ল'ৰালিৰ সোঁৱৰণি: জুবিন গাৰ্গৰ কথাৰে (ফাৰুক আজিজ)

১৯৯৮-৯৯ চন মানৰ কথা। জুবিন গাৰ্গৰ গানে ইতিমধ্যেই অসমৰ আকাশ- বতাহ মুখৰিত কৰি আছিল। আমাৰ ঘৰখনক কিন্তু তেতিয়াও এই বতাহজাকে চুই যোৱা নাছিল। কাৰণ পইচাৰ অভাৱ। জুবিনৰ কেছেট এখন কিনাৰ জোখাৰে ৩৫-৪০ টকা মোৰ কাৰণে ইমান সহজ কথা নাছিল আৰু কেছেট কিনিবলৈ ঘৰত যে পইচা বিচাৰিম সেইটোতো অসম্ভৱেই আছিল। সেইকাৰণে গান শুনিবৰ মন গ’লেই চাইকেলখন লৈ ওলাই আহিছিলোঁ আৰু গোলাঘাটৰ বাটা পইণ্টৰ ওচৰত ঘূৰা পকা কৰি থাকো। কিবা ভাল লগা গান বাজি থাকিলে চাইকেলৰ পৰা নামি চেইন তোলাৰ বাহানা কৰোঁ। এনেদৰে ৰাস্তাই ঘাটে শুনি শুনিয়ে মুখস্থ হৈছিল মায়া, শব্দ, অনামিকাৰ গানবোৰ।
আমাৰ ঘৰত কোনেও গান গাব নাজানিব পাৰে। কিন্তু দিনৰ দিনটো টেটুফালি গান গোৱাত সকলো পাৰ্গত। নাগাবই বা কিয়? আমাৰ ঘৰৰ পুৱাবোৰ আৰম্ভ হৈছিল ৰেডিঅ’ৰ কল্পতৰু অনুষ্ঠানেৰে। দিনৰ দিনতো ফিলিপ্চৰ টেপটোত কিবা নহয় কিবা এটা গান বাজি থাকিবই। তেতিয়ালৈ আমাৰ ঘৰত ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত, দীপালি বৰঠাকুৰৰ গীতেই সাধাৰণতে বাজি থাকিছিল। মইও ভাল পাইছিলোঁ এই গীতবোৰ।
বছৰবোৰ বাগৰিল। মনবোৰো ডাঙৰ হৈ আহিল। জুবিন গাৰ্গৰ কেছেট দুখনমান কিনিবলৈ মন গৈছিল আৰু পইচা গোটাবলৈ আৰম্ভ কৰিলোঁ। স্কুললৈ যাওঁতে খাবলৈ দিয়া ৫/১০ টকাবোৰৰ পৰা দৈনিক ৩/৪ টকা বচাই মই অভিযান আৰম্ভ কৰিলোঁ আৰু এদিন চাওঁতে চাওঁতে হিচাপ কৰি পালোঁ ৪০ টকা মান গোট খাইছে। কিন্তু কেছেট কিনিবলৈ সাহস গোটাব পৰা নাছিলোঁ। এনেদৰে কেইবা সপ্তাহো পাৰ হ’ল। এনেতে এদিন এটা ভাল সুবিধা পাই গ’লোঁ। ভন্টীৰ জন্মদিন আছিল। মই দোকানলৈ গ’লো আৰু ‘পাখি’ এলবামটো কিনি লৈ আহিলোঁ। জন্মদিনৰ উপহাৰ ভন্টীলৈ। আচলতে কেছেটখনৰ প্ৰয়োজনতো মোৰহে বেছি আছিল। ঘৰ সোমায়ে টেপত লগাই দিলোঁ ডাঙৰকৈ পাখি পাখি মোৰ মন, আহে বা নাহে ঘূমতি…..।
 
এনেতে দেউতা আহি পালে কৰ’বাৰ পৰা। কেছেটৰ ক’ভাৰটো চালে। “এইখন কাৰ কেছেট?” “মোৰ…মানে জুবিন গাৰ্গৰ।” দেউতাই যেন খঙতে ৰূদ্ৰ মূৰ্ত্তিহে ধাৰণ কৰিব, “জুবিন গাৰ্গ। মোৰ ঘৰত জুবিন গাৰ্গ। বন্ধ কৰ। নহ’ব মোৰ ঘৰত এইবোৰ।”
কথা আৰু বেছি গৰমলৈ যোৱাৰ আগতে মই বন্ধ কৰি দিলোঁ। আচলতে দেউতাৰ দীঘল চুলিৰে কাণফুলি পিন্ধা জুবিনৰ প্ৰতি কিবা ভাল ভাৱ নাছিল। মইও তৰ্ক নকৰি কেছেটখন সুমুৱাই থৈ দিলোঁ কেছেটৰ বাকচটোত, য’ত সোমোৱাৰ অনুমতি আছিল ইমান দিন অকল ভূপেন-জয়ন্ত হাজৰিকা, খগেন- অৰ্চনা মহন্তকে আদি কৰি স্বনামধন্য শিল্পীসকলৰ কেছেটবোৰৰহে। মইও কেতিয়াবা ঘৰত কোনো নাথাকিলে মনে মনে শুনো কেছেটখন। কেতিয়াবা শুনিবলৈ সুবিধা নাপালে কেছেটৰ বকলাতো চাইয়ে সোমায় থৈ দিওঁ।
কিন্তু এদিন মোৰ ধৈৰ্যৰ বান্ধ ছিঙি গ’ল আৰু ভন্টীৰ লগ লাগি অনশন আৰম্ভ কৰি দিলোঁ, মানে সঙ্গীতৰ অনশন। যদি জুবিন গাৰ্গৰ গান নচলে আমাৰ ঘৰত তেনেহ’লে আৰু কাৰোৰে গান চলিব নোৱাৰে। কেছেটৰ বাকচটো লুকুৱাই দিলোঁ। ৰেডিঅ’টোও বন্ধ কৰিলোঁ; পুৱা আমাৰ পঢ়া-শুনাত অসুবিধা হয় বুলি ক’লোঁ। দেউতাই কথাতো ধৰিবই পৰা নাছিল, মায়ে কোৱাতহে গম পালে কথাতো। অৱশেষত মাৰ মধ্যস্থতাত আমাৰ সঙ্গীতৰ অনশন ভাঙিল; কিন্তু এটা চৰ্ততহে, জুবিনৰ গান শুনিলে সৰুকৈ শুনিব লাগিব যাতে কাৰো অসুবিধা নহয়। আমিও মান্তি হ’লোঁ। সেইদিনাৰ পৰা জুবিনৰ গান শুনিবলৈ ভন্টী আৰু মই টেপটোৰ ওচৰতে বহি লওঁ।
ইফালে স্কুলত টিফিন খাবলৈ মই প্ৰায় বাদেই দিলোঁ, পইচা বচাবলৈ। প্ৰত্যেক মাহতে এখন নতুন কেছেট কিনা কৰিলোঁ। ঘৰলৈ আনি লুকুৱাই থওঁ। কেতিয়াবা কোনোবাই সুধিলে কওঁ লগৰ এজনৰ পৰা আনিছোঁ। কেতিয়াবা আকৌ নতুন কেছেট কিনি পুৰণা কেছেটৰ বকলাত সুমুৱাই থওঁ।
লাহে লাহে জুবিনৰ গান ডাঙৰকৈ বজালেও কাৰো একো অসুবিধা নোহোৱা হ’ল। মায়েও ভাল পোৱা হ’ল গানবোৰ। দেউতাইও লাহে লাহে শুনা কৰিলে গানবোৰ। কিন্তু আমাক দেখুৱাই এনেকুৱা কৰিছিল যেন গানবোৰ বিৰাট বেয়া পাই আছে। কেতিয়াবা সমালোচনা কৰে, “আজি তুমি নহ’লে মোৰ মন নভৰে…. এইটো আৰু কিবা গান হ’লনে।?”
ময়ো লাগি যাওঁ পুৰণা অসমীয়া গীতবোৰক সমালোচনা কৰিবলৈ, “জোনটি ওলালে তৰাটি ওলাব। এইটো কি হ’ল? জোন ওলালে তৰাতো ওলাবই।” আচলতে মইও ভাল পাইছিলোঁ এই পুৰণা গীতবোৰ। কিন্তু যুক্তিৰ খাতিৰত আৰু কেতিয়াবা ক’ব লগীয়া হৈ যায়।
কেতিয়াবা এনেকৈ ধেমালি কৰি থাকোতে থাকোতে তৰ্কা-তৰ্কি বাঢ়ি যায়। মা আহি মাজত সোমাবলগীয়া হয় আৰু এদিন সিদ্ধান্ত হ’ল কোনেও কাৰো গীতৰ ওপৰত মন্তব্য দিব নোৱাৰিব। কাৰোবাৰ কিবা অসুবিধা হ’লে কোঠাৰ পৰা ওলাই যাবলৈ ক’লে। সেইদিনাৰ পৰা আমাৰ ঘৰত সকলো গান একেলগে বাজিব ধৰিলে, কোনেও কাকো একো নকয়।
জুবিনৰ গান বাজি থাকিলে সাধাৰণতে মই দেউতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি থাকোঁ। ভণ্টীক এনেই মিছাকৈয়ে কিবা কিবি কাহিনী কৈ থাকোঁ। এইটো গান জুবিনে অমুকত যাওঁতে অমুক দেখি লিখিছিল। দেউতাই আহিও কেতিয়াবা কথাত ভাগ লয়হি। মই মাজতে এবাৰ এটা গল্প লিখিছিলোঁ স্কুলৰ আলোচনী ‘সেউতী’ত। “মনলৈ উভতি আহে” গানটোৰ উল্লেখ আছিল গল্পটোত। এদিন আহি মোক দেউতাই ক’লে তোৰ গল্পত থকা গানটো লগা চোন। মই লগাই দিলোঁ। দেউতাই একেটা গীতেই কেইবাবাৰো ৰি কৰি শুনিলে। “গানটো সঁচাকৈয়ে ভাল লাগিছে”, যাবৰ পৰত কৈ থৈ গ’ল। সিদিনা গধূলি দেউতাই কিবা কাম কৰি থাকোঁতে গানটো গুন গুনাই আছিল। আমি সকলো আচৰিত হৈ গৈছিলোঁ, “দেউতাই গাইছে জুবিনৰ গান!”
সময় বাগৰাৰ লগে লগে দেউতাই ,“মায়াটো লগাচোন”, “আলফাটো লগাচোন (সোণেৰে সজোৱা পঁজা)”, “ইংলিছটো লগাচোন(পোহৰৰে চাকি গছি)” বা “ল’ৰালিটো লগাচোন” বুলি কোৱাটো আৰু আচৰিত কথা হৈ নাথাকিল। মানে দেউতাও জুবিনৰ ‘ফেন’ হৈ গৈছিল। মায়ো কোৱা কৰিলে, “ন’বৌটো লগাচোন”, “দিহিঙৰ গঢ়াটো লগা”, “জানমণিখন লগা”। ময়ো আৰু কেছেট কিনিবলৈ পইচা সাঁচাৰ প্ৰয়োজন নোহোৱা হ’ল। খুজিলেই পোৱা হ’লো। “নতুন কেছেট এখন ওলাইছে। বঢ়িয়া হৈছে হেনো”, এনেকৈ ক’লেই হৈ গৈছিল। দেউতাই নিজেও জুবিনৰ লোকগীত, টোকাৰী গীত, বনগীতৰ কেছেট  কিনি অনা কৰিলে। কেতিয়াবাতো ঘৰত থকা কেছেট এখনকো আকৌ কিনি আনিছিল।
কেইবছৰমানৰ পাছত এবাৰ জুবিন গোলাঘাটলৈ আহিছিল গীতৰ অনুষ্ঠানৰ বাবে। জানুৱাৰী মাহৰ ভীষণ ঠাণ্ডা। ইফালে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষালৈ বেছি দিন নাই। মোৰ অনুষ্ঠান চাবলৈ বিৰাট মন গৈ‍ আছিল। কিন্তু ঘৰততো ক’লে এখন হাহাকাৰেই লাগি যাব। উপায় নাপায় দিনতে গৈ‍ ‘ব’ৰ্ডিং ফিল্ড’খনকে‍ এবাৰ চাই আহিলোঁ আৰু। সন্ধিয়া হৈ আহিছিল। মই পঢ়া টেবুলত বহিছো মাত্ৰ। ওচৰ-পাজৰৰ মানুহবোৰ জুবিনৰ অনুষ্ঠান চাবলৈ যাবলৈ ওলাইছে। মই থাকিব পৰা নাই। মাজতে ভাৱো এবাৰ সুধি চাওঁ নেকি যাব দিব নেকি? পাছত আকৌ ভাৱো যাবলৈ দিয়াৰতো কোনো সম্ভাৱনা নাইয়ে। এনেই গালি কেইটানো আৰু কিয় খাওঁ? এনেদৰে ভাৱি থাকোতে দেউতা আহি ক’লে, “জুবিনৰ ফাংছন আছেচোন। নাযাৱ নেকি?” মই একো মাতা নাই এনেই ধেমালি কৰা বুলি ভাৱিছিলোঁ। এতিয়াই যাম বুলি ক’ম, পাছত আকৌ এইটো কথা কৈয়ে গালি পাৰিব। এনেতে দেউতাই আহি টিকেট এখন দি থৈয়ে গ’ল মোৰ পঢ়া টেবুলত। মই একে জাপে উঠি কাপোৰ পিন্ধি চাইকেল লৈ দৌৰিলোঁ। পাছত কি হয় ঠিক নাই, গতিকে দেৰি নকৰিলোঁ।
 
‘বৰ্ডিং ফিল্ড’ লোকে লোকাৰণ্য। ভীষণ কুঁৱলী পৰিছিল। দূৰৈৰ পৰা মঞ্চত একো দেখাই নাপায়। জুবিনে অনুষ্ঠান আৰম্ভ কৰিলে “আই লাভ ইউ বুলি ক’লোঁ মই।” তাৰ পাছত মায়া, অনামিকা, নবৌ ইটোৰ পাছত সিটো হিট গান গাবলৈ ধৰিলে। দৰ্শক উৎসাহত ফাটি পৰিছিল। মাজতে জুবিনে অলপ জিৰণী ল’লে। সহশিল্পী খগেন গগৈয়ে গীত গাবলৈ ধৰিলে। মোৰ আকৌ মনত এটা নতুন চিন্তা সোমাবলৈ‍ ধৰিলে জুবিন দাক এবাৰ লগ ধৰিব পৰা হ’লে। বেক ষ্টেজলৈ যাবলৈ চেষ্টা কৰিলোঁ। নাই সকলো ফালে ৰাস্তা বন্ধ। এবাৰ বাহিৰেৰে ঘূৰি আহোতে এটা ৰাস্তা দেখিলোঁ। তাত আকৌ মোৰ নিচিনা কেইবাজনো আছিল সকলোৰে এটাই কথা জুবিন দাক এবাৰ লগ ধৰিব পৰা হ’লে? কেইজনমানে জোৰ জবৰদস্তি মঞ্চত উঠিবলৈ চেষ্টা কৰিলে। দুজনমান মস্ত মানুহ আহি গোটেইগালক খেদি দিলে। আমি সকলো পলালোঁ। সকলো গুছি যোৱাৰ পাছত মই আকৌ এবাৰ চেষ্টা চলালোঁ। কাৰো ফালে চোৱা নাই। চিধা গৈ মঞ্চত উঠিলোঁ। এজনে আগভেটি সুধিলে, “কি হ’ল? কি লাগে?”, মই লগা লগ মিছা মাতিলোঁ, “জুবিন দাই মাতিছিল।” “অ’ যোৱা।” মই ফুৰ্তিতে ক’ব নোৱাৰা হৈ গ’লোঁ। মঞ্চত তেতিয়া গায়িকা এগৰাকীয়ে “পাখি লগা মনে” গাই আছিল। মঞ্চত জুবিন দাক বিচাৰিবলৈ ধৰিলোঁ। গীতৰ বহী এখন পঢ়ি থকা অৱস্থাত জুবিন দাক দেখিলোঁ। ওচৰলৈ গৈ মাত লগালো দুবাৰমান। কাণত ইয়েৰ ফোন সোমায় আছিল। এবাৰ ঘূৰি চালে। হাতত বাদাম খোৱা কাগজ এখন আছিল। সেইখনকে আগবঢ়াই দিলোঁ। পে’ন বিচাৰিলে হাতৰ ভঙ্গীমাৰে। মোৰ তেতিয়াহে মনত পৰিল, মোৰ ওচৰত পে’ন নাই। জুবিন দাই কোনোবা এজনক মাতিলে, “সমীৰণ, পে’নটো দেচোন।” তাৰ পাছত অটোগ্ৰাফ দিলে। মই কি কৰো একো ভাৱি পোৱা নাছিলোঁ। মাজতে সুধিলোঁ, “আপুনি কেতিয়া আহিলে?”, “তিনি দিনমান হ’ল।” “ক’ত আছে?” “শান্তিপুৰ।”(মই আচৰিত হ’লো মানে আমাৰ ঘৰৰ ওচৰতে আছে আৰু মই গমেই নাপাও) “কেইদিনমান থাকিব?” চলি থকা গীতৰ তালে তালে মূৰতো লৰাই লৰাই ক’লে, “নাই। কাইলৈ যাম।” মোক কাগজখন উভতাই দিলে। মই অলপ দেৰি ৰৈ জুবিন দাক চাই থাকিলোঁ। মাজতে কিনো পঢ়ি আছে চালো। “নহ’লে পৰিচয় হিয়াৰে” গীতটোৰ কথাখিনি পঢ়ি আছিল। মোক ৰৈ থকা দেখি জুবিন দাই আকৌ এবাৰ চালে মোৰ ফালে আৰু চকুৰ ইংগীতেৰে সুধিলে,“কি হ’ল?” লগতে হাতখন আগবঢ়াই দি হেণ্ড শ্বেক দিলে। মই বুজি পালোঁ, মোক যাবলৈ কৈছে। মই আনন্দমনে মঞ্চৰ পৰা নামি আহিলোঁ। তেতিয়াও ল’ৰা কেইজনমানে দেহৰক্ষীকেইজনক কৈয়ে আছিল, “দিয়ক না যাব এবাৰ। কি হ’বনো?”
 
অনুষ্ঠান শেষ হোৱাৰ পাছত বাটত চিঞঁৰি চিঞঁৰি গান গাই গাই গ’লো যেন বিশ্ব জয়হে কৰিলোঁ। ঘৰত লাহে লাহে ভৰিৰ শব্দ নকৰাকৈ সোমালোঁ। পাকঘৰলৈ গ’লোঁ ভাত খাবলৈ। দেউতায়ো ভাত খাই আছিল। মই সুধিলোঁ,“ইমান দেৰি যে? ক’ত গৈছিলা?” দেউতাই তৰ্জনী আঙুঁলিৰে চুপ থাকিবলৈ ক’লে। মাঁহত শুই আছিল কাৰণে চাগে। মাজতে দেউতাই কাণে কানে কৈ গ’ল, “অট’গ্ৰাফ ল’লি মানে?”
“তোমাক কোনে ক’লে? তুমিও গৈছিলা নেকি?
“হমম”
“কেনেকুৱা লাগিল?”
“বঢ়িয়া। কিন্তু গান গাই থকাৰ মাজে মাজে জুবিনে জাঁপ কেইটা কিয় মাৰে?”
“জুবিন দাৰ ষ্টাইল আকৌ।”
দেউতাই হাঁহি হাঁহি শুবলৈ গ’ল।
মইও শুবলৈ গ’লো। বহুদেৰি বিচনাত বাগৰি আছিলোঁ। জুবিন দাক লগ পোৱা সময়খিনি মনত পেলাই আছিলোঁ। কেতিয়া টোপনি গ’লো মোৰ আৰু মনত নাছিল। এবাৰ ৰাতি সাৰ পাই অটোগ্ৰাফ দিয়া কাগজ টুকুৰা খুলি লৈছিলোঁ। খিৰিকিয়েদি অহা জোনৰে নে লাইটৰ পোহৰতে মই কাগজখন আকৌ এবাৰ পঢ়িলোঁ এইটো নিশ্চিত হ’বলৈ যে মই সপোন দেখি থকা নাছিলোঁতো। আধা আন্ধাৰ আধা পোহৰৰ মাজতে জিলিকি আছিল জুবিন দাৰ আখৰ কেইটা
“With love Zubeen
03/01/05”
—ফাৰুক আজিজ
 
২০/০৪/২০১৪
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নিতুল কুমাৰ দাস
7 years ago

পঢ়ি বহুত ভাল লাগিল।