ল'ৰালি কাল (চন্দন কাকতি)

উভতি আহিবনে মোৰ সেই শৈশৱ সোনোৱালী,
মা দেউতাৰ মৰম স্নেহ আৰু ধেমালী।
চোতালত ঢাৰি পাৰি আইতাৰ সাধু শুনি,
আপোনপাহৰা হোৱা মোৰ মন ল’ৰালিৰ।
পৃথিৱীৰ সুখ দুখ নবুজো একোৰে মোল,
আনন্দতে ঘূৰি ফুৰি,
সমনীয়াৰ সৈতে কৰা ৰং ধেমালি,
শৈশৱৰ সেই দিন আজি কেনি গ’ল।
ধাননিৰ মাজত খেলা লুকাভাকুৰ খেল খন,
সন্ধিয়া ঘৰলৈ আহি খোৱা মাৰ মৰমৰ গালি কন,
পঢ়া টেবুলত বহোতেই অহা ভাগৰৰ টোপনিটো,
কিমান যে মজাৰ আছিল সেই সোণোৱালী দিনটো।
আজিও মনত পৰিলে কান্দি উঠে হৃদয় খন,
কতনো হেৰাল আজি মোৰ সেই ল’ৰালিৰ জগত খন।
পৃথিৱীৰ পাৰ্থিৱ সুখ দুখ,
বেছিদিন নাথাকে ৰৈ,
ৰথৰ চকা হৈ ঘূৰি থাকে,
ৰৈ যায় মাত্র মনত এটি স্মৃতি হৈ।
নিসংগতাৰ সংগী আজি মোৰ ল’ৰালিৰ স্মৃতি,
মনটোৱে বিচাৰে যাব আকৌ ল’ৰালি কাললৈ বুলি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক