লোকনাট্যাভিনয়ৰ বিশেষ ৰূপ যাত্ৰাপাৰ্টিৰ কিছু ইতিহাস বিচাৰি — ধীৰেন শইকীয়া

অসমৰ লোকনাট্যাভিনয়ৰ এটি বিশেষ ৰূপ হ’ ল যাত্ৰাপাৰ্টি। শংকৰদেৱে অসমত সৃষ্টি কৰা অংকীয়া ভাওনাৰ ছাঁ
লৈ অসমত প্ৰথম সৃষ্টি হয় খুলীয়া দল নামৰ এক সুকীয়া নাট্যপৰম্পৰা। দুৰ্গাপূজা, কালীপূজা, বিশ্বকৰ্মা
পূজা, বিষ্ণুপূজা, গ্ৰাম্যাঞ্চলসমূহৰ বছৰেকীয়া সবাহ আদিৰ সময়ত এই খুলীয়া পাৰ্টিসমূহে বিভিন্ন অনুষ্ঠান
পৰিৱেশন কৰিছিল। সময়ৰ লগে লগে খুলীয়া দলবোৰ লুপ্ত হ’ ল আৰু তাৰ ঠাইত কলিকতাৰ যাত্ৰাপাৰ্টিৰ আৰ্হিত
অসমতো অসমীয়া নাটকেৰে যাত্ৰাপাৰ্টি গঠিত হ’ ল। সেইসময়ত কলিকতাৰ বহু যাত্ৰাপাৰ্টি অসমলৈ ৰেলেৰে
আহি ৰেল ষ্টেছনৰ নিকটৱৰ্তী স্থান যেনে বৰপেটা, লামডিং, বদৰপুৰ, চাপৰমুখ আদিত এদিন বা দুদিনৰ ‘ পালা’
(যাত্ৰাপাৰ্টিৰ নাট পৰিৱেশনক কামৰূপৰ ফালে পালা বোলে) দেখুৱাই পুনৰ কলিকতালৈ গুচি গৈছিল। এই
সময়খিনিতে নামনি অসমৰ বহু ঠাইত কলিকতাৰ যাত্ৰাপাৰ্টিসমূহৰ আৰ্হিত গঠন হৈছিল থলুৱা যাত্ৰাপাৰ্টি।
জনামতে ওঠৰশ ষাঠিৰ পৰা ওঠৰশ পয়ষষ্ঠি চনৰ ভিতৰত তিথিৰাম বায়নৰ নেতৃত্বত কলিকতাৰ
যাত্ৰাপাৰ্টিসমূহৰ আৰ্হিত অসমত প্ৰথম যাত্ৰাপাৰ্টি গঠন হৈছিল। এই দলৰ পৃষ্ঠপোষক আছিল বৰপেটাৰ
গোবিন্দৰাম চৌধুৰী। এওঁক শেষলৈ ওস্তাদ গোবিন্দৰাম নামে জনাজাত হৈছিল। আন এক তথ্যমতে কামৰূপৰ
মুগকুছি গাঁৱত জয়দেৱ শৰ্মাৰ পৃষ্ঠপোষকতাত গঠন হয় আন এটি যাত্ৰাপাৰ্টি। পৰৱৰ্তী সময়ত হাজো,
মাজগাঁও, কামাখ্যা আদিতো যাত্ৰাপাৰ্টি গঠন হয়। এওঁলোকে কলিকতাৰ যাত্ৰাপাৰ্টিসমূহৰ বঙলা নাটকৰেই ছাঁ
লৈ অসমৰ পৰিৱেশৰ ওপৰত মিলাই নাটকবোৰ ভাষান্তৰ কৰি মঞ্চস্থ কৰিছিল। তেওঁলোকে দশভূজা, পনমুক্তি,
ভক্তপ্ৰহ্লাদ আদি বাংলা পালাকে সুন্দৰভাৱে অঞ্চলবোৰত মঞ্চায়ন কৰিছিল। তদুপৰি, পাঠশালাৰ ওচৰৰ
ৰায়পুৰ, মালিপাৰা, কোচদিগা, মেধিকুছি, বামখাতাতো অন্য কেইবাটাও যাত্ৰাদলৰ জন্ম হৈছিল। আন এক
তথ্যমতে, 1903 চনত পলাশবাৰীত, 1917 চনত নলবাৰীৰ মৰোৱাতো যাত্ৰাদলৰ জন্ম হৈছিল বুলি জনা
যায়। 1903 চনত পলাশবাৰীত নৰনাথ শৰ্মা আৰু 1917 চনত নলবাৰীৰ মৰোৱাত উৰো বায়ন (অৰুণ চন্দ্ৰ
বায়ন)ৰ নেতৃত্বত যাত্ৰাদলৰ জন্ম হৈছিল। একেদৰে টিহুৰ হালধিবাৰী গুৰুদেৱ অপেৰা, 1930 চনত নমাটিতো
যাত্ৰাদল এটাৰ জন্ম হৈছিল। তদুপৰি সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাই 1930 চনত ‘ হিন্দুবীৰ’ নামৰ দুৰ্গাপূজাৰ
সময়ত গোৱালপাৰা চহৰত কৰা নাটকখনৰ কথাও যুগে যুগে যাত্ৰাদলৰ ইতিহাসত লেখা থাকিব।

যাত্ৰাদলসমূহৰ নাট প্ৰদৰ্শনৰ বৈশিষ্ট্য

প্ৰধানতঃ নামনি অসমৰ বিভিন্ন উৎসৱ পাৰ্বনতে ৰাজহুৱা ঠাইবোৰত যাত্ৰাদলৰ নাট প্ৰদৰ্শন হৈছিল। মাটিৰ
ওখ ঢিপ এটিৰ ওপৰতে মঞ্চ বুলি ধৰি লৈ (সমুখৰ ফালে দৰ্শক বহাৰ ব্যৱস্থা ৰাখি) চাৰিওদিশত কলপুলি পুতি

বাঁহৰ শলখাৰে সেয়া বন্ধ কৰি এফালে ভাওৰীয়াসকলৰ প্ৰৱেশ আৰু এফালে প্ৰস্থানৰ ব্যৱস্থা কৰি মঞ্চসদৃশ
এটি ব্যৱস্থা থাকে। ‘ পালা’ থাকিলে কেইবাদিনো আগৰে পৰা কণ্ঠ, অভিনয় চৰ্চা, নাটকৰ পাৰ্ট মুখাস্থ কৰাটো
অভিনেতাসকলৰ দায়িত্ব আছিল। উদয় চন্দ্ৰ ভাগৱতীৰ ‘ যাত্ৰা থিয়েটাৰ আৰু মোৰ জীৱন সংগ্ৰাম’ গ্ৰন্থখনৰ
মতে এক ‘ পালা’ ত (এৰাতি নাট মঞ্চস্থৰ বাবদ) যাত্ৰাদলসমূহে আঢ়ৈশ তিনিশ টকাৰ বিপৰীতে চাহ
বাগানসমূহত এই মাননি এহেজাৰৰ ওপৰত আছিল। দৰ্শকে নাটক চাই ভাল নাপালে আহ্বায়ক কমিটিয়েও টকা
দিবলৈ টান পাইছিল, সেয়েহে যাত্ৰাপাৰ্টিয়ে নাটক ভাল কৰিবলৈ হিয়া উজাৰি অভিনয় কৰিছিল। পালা গাবলৈ
মাতিলে যাত্ৰাপাৰ্টিৰ মানুহক ওচৰৰ স্কুলঘৰ বা মানুহৰ ঘৰত থকাৰ বন্দৱস্ত কৰি দিছিল।
যাত্ৰাপাৰ্টিবিলাকে মাঘ মাহটোতেই বেছিকৈ পালা গাইছিল। সেইসময়ত যাতায়তৰ সুচল নোহোৱা বাবে
যাত্ৰাপাৰ্টিবোৰে এনে যাত্ৰাপাৰ্টি দেখুৱাবলৈ কেতিয়াবা বহু বাট খোজকাঢ়ি গৈয়ো পালা গাব লগা হৈছিল। উজনি
অসমৰ চাহবাগানবোৰত পালা গালে উচ্চ হাৰত মাননি পাই বাবে দল চলোৱাৰ স্বাৰ্থত তেনে পালা ৰাখিবলৈ
যাত্ৰাপাৰ্টিবোৰে বৰ হাবিয়াস কৰি থাকে। তাহানি নিশা ন বজাৰ পৰা ৰাতিপুৱা পোহৰ হোৱালৈকে
যাত্ৰাপাৰ্টিবোৰে নাট আগবঢ়ায়। প্ৰতিবছৰে প্ৰথম নাটক এখনৰ অভিনয় আৰম্ভ কৰাৰ দিনা ঈশ্বৰৰ ওচৰত
ঠগী এখন আগবঢ়াই চাকি, বন্তি, ধূপ, ধূনা জ্বলাই নাটকখন আগবঢ়ায় এক মাংগলিক অনুষ্ঠান পাতিহে
বছৰটোৰ বাবে নাটক মেলাৰ নিয়ম আছিল। উন্নিশ বাষষ্ঠি চনত অৰুণাচলৰ ভিতৰলৈ সোমাই আহি চীনা সৈন্যৰ
আক্ৰমণ, উন্নিশ পঞ্চাশ চনৰ ভূমিকম্প আদিৰ সময়ত যাত্ৰাপাৰ্টিবোৰে ৰাজ্যৰ ভয়াবহ পৰিস্থিতিৰ বলি হৈ
নাটক দেখুৱাব নোৱাৰি কিছুদিন বহি থাকিবলগীয়াও হৈছিল। বিষ্ণুপূুজা, বছৰেকীয়া সভা, গণেশপূজা আদিত
সমজুৱাৰ মনত আনন্দৰ খোৰাক যোগোৱাই এই যাত্ৰাদলসমূহৰ উদ্দেশ্য আছিল। জনামতে, নাচ গান, অভিনয়
শিকোৱা ওস্তাদৰ বাহিৰে আন কলাকুশলীয়ে প্ৰথমে যাত্ৰাত পাৰিশ্ৰমিক লোৱা নাছিল। অৱশ্যে পিছলৈ সেয়া
সলনি হৈ অলপ অচৰপ সকলো কলাকুশলীলৈ পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰা হৈছিল। বহুকেইখন যাত্ৰাদলৰ
নিজস্ব দলীয় শৃংখলা আৰু সাংগঠনিক দিশ শক্তিশালী নাছিল বাবে দুই-তিনিবছৰ চলিয়েই যাত্ৰাদলটো ভাগি
গৈছিল। একোটা নাট্যদলত চকিদাৰ, ৰান্ধনিৰ পৰা আৰম্ভ কৰি স্কিন টনা মানুহজনলৈকে প্ৰায় চল্লিশজন
মানুহ নিয়োজিত হৈ থাকে। সাধাৰণতে গোটেই নিশা জুৰি এই নাট মঞ্চস্থ হয়, ইয়াক এক পালা বোলে। এটা দৃশ্যৰ
অন্ততঃ পিছৰ দৃশ্যসজ্জা থাকিলে (পাহাৰ, হাবি, ৰাজদৰবাৰ আদি দেখুৱাব লগা হলে) অলপ সময় ৰৈ দৃশ্যসজ্জা
কৰিহে পৰৱৰ্তী দৃশ্য মঞ্চস্থ কৰা হৈছিল। যাত্ৰাদলবোৰৰ সাধাৰণতে এটা মঞ্চই আছিল। মঞ্চৰ কিছু দূৰৈত
সাজঘৰ বা ছো-ঘৰ আছিল, তাত অভিনেতা অভিনেত্ৰীৰ সাজোন কাচোন হৈছিল। পূৰ্বতে পোহৰৰ বাবে ভোটা বা
মেণ্ঠল লাইট আৰু পিছলৈ বিজুলী বাটিৰ পোহৰত যাত্ৰাৰ মঞ্চায়ন কৰা হৈছিল। মাইক্ৰফোন ব্যৱহাৰৰ আগতে
অভিনেতাসকলে টান টানকৈ চিঞৰি অভিনয় কৰিছিল, মাইক্ৰফোন ব্যৱহাৰৰ পিছত টান টানকৈ চিঞৰিব লগা
অসুবিধাটো আঁতৰিল। দীঘল নাটকৰ মাজত ৰসাল অভিনয়ৰ বাবে দুই এটা ধেমেলীয়া চৰিত্ৰৰ অৱতাৰণা কৰা
হৈছিল, নৃত্য গীতৰো ব্যৱস্থা আছিল। যাত্ৰাপাৰ্টিৰ নাটকবোৰ প্ৰধানতঃ পৌৰানিক, বুৰঞ্জীমূলক আৰু
সামাজিক নাটক আছিল। ‘ প্ৰছেনিয়াম মঞ্চৰ উৎপত্তি, ইতিহাস আৰু কলাকৌশল’ শীৰ্ষক ড. নিশিগন্ধা
তালুকদাৰে লিখিছিলঃ ‘ যাত্ৰা নাটকত ব্যৱহৃত সংগীতে বীৰত্বসূচক তথা ৰণাংগনৰ পৰিৱেশ সৃষ্টি কৰিছিল
যদিও সাধাৰণ মানুহৰ সুখ দুখ, মানসিক চিন্তাক বৰ বিশেষ প্ৰতিফলিত কৰিব পৰা নাছিল। যাত্ৰাৰ বিবেক
গীতসমূহে একোটা চৰিত্ৰক শুদ্ধ পথ লবলৈ সকীয়নি দিছিল। যাত্ৰাত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহ হ’ ল-
হাৰমনিয়াম, বিগুল, ঢুলকী, বাঁহী, তবলা ইত্যাদি। ‘

মন কৰিবলগীয়া কথাটো হ’ ল সেইসময়ত সহঅভিনয় বিষয়টো ভাবিব নোৱাৰা কথা আছিল। যাত্ৰা নাটত
আৰম্ভণিতে, পুৰুষ এজনেই সাজোন কাচোন কৰি নাৰী চৰিত্ৰতো অভিনয় কৰিছিল। পিছে নাট্যাচাৰ্য্য ব্ৰজনাথ

শৰ্মাই সোঁতৰ বিপৰীতে গৈ সহঅভিনয় কৰিছিল বাবেই সকলোৰে পৰা তিৰস্কাৰ সহ্য কৰিব লগা হৈছিল।
সমাজত নাৰীৰ স্থান বৰ সবল নাছিল, যাত্ৰা নাটক কৰি দশোদিশ ঘূৰি ফুৰিবলৈ নাৰীক অভিভাৱকে অনুমতি
নিদিছিল, এনে কৰিলে সমাজখন বিশৃংখল হ’ ব বুলি সকলোৱে একেমুখে স্বীকাৰ কৰিছিল। আনকি সহঅভিনয়ৰ
যোজা কৰা বাবেই ব্ৰজনাথ শৰ্মা এসময়ত জন্মভিঠা বজালী অঞ্চলৰ শিলা গাওঁ ত্যাগ কৰিব লগা হৈছিল বুলিও
জনা যায়।

নাট্যাচাৰ্য্য ব্ৰজনাথ শৰ্মা মানুহজন

1894 চনৰ 15 চেপ্তেম্বৰত নামনি অসমৰ ঐতিহ্যমণ্ডিত বজালী অঞ্চলৰ শিলা নামৰ গাঁৱত নাট্যাচাৰ্য্য
ব্ৰজনাথ শৰ্মাৰ জন্ম হৈছিল। প্ৰবেশিকা পৰীক্ষা উত্তীৰ্ণ হৈয়েই তেখেত গৌৰীপুৰৰ তাৰিণীপ্ৰিয়া
চতুষ্পাঠীত নাম ভৰ্তি কৰে। কিন্তু পঢ়া আধাতে এৰি তেওঁ ঘৰলৈ উভতি আহে। তাৰপিছত ব্ৰিটিছ সেনা-বাহিনীত
যোগ দিয়ে। বিশ্ব জুৰি তেতিয়া প্ৰথম বিশ্ব যুদ্ধৰ বলিয়া বতাহে আঁৱৰি আছিল। সেনা-বাহিনীত কাম কৰি থকাৰ
সূত্ৰেই তেওঁ বাগদাদলৈ যায়। উল্লেখ্য যে, সেনা-বাহিনীত থকা সময়তে ব্ৰজনাথ শৰ্মাই জৰ্জ নামে এগৰাকী
ইংৰাজ ব্যক্তিৰ সম্পৰ্কলৈ আহি অভিনয়ৰ প্ৰতি ধাউতি বাঢ়ে। ১৯১৭ চনৰপৰা ১৯২১ চনলৈ পাৰস্যৰ বছেৰাত
থকা কালত তেখেতে নিয়মীয়াকৈ ‘ ৱেষ্ট-বেংগল ড্ৰামাটিক ক্লাব’ ৰ নাটকত অভিনয় কৰিছিল। ১৯২১ চনত ঘৰলৈ
উভতি আহে ব্ৰজনাথ শৰ্মা। সেই সময়ত কলিকতাৰ পৰা অহা বঙালী যাত্ৰা অভিনয়ৰ দলে অসমত যাত্ৰাপাৰ্টি
মঞ্চস্থ কৰি ৰেল ষ্টেছন থকা ঠাইবোৰৰ ওচৰে পাজৰৰ অঞ্চলসমূহত দুই- তিনপালা বঙালী নাটক মঞ্চস্থ
কৰি ফুৰিছিল। বঙালী যাত্ৰা নাটকবোৰ দেখি জাতীয়তাবাদী ভাবৰ ব্ৰজ নাথ শৰ্মাই সেই আৰ্হিতে অসমীয়া
যাত্ৰাপাৰ্টি এটা নিজ গাঁৱতে খোলে। নাম ৰাখে ‘ শিলা কালিকা অপেৰা পাৰ্টি। ইয়াৰ যোগেদি তেওঁ বিভিন্ন ঠাইত
নাটক মঞ্চস্থ কৰি ফুৰে যদিও বিভিন্ন কাৰণত ১৯২৪ চনত তেওঁ এই গোট ভাঙি দিব লগা হয়। এইবাৰ তেওঁ
নতুন এখন যাত্ৰাপাৰ্টি গঢ়ে, নাম ৰাখে এইবাৰ ‘ দক্ষিণ গণকগাড়ী অপেৰা পাৰ্টি’ । এইখনো বিভিন্ন কাৰণত
পাঁচবছৰ পাছত ভাঙি দিব লগা হয়, পিছত গঢ়ি তোলে ঐতিহাসিক ‘ কহিনুৰ অপেৰা পাৰ্টি’ । কহিনুৰ অপেৰা পাৰ্টিয়ে
সমগ্ৰ অসমতে আলোড়ন সৃষ্টি কৰি গাঁৱে-ভূঞে কেইবা ‘ পালা’ ও নাটক মঞ্চস্থ কৰি ভূয়সী প্ৰশংসা লাভ
কৰিছিল। জনামতে, এই দলত নগাঁৱৰ কচুবিল বাগানৰ বৰবাবু বিপিন চন্দ্ৰ বৰুৱা, অনাৰাম মহাজন, নটসূৰ্য ফনী
শৰ্মা আদিয়েও আহি যোগ দিছিল। এয়া ১৯৩০ চনৰ কথা। উল্লেখ্য যে, প্ৰায় একেসময়তে ৰূপকোঁৱৰ
জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবি নিৰ্মাণৰ বাবে অভিনেত্ৰী বিচাৰি ফুৰিছিল। ১৯৩০ চনৰ নৱেম্বৰ
মাহত ডুমডুমাৰ মঞ্চত প্ৰথমে ব্ৰজনাথ শৰ্মাই ছয় গৰাকী অভিনেত্ৰীৰে সহ: অভিনয়ৰ সূত্ৰপাত ঘটাবলৈ
সক্ষম হয়। এই ছয়গৰাকী অভিনেত্ৰীৰ নাম আছিল: সৰ্বেশ্বৰী দাস, গোলাপী দাস, ফুলেশ্বৰী দাস, বিনোদা
গগৈ, লাৱণ্য দাস আৰু শৈলবালা দেৱী। ডুমডুমাৰ মঞ্চত প্ৰথমে ব্ৰজনাথ শৰ্মাৰ কহিনুৰ অপেৰা ইমানেই
জনপ্ৰিয় হৈছিল যে তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আদিত যাত্ৰাপাৰ্টি চাবলৈ দৰ্শক হেতাওপৰা লগাইছিল।

নলবাৰীত সহঃঅভিনয় কৰিব বিচৰাত কি হৈছিল?

চন্দ্ৰ চৌধুৰী আদিকে ধৰি অভিনেতা অভিনেত্ৰীক লৈ উজনি অসমৰ পৰা নলবাৰী পাইছিলহি ব্ৰজনাথ শৰ্মাৰ
‘ কহিনুৰ অপেৰা পাৰ্টি’ । উদ্দেশ্য আছিল নলবাৰী নাট্যমন্দিৰত ‘ কহিনুৰ অপেৰা’ ই পালা গাব। এইসময়তে
নলবাৰীত মানুহৰ মুখে মুখে কথা ওলাল যে ব্ৰজনাথ শৰ্মাই সহঃঅভিনয় কৰি সমাজখন বিপথে পৰিচালিত কৰিব
খুজিছে। এইবোৰ কথাৰ মাজেদিয়েই এটা সময়ত নলবাৰীত নাট্যঅভিনয় কৰিবলৈ ওলাল ব্ৰজ শৰ্মা। পিছে নাট
মঞ্চস্থ কৰাৰ দিনাই অথন্তৰ ঘটিল, ফলত যাত্ৰাপাৰ্টিটোৱে এচাম মানুহৰ বাবেই নাটকখন আগবঢ়াব
নোৱাৰিলে। এনে এই ঘটনাৰ পিছৰ পৰাই ব্ৰজনাথ শৰ্মাই যাত্ৰাপাৰ্টি এৰিলে বুলি কোৱা হয়। এপদ দুপদকৈ
সামগ্ৰী গোটাই গোটাই যাত্ৰাপাৰ্টি কৰা মানুহজনে মনত বহু দুখ পায়েই এনে সিদ্ধান্ত ললে বুলি কোৱা হয়।

উদয় ওস্তাদৰ কথাৰে

অসমৰ যাত্ৰাপাৰ্টিৰ ইতিহাস বিচাৰিলে উদয় ওস্তাদৰ (উদয় চন্দ্ৰ ভাগৱতী) বহু কথাও জনা যায়। তেওঁৰ
সম্পূৰ্ণ নাম আছিল উদয় চন্দ্ৰ ভাগৱতী। তেওঁ নলবাৰীৰ ককয়াত জন্ম লাভ কৰিছিল। 1931 চনত গৰ্ডন
হাইস্কুলত সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘ কানিংহাম চাৰ্কুলাৰ’ ৰ(স্কুলত অধ্যয়নৰত ছাত্ৰই ভবিষ্যতে
স্বাধীনতা আন্দোলনৰ কামত জড়িত নহও বুলি লিখিত প্ৰতিশ্ৰুতি আগবঢ়ালেহে স্কুলত অধ্যয়ন কৰাৰ অনুমতি
দিয়াৰ নিয়ম) বলি হৈ এসময়ৰ যথেষ্ট মেধাবী ছাত্ৰ উদয় চন্দ্ৰ ভাগৱতীয়ে আধাতে শিক্ষাজীৱন ত্যাগ
কৰিবলগা হয়। পঞ্চলিশ বছৰ বয়স কেৱল যাত্ৰাপাৰ্টিত কটোৱা মানুহজনে বীনাপানি অপেৰা, ভগৱান শৰ্মাৰ
গুৰুদেৱ অপেৰা, দানী হালৈৰ পিপলিবাৰী নাট্য সমিতি, বিলপাৰৰ মৌজাদাৰৰ বাসুদেৱত অপেৰা, ককয়াৰ ‘ ডি কামৰূপ
নাট্যকলা কেন্দ্ৰ’ আদি যাত্ৰাপাৰ্টিত সুন্দৰ অভিনয় কৰি ভূয়সী প্ৰশংসা পাইছিল। তেওঁৰ এটা বিশেষত্ব এয়ে
যে তেৱেঁই যাত্ৰাপাৰ্টিৰ একমাত্ৰ ব্যক্তি যিয়ে এসময়ৰ সহপাঠী, শিক্ষা বিভাগৰ সচিব উমা কান্ত শৰ্মাৰ
যোগেদি(ছিলঙত কৰ্মৰত আছিল) কেইবাবাৰো ভাৰত চৰকাৰৰ পৰা প্ৰথমবাৰৰ বাবে চৰকাৰী অৰ্থ সাহায্য
পাবলৈ সক্ষম হৈছিল। জীৱিত কালতেই কিংবদন্তি নায়কলৈ পৰিনত হৈছিল মানুহজন। তেওঁ দুশখন নাটক
বঙালীৰ পৰা অসমীয়ালৈ ভাষান্তৰ কৰি মঞ্চস্থ কৰাৰ লগতে পৰিচালনাও কৰিছিল। এসময়ৰ বহু
যাত্ৰাপাৰ্টিয়েই পিছলৈ ব্যৱসায়িকভাৱে ভ্ৰাম্যমাণ থিয়েটাৰলৈ পৰিৱৰ্তন হৈছিল। প্ৰধানতঃ যাত্ৰাপাৰ্টিৰ
গতিবিধি সত্তৰৰ দশকৰ পৰাই কিছু অন্যদিশলৈ ঢাপলি মেলিছিল। সম্প্ৰতি যাত্ৰাপাৰ্টিবোৰ লোপ পাই আহিছে
যদিও ভ্ৰাম্যমাণৰ জয়জয়কাৰ অৱস্থাতো কামৰূপ, নলবাৰী আৰু গোৱালপাৰা জিলাত বৰ্তমানো দুই এটি
যাত্ৰাপাৰ্টিয়ে প্ৰতিবছৰে নাট মেলি আহিছে।

সহায়ক গ্ৰন্থপঞ্জীঃ

ক)যাত্ৰা থিয়েটাৰ আৰু মোৰ জীৱন সংগ্ৰামঃ উদয় চন্দ্ৰ ভাগৱতী(প্ৰতিশ্ৰুতি প্ৰকাশন)
খ)অসমৰ লোক পৰিৱেশ্য কলাঃ সম্পাদনা
ড. দীপামনি বৰুৱা দাস(পূৰ্বায়ন প্ৰকাশন)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments