ল’ৰালিৰ সোঁৱৰণি: জীৱনৰ প্ৰথম সৰস্বতী পূজা (ফাৰুক আজিজ)

এয়া মোৰ একেবাৰে সৰু কালৰ কাহিনী। তেতিয়া মই প্ৰথম বিদ্যালয় গৈছোঁহে মাথোঁ। জীৱনৰ ওখোৰা মোখোৰা বাটবোৰৰ লগত তেতিয়াও চিনাকি হোৱাই নাই। কিন্তু আহিবলগীয়া জীৱনত মই আৰু কি কি পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব সিদিনাখনেই যেন মই কিবা এটা আভাষ পাইছিলোঁ। আচলতে প্ৰথম সৰস্বতী পূজাৰ দিনাই দেৱী মায়ে যেন মোক এটা নীতি শিক্ষাৰ আশীৰ্বাদ দিছিল।

সৰুকালত মই এজন বিৰাটেই অমায়িক ছাত্ৰ আছিলোঁ (পাছলৈ ইয়াৰ সম্পূৰ্ণ ওলোটাতো হৈছিলোঁগৈ)। ৰাতিপুৱাই উঠি সদায় পঢ়া টেবুলত বহিছিলোঁ, লাগিলে পঢ়াৰ নামত কিতাপ এখন দুখন মানে ফালিছিলোঁ। নিজৰ ইউনিফৰ্মযোৰ নিজেই আনি মাৰ হাতত দিওঁ, “মা পিন্ধাই দিয়া। দেৰি হ’ব নহ’লে এতিয়া।” ঘড়ী চাব জানিছিলোঁ নে নাই পাহৰিছোঁ দেই। কিন্তু সিদিনাখন কিবা এটা সুকীয়া দিন আছিল। পিন্ধিবলৈ মায়ে মোৰ কাৰণে এসাজ নতুন কাপোৰ উলিয়াই থৈছিল। মই বোলো কি হ’ল আজি? আজিতো ৰংগোলীও দিয়া নাই টিভিত। মায়ে ক’লে, “আজি সৰস্বতী পূজা। আজি পঢ়া শুনা নকৰে। বিদ্যালয়লৈ গৈ দেৱীৰ আশীৰ্বাদ লয়, যাতে আহিবলগীয়া বছৰতো তহঁতে ভালদৰে পঢ়া শুনা কৰিব পাৰ।”

মই বোলো এইবিলাক কি আকৌ। মই হ’লে একো বুজা নাছিলোঁ। মায়ে কিবা কিবি বুজাবলৈ ধৰিছিল। প্ৰথমতে জোতাযোৰ খুলিবি, তাৰপাছত প্ৰতিমাৰ ওচৰত যায় এনেদৰে সেৱা কৰিবি। মোৰ মূৰত হ’লে একো সোমোৱা নাছিল। দেউতা আহি অলপ সহজ কৰি দিলে, “তই নিজে একো কৰিব নালাগে, তোৰ লগৰবোৰে যি কৰে তয়ো তাকে কৰিবি।” তেতিয়াহে শান্তি।

দেউতাৰ হামাৰা বাজাজ স্কুটাৰ খনৰ সন্মুখত থিয় হৈ মই বিদ্যালয়লৈ ৰাওনা হ’লোঁ গোলাঘাট চহৰৰ মাজে মাজে। মোৰ বিদ্যালয়, ১নং টাউন আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় বা চমুকৈ মডেল স্কুল বুলিয়ে গোলাঘাটত সকলোৱে জানে। চৌহদত সোমায়ে দেখোঁ আজি কাৰোবাৰ বেলেগ চোন। মানুহে মানুহ বিদ্যালয়ত। কিছুমানে মাৰ্বল খেলি আছে। কিছুমানে দৌৰা দৌৰি। মোৰ লগৰ কিছুমানে আকৌ মাকহঁতৰ কোলাতে উঠি আছিল। বেছি মানুহ দেখি ভয় খাইছিল চাগে। দেউতাই সুধিলে, “মাৰ্বল খেলিবি নেকি?” “হমম, খেলিম।” ওচৰৰ বৰা ব্ৰাডাৰ্ছ নামৰ দোকানখনৰ পৰা এক টোপোলা মাৰ্বল কিনি আনি দিলে। কিন্তু মোক গোটেই টোপোলাটো নিদি ১০ টা মান দিলে আৰু বাকীখিনি থৈ দিলে। এনেতে ৰূপম নামৰ মোৰ লগৰ এজনক দেখিলোঁ। সি দৌৰি আহি মোৰ ওচৰ পালেহি। দেউতাই মোক তাৰ লগ লগাই দি গুছি গ’ল। আমি দুয়ো দৌৰি দৌৰি লগৰবোৰক বিচাৰিবলৈ ধৰিলোঁ। ভাস্কৰ, কৌশিক, মোস্তাক, ধৈৰ্য্য, উজ্জ্বল সকলোকে লগ পালোঁ।

অলপপৰ এনেই ইফালে সিফালে ঘূৰাৰ পাছত আমি প্ৰতিমা থকা কোঠাটোলৈ গ’লোঁ। ইতিমধ্যে পুষ্পাঞ্জলি আৰম্ভ হৈ গৈছিল। লগৰবোৰে দৌৰা দৌৰিকৈ ভিতৰত সোমাল। মই বাহিৰত ৰৈ জোতাযোৰ খুলিব ধৰিলোঁ। কিন্তু খৰধৰৰ কোবত জোতাৰ ফিটাডালত কিবা ওলোটা গাঁঠি লাগি গ’ল। মই বোলো আজি খুলিহে এৰিম। যিমানে চেষ্টা কৰিছোঁ সিমানে গাঁঠি বেছিকৈহে লাগি গ’ল। মোৰ মাৰ ওপৰত খং উঠিব ধৰিছিল। সকলোৰে মাকবোৰে নিজৰ ল’ৰা ছোৱালীবোৰক কোলাত লৈ গৈছে। মোৰ মাৰ হে ইয়ালৈ আহিবলৈ সময় নাই। আপ্ৰাণ চেষ্টা কৰিও মই আৰু জোতাযোৰ খুলিব নোৱাৰিলোঁ। ইফালে ভিতৰত শংখ উৰুলিৰ বিৰাট শব্দ। মোৰ আৰু ভিতৰলৈ যোৱা নহ’ল। ইতিমধ্যে লগৰবোৰ ঘূৰি আহিছিল।

সকলো মাৰ্বল খেলাত লাগিল। মই মাৰ্বল খেল দেখিছোঁ। কিন্তু সিমান ভালকৈ নাজানোঁ। গতিকে সিহঁতে কেনেকৈ খেলে চালোঁ। প্ৰায় ভাগে তামাম ওস্তাদ। বহুত দূৰৈৰ পৰা হ’লেও মাৰ্বল টিকাই দিব পাৰে। মই যেতিয়া খেলিব ধৰিলোঁ, মোৰ গুটি নালাগে হে নালাগে। তাতে আকৌ আৰু এটা কেজেং। মাৰ্বল খেলত হাৰিলে যে মাৰ্বলবোৰ একেবাৰে দি দিব লাগে মই নাজানিছিলোঁৱেই। লগৰ কেইটাই ক’লে, “তই অলপ ৰ। পাছত খেলিবি। নহ’লে হাৰি থাকিবি।” ময়ো ওচৰতে ৰৈ খেল চাব ধৰিলোঁ। বহুত দেৰি খেল চালোঁ। গোটেই গাল ধূলিত লুতুৰি-পুতুৰি হৈছিল। ৰ’দত ৰৈ ৰৈ মোৰো গৰম উঠিল। পিন্ধি থকা চুৱেটাৰটো খুলি কঁকালত বান্ধি ল’লোঁ। এনেতে অলপ ডাঙৰ ল’ৰা এজন আহিল, “ভাইটি, তোমাৰ ওচৰত মাৰ্বল আছে নেকি? খেলিবা নেকি?” মই ভালে পালোঁ। “খেলিম। ব’লা।”

কিন্তু ল’ৰাজনৰ মতলব সিমান ভাল নাছিল। সি মোৰ হাতৰ পৰা মোৰ গোটেই কেইটা মাৰ্বল লৈ ল’লে। মই ভাবিলোঁ কিবা নতুন খেল চাগে। সি ক’লে, “তুমি এতিয়া এইটো মাৰ্বল লৈ মাৰি দিয়া।”

মই এটা মাৰ্বল মাৰি দিলোঁ চুঁচৰাই। অলপ দূৰ গৈ মাৰ্বলটো ৰৈ গ’ল। এইবাৰ লগৰজনে মাৰ্বলটো লৈ জোৰেৰে দলিয়াই দিলে আৰু বহু দূৰৈত গৈ মাৰ্বলটো হেৰাই থাকিল। সি ক’লে, “মই জিকিলোঁ। এতিয়া তোৰ গোটেই মাৰ্বলবোৰ মোৰ হৈ গ’ল।” মই আচৰিত, “এইটো আকৌ কেনে খেল? এনেকৈ মাৰিব দিলেতো মইও পাৰিম।” “মুঠতে মই জিকিলোঁ, তই হাৰিলি।” এনেকৈ কৈ ল’ৰাজনে দৌৰ মাৰিলে। মই পাছে পাছে দৌৰিলোঁ, কিন্তু সি মানুহৰ মাজত হেৰাই গ’ল। মই মানুহৰ মাজে মাজে তাক বিচাৰিবলৈ ধৰিলোঁ। কিন্তু নাপালোঁ। ইতিমধ্যে ল’ৰা ছোৱালীবোৰ পাছফালৰ পথাৰখনত শাৰি পাতি বহিল আৰু দুলাল ছাৰ, মঞ্জুলিকা বাইদেউ, নাহৰ বাইদেৱে লুচি-ভাজি, প্ৰসাদ বিলাই যাবলৈ ধৰিলে। মোৰ সেইবোৰলৈ কাণসাৰ নাই। মুঠতে মই বদমাচ ল’ৰাজনক বিচাৰি ফুৰিছিলোঁ। এনেতে ৰূপমক লগ পালোঁ। তাক কথাখিনি ক’লোঁ। তাৰো বিৰাট খং উঠিল। তাৰ নাম সোধাত মই নাজানো বুলি ক’লোঁ। তথাপি ৰূপমৰ দৃঢ় বিশ্বাস,“একো নাই। তাক আজি বিচাৰি উলিয়ামেই। মই ইয়াতে গেটৰ মুখত ৰৈ আছোঁ। সি এনেও এইফালেৰেই যাব। তই সিফালৰ পৰা বিচাৰি আহগৈ।”

মই আকৌ দৌৰি দৌৰি গোটেই পথাৰখনত বহি থকা মানুহবোৰৰ মাজত বিচাৰিবলৈ ধৰিলোঁ। মোৰ চকুৰ পানী ওলাব ধৰিছিল। ঘৰত কি ক’ম মই? আজি ৰাতিপুৱা কিনি দিয়া মাৰ্বল কেইটাও ভালদৰে ৰাখিব নোৱাৰিলোঁ। মোৰ নিজৰ ওপৰতে খং উঠিছিল।

ইফালে মানুহবোৰৰ খোৱাৰ পাছত ঘৰাঘৰি যাবলৈ ওলাইছিল। ৰূপমো তাতেই ৰৈ আছিল। এনেতে ল’ৰাজনক মই দেখিলোঁ। সি কেইজনমান বেলেগ ল’ৰাৰ লগত যাবলৈ ওলাইছিল। মই আৰু ৰূপমে তাক আগ ভেটি ধৰিলোঁ। ৰূপমে আৰম্ভ কৰিলে, “অ’ই ফাৰুকৰ মাৰ্বল দে।” সি উত্তৰ দিলে, “মই জিকিছোঁ তাৰ পৰা। কিয় দিম?” মই ক’লো, “এনেকৈ মাৰ্বল খেলে। মোক বুৰ্বক ভাবিছ?” “তই বুৰ্বকেই হয়।”

ৰূপমৰ আকৌ খং উঠিল, “মুঠতে তই মাৰ্বল দিবি নে নাই?” “নিদিওঁ।” ৰূপম গৈ তাৰ ওপৰত জঁপিয়াই পৰিল। দুয়োটাৰে বগৰা বগৰি লাগিল। কাপোৰ-কানি দুয়োটাৰে ধূলিৰে পোত গ’ল। এনেতে ডাঙৰ ল’ৰা দুজন আহি কাজিয়া ভাঙি দিলে আৰু সিহঁতে আমাৰ মাজত মীমাংসা কৰি দিলে। কিন্তু ল’ৰাজনে মোক কোনোপধ্যে মাৰ্বল কেইটা ঘূৰাই দিবলৈ মান্তি নহ’ল।

শেষত ৰূপমে তাক নিমন্ত্ৰণ জনালে, “অ’ই সাহস আছে যদি মোৰ লগত খেলি দেখা।” আচলতে ৰূপমে যেন মোৰ মাৰ্বলকেইটা ঘূৰাই আনিবলৈ যেন মৰণ পণ কৰিছিল। মোৰ ফালে চাই ক’লে, “তই চিন্তা নকৰিবি। মই এতিয়াই তাৰ ফোফৰি উদং কৰি দিম।” (গোলাঘটীয়া ভাষা দেই ৰাইজ। ইয়াৰ প্ৰকৃত অৰ্থ মইও নাজানোঁ।)

দুয়োটাই দুটা মাৰ্বলত টক টক কৈ খুন্দিয়াই খেল আৰম্ভ কৰিলে। যেন এখন মহাৰণহে। ইফালে উত্তেজনাপূৰ্ণ খেলখন চাবলৈ ল’ৰা কেইবাজনো লগ হৈছিলহি। খেলখন এবাৰ ৰূপমে জিকিবলৈ আৰম্ভ কৰে, আকৌ এবাৰ ইজনে। মোৰ ৰূপমৰ ওপৰত পূৰা বিশ্বাস। সি জিকিবই। মোৰ গালত চকু পানীবোৰ শুকাবলৈ ধৰিছিল আৰু তামাম হাত তালি মাৰি মাৰি জঁপিয়াই জঁপিয়াই ৰূপমক উৎসাহ জন্মাব ধৰিছিলোঁ। দৰ্শকৰ মাজত আধা আমাৰ চাপৰ্টাৰ আধা সিহঁতৰ। আমাৰ কেইটা বয়সত সৰু। কিন্তু উৎসাহ বেছি। অন্যায়ৰ বিৰুদ্ধে যেন ন্যায়ৰ অহিংস প্ৰতিবাদ। কিন্তু লাহে লাহে ৰূপম হাৰিব ধৰিলে আৰু এটা সময়ত তাৰ নিজৰ মাৰ্বলকেইটাও এটা এটাকৈ কমি আহিল আৰু অৱশেষত ৰূপমে আটাইকেইটা মাৰ্বল হেৰুৱালে। বদমাচ কেইটাৰ ফূৰ্তি কি চাবা? জঁপিয়াই শূন্যতে এপাক ঘূৰিলে আৰু দৌৰি তাৰ পৰা আঁতৰ হ’ল। ৰূপমে মোৰ ওচৰলৈ আহিল, “একো নহয় দে। অহা পূজাত তাক আমি দুয়োটাই মিলি হৰুৱাম।” ৰূপমে তাৰ মাৰ্বলকেইটা হাৰা কাৰণে যিমান দুখ পাইছিল, তাতকৈ বেছি দুখ পাইছিল মোৰ মাৰ্বলকেইটা ঘূৰাই আনিব নোৱাৰি। আমি দুয়ো বিদ্যালয়ৰ পাছফাললৈ গ’লোঁ। কিন্তু ইতিমধ্যে গোটেই পথাৰখন খালি হৈ আছিল। অ’ত ত’ত এখন লুচি, এটা কল পৰি আছিল। ৰূপমে ক’লে, “য়ে আমি খাবই নাপালোঁ। অ’ই মোৰ মায়ে লগ পালে মই খোৱা বুলি ক’বি দেই। গালি পাৰিব নহ’লে।” মই মূৰ দুপিয়ালোঁ।

আমি দুয়োটাই শূন্য বিদ্যালয়খনৰ চাৰিওফালে ঘূৰিব ধৰিলোঁ। ৰূপমে ক’ৰবাৰ পৰা দুডাল চক পেঞ্চিল আনিলে আৰু সেই দুডাল সৰু সৰু টুকুৰা কৰি ভাঙিব ধৰিলে, “ব’ল এতিয়া আমি এইকেইডালৰে মাৰ্বল খেলিম।” মই আচৰিত হ’লো, “চক পেঞ্চিলেৰে মাৰ্বল।”

আমি দুয়ো বাৰাণ্ডাত চক পেঞ্চিলেৰে মাৰ্বল খেলিব ধৰিলোঁ। অলপ সময় পাছত মাক অহাত সি গুচি গ’ল। যাওঁতে কৈ থৈ গ’ল, “তই খেলি থাক। অহাবাৰ পূজাত তাক হৰুৱাব লাগিব।” মইও একান্ত মনে খেলিব ধৰিলোঁ। গোটেই চৌহদটোত অকল চাগে মইয়ে আছিলোঁ। মাজে মাজে মোৰ আৰু ৰূপমৰ মাৰ্বলকেইটালৈ মনত পৰি মোৰ চকু পানী ওলায়। কিন্তু মই খেলিয়ে গ’লো, “অহাবাৰ তাক চাই ল’ম।”

এনেদৰে মই কিমান দেৰি খেলি আছিলোঁ ক’ব নোৱাৰোঁ। কিন্তু মই খেলিয়ে গ’লো। কোনোবা এজন আহি মোৰ ওচৰত থিয় হৈ আছিল। মই কিন্তু খেলিয়ে আছিলোঁ। এবাৰ চকু তুলি চাই দেখোঁ দেউতা। মই দৌৰি গৈ দেউতাৰ কোলাত উঠিলোঁ আৰু হুক হুকাই কান্দিব ধৰিলোঁ আৰু তাৰ পাছত গোটেই ৰাস্তা কান্দিয়ে থাকিলোঁ। দেউতাই মাজে মাজে বুজায়, “একো নহয়। খেল হে। খেলত হৰা জিকা থাকেই।” কিন্তু মোৰ চকুৰ পানী ওলোৱা বন্ধ নহ’ল।

ঘৰ আহি পাইয়ো মই ফেকুৰিয়ে থাকিলোঁ। মায়েও বুজাব ধৰিলে, মই কিন্তু নিজকে বুজনি দিব পৰা নাছিলোঁ। মাহঁতে খাবৰ বাবে ভাত বাঢ়িছিল। কিন্তু মোৰ বাবে বঢ়া নাছিল। মই সুধিলোঁ, “মোক ভাত নিদিয়া। ভোক লাগিছে।”

“স্কুলত খাই অহা নাই? কি খুৱালে স্কুলত?”

“লুচি ভাজি খুৱাইছিল। কিন্তু মই আৰু ৰূপমে খাব নাপালোঁ।”

মায়ে হাঁহিব ধৰিলে আৰু মোৰ বাবে ভাত বাঢ়িব আনিলেগৈ। মই ভাত খাব ধৰিলোঁ। মোৰ ৰূপমৰ কথা মনত পৰিব ধৰিলে, “সি বা ভাত খাব পালে নে নাই? মাককতো সি খাই নোযোৱা বুলি নক’ব চাগে?”

 

এয়াই আছিল মোৰ প্ৰথম সৰস্বতী পূজাৰ কাহিনী। এতিয়ালৈ বহু পূজা পাৰ কৰিলোঁ। কিন্তু মোৰ জীৱনৰ প্ৰথম সৰস্বতী পূজা সদায়ে স্মৰণীয় হৈ ৰ’ব। আৰু মোৰ বন্ধু ৰূপম। তাৰ লগত মোৰ এতিয়া আৰু কোনো যোগাযোগ নাই। সি কেইবছৰমান পাছত যোৰহাট চহৰলৈ গুচি গৈছিল। তাৰ পাছত আৰু তাৰ কোনো খবৰ পোৱা নাই। কালি সৰস্বতী পূজাত মোৰ তালৈ বৰ মনত পৰিছিল। সি বা ক’ত আছে এতিয়া? ফেচবুকতো বহুত বিচাৰিলোঁ, কিন্তু নাপালোঁ। গতিকে অকবিয়ান ৰাইজক অনুৰোধ কোনোৱে যদি তাক চিনি পাই মোক জনাব। সি বোধহয় যোৰহাট চৰকাৰী বালক বিদ্যালয়ত পঢ়িছিল। সি দেখিবলৈ মিঠা বৰণৰ আছিল আৰু তাৰ এখন কাণ অলপ গৰম পানীয়ে পোৰাৰ দাগ আছিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক