বৰ কবিতা এইটো।

“শৰৎ আৰু শেৱালি”

শৰৎ তুমি আহিলা,
কিয়নো আহিলা?
তুমি আহিলে যে মোৰ টোপনি ক’ৰবাতে লুকায়,
তুমি আহিলে যে ব্ৰহ্মপুত্ৰৰ পানী ক’ৰবাতে শুকায়,
তুমি আহিলে যি কিমান কি কি হয়! কেনেকৈ কঁও ?
শেৱালি তুমি ফুলিলা,
কিয়নো ফুলিলা ?
তুমি ফুলিলে যে মোৰ চাইনাজৰ প্ৰবলেমটোৱে আকৌ উক দিয়ে,
তুমি যেতিয়া ফুলা তেতিয়া মোৰ মগজুত সিৰাই-উপসিৰাই আৰম্ভ হয় এক তাণ্ডৱনৃত্য।
তুমি আহিলে যি কিমান কি কি হয়! কেনেকৈ কঁও
কাবৌ কৰিছা, শৰৎ তুমি নাহিবা,
কাবৌ কৰিছো শেৱালি, তুমি নুফুলিবা।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments