লোকেল মাছ (ডা. হেমন্ত কুমাৰ গগৈ)

লোকেল মাছ (ডা. হেমন্ত কুমাৰ গগৈ)

বজাৰত সোমাবলৈ পালোহে, কেউফালৰ পৰা কি সাদৰ নিমন্ত্ৰন… ‘আহক চাৰ আহক… লোকেল মাছ!’ .. ‘আহক দাদা… দিচাঙৰ মাছ… একেবাৰে লোকেল ..’ ৷
মোৰ আক’ লোকেল মাছলৈ বৰ লোভ আৰু ভয়ো ৷ কাৰণ লোকেল মাছ কিনি ঘৰত গালি খোৱাটো মোৰ এক প্ৰকাৰ হবীয়ে হৈ পৰিছে ৷ ইমান আশাত মাছ কিনি ঘৰলৈ যাওঁ ৷ ভাবো মাছ দেখি মানুহজনীয়ে মৰমতে গালতে তপৰ তপৰ কৈ চুমা দুটামান দিব ৷ নাই… খালি কাঁহী বজা দি ৰন্ধনঘৰৰ পৰা থহৰ থহৰকৈ দুটামান গালিহে ভাঁহি আহে ৷ ‘বাপেৰে ইমান দাম দি লোকেল মাছ কিনি আনিছে চা ৷ … ইমান মাছৰ ঠাইৰ মানুহ ৷ আজিলৈকে মাছ চিনি নেপালে ৷ হেৰি কিমান দি আনিলে?’
‘হে বেছি নহয় জানা ৷ একেবাৰে সস্তা ৷ ১৫০ টকা ৷’ মই মিছা কৈ বেয়া পোৱা মানুহজনে বৰ নিৰ্লিপ্তভাৱে কথাষাৰ কবলৈ চেষ্টা কৰোঁ ৷ কিন্তু তেওঁৰ ঘোপা চাৱনিয়ে স্পষ্ট কৰি দিয়ে যে মই মিছা মাতি লাভ নাই ৷ কাঠ হেন মাছটুকুৰা চোবাই চোবাই সদায় মাছ বেপাৰীটোক শাওপাত দি ভাবো.. ৰহ ৷ তোৰ পৰা কেতিয়াও আৰু মাছ নিকিনো ৷
সঁচাকৈয়ে আজিকালি বজাৰত মাছ চিনি পোৱাটো এক দুৰূহ কাম ৷ কোনটো বা লোকেল আৰু কোনটো বা চালানী ৷ লোকেল মানে স্থানীয় মাছৰ নো আকাল কিয় হ’ল ? বেপাৰীবোৰক সোধো বোলো অসমীয়া মানুহবোৰৰ দৰে অসমীয়া মাছবোৰেও পৰিয়াল সীমিতকৰণত ধৰিলে নেকি ? লোকেল মাছৰো এনে শ্লোগান আছে নেকি যেনে.. ‘এটা বা দুটা কণীয়েই যথেষ্ট !’ .. হ’বও পাৰে ৷ আজিকালি ভূ-ভাৰস্তত কিনো অসম্ভৱ ?
কেতিয়াবা ভাবো ইমান দাম দি লোকেল মাছ বুলি ঠগ খোৱাতকৈ চালানি মাছকে খাওঁ ৷ ঠগ খোৱাৰ ভয় নাই, দুটকা বাচেও ৷ কিন্তু তাৰ পিছতে পেপাৰত পঢ়িবলৈ পাওঁ বা নিউজ চেনেলৰ বাতৰি চাওঁ, কেনেদৰে বিষাক্ত দ্ৰব্যৰে মাছ সতেজ কৰি ৰখা হয় ৷ … চালা পুখুৰী এটাকে খান্দি মাছ পোহোঁ নেকি ? সেইমতে আকৌ মাটিও নাই নহয় ! ছোৱালীজনীয়েই ভাল কৰিছে ৷ মাছ-মাংস এৰি নিৰামিষ হৈ পৰিছে ৷ কিন্তু আমাৰ লুটুৰা মুখ ৷ মাছ-মাংস এটুকুৰা নহলে পেটলৈ যেন ভাতেই নাযাব ! উপায় নাই ৷
বজাৰলৈ গলে নাযাও বুলিও ভৰি দুটা মাছৰ বজাৰৰ ফালে চলি যায় ৷ নাচাও বুলিও শাৰী শাৰী মাছৰ ফালে চকু যায় ৷ ডেকা কালৰ ছোৱালী চোৱাৰ অভ্যাসটো কেতিয়ানো মাছ চোৱালৈ পৰিবৰ্তন হল গমকে নাপালো ৷ ইয়াকে কয় বোলে বয়সৰ দোষ !
‘আহক চাৰ, লোকেল মাছ !’
অ’ এইটো হলধৰ ৷ আজি দুদিনমানৰ আগতে তাৰ ঘৈনীয়েকৰ বৰ টান অসুখ হৈছিল ৷ বহু কষ্টেৰে তাইক হস্পিটালত ৰাখি মই সুস্থ কৰি তুলিছিলো ৷
‘কি খবৰ তোমাৰ ? ভালনে ? মানুহজনীৰ ভালনে ?’ মই সুধিলো ৷
‘ভালেই চাৰ.. আপোনালোকৰ আশীৰ্বাদত ৷ ….. চাৰ, মাছ লাগিব নেকি ?’
‘কি মাছ হে ?’
‘চাৰ দিখৌৰ মাছ ৷ একেবাৰে ফ্ৰেছ ‘  সি মাছৰ কাণখন ডাঙি দেখুৱালে ৷ একেবাৰে ৰঙা আৰু সতেজ ৷
‘এঃ হয় জানো ?’ মই সন্দেহ প্ৰকাশ কৰিলোঁ ৷
‘চাৰ মই আৰু আপোনাক মিছা কম নে ?’ সি বৰ আক্ষেপেৰে কলে ৷
মোৰ মনটো সেমেকি গল ৷ সকলোকে নো কিয় সন্দেহ কৰিব লাগে ?
‘ঠিক আছে ৷ কিমান দাম ?’
‘চাৰ আনক কোৱাৰ দৰে ৪৫০ টকা নকওঁ ৷ আপুনি ৪০০ কৈ দিব ৷’
‘সঁচাকৈ লোকেল হয়তো? ঘৰত গালি নুখুৱাবা কিন্তু ৷’
‘চাৰ… মই সদায় ইয়াতে বহো ৷ বেয়া পালে মাছৰ দাম ঘূৰাই লৈ যাব ৷’
বাঃ আজি মোক কোনে পায় ! বীৰ দৰ্পে মাছ-পালেং-শাক আনি পাকঘৰত জমা দিলো ৷ অন্ততঃ বহুদিনৰ মূৰত সতেজ লোকেল মাছ এটুকুৰা খাবলৈ পাম ৷
‘বৰ ডাঙৰ মাছ ৷ দাম ললে চাগে ৷’ তেওঁৰ অভিমত ৷
‘নাই বেছি লোৱা নাই ৷ চিনাকি বেপাৰী ৷’ মই হলধৰৰ কাহিনীটো কলো ৷
…. ‘হেৰি ভাত খাওকহি.. ৷’
ভাতৰ কাঁহী, শাকৰ বাতি টেবুলত দি তেওঁ লাহেকৈ কলে, ‘আমি মাছৰ গোন্ধ পালেই গম পাওঁ লোকেল নে চালানি ৷ আপোনাক চাগে বেপাৰীবোৰে বৰ ভাল পায় ৷ ..’
এক নিস্তেজ উত্তাপেৰে তৰকাৰীৰ মাছটুকুৰা মুখত দি ময়ো জুলিয়াছ চিজাৰৰ দৰে মনে মনে আৰ্তনাদ কৰি উঠিলোঁ…. ‘..তয়ো হলধৰ !!..’

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments