লোক-সংস্কৃতিৰ সাধক ড° প্ৰফুল্লদত্ত গোস্বামী – এটি আলোচনা -( সঞ্জীৱ শইকীয়া)

লোক-সংস্কৃতিৰ সাধক ড° প্ৰফুল্লদত্ত গোস্বামী এটি আলোচনা

সঞ্জীৱ শইকীয়া

 
ড° প্ৰফুল্লদত্ত গোস্বামীক অসমৰ লোক-সাহিত্য, সংস্কৃতিৰ পদ্ধতিগত বিদ্যায়তনিক অধ্যয়নৰ বাটকটীয়া আখ্যা দিয়া য়ায়। অসমী আইৰ সুসন্তান এই সাহিত্য-সংস্কৃতিৰ সাধকজন লোক-সংস্কৃতি চৰ্চাৰ পথাৰখনত কেৱল ভাৰততেই নহয়, বিদেশতো সমাদৃত। অসমীয়া লোক-সাহিত্যৰ মণি-মুকুতা সমূহৰ সংগ্ৰহ, তথা প্ৰণালীৱদ্ধ সংৰক্ষণ আৰু সেইসমূহৰ সুচিন্তিত আলোচনাই আছিল তেখেতৰ জীৱনৰ নিৰৱচ্ছিন্ন সাধনা।
দক্ষিণ কামৰূপৰ নহিৰা মহাপুৰুষীয়া সত্ৰত ড° প্ৰফুল্লদত্ত গোস্বামীৰ ১৯১৯ চনৰ ১৮ মাৰ্চত জন্ম। কুমলীয়া বয়সতে পিতৃক হেৰুৱাই তেখেত গুৱাহাটীলৈ আহে আৰু আত্মীয় গৃহত থাকি প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। কটন কলেজৰ পৰাই আই.এ আৰু তাৰপাছত ইংৰাজীত অনাৰ্চ সহ বি.এ পাছ কৰি কিছু কাল চাকৰি কৰে। এইদৰে প্ৰায় এবছৰ কাল চাকৰি কৰাৰ পাছত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত এম.এ পাঠ্যক্ৰমত যোগদান কৰে আৰু সুখ্যাতিৰে এম.এ ডিগ্ৰী লাভ কৰে।
এম.এ পৰীক্ষাত উত্তীৰ্ণ হৈ ড° গোস্বামীয়ে যোৰহাটৰ জে.বি কলেজত এবছৰ ইংৰাজী বিভাগত শিক্ষকতা কৰাৰ পাছত কটন কলেজৰ ইংৰাজী বিভাগত যোগদান কৰেহি। কটন কলেজত প্ৰায় তিনিবছৰ শিক্ষকতা কৰি ড° গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু বি.টি. বিভাগত ইংৰাজীৰ প্ৰবক্তা বিচাপে যোগদান কৰে ১৯৪৮ চনত।
বিশ্ববিদ্যালয়ত শিক্ষকতা জীৱনৰ আৰম্ভণিৰ এই সময়ছোৱাতে তেখেতে ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ তত্বাৱধানত অসমৰ মালিতা আৰু সাধুকথাৰ বিষয়ে গৱেষণা কৰিবলৈ আৰম্ভ কৰে। উক্ত বিষয়ৰ ওপৰত কৰা তেখেতৰ গৱেষণাৰ চূড়ান্ত ফলস্বৰূপ গ্ৰৱেষণা-গ্ৰন্থখনেই হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ত দাখিল কৰা প্ৰথমখন গ্ৰৱেষণা-গ্ৰন্থ। উক্ত গ্ৰৱেষণা-গ্ৰন্থখনৰ বাবে ১৯৫৫ চনত তেখেতে ডি.ফিল উপাধি লাভ কৰে।
উল্লেখযোগ্য যে ড° গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি পোৱা প্ৰথম তিনিজন অসমীয়া পণ্ডিতৰ এজন-বাকী দুজন হ’ল যথাক্ৰমে ড° মহেশ্বৰ নেওগ আৰু ড° সত্যেন্দ্ৰনাথ শৰ্মা।
গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ কালতেই তেখেতে ইউৰোপ, আমেৰিকা আৰু এছিয়াৰ বিভিন্ন দেশ ভ্ৰমণ কৰে। তাৰ মাজতে ১৯৬৪ চনত বিশ্ববিদ্যালয়ৰ ফ’কল’ৰ এণ্ড ট্ৰাইবেল কালশ্যাৰ আঁচনিৰ (Folklore and Tribal Culture) দায়িত্ব গ্ৰহণ কৰে। ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত স্বতন্ত্ৰ লোক-সংস্কৃতি গৱেষণা বিভাগ স্থাপিত হয়। ড° গোস্বামী এই বিভাগৰ প্ৰথমগৰাকী অধ্যাপক আৰু তেখেতেই বিভাগীয় প্ৰধানৰূপে দায়িত্ব গ্ৰহণ কৰে। এই বিভাগৰ পৰাই তেখেতে ১৯৮১ চনত বিশ্ববিদ্যালয়ৰ শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
ড° গোস্বামীৰ গ্ৰৱেষণা-গ্ৰন্থখন ১৯৬০ চনত ‘Ballads and Tales of Assam’ নামেৰে পুথি আকাৰে প্ৰকাশিত হয়। এই পুথিখনেই গোস্বামীদেৱলৈ ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক স্বীকৃতি কঢ়িয়াই আনে। দেশ-বিদেশৰ বিভিন্ন গৱেষণা পত্ৰ, গ্ৰন্থ ইত্যাদিত ড° গোস্বামীৰ লোক-সংস্কৃতি বিষয়ক ৰচনা সমূহৰ প্ৰশংসিত আলোচনা তথা উল্লেখ আৰম্ভ হয়। লোকসাহিত্য বিষয়ক কেইবাটাও আন্তৰ্জাতিক অধ্যয়ন প্ৰকল্পত তেখেতৰ সহযোগ আগ্ৰহেৰে বিচৰা হৈছিল আৰু এইসমূহত তেওঁৰ সহযোগ প্ৰাপ্তিও হৈছিল। তাৰ ভিতৰত উল্লেখযোগ্য চিকাগো ইউনিভাৰচিটি প্ৰেছৰ পৰা প্ৰকাশিত ‘ Folktales Around the World’ গ্ৰন্থৰ ভাৰতীয় সাধুকথা খণ্ডত তেখেতৰ সহযোগ আৰু একে অনুষ্ঠানৰ পৰাই প্ৰকাশিত ‘Folktales of India’ গ্ৰন্থখনিৰ যুটীয়া সম্পাদনা।
যুগস্ৰষ্টা লক্ষ্মীনাথ বেজবৰুৱাৰ লগতে ত্ৰৈলোকেশ্বৰী দেৱী বৰুৱানী আদিয়ে সংকলিত কৰি থৈ যোৱা অসমীয়া লোক-সংস্কৃতিৰ মূল্যবান সমল সাধুকথাসমূহৰ প্ৰকৃত বিজ্ঞানসন্মত অধ্যয়ন আৰম্ভ হয় ড° প্ৰফুল্লদত্ত গোস্বামীৰ দ্বাৰা।
লোক সংস্কৃতিৰ বিষয়ে ৰচিত ড° গোস্বামীৰ উল্লেখযোগ্য অসমীয়া গ্ৰন্থকেইখন হ’ল-‘অসমীয়া জন-সাহিত্য’ (১৯৪৮), ‘মণিকোঁৱৰ আৰু ফুলকোঁৱৰ’ (১৯৭১), ‘ব’হাগ বিহুৰ বাৰেবৰণীয়া ছবি’ (১৯৭৫), ‘টেঁটকুটি’ (১৯৮৭), আদি। ইংৰাজী ভাষাত ৰচিত অথবা সম্পাদিত লোক-সংস্কৃতি বিষয়ক গ্ৰন্থসমূহৰ ভিতৰত মুখ্য কেইখন হ’ল – ‘Folk Literature of Assam’ (1954), ‘Bihu Songs of Assam’ (1957), ‘Ballads and Tales of Assam’ (1960), ‘Songs and Tales of North-East India’ (1976), ‘Tales of Assam’ (1980), ‘Festivals of Assam’ (1995)
এই গ্ৰন্থসমূহৰ পাতে পাতে সিচৰতি হৈ আছে ড° গোস্বামীৰ গভীৰ জ্ঞান, গৱেষণা-আগ্ৰহী যুক্তিবাদী মনৰ পৰিচয় আৰু আপোন সংস্কৃতিৰ প্ৰতি অনন্ত শ্ৰদ্ধা আৰু প্ৰেমৰ অপূৰ্ব নিদৰ্শন। অসমীয়া লোক সাহিত্য, সংস্কৃতিৰ আৱশ্যকীয় প্ৰায় আটাইবোৰ সমল পোৱা যায় ড° গোস্বামীৰ ৰচনা সম্ভাৰত।
ড° গোস্বামীৰ ৰচনা সমগ্ৰৰ পৰিধি বিশাল। লোক-সংস্কৃতি অধ্যয়ন, সংগ্ৰহ আৰু সংৰক্ষণৰ দৰে দূৰহ বিদ্যায়তনিক কাৰ্য সম্পাদন কৰাৰ সমান্তৰালভাৱে তেখেতে ৰচনা কৰি থৈ গৈছে উপন্যাস, গল্প, সাহিত্য সমালোচনা, ভ্ৰমণ-কাহিনী, আত্মজীৱনী, জীৱনী, পক্ষী-বিজ্ঞান, অনুবাদ আদি। তেখেতৰ উপন্যাস দুখন ‘শেষ ক’ত’ (১৯৪৯) আৰু ‘কেঁচা পাতৰ কঁপনি’ (১৯৫২) অসমীয়া সাহিত্যৰ মাইলৰ খুটি হিচাপে চিহ্নিত হৈছে। অসমীয়া উপন্যাস সাহিত্যৰ অতি চালুকীয়া অৱস্থাতে ৰচিত এই উপন্যাস দুখনে ‘অৰ্থব্যঞ্জক সংলাপ আৰু চৰিত্ৰ-চিত্ৰণৰ বিশেষ নমুনা দাবী কৰিছে’ (ড° মহেশ্বৰ নেওগ)।
উপন্যাসৰ লগতে ড° গোস্বামীৰ জীৱনী সাহিত্যলৈও আছে অতি বিশিষ্ট অৱদান। ‘মানিকচন্দ্ৰ বৰুৱা আৰু তেওঁৰ যুগ’ গ্ৰন্থখনেই ইয়াৰ উৎকৃষ্ট উদাহৰণ।
ড° গোস্বামীয়ে কেইবাখনো ভ্ৰমণ-বৃত্তও ৰচনা কৰিছে। তেখেতৰ সুযোগ্য উত্তৰাধিকাৰী ড° বীৰেন্দ্ৰনাথ দত্তই গোস্বামীদেৱৰ ভ্ৰমণ-কাহিনীসমূহ ‘সাহিত্যিক গুণৰ দিশৰ পৰা অধিক উচ্চ পৰ্যায়ত’ বুলি উল্লেখ কৰিছে। ‘বিলাতত সাত মাহ’ (১৯৫৯), ‘পৃথিৱীৰ চৌপাশে এপাক’ (১৯৬৭) আৰু ‘মোৰ ৰাছিয়া ভ্ৰমণ’ (১৯৭৪)-এই প্ৰতিখন ভ্ৰমণ কাহিনীতেই পোৱা যায় তেখেতৰ ‘একোবাৰৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতাৰ অভিলেখ’ (ড° বীৰেন্দ্ৰনাথ দত্ত)।
আত্মজীৱনী ৰচনাৰ ক্ষেত্ৰতো ড° গোস্বামীয়ে বিশেষ পাৰদৰ্শিতা দেখুৱাই গৈছে। ‘মনৰ পখী উভতি উৰে’ (১৯৯৮) তেখেতৰ জীৱনৰ নিৰ্মোহ বিশ্লেষণ। গ্ৰন্থখনৰ পাতনিত শ্ৰদ্ধাৰ হোমেন বৰগোঁহাঞিদেৱে উল্লেখ কৰিছে-“তেওঁ (ড° গোস্বামী) আছিল এনে এজন বিৰল মানুহ-যাক একে সময়তে ভাল পাব পাৰি,  শ্ৰদ্ধা কৰিব পাৰি,  প্ৰশংসা কৰিব পাৰি। এমাৰ্ছনে যি ধৰণৰ নন-কনফৰ্মিষ্ট মানুহৰ কথা কৈছিল তেনে আছিল মানুহ আছিল প্ৰফুল্লদত্ত গোস্বামী। তেওঁৰ নিচিনা দ্বিতীয় এজন অসমীয়া মানুহ মই এতিয়ালৈকে লগ পোৱা নাই।” ‘আত্মানুসন্ধান’, ‘মোৰ সাংবাদিক জীৱন’। ‘ধুমুহা আৰু ৰামধেনু’ৰ দৰে অতি উৎকৃষ্ট আত্মজীৱনী ৰচনা কৰি অসমীয়া সাহিত্যত এটা বলিষ্ঠ ধাৰাৰ জন্ম দিওঁতা বৰগোঁহাঞিদেৱৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ। তাৰোপৰি উক্ত মন্তব্য ড° গোস্বামীৰ প্ৰতি তেখেতৰ উত্তৰসুৰী সাহিত্য-সংস্কৃতিৰ সাধক সকলৰ উচ্চভাৱ প্ৰকাশৰ সঠিক নিদৰ্শন ৰূপে থিয় দিছে।
ড° প্ৰফুল্লদত্ত গোস্বামীৰ প্ৰকৃতি প্ৰেমৰো নিদৰ্শন পোৱা যায় তেখেতৰ ‘চৰাই বিনন্দীয়া’ (১৯৬৯) নামৰ পক্ষী-নিৰীক্ষণ বিষয়ক পুথিখনত। ঘাইকৈ শিশু আৰু চেমনীয়া সকলৰ উদ্দেশ্যে ৰচিত পুথিখন অসমীয়া ভাষাত পক্ষী-নিৰীক্ষণ বিষয়ক বাটকটীয়া বুলিব পাৰি।
ড° গোস্বামীৰ চৰিত্ৰত অতি উল্লেখনীয় দিশটি হ’ল প্ৰচাৰবিমূখতা আৰু আত্মপ্ৰতিষ্ঠাৰ প্ৰতি ‘অদ্ভুত এক নিৰ্লিপ্ততা’ (ড° বীৰেন্দ্ৰনাথ দত্ত)। এই দুই গুণে তেখেতৰ গুণমুগ্ধৰ ওচৰত তেখেতক সদায় মোহনীয় কৰি ৰাখিব।
অসমৰ ভাষা-সংস্কৃতি বিকাশৰ বাবে স্থাপিত এটা উল্লেখযোগ্য অনুষ্ঠান-আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা (আবিলেক)ৰ সৈতে জন্মলগ্নৰ পৰাই ড° গোস্বামী জড়িত আছিল। আবিলেকৰ পৰিচালনা পৰিষদৰ প্ৰথম উপ-সভাপতি (সভাপতি হ’ল অসমৰ শিক্ষামন্ত্ৰী) ৰূপে দায়িত্ব গ্ৰহণ কৰি অতি সুদক্ষভাৱে অনুষ্ঠানটোক তেওঁ আগবঢ়াই নিছিল।
এইজনা মহাজ্ঞানী পণ্ডিতৰ ১৯৯৪ চনৰ ১৯ নৱেম্বৰত মৃত্যু হয়। গাইগুটীয়াকৈ ড° গোস্বামীৰ সৰহসংখ্যক ৰচনাই এতিয়া বজাৰত উপলব্ধ নহয়। পিছে অতি সুখৰ খবৰ যে, ড° বীৰেন্দ্ৰনাথ দত্তৰ সু-সম্পাদনাত ড° গোস্বামীৰ ৰচনাৱলীৰ দুটা খণ্ড (অসমীয়া আৰু ইংৰাজী) ইতিমধ্যে অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছে। ইচ্ছুক পাঠকে ৰচনাৱলী দুখন পঢ়ি ড° গোস্বামীৰ ৰচনাসমূহৰ তৃপ্তি লব পাৰিব।
 
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক