শংকৰদেৱৰ বিষয়ে এটা টোকা (বিশ্বজিৎ সূত্ৰধাৰ)

শংকৰদেৱে কেইবাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল সেই বিষয়ে বহু কথাই জনা যায়, কিন্তু সেইবোৰৰ শুদ্ধ বিজ্ঞানসন্মত বিশ্লেষণ বৰ বেছি হোৱা নাই৷ অৰ্থাৎ সকলো কথাই এতিয়ালৈকে বুৰঞ্জীৰ পৰ্যায়ত আছে, ইতিহাসত পৰিণত সম্পূৰ্ণৰূপে হোৱা নাই৷ মই ভাবোঁ এতিয়ালৈকে শংকৰদেৱৰ এখন বেছি সম্পূৰ্ণ আৰু নিৰপেক্ষ জীৱন চৰিত ৰচিত হোৱাৰ অৱকাশ আছে৷ শংকৰদেৱৰ জীৱনী গ্ৰন্থৰ ভিতৰত বেজবৰুৱাৰখনৰ গুৰুত্ব অনস্বীকাৰ্য৷ নেওগেও বহুখিনি কথা আলোচনা কৰিছে৷ শিৱনাথ বৰ্মনৰ কিতাপখন অতি গুৰুত্বপূৰ্ণ৷ তথাপিও শংকৰদেৱৰ বিষয়ে এতিয়াও বহু তথ্য উদ্ঘাটন কৰিবলগীয়া আছে৷ নতুন প্ৰজন্মৰ লেখকসকলে এনে ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি অহা উচিত হ’ব৷ অন্যথা আমি ভগৱান শংকৰদেৱৰহে গুণ গাম, মানুহ শংকৰদেৱক বিচাৰি নাপাম৷ প্ৰকৃততে অকল “কথা-গুৰুচৰিত”তে নহয়, আন গুৰুচৰিতকেইখনতো শংকৰদেৱৰ ভ্ৰমণৰ বিষয়ে বৰ্ণনা আছে৷ মই ভাবোঁ যে তেওঁ ভ্ৰমণলৈ যোৱা কথাটো শুদ্ধ, কিন্তু সকলোখিনি কথা কিছু খেলিমেলিপূৰ্ণ৷ আচলতে শংকৰদেৱৰ জীৱনী হিচাপে যিখিনি চৰিত-পুথি আছে, সেইখিনি এক প্ৰকাৰৰ পুৰাণৰ নিচিনা বুলিও ক’ব পাৰি৷ আধুনিক কালৰ ডাঙৰীয়া দীননাথৰ চৰিতখনো কাহিনীৰ লেখীয়া৷ শংকৰদেৱৰ সঁচা জীৱনী ৰচনাৰ প্ৰথম প্ৰয়াস কৰে বেজবৰুৱাই৷ তেওঁৰ পাছত নেওগ আৰু সত্যেন্দ্ৰনাথ শৰ্মাই কিছু আধুনিক দৃষ্টিভংগীৰে শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰে৷ কিন্তু সঁচা অৰ্থত বিজ্ঞানসন্মত দৃষ্টিৰে শংকৰদেৱৰ অধ্যয়নৰ বাট কটা মানুহকেইজন হ’ল ড° হীৰেন গোঁহাই, ড° শিৱনাথ বৰ্মন, অনিল ৰায়চোধুৰী আদি৷ মই ভাবোঁ আমাৰ কৰণীয় আৰু বহুত আছে এই ক্ষেত্ৰত৷

এতিয়া অন্য এটা কথালৈ অহা যাওক৷ মই এটা কথা বিশ্বাস কৰোঁ যে শংকৰদেৱ বিশ্বৰ এক বিৰল প্ৰতিভা৷ কিন্তু যধেমধে শংকৰদেৱক অসমীয়া জাতিৰ পিতা, শংকৰদেৱে অসমীয়াক সংস্কৃতি দিলে, ভাষা দিলে, শংকৰদেৱ বিশ্বৰ আটাইতকৈ প্ৰতিভাশালী মানুহ—- জাতীয় কথাবোৰ কোৱা উচিত নহয়৷ উদাহৰণ হিচাবে আজি কিছুদিন আগতে মই ফেইচবুকত লিখিছিলোঁ যে নাট্যকাৰ হিচাবে শংকৰদেৱতকৈ ছেইকছপীয়েৰ শ্ৰেষ্ঠ৷ মোৰ কথাটো শুনি কিছুমানে জকজকাই উঠিল আৰু দুজনমানে সাপো মৰক লাঠিও নাভাঙক জাতীয় মন্তব্য দিলে৷ কোনেও কিন্তু মোৰ কথাটোৰ মৰ্মত প্ৰৱেশ কৰিবলৈ চেষ্টা নকৰিলে৷ শংকৰদেৱৰ প্ৰতিভা অতুলনীয় সঁচা, কিন্তু আপুনি ছেইকছপীয়েৰৰ নাটকৰ মাজেৰে প্ৰতিভাত হোৱা জীৱন-জিজ্ঞাসাৰ লগত শংকৰদেৱৰ নাটকৰ জীৱন-জিজ্ঞাসাক তুলনা নকৰিব৷ ছেকছপীয়েৰৰ মাজত প্ৰত্যেক মানুহেই সহজতে নিজকে বিচাৰি পায়, তাৰ বিপৰীতে শংকৰদেৱে দেৱ-দেৱতাক লৈ নাটক ৰচনা কৰিছে, তাৰ মাজত জীৱন-জিজ্ঞাসাক হয়তো কষ্টকৰভাবে কিছু বিচাৰি পোৱা যাব পাৰে৷

এইবাৰ বুদ্ধৰ কথা কোৱা যাওক৷ নিসন্দেহে বুদ্ধ মানৱ জাতিৰ ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠ মনীষী৷ শংকৰদেৱে আমাক সাহিত্যৰে চহকী কৰিছে, আমাৰ ভাষাক ধনী কৰিছে আৰু আমাক এটা ধৰ্ম দিছে৷ তাৰ বিপৰীতে বুদ্ধই কিন্তু মানুহক এটা পথ দিছিল৷ এটা মানৱীয় পথ৷ বিশ্বৰ মহত্তম আত্মা বুদ্ধৰ লগত আন কাকোৱে তুলনা কৰা উচিত নহ’ব৷

মহাপুৰুষ শংকৰদেৱক বহুতে লিওনাৰ্ড ডা ভিন্সিৰ লগত তুলনা কৰে৷ এই কথাটো মানি ল’ব পাৰি৷ শংকৰদেৱ মহান পুৰুষ, তেওঁ পতিত সমাজ এখনক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিল৷ তেওঁ সাহিত্য সৃষ্টি কৰিছিল, নাট-ভাওনা কৰিছিল, সংগীত সৃষ্টি কৰিছিল৷ বহুমুখী প্ৰতিভা হিচাপে তেওঁ বিশ্ব-প্ৰতিভা৷ হয়তো অসমীয়াৰ দৰে এটা সৰু-নাতিখ্যাত ভাষিক সম্প্ৰদায়ত নজন্মিলে তেওঁ বিশ্বৰ সকলো প্ৰান্ততে বিখ্যাত হ’লহেঁতেন৷ কিন্তু যথোপযুক্ত প্ৰচাৰৰ অভাৱত শংকৰদেৱে বিশ্বজোৰা স্বীকৃতি এতিয়াও পাবলৈ সক্ষম হোৱা নাই৷

আলোচনা সদায়ে যাথাৰ্থ হ’ব লাগে৷ কাকোৱে প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নালাগে আৰু কাকোৱো প্ৰাপ্যতকৈ অধিক প্ৰদান কৰিব নালাগে৷ শংকৰদেৱৰ নামত আৱেগিক হৈ আবোল-তাবোল বকা মানুহ অসমত দেধাৰ ওলাব৷ কিন্তু শংকৰদেৱক সমালোচনাৰে পুৰি বেছি উজ্জ্বল কৰাৰ প্ৰচেষ্টা কোনেও কৰিবলৈ আগ্ৰহী নহয়৷ বহুদিন আগতে ‘মণি-কাঞ্চন’ নামৰ এখন আলোচনীত প্ৰায়ত মহেশ্বৰ নেওগে এটা বৰ সাধাৰণ স্তৰৰ কথা কৈছিল৷ তেওঁ কৈছিল যে শংকৰদেৱৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতি (সোঁৱৰণীৰ পৰা দিছোঁ, অলপ ভুল হ’ব পাৰে)৷ নেওগদেৱৰ এনে এটা কথা মানি ল’ব কোনো কাৰণতেই নোৱাৰি৷ তদুপৰি বহুতে আৱেগত উথলি উঠি কোৱাৰ দৰে শংকৰদেৱ অসমীয়া সাহিত্যৰ পিতৃ, অসমীয়া ভাষাৰ পিতৃ জাতীয় কথাবোৰো মানি লোৱা উচিত নহয়৷ আনকি ব্যক্তিগতভাৱে মই শংকৰাব্দ নামৰ বছৰ গণনা পদ্ধতিটোও সমৰ্থন নকৰোঁ৷ কিয় নকৰোঁ তাৰ এটা কাৰণ আছে কিন্তু৷

মাধৱদেৱৰ শিষ্য গোপাল আতাই উদাৰতাৰে অসমৰ জনজাতীয়সকলক গ্ৰহণ কৰিছিল৷ তেওঁ তাহানিৰ অসমৰ বহুতো জনগোষ্ঠীৰ মাজত ধৰ্ম প্ৰচাৰৰ পৰিৱেশ সৃষ্টি কৰিছিল৷ সেই প্ৰচেষ্টা কিন্তু পাছলৈ অটুত নাথাকিল৷ পৰৱৰ্তী সময়ত এক প্ৰকাৰৰ বৰ্ণহিন্দু জাত্যাভিমানে শংকৰদেৱৰ ধৰ্মটোক নষ্ট কৰি পেলালে৷ আপুনি জানেনে বিখ্যাত বৰপেটা সত্ৰত আজিৰ পৰা প্ৰায় ৫੦ বছৰ আগলৈকে কোনো সৰু জাতিৰ লোককে প্ৰৱেশ কৰিব দিয়া হোৱা নাছিল৷ বৰপেটাৰ গণককুছি সত্ৰততো আজি কিছু বছৰৰ আগলৈকে—- আমি সৰু থাকোঁতে দেখিছিলোঁ গণককুছি সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত প্ৰসাদ ল’বলৈ প্ৰৱেশ কৰা কৈৱৰ্ত সম্প্ৰদায়ৰ ল’ৰাবোৰক বাহিৰ উলিয়াই দিয়া হৈছিল৷ তথাকথিত মহাপুৰুষীয়া সমাজখনৰ উন্নতি হওঁক, তেওঁলোকৰ ধৰ্মটো সকলো জনগোষ্ঠীয়ে গ্ৰহণ কৰক, সেইটো মই কামনা নকৰোঁ৷ ব্যক্তিগতভাবে মই অসমৰ জনজাতীয় লোকসকলৰ খ্ৰীষ্টানকৰণৰো বিৰোধিতা কৰোঁ৷ সেই জনগোষ্ঠীবোৰে নিজৰ আদিম ধৰ্মটো লৈ থাকক৷ আজিৰ পটভূমিত নিজৰ সংস্কৃতিকে উজলাই তোলক৷ জনজাতীয় জীৱন-ধাৰাটো সম্পূৰ্ণৰূপে নষ্ট হৈ যাবলৈ নিদিয়ক৷ মই কোনোদিনে অসমীয়া অভিধাটোৰে অসমৰ সকলো জনগোষ্ঠীক সামৰি লৈ বৃহৎ অসমীয়া জাতি গঠনৰ কথা নকওঁ৷ এতিয়ালৈকে আমি যিসকল ভাষিকভাৱে অসমীয়া আমি অসমীয়া হৈ থাকোঁ৷ তাৰ ভিতৰত কোনোবাই আমাৰ মাজলৈ আহিব খোজে আহক৷ কিন্তু কোনো প্ৰশাসনিক উপায়েৰে নাইবা সাংস্কৃতিক-আৰ্থিক-সামাজিক সম্প্ৰসাৰণবাদৰ দ্বাৰা অসমৰ অনা-অসমীয়াভাষী খিলঞ্জীয় জনগোষ্ঠীক অসমীয়া কৰাৰ চেষ্টা কৰা নহওক৷ হয়, অসমত বাস কৰা সকলো জনগোষ্ঠীক লৈ আমি এখন সমাজ বুলি গ্ৰহণ কৰিব পাৰোঁ, কিন্তু সকলো জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ উন্নতি হোৱাৰ প্ৰয়োজন আছে৷ এই ক্ষেত্ৰত কিন্তু অসমৰ জনগোষ্ঠীবোৰক সুকীয়া সুকীয়া ৰাজ্য প্ৰদানৰ মতটো মই সমৰ্থন নকৰোঁ৷ নকৰাৰ একমাত্ৰ কাৰণ হ’ল অসমত যদি বড়োসকল সুৰক্ষিত নহয়, তেন্তে বড়োলেণ্ডত অনাবড়োসকল সুৰক্ষিত হ’ব কিয়? বড়োলেণ্ডত কাইলৈ অনাবড়োসকলেও ৰাজ্য দাবী নকৰিবনে?

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
B. Saikia
1 year ago

কিছুপৰিমাণে যুক্তিআছে বুলি ক’ব লাগিব।