লেফ্ট আৰ্ম ছীমাৰ- তুষাৰ ৰঞ্জন কাশ‍্যপ

ক্ৰিকেট মোৰ সৰুৰে পৰাই প্ৰিয় খেল আছিল৷ বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাছত নতুন শ্ৰেণী আৰম্ভ হোৱালৈকে আমাৰ গাত ততেই নাছিল৷ পথাৰৰ নৰা কাটি পিট্ছ উলিওৱাৰ পৰা আৰম্ভ কৰি ওচৰৰ গাঁৱবোৰত পতা টুৰ্নামেণ্টবোৰত ভাগ লোৱালৈকে মুঠতে আমাৰ সেইকেইদিন উৎসাহৰ অন্ত নাছিল৷ এতিয়াও মোৰ ক্ৰিকেটৰ নিচা আগৰ দৰেই আছে৷ অৱশ্যে বৰ্তমান খেলৰ নিচাবোৰ টিভিত হোৱা ওৱান দে, টি টুৱেণ্টি ইণ্টাৰনেশনেল, আই পি এল, বিগ বেছ আদি চোৱাতেই সীমাবদ্ধ৷ তদুপৰি মোৰ সকলো বাধা নেওচি বাঢ়ি অহা পেটটোৱে তথা অফিছৰ কামৰ হেঁচাই মোক ফিল্ডৰ ওচৰলৈ যোৱাত যথেষ্ট বাধা দিয়ে৷ অৱশ্যে বয়সেও দুকুৰিৰ দেওনাখন সৌসিদিনাখন অতিক্ৰম কৰিলে৷ তথাপিও কেতিয়াবা মন যাই লৰালিৰ দৰেই বল-বেট হাতত লৈ পুনৰ ফিল্ডত নামিবলৈ৷ কিন্তু মনে মানিলেও বয়স আৰু পেটে নামানে৷

ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত সাধাৰণতে বছৰেকীয়া পৰীক্ষাবোৰ শেষ হয়৷ অফিছৰ কাষত থকা পথাৰখনতো ল’ৰাহতে খেল আৰম্ভ কৰিছে৷ পথাৰৰ নৰাবোৰ কাটি পিটছ বনাই ধুমুছ মাৰি বাঁহৰ মাৰিত ৰং-বিৰঙী কাগজ লগাই বাউণ্ডেৰী বনাই লৰাহঁতে সুন্দৰকৈ আয়োজন কৰিছে৷ খেলৰ মাজে মাজে লৰাহঁতৰ কিৰিলি, উইকেট লবলৈ কৰা আপিল, বাউণ্ডেৰী হোৱাৰ পাছত বা উইকেট লোৱাৰ পাছত লৰাহঁতে মৰা উল্লসিত চিঞৰ বাখৰ প্ৰায়ে মোৰ কাণত পৰে৷ অফিছ ছুটীৰ পাছত ওচৰৰ গুমটিখনত চাহ একাপ আৰু পাণ এটা খাই ঘৰলৈ ওভতা মোৰ নিয়মিত অভ্যাস৷ চাহ খোৱাৰ মাজে মাজে মই ডেকাহঁতৰ খেল উপভোগ কৰো৷ সিহঁতৰ খেলৰ মাজতে মোৰ এৰি অহা ল’ৰালিকাল বিছাৰি পাও৷ কেতিয়াবা মন যাই এৰি অহা ল’ৰালিকাললৈ আকৌ উভতি যাবলৈ, আগৰ লগৰীয়াৰ লগত আকৌ বল বেট হাতত ল’বলৈ৷ স্কুলীয়া লগৰখিনিকো তেনেকৈ আজিকালি লগ নাপাও৷ সকলোবোৰৰে ভাল ভাল সংস্থাপন হ’ল, পৰিয়াল হ’ল৷ আগৰ দৰে সকলোৱে সময় দিবও নোৱাৰা হ’ল৷ তথাপিও বিয়াই সবাহে মেলে-মিটিঙে আমিবোৰ লগ হ’লে পুনৰ শৈশৱ কৈশোৰৰ কথাবোৰ মনত পেলাওঁ৷ স্কুলৰ বগীজামুজোপাত উঠি জামু পাৰি খোৱা, স্কুলৰ পৰা উভতি আহোতে পাই অহা এৰাবাৰীখনত সোমাই বগৰী খাই অহা, সন্ধিয়া লগালৈকে পথাৰত খেল খেলি পঢ়া টেবুলত কলমকতিয়াই থাকোতে দেউতাহঁতৰ পৰা কানমোচৰা চিটিপনিৰ কোব খোৱা কথাবোৰ মনত পৰিলে আজিকালি নিজকে যন্ত্ৰযেন লগা হ’ল৷

অফিছৰ ওচৰৰ গুমটিখনৰ পৰা ডেকাহঁতৰ খেলখন ভালদৰে উপভোগ কৰিব পাৰি৷ কিছুদিনৰ পৰা লক্ষ্য কৰিছো ডেকাহঁতে খেলা পথাৰখনৰ আলি এটাত বহি এটা মানুহে খেল চাই থাকে, মাজে মাজে নিজকে নিজেই কিবাকিবি কয়, পথাৰৰ চপৰা এটা হাতত লৈ বল কৰাৰ প্ৰেক্টিছ কৰে৷ লৰাহঁতে হাঁহে, ফিচিঙা ফিচিঙি কৰে, মানুহটোৰ ভ্ৰূক্ষেপ নাই সেইবোৰৰ প্ৰতি৷ মানুহটোৰ আচৰণতেই ধৰিব পাৰি যে তেওঁ এজন মানসিক বাধাগ্ৰস্ত, সহজ অৰ্থত পগলা৷ সিদিনা ঘটি গল ঘটনাটো৷ আনদিনাৰ দৰে অফিছ ছুটীৰ পাছত চাহৰ জুতি লৈ খেল উপভোগ কৰি আছিলো৷ লৰাহঁতে দুটাদলত ভাগ হৈ খেলিছে৷ বেটিং টিমৰ এজনে দুৰ্দান্ত বেটিং কৰিছে৷ বোধকৰো সুন্দৰ ফৰ্মত আছে৷ বিপক্ষৰ বলাৰক নিৰ্দয়ভাবে প্ৰহাৰ কৰিছে৷ বিপক্ষৰ অধিনায়কে বলৰ সলাইয়ো তত পোৱা নাই৷ প্ৰতি অভাৰতে দুই তিনিটা বল বাউণ্ডেৰী পাৰ কৰিছে লৰাজনে৷ এইবাৰ অধিনায়ক যেন লগা লৰাজন নিজেই আহিল বলিং কৰিবলৈ৷ কিন্তু তেওঁৰো ভাগ্য বেয়া৷ প্ৰথম বলটোৱেই বেটৰ আগত পৰিল৷ বেটচমেনে ষ্ট্ৰেইট বেট ঘূৰালে৷ লং অনত ছিক্স৷ হতাশ নহৈ দ্বিতীয় বলটো কৰিবলৈ আগবাঢ়িল লৰাজন৷ কিন্তু এইবাৰো ভাগ্য বেয়া৷ শ্বৰ্ট পিটছত পৰা বলটোত অনছাইডত বিশাল ছয় এটা কোবালে বেটছমেনে৷ অঘটনটো তেতিয়াই ঘটিল৷ বাউণ্ডেৰীৰ বাহিৰত পৰা বলটো পগলাজনে উঠাই আনি পিটছৰ ওচৰত আহি বলাৰজনক উপদেশ দিবলৈ লাগিল৷ ইয়াতে ক্ষান্ত নাথাকি পগলাই এইবাৰ এটা বল কৰি দেখুৱাই দিব খুজিলে৷ অভাৰটোৰ প্ৰথম বল দুটাত ছয় দুটা খাই লৰাজনৰ এনেই মাথা গৰম হৈ আছিল৷ তাৰ মাজতে পাগল এটাই গৈ বলিং কৰিবলৈ শিকোৱাত লৰাজনৰ জ্বলা জুইত যেন ঘিউহে ঢালিলে৷ খেলখনৰ মাজত আহি তেনেকৈ ডিষ্টাৰ্ব দিয়াত বাকী লৰাবোৰৰো খং উঠি আহিল৷ বেট, ষ্টাম্প হাতত যি উঠি আহিল তাকে লৈ ডেকাহঁতে পগলাক মাৰিবলৈ খেদি আহিল৷ পগলা দৌৰি আহি আমি চাহ খাই থকা গুমটিখনতে আহি সোমাল৷ খেদি আহি লৰাহঁতো তাত পালেহি৷ অৱশ্যে আমাৰ মধ্যস্থতাত ঘটনাটো সিমানতে শাম কাটিল৷ পগলাৰ হাতৰ পৰা বলটো লৈ লৰাহঁত পুনৰ খেললৈ গ’ল৷

“খেল চাৱ আৰামত চাই থাক৷ মাজত সোমাই খেলিমেলি লগাব কিয় যাৱ৷ আমি নথকা হ’লে পিঠি গেলিলে হয় আজি তোৰ৷ “ গুমটি দোকানী বাবুলে পগলাক উদ্দেশ্যি ক’লে৷

“কিবা খাম৷ “ বাবুলৰ কথাত ভ্ৰূক্ষেপ নকৰি পগলাই দোকানৰ চিংৰাকেইটা আঙুলিয়াই দেখুৱালে৷

“হো ল আৰু একদম ফুট ইয়া পা৷ “কাগজ এখনত চিংৰা দুটা পগলালৈ আগবঢ়াই দিলে বাবুলে৷

“বেটৰ আগত বল দিলে মাৰ খাবই৷ অফ ষ্টাম্পৰ বাহিৰত গুড লেংথত বল মাৰিবলৈহে কৈছিলো৷ ভাল কলে মই বেয়া৷ “ নিজকে নিজে কৈ কৈ পগলা গ’লগৈ৷ কথাকেইষাৰে মোক আচৰিত কৰি তুলিলে৷ পাগল এজনৰ মুখত বলৰ লাইন লেংথৰ কথা৷ কিবা যেন বিশ্বাস কৰিবলৈ টান৷ পগলাৰ মুখখন ভালদৰে চালো, চিনাকি চিনাকি লাগিল৷ কৰবাত যেন মই আগতে দেখিছো, কিন্তু মনত পেলাব পৰা নাই৷ মলিয়ন কাপোৰ, অবিনস্ত চুলি দাৰিৰে তাক কিম্ভুত কৰি তুলিলেও বয়স যে আমাৰ সমানেই হব অনুমান কৰিব পাৰি৷

“ঘৰ ইয়াতে নে কি মানুহটোৰ৷“ বাবুলক উদ্দেশি মই সুধিলো৷

“নাই ঘৰ ইয়াত নহয়৷ ইয়াত এমাহমানৰ পৰাহে দেখিছো আমি৷ ক’ত খুৱাবোৱা কৰে ক’ত থাকে সিহে যানে আৰু৷ “ মোলৈ পানটো আগবঢ়াই দি পাব লগীয়া পইচাখিনি মোৰ পৰা লৈ বাবুল পুনৰ বেলেগ কাষ্টমাৰৰ লগত ব্যস্ত হ’ল৷ ৰাস্তাত আহি থাকোতেও মোৰ মানুহটোৰ মুখখনেই মনলৈ আহি থাকিল৷ সি যেন মোৰ আজিৰ চিনাকি নহয়, বহুদিনৰ আগৰে চিনাকি৷ কিবা যেন এটা পুৰনা সম্পৰ্ক আছে সেই মানুহটোৰ মোৰ লগত৷ ৷ সন্ধিয়া ঘৰতো শ্ৰীমতীয়ে দিয়া চাহ কাপ হাতত লইও মানুহটোৰ মুখখন মনত পেলালো৷ মনত পেলাবলৈ অথনিৰে পৰা চেষ্টা কৰিছো অথচ পৰা নাই৷ শৈশৱৰ পৰা আৰম্ভ কৰি কাক কেনেকৈ লগ পাইছিলো মনত পেলাবলৈ চেষ্টা কৰিলো৷ এফালৰ পৰা নামবোৰ মনত পেলাইছো৷ ইয়েচ হয় হয় সিয়েই হয়৷ হয় মানে মই এশ শতাংশই নিশ্চিত৷ কিন্তু সিটো কেতিয়াবাই নোহোৱা হৈছিল৷ ইমান বছৰৰ পাছত সি আকৌ আহিছে, তাকো মানসিকভাবে বিকাৰগ্ৰস্ত হৈ৷ ভাবিয়ে আচৰিত লাগি গ’ল৷

লৰালিৰ ছবিবোৰ চকুৰ আগত ভাহি আহিল৷ সাধাৰণতে আমাৰ দৰে গাঁৱত সকলোৰে ক্ৰিকেটৰ কেৰিয়াৰ বাউণ্ডেৰীত পৰা বলটো আনি দিয়াৰ পৰাই আৰম্ভ হয়৷ আমাৰো বলটো বাউণ্ডেৰীৰ পৰা আনি দিয়াৰ পৰাই আৰম্ভ হৈছিল৷ ডাঙৰ খিনিয়ে বাউণ্ডেৰী পাৰ কৰি মাৰি দিয়া বলটো আনিবলৈ আমাৰ হেতা-ওপৰা লাগিছিল৷ তাতেই আমি ফুৰ্তি পাইছিলো৷ সেইয়া চতুৰ্থ ফাইভ মানত পঢ়ি থকা দিনৰে কথা৷ ডাঙৰ হৈ অহাৰ লগে লগে আমি প্ৰথম ফিল্ডিং তাৰ পিছত কেতিয়াবা লাষ্টৰ ফালে বেটিং কৰিবলৈ সুবিধা পাইছিলো৷ আমাৰ গাঁৱখন সৰু গাঁও৷ মানুহ আগতে ৫০ ঘৰমানহে আছিল৷ আজিকালি অৱশ্যে ৮০ ঘৰতকৈও বেছি হ’ল৷ কাষৰ গাঁখনো যথেষ্ট সৰু আছিল৷ ৩০ ঘৰমান মুছলমান ধৰ্মীয়লোক আছিল৷ হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এটা ভাল উদাহৰণ আছিল আমাৰ গাঁও দুখন৷ বিহুৰ সময়ত বিহু খাবলৈ বা হুচৰি চাবলৈ যিদৰে সিখন গাঁৱৰ ৱাহিদ, ইস্তাকহঁত আহিছিল সেইদৰে ইদৰ সময়তো আমিবোৰ সিহঁতৰ ঘৰলৈ গৈছিলো৷ ক্ৰিকেটৰ ক্ষেত্ৰতো একেই৷ দুয়োখন গাঁৱৰ সীমাতে থকা পথাৰখনত আমিবোৰে পিটছ কাটি খেলিছিলো৷ ওচৰৰ গাঁৱবোৰত পতা টুৰ্ণামেণ্টবোৰতো আমি দুয়োখন গাঁৱ মিলি এটা টিম হৈ খেলিছিলো৷ সেই সময়ত আমাৰ টিমটোক হৰাব পৰা টিম অঞ্চলটোতে নাছিল৷ কাষৰ গাঁৱৰ ৱাহিদ আমাৰ গাঁৱৰ বলো যিদৰে দুধৰ্ষ বলাৰ আছিল তেনেদৰে ইকবাল, বিকিৰ বেটিঙো বিপক্ষৰ কাৰণে ত্ৰাসৰ কাৰণ আছিল৷

ক্লাছ এইটমান পোৱাৰ পৰা আমাৰ খেলৰ প্ৰতি নিচা বাঢ়িছিল৷ বছৰেকীয়া পৰীক্ষা শেষ হোৱালৈ আমি অধীৰ আগ্ৰহেৰে বাট চাইছিলো৷ পৰীক্ষা শেষ হোৱাৰ দিনাৰ পৰাই আমি নৰা কটা কাম আৰম্ভ কৰিছিলো৷ অৱশ্যে আমি পিটছ কাটি মেলি দুদিনমান খেল আৰম্ভ কৰাৰ পাছতেই আমাতকৈ ডাঙৰখিনিও আহি যোগদান কৰিছিল৷ ডাঙৰখিনি আহিলে আমি বৰকৈ বেট বা বল কৰিবলৈ নাপাও৷ কেতিয়াবা অকল ফিল্ডিং কৰিয়েই ঘৰ উভতিব লগীয়া হয়৷ অৱশ্যে আমাৰ লগৰে ৱাহিদৰ কথা সুকীয়া৷ যি সময়ত আমি ফিল্ডিং বা শেষৰফালে বেটিং কৰিয়েই আনন্দ লৈছিলো, সেই সময়ত ৱাহিদৰ বলিংত আমাতকৈ বয়সত ডাঙৰ লৰাৰো মিডল ষ্টাম্প ওফৰি গৈছিল৷ ওচৰৰ টুৰ্ণামেণ্টবোৰলৈ ডাঙৰখিনিয়ে ৱাহিদক খেলিবলৈ নিছিল৷ তেতিয়াৰ টুৰ্ণামেণ্টবোৰ কেইবা দিনীয়াকৈ হৈছিল৷ আজিৰ নিচিনাকৈ এদিনতে শেষ হোৱা দে-নাইট টুৰ্নামেণ্ট হোৱা নাছিল৷ প্ৰাইজমানিবোৰো কম আছিল৷ আজিকালি প্ৰাইজমানি বাঢ়িল, জইন ফিজো বাঢ়িল, মেন অব দা টুৰ্ণামেণ্টৰ প্ৰাইজ দুচকীয়া হ’ল৷ লোকেল টিমটো আমদানি কৰা বাহিৰৰ খেলূৱৈৰে ভৰি পৰিল৷ সেইসময়ত আমাৰ তাত ভাল খেলা লৰাবোৰক লগৰবোৰে বিশ্ৱবিখ্যাত ক্ৰিকেটাৰবোৰৰ নামেৰে এটা এটা উপনাম দি লৈছিল৷ অপেনিং কৰা কোনোবাটোৰ নাম যদি সেহৱাগ ৰাখিছিল, উইকেট কিপিং কৰাটোৰ নাম গিলখ্ৰীষ্ট ৰাখিছিল৷ ৱাহিদ বাওহতীয়া পে’চবলাৰ আছিল৷ ৱাহিদৰ নামটো কোনোবাই আক্ৰাম ৰাখিছিল৷ পাচে পৰে বাকীবোৰৰ উপনামবোৰ লোপ পালেও ৱাহিদৰ উপনামটো নিগাজি হৈ পৰিছিল৷ ৱাহিদতকৈ আক্ৰাম বুলি কলেহে অঞ্চলৰ সকলোৱে তাক চিনি পোৱা হৈছিল৷ আক্ৰামৰ হাতত যাদু আছিল৷ অঞ্চলটোৰ প্ৰায়বোৰ বেটছমেনৰ কাৰণে আক্ৰামৰ বলিং সন্ত্ৰাসৰ কাৰণ আছিল৷ আক্ৰাম ক্ৰিকেট বলীয়া আছিল৷ ক্লাচত কেতিয়াবা সি কৈছিল দেশৰ হৈ এদিন সি খেলিব৷ আমি হাঁহিছিলো৷ সেই সময়ত আমাৰ নিচিনা ঘোকোট গাঁৱৰ পৰা কচ্ক’ বল খেলি ভাৰতৰ জাতীয় দলত খেলিম বুলি ভবাটো সপোনৰো অগোচৰ৷ মেট্ৰিকৰ সময়লৈ আমি খেলা ধূলাবোৰ কমাই দিছিলো, কিন্তু আক্ৰামে কমোৱা নাছিল৷ মাক দেউতাকৰ গালি খাইয়ো মেট্ৰিকৰ আগলৈকে আক্ৰামে জিলাৰ বিভিন্ন ঠাইত গৈ টূৰ্ণামেণ্ট খেলিছিল৷ তাৰ হাতৰ যাদুৰে কেইবাখনো টুৰ্নামেণ্টত বেষ্ট বলাৰৰ সন্মান আজুৰি আনিছিল৷ তাৰ মাজতে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীও পাছ কৰিলো৷ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীত ছেকেণ্ড ডিভিজন লৈ আক্ৰামেও পাছ কৰি গল৷ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত আমাৰ কিছুমান চহৰৰ কলেজলৈ আহিল, কিছুমানে খেতি খোলাত ধৰিলে, কিছুমানে সৰু সুৰাকৈ ব্যৱসায় আৰম্ভ কৰিলে৷ নিচা থাকিলেও আমাৰ পঢ়াৰ হেঁচাত বা সময়ৰ অভাৱত খেলা ধূলাবোৰ আগতকৈ কমি গল৷ আক্ৰামে আৰু নপঢ়িলে৷ মাক দেউতাকৰ হাজাৰ বাধা আওকান কৰি সি টাউনৰ ক্ৰিকেট কোচিং চেণ্টাৰটোত ভৰ্তি হ’ল৷

“ভবিষ্যতৰ কথাটো অলপ ভাবিবি৷ আগলৈ খেলে নুখুৱাই৷ “ দেউতাকে বুজাইছিল, সি নাচোৰবান্দা৷ পাছলৈ তাৰ আগ্ৰহ দেখিয়েই হয়তো দেউতাকেও বৰ বাধা নিদিয়া হ’ল৷

কচ্ক’ বল আৰু চিলাই বলৰ পাৰ্থক্য বহুত৷ প্ৰথম দুমাহমানলৈকে আক্ৰামে লাইনত বল পেলাবই পৰা নাছিল৷ হতাশ হৈছিল সি৷ অৱশ্যে শিকাৰ আগ্ৰহ আৰু খেলৰ নিচাই তাক আগবঢ়াই নিলে৷ ইন চুইং, ৰিভাৰ্ছ চুইং, য়ৰকাৰ, বাউন্সাৰত আক্ৰাম পাৰ্গত হৈ উঠিল৷ ডিষ্ট্ৰিক টুৰ্ণামেণ্ট কেইখনমানত আক্ৰামে বিধ্বংসী বলিং কৰিলে৷ কোনোবা এখন খেলৰ শেষৰ অভাৰত বিপক্ষৰ দলক জয়ৰ বাবে পাচ ৰানৰ দৰকাৰ আছিল৷ আক্ৰামে মাত্ৰ দুই ৰান দি দুটা উইকেট লৈ দলক নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা কৰিলে৷ আক্ৰামৰ কেৰিয়াৰৰ হয়তো সেইটোৱেই আছিল টাৰ্ণিং প্ইণ্ট৷ ইয়াৰ পাছৰ বছৰত আক্ৰামে ৰঞ্জী টিমলৈ আমন্ত্ৰণ পালে৷ প্ৰথম দুখনত সি মেইন ইলেভেনত স্থান পোৱা নাছিল৷ তৃতীয় খেলখনত আক্ৰামক সুযোগ দিয়া হ’ল৷ প্ৰথম ইনিংছত ব্যৰ্থ হল সি৷ ২৪ অভাৰ বল কৰিও এটাও উইকেট নাপালে সি৷ অৱশ্যে দ্বিতীয় ইনিংছত ভাল বলিং কৰিলে সি৷ প্ৰথম ইনিংছত মিডল অভাৰত বলিং কৰিছিল সি৷ ছেকেণ্ড ইনিংছত ষ্ট্ৰাইক বলাৰ হিচাপে কেপ্তেইনে তাক বল কৰিবলৈ দিলে৷ ছয় অভাৰৰ ভিতৰত বিপক্ষৰ দুজন অপেনাৰক ধৰাশায়ী কৰিলে আক্ৰামে৷ আক্ৰামৰ অফ ষ্টাম্পৰ বলটো অফত খেলিবলৈ গৈ ফাৰ্ষ্ট শ্লিপত কেছ তুলি বিদায় ললে এজন অপেনাৰে, আনজন এল বি ডব্লিউ৷ অৱশ্যে খেলখনত অসম হাৰিলেও আক্ৰামে সকলোৰে মন জয় কৰিলে৷

ৰঞ্জী টিমত চান্স পোৱাৰ পাছৰে পৰা আক্ৰামক আগৰ দৰে লগ নোপোৱা হ’লো৷ ডিগ্ৰী পাছ কৰাৰ এবছৰ মান পাছত চৰকাৰী চাকৰি এটাত সংস্থাপন হ’ল মোৰ৷ তেতিয়ালৈ আক্ৰাম ৰাজ্যিক টিমৰ মেইন বলাৰলৈ পৰিনত হৈছিল৷ আক্ৰামৰ বলিংৰ কথা খবৰে কাগজে পঢ়িবলৈ পাও প্ৰায়ে৷ মাজে সময়ে ঘৰলৈ আহিলে তাৰ লগত কথা বতৰা হয়, ভাল বেয়া খবৰ লও৷ অঞ্চলটোৰ কাৰণে সি গৌৰৱৰ বিষয় আছিল৷ সেইসময়ত আমাৰ দৰে ভিতৰুৱা গাঁৱ এখনৰ পৰা গৈ ৰাজ্যিক দলৰ হৈ খেলাটো যথেষ্ট ডাঙৰ কথা৷

চনতো কিমান আছিল পাহৰিলো৷ সেই সময়ত আক্ৰামৰ বলিঙে ৰাষ্ট্ৰীয় নিৰ্বাচক সকলকো আকৰ্ষণ কৰিছিল৷ ইণ্ডিয়া টিমত তেতিয়া লেফ্ট আৰ্ম ছীমাৰ এজনৰ যথেষ্ট অভাৱ আছিল৷ সেই সময়ত বিভন্ন ৰাজ্যৰ টিমবোৰত লেফ্ট আৰ্ম ছীমাৰ কেইবাজনো আছিল যদিও আক্ৰামৰ বাউন্সাৰ, ডেথ অভাৰ বলিংত মৰা য়ৰকাৰখিনিয়ে নিৰ্বাচকসকলক বেছি আকৰ্ষণ কৰিছিল৷

একে সময়তে আমাৰ ৰাজ্যখনতো সাম্প্ৰদায়িকতাৰ বিষবাষ্পই দেখা দিছিল৷ কৰবাত যদি হিন্দুৱে মুছলমানৰ ঘৰ জলাই দিছিল, কৰবাত আকৌ মুছলমানে হিন্দুৰ ঘৰত আক্ৰমণ কৰিছিল৷ প্ৰতিদিনে কৰবাত হিন্দু মুছলমানৰ ছোৱালী, বোৱাৰীৰ সতীত্ব নষ্ট কৰা হৈছিল৷ কেতিয়াও সাম্প্ৰদায়িকতাৰ চেকা নলগা, হিন্দু মুছলমানৰ সম্প্ৰীতি অটুত থকা আমাৰ অঞ্চলটোতো কোনোবাই সাম্প্ৰদায়িকতাৰ বীজ সিচি দিছিল৷ আক্ৰামহঁতৰ গাঁৱখনো ইয়াৰ পৰা সাৰি যোৱা নাছিল৷ ৰাতিৰ আন্ধাৰত আক্ৰামহঁতৰ গাঁওখন দুৰ্বৃত্তৰ দলে জলাই দিছিল৷ জিম্বাবৱেৰ লগত হবলগীয়া এদিনীয়া শৃংখলাৰ ৰাষ্ট্ৰীয় দলতোলৈ সি বাছনি হোৱাৰ দিনাই আক্ৰামহঁতৰ ঘৰখনো জ্বলাই দিয়া হৈছিল৷ আক্ৰামৰ মাক দেউতাকক জীয়াই জীয়াই জ্বলাই দিয়া হৈছিল৷ একমাত্ৰ ভনীয়েকক ধৰ্ষণ কৰি হত্যা কৰিছিল দুৰ্বৃত্তৰ দলে৷ আক্ৰামৰ দেশৰ হৈ খেলা সপোনবোৰ তাতেই মষিমূৰ হৈছিল৷ বাছি থকা মানুহখিনি পিছদিনাই আমাৰ ঠাই এৰি কৰবাত গুচি গৈছিল৷ আক্ৰামো হেৰাই গৈছিল কৰবাত৷ বিশাল জনসমুদ্ৰৰ মাজত হয়তো আক্ৰাম কৰবাত লুকাই গৈছিল৷ সময়ৰ সোঁতত কথাবোৰ উটি ভাহি গুচি গৈছিল৷ কিছুদিনৰ পাছত অশান্ত পৰিস্থিতি শান্ত হৈছিল৷ সময় পাৰ হোৱাৰ লগে লগে কথাবোৰ পাহৰণিৰ গৰ্ভত লুকাই গৈছিল৷ ব্যস্ততাপূৰ্ণ জীৱনত আমিও তাক পাহৰি পেলাইছিলো৷

তাহানিৰ সেই দুধৰ্ষ লেফ্ট আৰ্ম বলাৰ আক্ৰামক প্ৰায় ১৫ বছৰৰ পাছত আজি দেখিলো অফিছৰ ওচৰত অচিনাকি বেশ ভূষাৰে, অবিন্যস্ত চুলি দাৰিৰে মানসিক ভাৰসাম্য হেৰুওৱা এজন পাগল হিচাপে৷ তাহানিৰ লগৰীয়া আক্ৰাম আজি অচিনাকি৷ কথাবোৰ ভাবি দীঘল হুমুনিয়াহ এটা ওলাই আহিল৷ বুকুখন মোচৰ খাই উঠিল৷ খং উঠিল চৰকাৰৰ ওপৰত, মিডিয়াৰ ওপৰত৷ প্ৰাক্তন ৰঞ্জীখেলুৱৈ এজনৰ এই অৱস্থাৰ ওপৰত নিউজ এটা কৰিবলৈ মিডিয়াৰ সময় নাই, কাৰণ এইবোৰত টি আৰ পি নাই৷ চৰকাৰৰো এইবোৰলৈ সময় নাই৷ অৱশ্যে তেওঁলোকক দোষ দিলেইটো নহব৷ তাহানিৰ লগৰীয়া হিচাপে মইয়েই বা ইমান দিনে আক্ৰামৰ কিমান খবৰ ৰাখিলো? সাম্প্ৰদায়িকতাত ঘৰ পৰিয়াল হেৰুওৱা লগৰীয়া এজনলৈ মইনো কি সহায়ৰ হাত আগবঢ়ালো? নাই এনেকুৱা হ’বলৈ দিব নোৱাৰি৷ স্কুলীয়া বন্ধুমহলত কথাটো আলোচনা কৰি যিমান পাৰি সোনকালে কিবা ব্যবস্থা হাতত লব লাগিব৷ দৰকাৰ হ’লে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব লগিব কথাবোৰ৷ তাহানিৰ প্ৰতিভাধৰ লেফ্ট আৰ্ম ছীমাৰ এজনক এনেকৈ শেষ হৈ যাবলৈ দিব নোৱাৰি৷ ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments