লোভ- সুনীল দত্ত

ফ্ৰীজৰ দুৱাৰখন লাহেকৈ খুলি অনিমা বৰুৱাই এবাৰ সেপ গিলিলে৷ ষ্টিলৰ ডাঙৰ বাতিটোত ‘মোক খা’ ‘মোক খা’ কৈ ডাঙৰ ৰসগোল্লাকেইটাই তেখেতক মাতি আছে৷ কাষৰ কোঠাটোত শব্দ এটা শুনি তেখেতে সাউৎকৈ দুৱাৰখন জপাই থৈ বিমৰ্ষ মনেৰে বাৰাণ্ডালৈ ওলাই গ’ল৷ বাৰাণ্ডাৰ চুকটোৰ চকীখনৰ ওপৰেৰে কিমানটা বছৰ পাৰ হৈ গ’ল তাৰ সঠিক হিচাপটো বৰুৱানীয়েও নাজানে৷ মূৰত দীঘল ওৰণিখন টানি বেইৰ তলেৰে এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পৰা চকীখন তেখেতে তেনেকৈয়ে দেখি আহিছে৷ আগতে সেইখনত শহুৰেক বহিছিল৷ তাৰ পিছত দুবছৰ আগলৈকে অমূল্য বৰুৱাই দিনৰ দিনটো সেইখনতেই বহি সময় কটাইছিল৷ বৰুৱা ঢুকাওঁতে কোনোবাই সেইখনো জ্বলাই দিয়াৰ কথা উলিয়াইছিল যদিও বৰুৱানীয়ে নিদিলে৷ চেগুণ কাঠত বাঙালী মিস্ত্ৰীয়ে কাৰুকাৰ্য্য খচিত কৰি বনোৱা আৰামী চকীখনত আজিকালি বৰুৱানীয়ে বহে৷

ঘৰৰ বনকৰা ছোৱালী ভনীতাই ৰাতিপুৱা ধান অলপ ৰ’দাবলৈ মেলি দিছিল৷ ক’ৰবাৰ পাৰ এহাল আহি ধানত পৰিছিল, বৰুৱানীয়ে চুহ্ চুহ্ কৈ পাৰহাল খেদি চকীখনত বহিল৷ আগতে নাতিনীজনীৰ লগত দিনটো কোনেকৈ পাৰ হৈছিল বৰুৱানীয়ে নিজেই গম পোৱা নাছিল৷ যোৱাবছৰ তাইক স্কুলত নাম লিখাই দিয়াৰ পৰা একোটা দিন বৰুৱানীৰ বাবে একোটা মাহ যেন লগা হৈছে৷ বোৱাৰীয়েকে দিনটো ভনীতাৰ লগতেই ঘৰৰ কাম আৰু টিভিতেই ব্যস্ত হৈ থাকে৷ বৰুৱানীৰ লগত কথা এষাৰ পাতিবলৈ কাৰো সময় নাই৷ দুপৰীয়া নাতিনীয়েকজনী স্কুলৰ পৰা আহি ভাত পানী খাই আবেলিলৈকে শোৱে৷ আবেলি উঠি হোমৱৰ্কতেই ব্যস্ত হৈ পৰে৷ পুতেক বিশালে ঘৰ আহি পায় মানে বৰুৱানীৰ ৰুটি খোৱাৰ সময়েই হয়৷ আজি দেওবাৰ বুলি আটাইকেইজন ঘৰতেই আছে৷ পিছে থাকিলে কি হ’ব? বিশালে ঘৰলৈ লৈ অহা অফিচৰ কামত ব্যস্ত, নাতিনীয়েক টিভিত কাৰ্টুন চোৱাত ব্যস্ত৷ আমন-জিমনকৈ বৰুৱানী চকীখনতেই বহি থাকিল৷ অলপ পিছত বোৱাৰীয়েক বা ভনীতাই চেনি নিদিয়া ৰঙা চাহ একাপ দি যাব৷ মুখখন কোঁচাই কোঁচাই চাহকাপ খাব লাগিব৷ বৰুৱানীয়ে সৰুৰ পৰাই মিঠা বস্তু খাই ভাল পায়৷ সৰু থাকোতে দেউতাকে চাৰিআলিৰ পবিন ভৰালীৰ দোকানৰ পৰা ৰসগোল্লা আনি ঘৰ নোপোৱালৈকে বৰুৱানীয়ে পঢ়াৰ মেজতেই নবহিছিল৷ মুখত দিলেই পমি যোৱা প্ৰকাণ্ড ৰসগোল্লাটো চোবাই থাকোতে বৰুৱানীৰ চকুহাল তৃপ্তিত মুদ খাই যায়৷ গোল্লাটো খোৱাৰ পিছত ৰৈ যোৱা ৰসখিনি একেঢোকে খাই বৰুৱানী পঢ়াৰ মেজত বহে৷ বহুসময়লৈ ওঁঠত লাগি থকা ৰসখিনি জিভাৰে চেলেকি থাকে৷ বিয়াৰ পিছততো বৰুৱানীৰ গাখীৰতেই মহৰ খুঁটি হৈছিল৷ শহুৰেকৰ ঘৰত এগোহালি গৰু৷ বিক্ৰী কৰাৰ পিছতো ঘৰলৈ ভালেখিনি গাখীৰ ৰৈ যায়৷ শাহুৱেকে আবেলি পিতলৰ মজলীয়া টৌটোত পায়স বনাবলৈ বুলি গাখীৰ এটৌ উঠাই দিয়ে৷ গধূলি ঘৰৰ সকলোৱে খাই উঠাৰ পিছত কাঁহৰ ডাঙৰ বাতিটোত এবাতি পায়স শাহুৱেকে যতনাই দিয়ে৷ বাতিটো লৈ বৰুৱানীয়ে চিধাই শোঁৱনি কোঠা পায়৷ মাজে মাজে বৰুৱানীয়ে ভাবে তিনিসাঁজকৈ ভাত খোৱাৰ সলনি প্ৰত্যেক সাঁজতেই পায়সেই খাব পৰা যায়চোন! ৰাতিপুৱা আৰু দুপৰীয়া গাখীৰতেই সৰহকৈ চেনি আৰু চাহপাত দি বনোৱা চাহকাপ নাখালে বৰুৱানীৰ দিনটো নাযায় যেন লাগে৷

পিছে আজি চাৰিবছৰ ধৰি বহুমূত্ৰ ৰোগে বৰুৱানীৰ জিভাখনত লেকাম লগাই দিছে৷ খাবলৈ মন যায়, পিছে ল’ৰা বোৱাৰীৰ শাসনত বৰুৱানীয়ে বহু জোৰকৈ মনটো বান্ধি ৰাখে৷ বিশাল কিছুদিন ঘৰত নাছিল৷ অফিচৰ কামত কলকাতালৈ গৈছিল৷ আজি ৰাতিপুৱা আহি পাইছে৷ বোৱাৰীয়েকে কৈ থাকোতে বৰুৱানীয়ে শুনিছে বিশালে কলকাতাৰ কে চি দাসৰ দোকানৰ মুখত দিলেই পমি যোৱা ৰসগোল্লা আনিছে৷ বৰুৱানীৰ মনটো অতীতলৈ উৰি গ’ল৷ বিয়াৰ এবছৰ পিছত বৰুৱাই তেওঁক কলিকতালৈ ফুৰাবলৈ নিছিল৷ কে চি দাসৰ দোকানত বৰুৱানীয়ে গণি গণি আঠটা ৰসগোল্লা খাইছিল৷ তৃপ্তিত চকু মুদি দিয়া বৰুৱানীলৈ চাই বৰুৱাই হাঁহিছিল৷ ভনীতাই বৰুৱানীৰ হাতত চাহ একাপ আৰু মেৰিগোল্ড বিস্কুট এখন দি গ’ল৷ খাওঁ নাখাওকৈ বৰুৱানীয়ে এঢোক এঢোককৈ চাহকাপ খাই অঁটালে৷ ভিতৰৰ পৰা নাতিনীয়েক জীউ ওলাই আহিল, তাইৰ হাতত সৰু বাতি এটাত ৰসত ভিজি থকা এটা ৰসগোল্লা৷ এচিকুট এচিকুটকৈ তাই গোল্লাটো খাই আছে৷ বৰুৱানীয়ে হাঁহি এটা মাৰি তাইক হাত বাউল দি মাতিলে৷ বাতিটো দুয়োখন হাতেৰে টানকৈ ধৰি তাই বৰুৱানীৰ কাষলৈ আগুৱাই আহিল৷ আইতাকে বহুদিন তাইক ফুচুলাই তাইৰ ভাগৰ মিঠাই খাইছে৷ তাই মাকহঁতক কৈ দিয়া নাই বুলিহে! পিছে এইটো ৰসগোল্লাৰ ইমান সোৱাদ! মুখত দিলেই পমি যায়৷ যিমান ফুচুলালেও তাই এইটোৰ ভাগ আইতাকক দিয়াত নাই৷ মাকে তাইক ৰসগোল্লাটো দিওঁতেই কৈ দিছে আজি এটাহে খাব পাৰিব বুলি৷ বৰুৱানীয়ে আথেবেথে জীউক কোলাত বহুৱাই ল’লে৷ “আমাৰ জীউজনী বহুত ভাল দেই৷ আজি আবেলি জীউক মই এটা ধুনীয়া সাধুকথা ক’ম দেই৷ আজি বাৰু বান্দৰৰ সাধুটো নকওঁ, আজি চৰাইৰ সাধুটো ক’ম৷ “-বৰুৱানীয়ে নাতিনীয়েকক ফুচুলাবলৈ আৰম্ভ কৰি দিলে৷ অলপ পিছত কি হ’ব ভালকৈ বুজি পাই বৰুৱানীৰ কোলাৰ পৰা উঠি নাতিনীয়েকে লৰ মাৰিলে৷ মৰহি যোৱা মনটোৰে বৰুৱানীয়ে চকীখনত মূৰটো আওঁজাই দি চকুহাল মুদি দিলে৷ লাহে লাহে তেওঁৰ চকুৰ পৰা পানী নিগৰিবলৈ ধৰিলে৷

হঠাৎ ওঁঠত কিবা এটাৰ স্পৰ্শ অনুভৱ কৰি বৰুৱানীয়ে চকু মেলিলে৷ ওঁঠৰ সন্মুখত ৰসগোল্লা এটা, কে চি দাসৰ দোকানৰ ৰসগোল্লা৷ চকুহাল মোহাৰি বৰুৱানীয়ে মূৰ তুলি চালে৷ এখন হাতত ৰসগোল্লা এটা আৰু আনখন হাতত বাতি এটা লৈ বিশাল থিয় হৈ আছে, বাতিটো ৰসগোল্লাৰ ৰসেৰে চপচপীয়া হৈ আছে৷ “এওঁ দেখা নাপাওঁতেই সোনকালে ৰসগোল্লাটো খাই থ’ মা৷ “-থোকাথুকি মাতেৰে বিশালে ক’লে৷ অথনিৰে পৰা পৰ্দাখনৰ আঁৰৰ পৰা মাক আৰু জীউৰ কাণ্ডটো চাই থাকি মাকৰ মনৰ হেঁপাহটো বুজিবলৈ তাৰ অকণো সময় নালাগিল৷ তৃপ্তিত চকুহাল মুদি বৰুৱানীয়ে ৰসগোল্লাটো চোবাবলৈ ধৰিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক