লোককথাত নাৰী – এটা বড়ো লোককথাৰ আলম লৈ (গাৰ্গী চক্ৰবৰ্ত্তী)

“ৰজাৰ সন্তান আৰু মন্ত্ৰীৰ সন্তান”

এসময়ত এজন ৰজা আৰু এজন মন্ত্ৰীৰ দুটি সমবয়সীয়া সন্তান আছিল আৰু দুয়ো ইজনে সিজনৰ নলে গলে লগা বন্ধু আছিল | কিন্তু দূৰ্ভাগ্যক্ৰমে দুয়োৰে স্বভাৱ বৰ উশৃংখল আছিল আৰু দুয়ো নিজৰ উশৃংখল স্বভাৱেৰে সকলোকে বিৰক্ত কৰিছিল | সকলোৱে ৰজাক এই দুয়োজন উশৃংখল অনিষ্টকাৰী লৰাৰ বিষয়ে অভিযোগ কৰিছিল | ৰজাই দুয়োকে বহুত চেষ্টা কৰিও ঠিক কৰিব নোৱাৰি ঘোষনা কৰোৱাই দিয়ালে যে যিয়ে এই দুয়োজন লৰাকে ইজনক সিজনৰ পৰা আঁতৰাব পাৰিব তেওঁক উপযুক্ত পুৰস্কাৰ দিয়া হব |

এগৰাকী শীৰ্ণ বৃদ্ধা মহিলা আগবাঢ়ি আহিল আৰু ৰজাক কলে তেওঁ এটা চেষ্টা দি চাব বিচাৰে | ৰজাই অনুমতি দিলে |

কৰবালৈ ওলাই যাবলৈ ওলোৱা লৰাদুজনৰ ওচৰলৈ গৈ বৃদ্ধাই ক’লে – “মোৰ ওচৰত এটা সুন্দৰ লাভজনক ব্যৱসায় আছে |” লৰাদুজনে একেলগে সুধিলে – “কি ব্যৱসায় ?” বৃদ্ধাই ক’লে – “মোৰ লগে লগে ব’লা, বাটত কৈ যাম |”
বাটত ৰজাৰ লৰাজনে অলপ আগে আগে খোজ দিছিল | মাজতে উভতি চাই দেখিলে বৃদ্ধাই মন্ত্ৰীৰ লৰাজনক কানে কানে কিবা কৈ আছে | তেওঁ সুধিলে – “বৃদ্ধাই তোমাক কি ক’লে ?” “একো কোৱা নাই” – মন্ত্ৰীৰ লৰাজনে উত্তৰ দিলে |
“কিন্তু বৃদ্ধাই তোমাৰ কানে-কানে কিবা কৈ থকা মই নিজে দেখিছো” – ৰজাৰ লৰাই ক’লে | “ক’ত দেখিলা ? একো কোৱা নাই |” – মন্ত্ৰীৰ লৰাই ক’লে |
কথাষাৰ সঁচা আছিল | আচলতে বৃদ্ধাই মন্ত্ৰীৰ লৰাৰ কানে কানে কিবা কোৱাৰ অভিনয়হে কৰিছিল | আচলতে একো কোৱা নাছিল |
কিন্তু এই কথাটোকে লৈ ইতিমধ্যে ৰজাৰ লৰা আৰু মন্ত্ৰীৰ লৰাৰ মাজত কাজিয়া আৰম্ভ হৈ গ’ল | বৃদ্ধাই আনন্দেৰে সেই ঠাই পৰিত্যাগ কৰিলে আৰু ৰজাৰ ওচৰলৈ গৈ ক’লে – “মহাৰাজ, মই দুই বন্ধুক ইজনক সিজনৰ পৰা আঁতৰাই দিয়াত সক্ষম হলো | দুয়ো এতিয়া কাজিয়া কৰি আছে |” ৰজাই বৃদ্ধাক পুৰস্কৃত কৰিলে |

বিশ্লেষণ – সাধাৰণতে দেখা যায় যে লোককথাবিলাকত মহিলাৰ চৰিত্ৰবিলাক ৰক্ষণশীল ধ্যান-ধাৰণাৰ মাজত আৱদ্ধ | লোককথাত আমি পাওঁ সুন্দৰী মহিলা, কোনোবা পুৰুষে আহি উদ্ধাৰ কৰিবলৈ বাট চাই থকা অসহায় মহিলা, নিষ্ঠুৰ আৰু কূটবুদ্ধিৰে ভৰা মহিলা, ঈৰ্ষাপৰায়ণা মাহী আই, নিস্ক্ৰীয় উপপত্নী যি ষড়যন্ত্ৰৰ চিকাৰ হয়, ইত্যাদি | লোককথাবিলাকত সাধাৰণতে দেখা যায় যে যদিহে এগৰাকী মহিলা নিস্ক্ৰীয় আৰু তেওঁৰ ব্যৱহাৰ আৰু ভুমিকা সদায় আনৰ ওপৰত নিৰ্ভৰশীল হয় তেন্তে তেওঁ সুখী হয় | কিন্তু যিসকল মহিলাই প্ৰচলিত ধ্যান-ধাৰণাৰ বাহিৰত অৱস্থান কৰি কোনো কাম কৰে তেন্তে তেওঁক সমাজে বিদ্ৰোহী আখ্যা দিয়ে | কোনোবা সাহসী, স্বাধীন আৰু দৃঢ়মনা মহিলাই যদি ৰক্ষণশীল সমাজৰ প্ৰচলিত নিয়মৰ বাহিৰত কিবা কৰিব খোজে সেইটো সাধাৰণতে ভাল দৃষ্টিৰে চোৱা নহয় | কিন্তু তথাপিও লোককথাবিলাকত অসীম ধৰ্য্যশীলা, কোনো কথাতে কোনো অভিযোগ অথবা প্ৰতিৰোধ নথকা, সমৰ্পণা মহিলাৰ চৰিত্ৰৰ উপৰিও এনে কিছু মহিলাৰ চৰিত্ৰও পোৱা যায় যি বুদ্ধিমতী আৰু স্বতন্ত্ৰ | এই লোককথাটোত দেখা গৈছে যে এগৰাকী বৃদ্ধাই নিজৰ বুদ্ধিৰে ৰজাই বিচৰা ধৰণেৰে দুজন অতি ঘনিষ্ঠ বন্ধুৰ মাজত বিভেদ আনিবলৈ সক্ষম হ’ল |

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments