লোহিত, কাবেৰী, গঙ্গা….. (ড° মাখন লাল দাস)

লোহিত, কাবেৰী, গঙ্গা..

“এ… ও… এ… ও ..”

আকৌ সেই চিনাকি কন্ঠ, সেই চিনাকি সুৰ৷ বাপধনে তাৰ নতুনকৈ কিনা মোবাইলত গান বজাইছে৷ গোটেই কোঠাটো ৰজনজনাই গৈছে৷

“তুমি এতিয়াও তাৰ গান শুনা নেকি? আমনি লগা নাই নে শুনি শুনি? ” বাপধনক সুধিলোঁ৷ সি একো উত্তৰ নিদিলে৷ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি নিৰ্বিকাৰ হৈ থাকিল৷ সি এনেও কম কথা কয়৷

বাপধন মোৰ ডাঙৰ ল’ৰা৷ আৰ্মি অফিচাৰ৷ চাকৰিত সোমোৱা এবছৰমান হৈছে মাথোন৷ বন্ধত গুৱাহাটীলৈ আহিছে৷ খুব দামী মোবাইল এটা কিনিছে৷ তাকে বজাই শুনাইছে ভায়েক সৰুধনক৷ মোবাইল কিনাটো বাপধনৰ এটা চখ৷ প্ৰতিবছৰেই নতুন মোবাইল লাগে তাক৷ সাতবছৰমান আগৰ কথা৷ তাৰ মেট্ৰিকৰ ৰিজাল্ট ওলোৱা এমাহমান হৈছেহে মাত্ৰ৷ হায়াৰ-চেকেণ্ডেৰীৰ ক্লাচ তেতিয়াও আৰম্ভ হোৱা নাই৷ এদিন দুপৰীয়া অফিচত থাকোঁতে শ্ৰীমতীৰ পৰা ফোন এটা পালোঁ৷ অতি উত্তেজিত হৈ ফোনতে মোকো কেইআষাৰমান শুনাই ক’লে,

“বাপধনে মনে মনে এটা মোবাইল কিনিছে৷ দহ হাজাৰ টকাৰে৷ মই মোবাইলটো কাঢ়ি লৈছোঁ৷ তুমি সোনকালে আহা৷”

মই শিল পৰা কপৌৰ দৰে থৰ লাগিলোঁ৷ দহ হাজাৰ টকীয়া মোবাইল কিনিবলৈ বাপধনে পইচা পালে ক’ত? সিতো চুৰ কৰা ল’ৰা নহয়! নিজকে নিজে প্ৰশ্ন কৰি নিজেই তাৰ উত্তৰ বিচাৰি বিচাৰি ঘৰ পালোহি৷ ঘৰ আহি পাই দেখোঁ পৰিবেশ আশা কৰাতকৈও গহীন৷ বাপধনে তাৰ কোঠাত মনে মনে কিবা এখন পঢ়ি আছে৷ বেডৰুমত শ্ৰীমতীয়ে টিভি চাই আছে৷ সৰুধন ঘৰত নাই, মাক আৰু ককায়েকৰ তুমুল যুদ্ধ দেখি নিশ্চয় ক’ৰবাত পলাল৷

শ্ৰীমতীৰ কাষতে মোবাইলৰ নতুন বাকচটো দেখিলোঁ৷  মুখেৰে একো নামাতি , ওচৰ চাপি গৈ, বাকচটো হাতত তুলি ল’লোঁ৷ লাহেকৈ বাকচটো খুলিলো৷ ভিতৰত থকা অতি ধুনীয়া ক’লা ৰঙৰ মোবাইলটোৱে যেন মিচিককৈ দুষ্টালিপূৰ্ণ হাঁহিৰে মোক অভিবাদন জনালে, এনেকুৱা লাগিল৷ ইমান দামী মোবাইল আগতে কেতিয়াও হাতেৰে স্পৰ্শ কৰি পোৱা নাই, ব্যৱহাৰ কৰা দূৰৰে কথা৷

মোৰ প্ৰথম মোবাইলটো খুৰশালি এজনে উপহাৰ দিছিল৷ মোটোৰলা, বেঙুনীয়া ৰঙৰ, প্ৰকাণ্ড হেণ্ডচেট এটা৷ সেইটোকে অতি গৌৰৱৰ ভাবেৰে সকলোকে দেখুৱাইছিলো৷ তেতিয়া অৱশ্যে খুব কম সংখ্যক মানুহৰ হাততহে মোবাইল আছিল আৰু সেইটো আছিল আভিজাত্যৰ চিন৷ এদিন হাতৰ পৰা মাটিত পৰি সেইটোৱে কাম নকৰা হোৱাত তিনি হাজাৰ টকাৰে কোনোমতে কাম চলাব পৰা মোবাইল এটা কিনি ল’লোঁ৷ কেৱল ফোন কৰিবলৈ বা ৰিচিভ কৰিবলৈহে লাগে৷ আনকি এচ এম এচ কৰাও নহয়৷ আচলতে কৰিবলৈ নাজানিছিলোঁও তেতিয়ালৈকে৷ এতিয়া কথা নাই বতৰা নাই , মেট্ৰিক পাছ কৰিয়েই ল’ৰাই পোনে পোনে দহ হাজাৰ টকীয়া মোবাইল কিনিছে, তাকো মনে মনে৷  কাৰো পৰা অনুমতি নোলোৱাকৈ৷ শ্ৰীমতীৰ খং নুঠা হ’লেহে আচৰিত হ’লোহেঁতেন৷

ম’বাইলটো হাতত লৈ বাপধনৰ ওচৰ পালোগৈ৷

“কিমান দাম ল’লে?”

“দহ হাজাৰ তিনিশ টকা”, সি মোৰ পিনে নোচোৱাকৈয়ে উত্তৰ দিলে৷

“যদি তোমাক দোকানীয়ে ঠগিলে?”

“নাই, মই ইণ্টাৰনেটত দাম চাই লৈছোঁ নহয়৷ সিমানেই দাম৷”

“ইমান পইচা ক’ত পালা?”

“মেট্ৰিক পাছ কৰাৰ পাছত মোবাইল দিম বুলি দেখোন তোমালোকেই কৈছিলা৷ দুবছৰমান আগৰ পৰা হাত খৰচৰ পৰা বচাই বচাই আৰু মামা-আইতা-ককাহঁতে দিয়া পইচাবিলাক জমা কৰি থৈছিলোঁ৷ মোক এই মোবাইলটোৱেই লাগে৷ কেমেৰাটো ভাল৷ ফাইভ মেগা পিক্সেল৷  গানো ভাল বাজে৷ বেলেগ মোবাইল মোক নালাগে৷ গতিকে বাৰ হাজাৰমান জমা কৰিছিলোঁ৷ মোবাইল কিনা হৈ গ’ল৷ বাকী থকা টকাখিনি লাগে যদি তোমালোকে লৈ লোৱা, মোক আৰু একো নালাগে,” বাপধনৰ কথাখিনি শুনি কি উত্তৰ দিম ভাবি নাপালোঁ৷

“কিন্তু তুমি আমাক নুসুধিলা কিয়?”

“সুধিলে যে তোমালোকে ইমান দামী মোবাইল মোক কিনিবলৈ নিদিলাহেঁতেন,” বাপধনৰ যুক্তি৷

এতিয়া বাপেকটো হৈ কি কৰে কৰক৷ তাৰ যুক্তিকেই মানি ল’লোঁ৷ একেবাৰে অঁকৰা মৈত উঠা ধৰণৰ কথা৷ সি যি কৰোঁ বুলি ভাবে সেইটো কৰিহে এৰে৷ সেই কাৰণেই কিজানি সি সহজে আৰ্মি অফিচাৰৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটোও পাৰ হ’ব পাৰিলে৷

সি সৰুৰ পৰাই তেনেকুৱা৷ যি কৰো বোলে, সেইটোকে কৰে৷ গান গাই ভাল পায়, গায়েই থাকে৷ কাৰোবাৰ গান শুনি ভাল পায়, তাকেই উৰাই-ঘূৰাই শুনি থাকে৷ লাগিলে বেলেগৰ মুৰৰ বিষেই উঠক৷  গীটাৰো শিকি লৈছিল সি মাত্ৰ ছমাহৰ ভিতৰতে, ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়তে৷ হকে-নহকে, সময় নাই অসময় নাই যেতিয়াই তেতিয়াই গীটাৰখন বজাই গান গায়৷ কেতিয়াবা কেৱল বজায়৷ বিশেষকৈ কিবা কথাত খং উঠিলে, মাকৰ গালি খালে বা তেনেকুৱা কিবা হ’লে, সি অকলে অকলে গীটাৰখনকে বজায়৷ হয়তো তেনেকৈয়ে সকলো টেনচন দূৰ কৰি মনটো শিথিল কৰি লয়৷

ভায়েক সৰুধনো কম নহয়৷ সি শুনা পৃথিবীৰ সকলোবোৰ গান কিজানি তাৰ মুখস্থ৷ এবাৰ শুনিলেই হ’ল, হুবহু গাই দিব৷ পঢ়া-শুনা কথাবোৰ যদি তেনেদৰে মনত থাকিলহেঁতেন, মই ভাবো৷ তাৰ মুখৰ মাত ভালদৰে ফুটাৰ আগতেই সি গান গাবলৈ ধৰিছিল ককায়েকৰ লগত,

‘চোনা কিতনা চোনা হে, চোনে জেইচা তেৰা মন, ….তু মেলা তু মেলা তু মেলা তু মেলা, তু মেলা হিলো নাম্বাল ৱান….” “ চান্দ নে কুছ কাহা, ৰাত নে কুচ চুনা……প্যাৰ কৰ.. অ’ প্যাৰ কৰ..” ককায়েকে গীটাৰ বজায় আৰু সি জপিয়াই জপিয়াই গায়৷

ককায়েকৰ ওপৰত নিৰ্ভৰশীল হোৱা কাৰণেই হওক বা তাৰ এলেহুৱা স্বভাৱটোৰ বাবেই হওক, সৰুধনে কেতিয়াও গীটাৰ বজাবলৈ নিশিকিলে, বা শিকিব নোৱাৰিলে বাপধনৰ নিচিনাকৈ৷ গীটাৰ শিকিবলৈ চেষ্টা কৰি বিফল হোৱাসকলৰ মাজত অৱশ্যে ময়ো এজন৷ কলেজত পঢ়ি থাকোঁতে বেলেগৰ গীটাৰ পালে আলফুলকৈ চুই চাইছিলোঁ৷ চাকৰিত যোগ দিয়াৰ পাছতেই নিজাকৈ এখন কিনি লৈছিলোঁ৷

“গিবচনখন ভাল, নহলে হবনাৰ এখন কিনিবা,” গিটাৰ বজোৱা বন্ধু এজনে উপদেশ দিছিল৷ এজনে ক’লে, “বঙাইগাঁৱত গীটাৰ সস্তাত পোৱা যায়৷ তাৰ পৰাই এখন লৈ নানাগৈ কিয়?” এজনে আকৌ ভাল গীটাৰ কেনেদৰে নিৰ্বাচন কৰিব লাগে শিকাই দিলে৷ কথামতে কাম৷ বঙাইগাঁৱৰ পৰাই  গীটাৰ এখন লৈ আহিলোগৈ৷ গীটাৰ শিকাৰ বাবে দুখনমান কিতাপো কিনি ল’লোঁ৷ এজনে উপদেশ দিছিল, তিনিটা কৰ্ড শিকি ল’লেই সকলো গানৰ লগত গীটাৰ বজাব পাৰি৷ সেই ডি, জি আৰু এ কৰ্ড তিনিটা শিকাইও দিলে৷ যেতিয়াই সময় পাওঁ , ঘৰত অকলে অকলে সেই কৰ্ড তিনিটাকে বজাই বজাই বিভিন্ন গানৰ লগত মিলাই মিলাই গাবলৈ চেষ্টা কৰিলোঁ৷ মিলিছেনে নাই শুনোঁতা কোনো নাই৷ তেনেদৰে আঙুলিৰ ছাল ছিগিল৷ নতুন কৰ্ড শিকাও নহল৷ এফ কৰ্ডটোযে ইমান টান৷ প্ৰথমৰ তাঁৰ তিনিডাল তৰ্জনী আঙুলিটোৰে একেলগে হেঁচি ধৰিব লাগে প্ৰথম ফ্ৰেটটোত৷ সেইটো মই কোনোপধ্যেই নোৱাৰোঁ৷ লাহে লাহে আমনি লাগিল৷ গীটাৰ ধোৱাঁ চাঙত উঠিল৷ বিয়া-বাৰু হ’ল৷ বাপধন-সৰুধন আহিল৷ অলপ ডাঙৰ হৈ বাপধনে সেই গিটাৰখনকে বজাই বজাই ওস্তাদ হৈ পৰিলগৈ৷ ইমান সহজে কেনেকৈনো শিকি পেলালে ভাবিলেই আচৰিত লাগে৷

পিছে সৰুধনো বাপেকৰ আৰ্হিত ডাঙৰ হৈছে৷ গীটাৰ শিকাবলৈ ঘৰতে মানুহ থকা স্বত্বেও সি শিকিব নোৱাৰিলে৷ কিছুমান কথা চেষ্টা কৰিলেও শিকিব নোৱাৰি বুলি মই ভাবোঁ৷ আমাৰ কলেজতে এজন চিনিয়ৰ আছিল, মৃন্ময় বৰুৱা৷ কোনে বা জেক দি উঠাই দিলে মনত নাই৷ তেওঁ ভায়লিন শিকিবলৈ ল’লে৷ গুৱাহাটীৰ কোনোবা এজন বিখ্যাত লোকৰ ওচৰলৈ নিয়মিত ভাবে শিকিবলৈ যায়৷ প্ৰথমতে বজাবলৈ ল’লে, ‘বিলতে হালিছে ধুনীয়া পদুমী…….’ আৰু ‘সেউজী সেউজী সেউজী অ’…’ (প্ৰথমতে বোধকৰো সকলোৱে এই গানদুটাই বজাবলৈ শিকে) তাৰপাছত হাত দিলে  ‘মই কোহিমাৰে আধুনিকা ডালিমী….’ গীতটো৷ তাল-মানৰ কথাতো বাদেই, তেওঁ বজোৱা গানটো আচলতে কি গান সেইটো তেওঁৰ বাহিৰে কোনেও ধৰিব নোৱাৰে৷ আমি দূৰৰ পৰা শুনি শুনি কোনটো গান তেওঁ বজাইছে অনুমান কৰিবলৈ চেষ্টা কৰোঁ৷ যিটো গান মনলৈ আহে সেইটো গানেই তেওঁ বজাবলৈ চেষ্টা কৰি থকা যেন লাগে৷ কিন্তু মৃন্ময় বৰুৱা একান্তমনে লাগি থাকিল ভায়লিন শিকাত৷ তেনেদৰেই কালক্ৰমত তেওঁ কলেজৰ পৰা মেলানি মাগিলে৷ এতিয়ালৈকে তেওঁ বজোৱা গান মানুহে ধৰিব পৰা হৈছেনে নাই সেইটোহে গম পাব পৰা নাই৷

আমাৰ সৰুধন অৱশ্যে সেইটো পৰ্যায়ৰ নহয়৷ সুৰ-তাল-মানৰ সুন্দৰ জ্ঞান আছে তাৰ৷ সুললিত কন্ঠেৰে গীত গায়৷ গীটাৰহে বজাব পৰা হোৱা নাই৷ অৱশ্যে হাৰমনিয়ামটো বজাই বজাই ৰেৱাজ কৰি থাকে প্ৰায়েই৷ সৰুতেই সংগীত বিদ্যালয় এখনত তাক নাম লিখাই দিছিলো৷ ঘৰলৈ প্ৰবীৰ ঘোষ নামৰ গান শিকোৱা চাৰ এজনো অহাৰ ব্যৱস্থা কৰি দিছিলোঁ৷ বিভিন্ন ৰাগবোৰ কম সময়ৰ ভিতৰতে সি আয়ত্ব কৰি ল’ব পাৰিছিল৷ অৱশ্যে বেছিসময় ৰেৱাজ কৰিবলৈহে তাৰ এলাহ৷ তেনেকৈয়ে ভাটখাণ্ডেৰ কেইটামান পৰীক্ষাও পাছ কৰিলে৷ পঢ়া-শুনাৰ চাপ বেছি হোৱা কাৰণে দুবছৰ মান তল পৰিছে সেইবোৰ৷ মাজে মাজে ৰেৱাজ কৰাৰ বাহিৰে৷

মোৰো গানৰ প্ৰতি দুৰ্বলতা এটা সৰুৰে পৰা আছিল৷ গায়নৰ ঘৰত হেনো বোন্দাইও ৰাগ দিয়ে৷ মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাছিল৷ বংশ পৰিয়ালত কোনো গান গোৱা বা সংগীত সাধনা কৰা ব্যক্তি থকা মনত নপৰে৷ দেউতাই ৰাতিপুৱাতে ৰেডিঅ’ত বন্দনা অনুষ্ঠানটো শুনিছিল৷ তাৰপাছত ৰাতিপুৱা সাত বাজি বিছ মিনিটমান বজাত লোকগীতৰ অনুষ্ঠান আহে৷ গোৱালপৰীয়া লোকগীতহে দেউতাৰ বেছি প্ৰিয় আছিল৷ প্ৰতিমা পাণ্ডে আৰু কল্পনা বৰুৱা (পাছলৈ চৌধুৰী হয়) দুয়োগৰাকীৰ লোকগীত শুনিবলৈ পাইছিলোঁ দেউতাই বজাই থোৱা ৰেডিঅ’ত৷ ‘একবাৰ হৰি বোলো মন ৰচনা….’ ‘হস্তীৰ কন্যা, হস্তীৰ কন্যা ….’ … তাৰ পাছত খুব সম্ভৱ আঠমান বজাত আহিছিল শাস্ত্ৰীয় সংগীত৷ খেয়াল, ঠুংৰি আদি৷ একো বুজি নাপাইছিলোঁ৷ ভালো নাপাইছিলোঁ শুনি৷ বেগম আখতাৰ দেউতাৰ বৰ প্ৰিয় আছিল৷ সেই অনুষ্ঠান শেষ হোৱাৰ লগে লগে দেউতাৰ গান শুনাও শেষ হয় ৰাতিপুৱালৈ৷ গীতি-মালিকা অহাৰ লগে লগে দেউতাই ৰেডিঅ’টো বন্ধ কৰি দিয়ে, “এইবিলাক কিবা গান হ’লনে? বেবনি বিলাক শুনবা ন’ৰি” বুলি বৰপেটীয়া ঠাঁচেৰে মন্তব্য কৰি৷ বিবিধ ভাৰতী আৰু হিন্দী গান যে ঘৰত কেতিয়াও নাবাজিছিল৷ কেতিয়াবা পেহী এগৰাকী আহে৷ দেউতা ঘৰত নথকা সময়ত বিবিধ ভাৰতী লগাই দিয়ে৷ দুই এটা হিন্দী গান শুনিবলৈ পাওঁ৷

ওচৰৰে ছোৱালী এজনী মণিপুৰী নাচ শিকিবলৈ যায়, শনিবাৰে শনিবাৰে৷ এদিন ময়ো লগতে গ’লো৷ এটা কোঠাত তবলাৰ পাঠদান চলিছিল৷ বাৰান্দাৰ পৰা চাই আছিলোঁ৷ মোৰ সমবয়সীয়া ল’ৰা কেইটামানে একান্তমনে বজাইছে….”তেৰে কেতে তাক তাক…” নে তেনেকুৱা কিবা বোল৷ ঘৰত আহি মোৰো মনৰ হাবিয়াস প্ৰকাশ কৰিলোঁ, তবলা শিকাৰ৷ একে আষাৰে নাকচ৷

“হ’ব, গান-বাজনা কৰি খাবা নালগে”, স্পষ্ট আদেশ জাৰি কৰা ধৰণৰ উত্তৰ৷

সন্ধিয়া অৱশ্যে মাৰ লগত একেলগে প্ৰাৰ্থনাত বহি বৰগীত গাইছিলোঁ৷ “নন্দেৰ নন্দন গোপীনী আগে, কৰপাতি হৰি লয়ণু মাগে.”, “পাৱে পৰি হৰি, কৰহো কাতৰি, প্ৰাণ ৰাখবি মোৰ…”, “ শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচৰ নাশ নিদানা..”, “আলো মই কি কহবো দুখ, পৰাণ নিগৰে নেদেখিয়া চান্দ মুখ..”.. এটাৰ পাছত এটাকৈ বৰগীতবোৰ গাই গৈছিলো মাৰ লগত সুৰ মিলাই৷ হয়তো সেয়াই মোৰ সংগীত সাধনা আছিল আন বহুতো অসমীয়া ল’ৰা-ছোৱালীৰ নিচিনাকৈ৷ লাহে-লাহে আধুনিক গীত, হিন্দী চিনেমাৰ গীত, গজল আদিৰ স’তে পৰিচয় হবলৈ ধৰে৷

বাপধনে গীটাৰ বজাবলৈ শিকাৰ পাছৰ পৰাই কিছুমান আচৰিত আচৰিত গীত গাবলৈ-বজাবলৈ ল’লে৷ তাৰ বিশেষভাবে প্ৰিয় আছিল জনৈক আলি বোলা এজনৰ গানবোৰ৷ গীটাৰ বজাই বজাই নাকেৰে উলিওৱা মাতেৰে গানবোৰ গায়৷ মোৰ কোনোমতে সহ্য নহয় গানবোৰ.. “এ .. ও… এ… ও..”  কেতিয়াবা গাড়ীত উঠি ক’ৰবালৈ গ’লে বাপধনে গাড়ীৰ স্টেৰিঅ’ত সেই গানকেইটাই লগাই দিয়ে৷ মই অলপ পৰ শুনি বিৰক্তি প্ৰদৰ্শন কৰি বন্ধ কৰি দিওঁ৷ সি কিছুসময় মুখ ওন্দোলাই থাকে৷ সৰুধনে পিছে তাক সমৰ্থন কৰে৷ গতিকে আকৌ বজাবলগীয়া হয়…’এ ..ও.. এ… ও..”

মোবাইলটো কিনাৰ পাছত অনবৰতে কাণত হেডফোন লগাই গান শুনি থকা হ’ল সি৷ খাওঁতে, শোওঁতে,পঢ়োঁতে, আনকি পায়খানালৈ যাওঁতেও কাণত হেডফোনটো থাকিবই৷ গালি-শপনি সকলো ফুটুকাৰ ফেন৷ সি যি কৰিব খোজে, কৰিবই৷ তেনেকৈ গান শুনি শুনি পঢ়া-শুনা কৰি কৰিয়েই সি ভালদৰেই পৰীক্ষাবোৰো পাছ কৰি গৈ থাকিল৷ এদিন গৈ আৰ্মি অফিচাৰ হ’লগৈ৷

এতিয়া বাপধন নিজৰ মৰ্জিৰ মালিক৷ নতুন মোবাইল এটা লৈ আহিছে৷ সৰুধনক দেখুৱাবলৈ গান এটা বজাই শুনালে…বাজি উঠিল সেই চিনাকী.. “এ… ও… এ.. ও…” তাৰ পাছত কিছুমান আচৰিত আচৰিত ধৰণৰ গান৷ ভাষাবোৰ হিন্দী যেন লাগে৷ গানবোৰহে কিবা বেলেগ দেশৰ গান যেন লাগে৷ সুৰবোৰে আগৰ দিনৰ গানবোৰৰ নিচিনাকৈ হৃদয় স্পৰ্শ নকৰে…’কৌন হে জো চপনো মে আয়া….’ “চাহুংগা মেয় তুঋে, চাঁজ চবেৰে…’ ‘ধৰণৰ সুৰৰ গান বনাবলৈ ৰাইজে হয়তো কেতিয়াবাই এৰি দিলে৷

ৰাতি ভাত খোৱাৰ পাছত বাপধনে তাৰ গীটাৰখন হাতত তুলি ল’লে৷ বহুদিনৰ মূৰত ঘৰলৈ আহিছে, গীটাৰখনো ব্যৱহাৰ নোহোৱাকৈ পৰি আছে৷ বাপধনৰ হাতৰ পৰশ পাই ইমান দিনে মৌন হৈ পৰি থকা গীটাৰখনে প্ৰাণ পাই উঠিল৷ সি একান্তমনে প্লাকিং কৰিবলৈ ধৰিলে৷ সৰুধনো কাষত বহি পৰিল৷ মই  সৰুধনক গান দুটামান গাবলৈ ক’লো৷ সি জান-প্ৰাণদি চিঞৰি চিঞৰি দুটামান গান গালে৷ কিন্তু গানবোৰৰ এটা শব্দও মোৰ মনত নাথাকিল৷ অলপ পাছত শুনি বিৰক্তি লাগিল৷ হঠাতে এনেকুৱা লাগিল যেন মই মোৰ ল’ৰাদুটাই গোৱা গানবোৰ শুনি আৰু আগৰ নিচিনাকৈ ভাল নোপোৱা হ’লোঁ৷ সিহঁতে গান ভালেই গায়, গানবোৰহে মোৰ পচন্দ নহয়৷ মই বাৰু বেছি বুঢ়া হৈ গ’লো নেকি?

গধুৰ মনেৰে মই তাৰ পৰা উঠি শোৱা-কোঠালৈ সোমাই গ’লোঁ৷ শ্ৰীমতীয়ে বিচনাত বাগৰি লৈ টেলিভিচন চাই আছে৷ আজি বোধকৰো একো ভাল চিৰিয়েল নাই৷ সেয়েহে চলি আছে অসমীয়া অনুষ্ঠান৷ চিনাকি উদীয়মান অসমীয়া গায়ক এজনে বৰগীত গাইছে৷ দীঘল চুলিৰ গায়কজনক সদায় ৰক-পপ আদি গাই থকা ৰূপতেই দেখিছোঁ৷ কাৰিকৰী দিশৰ ফালৰ পৰা খুব উন্নত মানৰ গান গায়৷ এটা স্বৰো ইফাল-সিফাল নহয় গাওঁতে৷ দীঘল চুলিৰ গায়কজনক ধুতি-পাঞ্জাবী পিন্ধি, ডিঙিত গামোচা লৈ বৰগীত গোৱা দেখি ভালেই লাগিল৷ দেউতাক অসমৰ এজন বিখ্যাত বৰগীত গায়ক৷ দেউতাকে গোৱা বৰগীতকে গাইছে৷ উপস্থাপনৰ ধৰণটোহে অলপ বেলেগ৷ হাতত লোৱা সৰু তালযোৰ বিহুগীতৰ লগত বজোৱা ধৰণে বজোৱা যেন লাগিল, অতি প্ৰাণোচ্চল৷ মুখত সেই একেই পৰিচিত শিশুসুলভ হাঁহি৷ হঠাতে বৰগীতক কিবা এটা নতুন ৰূপত দেখা যেন লাগিল মোৰ৷ তাৰ পাছত গায়কজনে হাতত গীটাৰখন তুলি ল’লে৷ অসমীয়া জনপ্ৰিয় লোকগীত নে দেহবিচাৰৰ গীত এটা নিজৰ ঠাঁচেৰে গীটাৰ বজাই বজাই গাবলৈ আৰম্ভ কৰিলে৷ ইমান পৰে বৰগীতৰ লগত খোল বজোৱা লোকজনেও গীটাৰৰ লগে লগে সংগত কৰিবলৈ ধৰিলে৷ কিবা এক অদ্ভুত কিন্তু উপভোগ্য পৰিবেশৰ সৃষ্টি হ’ল৷ দৰ্শক-শ্ৰোতা সকলোৱে তালে তালে হাত চাপৰি বজোৱা দেখা গ’ল৷ মোৰ মুখতো অজানিতে হা্ঁহি বিৰিঙি উঠিল৷

মনটো পাতল পাতল লাগিল৷ এজাক সতেজ বতাহ সোমাই আহক বুলি খিৰিকীখন খুলি দিলোঁ৷

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments