লেডিজ চিট (চন্দ্ৰমা কলিতা) লেডিজ চিট (চন্দ্ৰমা কলিতা)

লেডিজ চিট (চন্দ্ৰমা কলিতা)

অৱশেষত ৬নং বাছখন আহিল।ৰ’দত ৰঙা পৰা গালখনৰ ঘামবোৰ হাতখনেৰেই মচি মচি কহুঁৱাই স্বস্তিৰে এটা উশাহ ল’লে।ক্রমাৎ কাষ চাপি অহা বাছখনলৈ এপলক চাই তাই আকৌ এবাৰ হাতৰ ঘড়ীটোলৈ চালে।এক বাজি ত্রিশ মিনিট গৈছে। পছিশ মিনিটমানৰ পৰা এই গেলেপা গৰমখনত তাই বাছলৈ ৰৈ আছে। ইতিমধ্যে দুবাৰ বীণা মাহীৰ আৰু এবাৰ ৰূপম মহাৰ ফোন আহিলেই তাইলৈ। দীঘলীপুখুৰীৰ পাৰৰ এন.বি.ডি. হোস্টেলত থাকি কটন কলেজত বি এ. পঢ়ি থকা কহুঁৱাক লৈ দুয়ো উত্তৰ গুৱাহাটীত থকা অৰুণা জেঠাইহতঁৰ ঘৰলৈ যাব দুপৰীয়াৰ ভাত খোৱা আলহী হৈ।ইমানপৰে তাই জালুকবাৰীত থকা বীণা মাহীহতঁৰ ঘৰ পাবগৈ লাগিছিল কিন্তু তাই যাবলগীয়া বাছখন নাহে হে নাহে।
অৱশেষত বাছখন আহি কহুঁৱাৰ সন্মুখত ৰ’ল।হাতৰ মোবাইল ফোনটো বেগত ভৰাই বাছখনত উঠিয়ে কহুঁৱাৰ ৰ’দত ৰঙা পৰা মুখখন এইবাৰ শেতা পৰি গ’ল।এটাও লেডিজ ছিট খালি নাই।ক’বলৈ গ’লে বাছখনত ভৰি দিবলৈকে ঠাই নাই।থিয় হ’বলৈ ঠাই অকণ উলিয়াই ল’বলৈ লঁওতেই বাছৰ কণ্ডাক্টৰজনে তাইক মাতিলে,”বাইদেউ আগুৱাই আহক।এইফালে এটা লেডিজ ছিট খালি আছে ।“তাই আগুৱাই গ’ল।কণ্ডাক্টৰজনে ইতিমধ্যে কোনোবা পুৰুষ এজনক উঠাই তাইক ছিট এটা আজৰি কৰি দিছে। কহুঁৱাই গৈ লেডিজ ছিটটোত বহিল।
“থেংকিউ দাদা”,তাই কনণ্ডাক্টৰজনক ক’লে। কান্ধৰ বেগটো কোলাত লৈ ভালকৈ বহি অলপ সময় বাহিৰলৈ চাই এবাৰ সোঁফালৰ থিয় হৈ যোৱা যাত্রীবোৰৰ ফালে চাবলৈ লওঁতেহে কহুঁৱাই দেখিলে,কণ্ডাক্টৰজনে আচলতে বুঢ়া মানুহ এজনকহে তাই বহি থকা ছিটটোৰ পৰা উঠাই দিছিল।এতিয়া মানুহজনে কহুঁৱাৰ সন্মুখৰ ছিটটোত কোনোৰকম হাতেৰে ধৰি থিয় হৈ গৈ আছে।ইমান ভীৰৰ মাজত কান্ধৰ কাপোৰৰ মোনাটোৰে সৈতে তেঁও এনেদৰে থিয় হৈ যাবলৈ অসুবিধা পাইছে। ।কহুঁৱাৰ বেয়া লাগিল।তাই আগতে মন কৰা হ’লে কেতিয়াও এনেদৰে বুঢ়া মানুহজনক উঠাই লেডিজ ছিটটোত নবহিলহেঁতেন। নিজে থিয় হৈ তেওঁক বহিব দিব নেকি বুলি কহুঁৱাই ভাবিলে।কিন্তু তাই ক’ম বুলিও তাইৰ ছিটটোতে বহক বুলি মানুহজনক ক’ব নোৱাৰিলে।অন্য মানুহবোৰে যদি সচৰাচৰ কৰাৰ দৰে তাইক উদ্দেশ্য কৰিও বৰ উপকাৰী দেখুৱাব খুজিছে জাতীয় কিবা মন্তব্য এটা কৰি দিয়ে…।কহুঁৱাই নাভাবোঁ বুলিও ভাবিলে।অভ্যাসবশতঃ তাইৰ মনটো কোঁচ খাই গ’ল।

বাছখন ইতিমধ্যে ফাঁচীবজাৰ পালেহি।এতিয়ালৈকে এটাও পুৰুষৰ ছিট খালি হোৱা নাই।মাজে মাজে দুই এটা ছিট খালি হ’লেও অন্য পুৰুষবোৰে তাইৰ সন্মুখৰ বুঢ়া মানুহজনৰ আগতেই গৈ ততালিকে খালি ছিটবোৰ দখল কৰি লয়।বহি যাবলৈ পাইও কহুঁৱাৰ মনটো লাহে লাহে উচপিচাবলৈ ধৰিলে।তাইৰ বাবেই মানুহজনে কষ্টৰে যাবলগীয়া হৈছে।ইমান গৰমখনত ভীৰ বাছখনত এনেকৈ তেঁও যেন ভাগৰি পৰিছে। একোবাৰ হঠাতে ৰৈ আকৌ হঠাৎ চলিব লোৱা বাছখনৰ জোকাৰণিত তেঁওৰ কান্ধৰ মোনাটোও কোনোবা এপাকত সৰি সৰি পৰিছে।চলন্ত বাছখনৰ কোনেও কথাটো মন কৰা নাই।মহানগৰীৰ দ্রুত উশাহবোৰৰ এইবোৰ কথা মন কৰাৰ আজৰি নাই।
লাহে লাহে গৰমতেই নে অস্বস্তিতে ঠিক ধৰিব নোৱাৰাকৈ কহুঁৱাৰ গালখন ৰঙা পৰি আহিল। ভনীয়েক জুপিতৰাই প্রায়ে কহুঁৱাক তাই স্মার্ট নহয় বুলি কোৱা কথাটো এতিয়া তাইৰ মনত পৰিছে।কহুঁৱা পঢ়াশুনাত ভাল,তিনিটা ভাষা ক’ব জানে,শেহতীয়া ডিজাইনৰ ৰুচিসন্মত কাপোৰ পিন্ধে,দেশৰ খবৰ ৰাখে। কহুঁৱাই তাই কেনেকৈ স্মার্ট নহয় বুলি ভনীয়েকৰ সৈতে তর্ক কৰে।সেইজনী কহুঁৱাই এতিয়া বুঢ়া মানুহ এজনক ল’ৰালিৰে পৰা এতিয়ালৈকে থকা অনর্থক খোকোজা ভাৱ এটাৰ বাবে সৰু সহায় এটা আগবঢ়াব পৰা নাই অথচ তাই ইচ্ছা কৰিলেই প্রায় ৭০বছৰ গৰকা এই বৃদ্ধজনক এই অস্বস্তিকৰ অৱস্থাৰ পৰা সকাহ দিব পাৰে। তাইৰ দৰে সুস্থ সবল ছোৱালী এজনীৰ বাবে জালুকবাৰীলৈ চিটি বাছত থিয় হৈ যোৱাটো একো ডাঙৰ কথা নহয়।
“কিজানি মানুহজন আগৰ স্টপেজটোত নামি যাব।“,বাছখন ৰোৱা প্রত্যেকটো স্টপেজতে তাই ভাবিলে।কিন্তু তেঁও নানামিল আৰু কহুঁৱাইও নিজে উঠি মুখ ফুটাই মানুহজনক বহিবলৈ ক’ব নোৱাৰা বাবেই উচপিচাই গৈ থাকিল।এসময়ত বাছখন জালুকবাৰী স্টপেজ পালেগৈ।বেগটো কান্ধত লৈ কহুঁৱা নামিবলৈ উদ্যত হ’ল।
এইবাৰ তাই বুঢ়া মানুহজনলৈ চাই তাই উঠাত খালী হোৱা লেডিজ ছিটটোলৈ দেখুৱাই সৰুকৈ ক’লে,”ককা আপুনি ইয়াতে বহক।“
“হ’ব মাজনী! মই লংকেশ্বৰত নামিমেই নহয়।”,ইমানপৰে তাইৰ কাষতে থিয় হৈ অহা বুঢ়া মানুহজনে ভাগৰুৱা মাতটোৰে তাইক ক’লে।
ইতিমধ্যে অন্য এগৰাকী মহিলা খৰকৈ ছিটটোৰ ফালে আগবাঢ়ি আহিল।তেওঁ হাঁহি এটা মাৰি বুঢ়া মানুহজনক ক’লে,”লেডিজ ছিট যেতিয়া মইয়ে বহোঁ।“
কহুঁৱা বাছখনৰ দুৱাৰমুখ পালেহি ।হাইহিল চেন্দেলজোৰেৰে মাটিত খুপনি পুতি তাই নামিব লওঁতেই কন্ডাক্টৰজনে ড্রাইভাৰক উদ্দেশ্যি চিঁঞৰি উঠিল,”হেই লাহেকৈ, লেডিজ নামিছে।“…

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments