লোকচক্ষুৰ আঁৰত প্ৰকৃতিৰ মাজত লুকাই থকা কিছু আশ্চৰ্য্য (দক্ষিণ গাৰো পাহাৰ জিলা) — ৰঞ্জনা দত্ত

গুৱাহাটীৰ পৰা বাঘমাৰা। দূৰত্ব প্ৰায় ২৬৫ কি: মি। তুৰালৈ যোৱা ভালেমান চৰকাৰী আৰু বেচৰকাৰী বাছৰ বাহিৰেও বাঘমাৰালৈ এখন নৈশ বাছো চলে। বাঘমাৰাখন সৰু ঠাই। বেছি পাহাৰীয়া ওখ-চাপৰ নাই। দৰ্শনীয় ঠাইসমূহত ওছৰে-পাজৰেই থকা বাবে এবাৰ গৈ পোৱাৰ পিছত তাৰ চুমো বা বাছবোৰত উঠিও দৰ্শনীয় স্থানবোৰলৈ যাব পৰা যায়। লগত নিজৰ ডাঙৰ গাড়ী লৈ গ’লে সকলোতকৈ সুবিধা হয়। বাঘমাৰাৰ ওচৰতে আছে বালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ বাহিৰেও ওচৰে-পাজৰে সিঁচৰতি হৈ আছে অনেক গুহা। প্ৰতিটো গুহাৰ গঠন প্ৰণালী আৰু সৌন্দৰ্য্য সম্পূৰ্ণ বেলেগ বেলেগ। পৰিষ্কাৰ বহল বালিৰ চৰবোৰৰ স’তে নীলা সেউজীয়া পানীৰ চিমচাং নদী। এই চিমচাং নদীখনেই বৈ গৈ গাতে লগা বাংলাদেশত সোমেশ্বৰী নাম লৈছেগৈ। গাৰো জনবিশ্বাস আৰু লোককথাবোৰত থকা আত্মাৰ বিচৰণ থলী বালপাক্ৰাম। আৰু আছে মাংসভোজী উদ্ভিদৰ উদ্যান আৰু ৰং-বিৰঙী চৰাইৰ পক্ষী অভয়াৰণ্য। এই সকলোবোৰ চাবৰ বাবে শ্বিলঙ বা গুৱাহাটীৰ পৰা গৈ ৱিলিয়াম নগৰ, তুৰা বা বাঘমাৰাত থাকি ল’লে সুবিধা হ’ব।

চিজু গুহা সৃংখল ( Dabakhol cave) বা বাদুলিৰ গুহা:
এই গুহাশৃংখলৰ আটাইতকৈ দীঘল গুহাটো ভাৰতবৰ্ষৰ তৃতীয় বৃহৎ গুহা বুলি অভিহিত কৰা হৈছে। প্ৰাকৃতিক গোলক ধাঁধাঁৰ ( maze ) দৰে ভিতৰে ভিতৰে অসংখ্য সৰু সৰু গুহাৰে সংযোজিত এই গুহাৰ ভিতৰলৈ স্থানীয় গাইডৰ সহায় নোলোৱাকৈ সোমোৱাটো খুব বিপজ্জনক।

নাপাক হ্ৰদ আৰু চিমচাং নদীৰ ওচৰত থকা এই লাইমষ্টনৰ গুহাটো কিছু লোকে প্ৰায় ৭ কি: মি: দীঘল বুলি কব খোজে যদিও আজিকোপতি প্ৰথম তিনি চাৰি কি: মিৰ বেছি কোনোৱে অতিক্ৰম কৰিব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে ইয়াত বসবাস কৰা শ শ বাদুলি, নিশ্ছিদ্ৰ অন্ধকাৰ আৰু গুহাৰ মাজেৰে বৈ যোৱা সৰু ভুগৰ্ভৰ পৰা নি:সৰিত বোৱতী পানীৰ জুৰিটো। গৰম-ঠাণ্ডা সকলো সময়তে গুহাৰ ভিতৰৰ তাপমান ২১- ২৬ ডিগ্ৰীৰ ভিতৰতে থাকে।

কিছু দুৰত থকা ফৰেষ্ট/ টুৰিজিম বিভাগৰ গেষ্ট হাউছটোৰ পৰা সৰু জুৰি এটা পাৰ হৈ কিছুদুৰ জংঘলৰ মাজৰ লুংলুঙীয়া ৰাস্তাটোৰে আহি গুহাটোৰ ওচৰ পাব পাৰি। চিজু গুহাত সোমোৱাৰ আগতে স্থানীয় গাইড এজন বন্দৱস্ত কৰি লোৱাটো অত্যন্ত প্ৰয়োজন। গাইডৰ মাননি, কেমেৰাৰ বাবে টিকট লোৱাৰ পিচতহে গুহাত সোমাব পাৰিব।

গুহাৰ ভিতৰৰ সমুখৰ ঠাইখিনিৰ পৰা বেচ কিছুদূৰ ভিতৰলৈকে গুহাটো আহল-বহল আৰু সমতল। এনে লাগে যেন ডাঙৰ গাড়ী এখন লৈ সোমাই যাব পাৰি। সমুখৰ বহল ছোৱাৰ মাজেৰে বৈ যোৱা ফটফটীয়া পানীৰ জুৰিটো আৰু কাষবোৰ সমান নদীৰ বালিৰে ঢাক খোৱা । বহল সুৰংগৰ পানীৰ মাজেৰে খোজকাঢ়ি ভিতৰলৈ গৈ থাকিলে পোহৰ ক্ৰমান্বয়ে কমি কমি ভিতৰৰ ফালে ঘোপমৰা এন্ধাৰ। চূণশিলৰ ক্ষয়ীভৱনৰ দ্বাৰা সৃষ্টি হোৱা এই গুহাটোৰ ওপৰৰ চিলিং আৰু খাঁজবোৰত শ শ বাদুলি ওলমি থকা দেখিবলৈ পাব। গুহাটোত থকা এই বাদুলিবোৰৰ বাবেই ইয়াক ‘দাবাখল ( dabakhol) বা বাদুলিৰ ঘৰ বুলি জনা যায়।

সম্পূৰ্ণ ব্যতিক্ৰমী এই গুহাটোৰ ভিতৰত যেন প্ৰতি খোজে খোজে বিস্ময় লুকাই আছে। নিশ্ছিদ্ৰ অন্ধকাৰৰ মাজেদি মমবাতি বা টৰ্চৰ পোহৰেৰে বাট দেখুৱাই নিয়া গাইডৰ পিছে পিছে গৈ থাকোঁতে সাবধান হব। জুৰিৰ পানীয়ে মসৃণ কৰি পেলোৱা পাথৰবোৰত পিচল খাই পৰা সম্ভাৱনা যথেষ্ট বেছি। যাত্ৰাপথ যিমানে ৰোমাঞ্চকৰ সিমানে আশ্চৰ্যজনক। গুহাৰ ওপৰ ভাগত থকা শ শ বাদুলিৰ বাহিৰেও নানান ধৰণৰ কীট, পতঙ্গ আৰু শেলুৱৈ জাতীয় উদ্ভিদ। ইয়াত তিনিটা বিশেষ ধৰণৰ বাদুলিৰ প্ৰজাতি দেখিবলৈ পোৱা যায়। তলৰ পানীখিনি দেখি এনেভাব হয় যেন স্ফটিক স্বচ্ছ পানীৰে পাহাৰীয়া জুৰি এটাই পথ হেৰুৱাই গুহাত সোমাইছেহি। টৰ্চৰ পোহৰত পানীৰ তলত নাচি-বাগি ফুৰা চিনাকি-অচিনাকি সৰু সৰু ধুনীয়া মাছবোৰ দেখিলে কেনেকুৱা লাগিব বাৰু! কিছুমান লোকে এই পানীত ইলেকট্ৰিক ইল দেখা বুলিও কয়। গুহাটোৰ ভিতৰছো-ৱা সমুখৰ ভাগতকৈ যথেষ্ট ঠেক। পানী ঠায়ে ঠায়ে আঁঠুৰ ওপৰলৈকে পাইহি। কিছুমান ঠাই যথেষ্ট সংকীৰ্ণ আৰু চাপৰ আৰু কিছুমান ঠাই বহল কোঠালী এটাৰ দৰে। টৰ্চৰ পোহৰেৰে আলোকিত কৰা ষ্টেলেগমাইট আৰু ষ্টেলেকটাইটৰবোৰে সৃষ্টি কৰা অপূৰ্ব সুন্দৰ নক্সাৰ গাঁথনিবোৰ দেখিলে অভিভূত হৈ পৰিব লাগে। তিনি কিলোমিটাৰ মান এইদৰে গুহাৰ মাজেৰে গৈ যিটো দৃশ্য চকুৰ আগত দেখা দিব সেয়া এক অকল্পনীয় অনিন্দ্যসুন্দৰ দৃশ্য। যেন পৃথিৱীৰ সকলো সৌন্দৰ্য্যৰ বাহিৰৰ অন্য এক ৰূপ। সম্পূৰ্ণ অন্ধকাৰত কেৱল মমবাতি বা টৰ্চৰ পোহৰত হঠাতে দেখা পাব আপোনাৰএকেবাৰে সমুখত গুহাৰ ওপৰৰ পৰা চিধাকৈ তলত পৰা এক জলপ্ৰপাত! আৰু আগুৱাই যাব নেকি? স্থানীয় লোকৰ মতে আগলৈ আৰু দুটামান জলপ্ৰপাত আৰু ফটফটীয়া পানীৰ সৰু ডাঙৰ পুখুৰী দুটামান আছে। গুহাৰ একেবাৰে আগৰছোৱা এতিয়ালৈকে সম্পূৰ্ণ আৱিষ্কাৰ কৰা হোৱা নাই। হয়তো এক পৰম আশ্চৰ্য লুকাই আছে কোনে ক’ব? বাৰিষা বা বৰষুণৰ দিনবোৰ বাদ দি বাকী কেইটা মাহহে গুহাটোৰ ভিতৰলৈ যোৱাৰ বাবে উপযোগী। বৰষুণৰ দিনত গুহালৈ সোমোৱাৰ বাটটো পানীৰে ভৰি থাকিব পাৰে।

-গুহাটো বেচ ভিতৰুৱা ঠাইত আছে বাবে আগদিনা আহি ওচৰৰ কোনো ঠাইত থাকি ল’ব পাৰে।

-তুৰা বা উলিয়াম নগৰৰ বাহিৰেও গুহাটোৰ কাষতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা আলহী ঘৰ আছে।

আলহী ঘৰটোত গেছ লাইট পানী সকলোৰে অসুবিধা আছে। ৰান্ধনি/ চকীদাৰ জনে খাদ্য সামগ্ৰীখিনি পালে খৰিৰ জুইত ৰন্ধা মেলা কৰি দিয়ে।
গেষ্ট হাউচলৈ পানী ওচৰৰ চিমচাং নদীখনৰ পৰা পইচাৰ বিনিময়ত আনি দিয়ে।

-খোৱা আৰু ৰন্ধাৰ পানী লগত লৈ যোৱাই মঙ্গল।

-গুহাত সোমাবলৈ পানীত পিন্ধিব পৰা জোতা, ভাল টৰ্চ, কিছু শুকান খোৱাবস্তু, পানীৰ বটল আদি লৈ যাব।

মেঘালয়ৰ পৰ্যটন স্থলবিলাকৰ কথা ভাবিলে আমাৰ মনলৈ আহে কেৱল শ্বিলঙ আৰু চেৰাপুঞ্জীৰ আশে-পাশে থকা সুন্দৰ ঠাইসমূহৰ কথা। গাৰো পাহাৰ জিলা যেন সদায় উপেক্ষিত। সাধাৰণ পৰ্যটকসকলৰ দৃষ্টিৰ পৰা নিজকে সংগোপনে লুকুৱাই ৰখা মেঘালয় ৰাজ্যৰ পূব গাৰো পাহাৰ জিলা আৰু দক্ষিণ গাৰো পাহাৰ জিলাও প্ৰাকৃতিক সৌন্দৰ্য্য আৰু কিছু বৈচিত্ৰ্যময় বিস্ময়ৰ আঁকৰ।

বালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান:
দক্ষিণ গাৰো পাহাৰ জিলাৰ বাঘমাৰাৰ পৰা ২৫ কি: মি: দূৰৈত অৱস্থিত ২০০ বৰ্গ কিলোমিটাৰ জুৰি থকা এই ৰহস্যময় অদ্ভুত পাহাৰ লানিয়ে প্ৰতি বছৰে দেশ-বিদেশৰ কিছু পৰ্যটকক আকৃষ্ট কৰি আহিছে। স্থানীয়ভাবে ইয়াক “আত্মাৰ বিচৰণ স্থলী” আৰু “অবিৰত বতাহৰ ঠাই” বুলি জনা যায়। সাগৰ পৃষ্ঠৰ পৰা ৩০০০ ফুট ওখত অৱস্থিত অনিন্দ্যসুন্দৰ এই বৃহৎ উদ্যানখন চাৰিওকাষৰ ঘন জঙ্ঘলবোৰৰ মাজত থকা পাহাৰৰ ওপৰৰ বিশাল মালভূমি এখন। বিস্তীৰ্ণ ঘন সেউজীয়া তৃনভূমিৰ সৰু ওখ চাপৰবোৰ, অদ্ভুত আকৃতিৰ অ’ত ত’ত পৰি থকা সৰু-ডাঙৰ শিলবোৰ দেখি মানুহ আচৰিত নোহোৱাকৈ নোৱাৰে। আমেৰিকাৰ গ্ৰেণ্ড কেনিয়নৰ লেখীয়া ডাঙৰ ডাঙৰ খাদ ( gorge )। ইয়াৰ অৰণ্যসমূহৰ মাজে মাজে ডাঙৰ ডাঙৰ কেইবাটাও জলপ্ৰপাত আছে য’ৰ পানীবোৰ গাতে লগা বাংলাদেশলৈ ধাৱমান হৈছে। অনেক বিলুপ্তপ্ৰায় পশু-পক্ষীৰ বিচৰণস্থলী এই ৰাষ্ট্ৰীয় উদ্যানখন। কেউফালে ঘন জঙ্ঘলেৰে আৱৰি থকা এই উদ্যানখনত থকা বহুতো জনা-নজনা অৰ্কিড আৰু উদ্ভিদৰ বাবে প্ৰতিবছৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ উদ্ভিদ আৰু প্ৰাণী বিজ্ঞানীসকলক আকৰ্ষিত কৰি আহিছে। মধ্যম উঞ্চতাৰ এই বৰ্ষাৰণ্যখন হাতীৰ বিচৰণৰ বাবে অতি উপযুক্ত ঠাই। হাতীৰ উপৰিও, নানা প্ৰজাতিৰ বান্দৰ, গৰিলা, বেবুন, উৰণীয়া কেৰ্কেটুৱা, ক’লা ভালুক, বিভিন্ন প্ৰজাতিৰ বনৰীয়া ম’হ, প্ৰায় ৮ বিধ মেকুৰী প্ৰজাতিৰ জন্তু ( বাঘ, লতামাকৰী …. ) আৰু নানান প্ৰজাতিৰ সৰীসৃপ প্ৰাণী দেখিবলৈ পোৱা যায়।

ইয়াৰ সকলোতকৈ ডাঙৰ আকৰ্ষণটো হ’ল পৃথিৱীত বিলুপ্ত হবলৈ ওলোৱা ৰেড পাণ্ডা। বিলুপ্তপ্ৰায় ৰেড পাণ্ডাবোৰনো কেনেকৈ ইয়াত ওলালহি সিয়ো সকলোৰে বাবে এক সাঁথৰ। ইয়াৰ বাহিৰেও বিলুপ্তপ্ৰায় বনৰীয়া পানী ম’হ ( water buffaloe)আৰু অতি বিৰল সোণালী মেকুৰী ইয়াত দেখিবলৈ পোৱা যায়। পাহাৰৰ মাজে মাজে থকা জান, জুৰি, বিল ইত্যাদিৰ বাবে ইয়ালৈ বিভিন্ন ধৰণৰ পক্ষীৰ আগমন ঘটে। ইয়াত এতিয়ালৈকে ২৫০ বিধ প্ৰজাতিৰ পক্ষী চিনাক্ত কৰা হৈছে।

বালপাক্ৰাম আৰু ইয়াৰ ধৰ্মীয় আৰু আত্মা সম্বন্ধীয় লোক বিশ্বাস:

গাৰো পাহাৰ জিলাৰ কিছুমান লোকবিশ্বাস অনুসৰি ৰামায়ণৰ কালছোৱাত শ্ৰীৰামচন্দ্ৰ আৰু ৰাৱনৰ তয়াময়া ৰণৰ অন্তত লক্ষণ খুব বেয়া ধৰণে আঘাতপ্ৰাপ্ত হয়। ৰামচন্দ্ৰই সঞ্জীৱনী শিপা আনিবৰ বাবে হনুমানক এই পাহাৰখনলৈ পঠিয়ায়। হনুমানে সঞ্জীৱনী গছৰ শিপাডাল চিনিব নোৱাৰি গোটেই পাহাৰখনকে কান্ধত উঠাই লৈ যায়। গোটেই পাহাৰখন লৈ যোৱাৰ ফলত পাহাৰখনত এই ভীষণ ডাঙৰ খাদটোৰ ( gorge) সৃষ্টি হয়। গাৰোসকলৰ অধিকাংশ লোকেই বিশ্বাস কৰি আহিছে যে মৃত আত্মাবোৰে পৰলোকলৈ কৰা শেষ যাত্ৰাৰ সময়ত বালপাক্ৰামৰ এই পবিত্ৰ সমতল ঠাই খনত কিছুসময় বিশ্ৰাম লয়। বিজ্ঞানেও ব্যাখ্যা কৰিব নোৱাৰা ইয়াত এতিয়া লৈকে প্ৰায় ৪৫টা মান অদ্ভুত ঘটনা/বস্তু আৱিষ্কাৰ কৰা হৈছে যিবোৰৰ প্ৰকৃত ব্যাখ্যাৰ বাবে গোটেই পৃথিৱীয়ে যেন অপেক্ষা কৰি আছে।

অৰণ্য মানব য়েটি:
ইয়াৰ ওচৰ-পাজৰে বাস কৰা স্থানীয় গাৰোসকলৰ মতে অনবৰত হো-হোৱাই বতাহ বলি থকা এই বালপাক্ৰামখন তেওঁলোকৰ মৃত উপৰি পুৰুষসকলৰ আত্মাৰ বিচৰণস্থলী। ‘গঞ্চ’বা বেয়া আত্মাবোৰ উদ্যানখনৰ থিয় দ খাদ (gorge)বোৰৰ লগত লাগি থকা পাহাৰৰ চুড়াবোৰত বাস কৰে। ইয়াৰোপৰি ইয়াত অৰণ্য মানব বা য়েটি থকা বুলিও দুই এজন স্থানীয় মানুহে কব খোজে। য়েটিৰ অস্তিত্বৰ ওপৰত প্ৰবল বিশ্বাসী বিবিচিৰ সাংবাদিক আলিচ্টাৰ লৱচন (Alister Lawson) আৰু এজন স্থানীয় য়েটি বিশ্বাসী লোকে এই অঞ্চলত ২০০৮ চনত কোনো অঞ্চলত অতিকায় মানব সদৃশ প্ৰাণীৰ অস্তিত্বৰ বহুতো ছাপ আৱিষ্কাৰ কৰে। এই ঠাই খনত ১০ ফুট ওখ আৰু প্ৰায় ৩০০ কিলো ওজনৰ পাহাৰীয়া ফল-মূল, গছৰ শিপা আৰু গছৰ ডালবোৰ ভাঙি ভিতৰৰ কোমল অংশবোৰ ভক্ষণ কৰা গৰিলাৰ দৰে অতিকায় জন্তু এটা ২০০৩ চনত ইয়াৰে খৰিকটীয়া এজনে দেখিবলৈ পাইছিল।

আত্মাৰ বিচৰণ স্থলী:
আচৰিত যেন লাগিলেও এইটো সকলোৱে বিশ্বাস কৰে যে এই ৰাষ্ট্ৰীয় উদ্যানখন ভূত-প্ৰেত আৰু আত্মাৰ আবাসস্থলী। আত্মা আৰু ভূত-প্ৰেতবোৰ জঙ্ঘলৰ মাজত বিচৰণ কৰাৰ ফলত সৃষ্টি হোৱা অনেক নিৰ্জীৱ প্ৰমাণ উদ্ধাৰ কৰা হৈছে যিবোৰৰ কোনো বৈজ্ঞানিক ব্যাখ্যা আজি পৰ্য্যন্ত কোনোৱে দিব পৰা নাই।

অশৰীৰী আত্মাৰ নাম শুনিলেই আপোনাৰ গাৰ নোম ঠিয় হৈ উঠেনে বাৰু? বালপাক্ৰাম উদ্যানৰ মাজত থকা ‘মাটশ্ৰু আন্তি’নামৰ প্ৰকাণ্ড বহল শিলচটাৰ ওপৰত আছে হাজাৰ হাজাৰ সৰু-ডাঙৰ অজস্ৰ জন্তুৰ খোজৰ স্পষ্ট ছাপ। ওচৰ-পাজৰৰ বাকী শিলবোৰ সম্পূৰ্ণ নিমজ যদিও এই শিলচটাত থকা এই খোজৰ চাপবোৰৰো আত্মাৰ লগত সম্বন্ধ থকা কাহিনী আছে।

‘আৰেং পাতাল’এটা মাজডোখৰ কিছু দ চুম্বকীয প্ৰকাণ্ড শিলৰ চটা। এই শিলচটাৰ মাজত এটা প্ৰকাণ্ড গাঁত। এই চুম্বকীয দ গাঁতটোৰ পাজৰত ঘূৰি-ফুৰি থকা জীৱ-জন্তুবোৰ আকৰ্ষিত কৰে আৰু ইয়াৰ পৰা কেতিয়াও কোনো ঘূৰি আহিব নোৱাৰে। অৱশ্যে আজিলৈকে মানুহৰ ক্ষেত্ৰত কোনো অঘটন হোৱা নাই।

পাৰ্ক খনৰ পৰা প্ৰায় ১ কিমি আঁতৰত থকা এটা দানবৰ আত্মাৰ দ্বাৰা অভিশপ্ত জুৰি যাৰ কাষলৈ অতিশয় বেয়া গোন্ধৰ বাবে কোনো কাষ চাপিব নোৱাৰে।

ইয়াত পোৱা এজোপা schima wallichi গছৰ গা-গছত থকা অদ্ভুত ধৰণৰ খাঁজবোৰ দেখি এনে লাগে যেন এইবোৰ কোনো জন্তু পঘা বা শিকলিৰে ইয়াত বান্ধি থোৱা হয়। গাৰো মানুহবোৰৰ মতে অশান্ত অশৰীৰী আত্মাবোৰে মৃতকৰ দেশলৈ যাওঁতে এই ঠাইত জিৰণি লয় আৰু মৃতকৰ শেষকৃত্যৰ সময়ত বলি দিয়া জন্তুবোৰ এই গছতে বান্ধি থয়। এইধৰণৰ এজোপা গছ বতাহত বাগৰি পৰাৰ পিছত কাষত থকা আন এজোপা গছত এই অদ্ভুত আকৃতিৰ চিনবোৰ গঢ় লৈ উঠে যাৰ কোনো বৈজ্ঞানিক ব্যাখ্যা পোৱা নাই।

ইয়াৰ মাজত থকা এঙাৰ ক’লা পানীৰ পুখুৰীটোত হেনো মৃতলোকৰ আত্মাবোৰৰ গা ধোৱা পুখুৰী। পৰলোকলৈ যোৱাৰ বাটত গাৰ সমস্ত লেতেৰা ধোঁৱা, ছাঁই আদি বস্তু আঁতৰাই ইয়াতে তেওঁলোক পৰিষ্কাৰ হয়।

এঠাইত কিছু দূৰে দূৰে প্ৰকৃতিয়ে সজাই থোৱা মূঢ়াৰ দৰে পাথৰবোৰ দেখিলে ভাব হয় যেন এইখন কিবা সভাস্থলীহে। এইখিনি ঠাই অশৰীৰী আত্মাবোৰৰ লগ হোৱা ঠাই বুলি গাওঁবাসীয়ে ক’ব খোজে।
ইয়াত আছে এনে এটা বিশাল পাহাৰীয়া খাদঁ যিটোৰ তললৈ কোনো বস্তু দলিয়াই পঠালে আকৌ ওপৰলৈ উঠি আহে।

বতাহৰ সোঁ সোঁ শব্দৰ মাজে মাজে গহীন অৰণ্য আৰু গভীৰ থিয় খাদবোৰৰ মাজে মাজে এই ধৰণৰ বিজ্ঞানে ব্যাখ্যা কৰিব নোৱাৰা অদ্ভুত ঠাইবোৰ চাবলৈ ইচ্ছা কৰেনে? বিজ্ঞান আৰু যুক্তিৰ বাহিৰৰ অনেক ঘটনা ইয়াত সময়ে সময়ে ঘটি থাকে স্থানীয় লোকে যিবোৰ আত্মাৰ কাৰ্য্য বুলি অন্তৰেৰে বিশ্বাস কৰে।

এই সংৰক্ষিত বনাঞ্চলখনত সোমাবৰ বাবে পাৰ্মিটৰ দৰকাৰ হয়। বাঘমাৰাৰ ডি এফ অ আফিচৰ পৰা এইখন সহজতে সংগ্ৰহ কৰিব পাৰিব।

তুৰা, বাঘমাৰা, বা ৱিলিয়ামনগৰৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ গেষ্ট হাউচত আগতীয়াকৈ বুকিং কৰি লোৱা দৰকাৰ।

বাঘমাৰাৰ নতুনকৈ পাহাৰৰ ওপৰত সজা গেষ্ট হাউছৰ পৰা দেখা নৈসৰ্গিক সৌন্দৰ্য্য অতি বিতোপন। ইয়াৰ একেবাৰে কাষতে আছে মাংসভোজী নেফেনথাছ উদ্ভিদৰ উদ্যানখন।

বাৰিষাৰ সময়চোৱা বাদ দি সকলো সময়তে যাব পাৰে যদিও বিস্তৃত সেউজীয়া তৃণভূমি চোৱাৰ বাবে বৰষুণৰ পিছৰ সময়চোৱা সকলোতকৈ উত্তম। চৰাই আৰু জীৱ-জন্তুবোৰ চাবলৈ হ’লে শীতকাল উত্তম সময়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments