শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ ভাৱধাৰাৰ লগত চুফীবাদৰ সামঞ্জস্য: এটি তুলনা – চাহিন জাফ্ৰি

পোন্ধৰ শ শতিকাত ভাৰতবৰ্ষত নৱবৈষ্ণৱ আন্দোলনৰ যি ঢৌ উঠিছিল, তাৰ অন্যতম গুৰি ধৰোতা আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ৷ তেওঁ অসমত প্ৰৱৰ্তন কৰা একশৰণ নামধৰ্মই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এক শ্ৰেণী বৈষম্যহীন সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ তেওঁৰ সহজ-সৰল, যুক্তিবাদী, দাৰ্শনিক তথা তাত্ত্বিক কথাবোৰে সৰ্বসাধাৰণৰ হৃদয় জয় কৰিব পাৰিছিল বাবেই শংকৰী ধৰ্মৰ প্ৰভাৱ অতি কম সময়ৰ ভিতৰতে সমগ্ৰ অসমতে বিয়পি পৰিছিল৷ এই ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁৰ শিষ্য মাধৱদেৱৰ স’তে লগ লাগি অনেক পদ পুথি, গীত-মাত, কাব্য, নাট, ভাওনা, নৃত্য আদি সৰ্বসাধাৰণে বুজিব পৰাকৈ ৰচনা কৰিছিল৷ মহাপুৰুষজনাই উপাসনাৰ গৃহ হিচাবে কীৰ্তনঘৰ বা নামঘৰৰ আবিষ্কাৰ কৰে, য’ত সমূহীয়াভাবে হৰিনাম শ্ৰৱণ-কীৰ্তনৰ জৰিয়তে ধৰ্ম চৰ্চা কৰিব পাৰি৷ আনহাতে তেওঁলোকৰ সাংগঠনিক আধাৰতে পৰৱৰ্তী সময়ত সত্ৰ স্থাপিত হৈছিল, য’ত মহাপুৰুষ দুজনাৰ কৃষ্টি-কলা ভাওনা আদিৰ চৰ্চা কৰা হৈছিল৷

মহাপুৰুষজনাৰ মতে ঈশ্বৰত উত্তম ভক্তি কৰিবলৈ হ’লে সকলো প্ৰাণীকে আত্মসম জ্ঞান কৰিব লাগে, বিশেষকৈ সকলো মানুহক ঈশ্বৰৰ অংশ হিচাপে জ্ঞান কৰিব লাগে৷ ধৰ্মৰ নামত মানুহৰ মাজত সৰু-বৰ জ্ঞান নকৰিবলৈ আৰু স্পৃশ্য-অস্পৃশ্য আদি ভাব নাৰাখিবলৈ তেওঁ শিক্ষা দিছিল৷ শ্ৰীমন্ত শংকৰদেৱে নিজৰ সাধনাৰ ক্ষেত্ৰ অকল হিন্দু সমাজতেই সীমাবদ্ধ নাৰাখি অসমৰ অহিন্দু জনজাতীয় লোকৰ মাজতো বিয়পাই দিছিল৷ গাৰো, মিকিৰ, মিৰি, কছাৰী, ভূটিয়া আদি জনজাতিৰ উপৰিও মুছলমান ধৰ্মৰ মানুহেও তেওঁৰ ওচৰত শৰণ লৈছিল৷ এই কথাৰ প্ৰমাণ ইতিহাসত পোৱা যায়৷ শংকৰদেৱৰ শিষ্য চান্দসাই এজন মুছলমান সম্প্ৰদায়ৰ লোক আছিল৷ তেওঁ মহাপুৰুষজনাৰ গুণত আকৃষ্ট হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল৷ আনকি তেওঁৰ বংশধৰ সকলে নামধৰ্ম গ্ৰহণ কৰি আজিও চলি আছে বুলি প্ৰমাণ পোৱা যায়৷

চুফীবাদ মানে হৈছে – প্ৰেম, স্বাৰ্থহীন আৰু বৈষম্যহীন বাণীৰে মানুহক ইছলাম ধৰ্মৰ পিনে আকৰ্ষিত কৰাৰ ভাৱধাৰা৷ বিভিন্ন শ্ৰেণীৰ বিদ্বান আৰু পণ্ডিতসকলৰ মতামতৰ পৰা এইটো অৰ্থই প্ৰকাশ পায় যে- বগা ঊণৰ বস্ত্ৰ পৰিধান কৰি সহজ-সৰল ভাবে জীৱন নিৰ্বাহৰ মাজেৰে একান্তভাবে সাধনাত ব্ৰতী হৈ থকা আল্লাহ বা খোদা ভক্ত মুছলিম সাধক সকলক চুফী বোলা হয়৷ তেওঁলোকে বৈষ্ণৱ আদৰ্শৰে অনুপ্ৰাণিত হৈ ইছলাম ধৰ্মৰ পবিত্ৰ বাণীসমূহ সহজ-সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল৷ চুফীমতৰ মূল তত্ত্ব হ’ল- আল্লা তালাৰ সত্য ৰূপৰ সৈতে সাক্ষাৎকাৰ আৰু সংসাৰত জীৱননিৰ্বাহ কৰিও জীৱনৰ পৰা মুক্তি লাভ কৰাত বিশ্বাস কৰা৷ নীতি আৰু যুক্তি চুফীবাদৰ আধাৰ৷ পবিত্ৰতা, আবেগ আৰু সততাৰ ওপৰত চুফীবাদ প্ৰতিষ্ঠিত৷ চুফীসাধক সকলৰ শ্ৰেণীবিহীন সমাজৰ ধাৰণা, ইছলামৰ বৰ্ণহীন নীতি আৰু সাম্যবাদৰ আদৰ্শৰ লগতে গোড়ামিবিহীন সমাজৰ নীতিয়েই হৈছে চুফীবাদৰ লক্ষ্য৷ তেওঁলোকে ধৰ্মীয় গোড়ামীৰ বিপৰীতে প্ৰেম আৰু দয়াৰে ধৰ্ম, সহিষ্ণুতা আৰু বৈষয়িক চিন্তাৰ ঠাইত আধ্যাত্মিক চিন্তা-চৰ্চাৰে শান্তি তথা সদভাৱেৰে ৰাইজক মিলা-প্ৰীতিৰে থাকিবলৈ অনুৰোধ জনাইছিল৷

অসমলৈ ধৰ্মপ্ৰচাৰৰ বাবে অহা চুফীসাধক সকলৰ ভিতৰত গীয়াছুদ্দিন আউলিয়া, আজান ফকীৰ, ইছমাইল গাজী, নিজামুদ্দিন আদিৰ নাম উল্লেখযোগ্য৷

গীয়াছুদ্দিন আউলিয়াক অসমত (কামৰূপত) ইছলাম ধৰ্ম প্ৰচাৰ কৰা প্ৰথম ধৰ্মগুৰু বুলি কোৱা হয়৷ ১৩২১-২২ খ্ৰীষ্টাব্দত বংগৰ চুলতান গীয়াছুদ্দিন বাহাদুৰ শ্বাহে কামৰূপ আক্ৰমণ কৰিছিল আৰু কিছুদিন ৰাজত্বও কৰিছিল৷ তেওঁৰ লগতেই গীয়াছুদ্দিন আউলিয়া অসমলৈ আহে আৰু হাজোত দৰগাহ পাতি ইছলাম ধৰ্ম প্ৰচাৰ কৰে৷ এওঁৰ সাধুতাৰ বাবেই সেই সময়ত পুৰণি কোচ হাজোত অনেক স্থায়ী বাসিন্দাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷ বৰ্তমান হাজোৰ পোৱামক্কাৰ দৰগাহত এইজনা ধৰ্মগুৰুৰ কবৰ আছে৷

খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ আৰম্ভণিতে সুদূৰ মধ্য প্ৰাচ্যৰ বাগদাদৰ পৰা অসমলৈ অহা ইছলামধৰ্মী চুফীসাধক হ’ল-আজান ফকীৰ৷ তেওঁৰ প্ৰকৃত নাম- শ্বাহ মিলন বা শ্বাহ মিৰাণ৷ তেওঁ শংকৰদেৱৰ বৈষ্ণৱী ৰীতিৰ লগত সংগতি ৰাখি অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু হিন্দু-মুছলমানৰ মাজত ঐক্যৰ ভেটি বান্ধিছিল৷ আজান ফকীৰে অসমীয়া সমাজ-সংস্কৃতি, গীত-মাত, ৰীতি-নীতিৰ বিষয়ে বুজ লৈ অসমীয়াৰ গঢ়েৰে ৰূপ লৈছিল আৰু অসমীয়া থলুৱা গীত-মাতৰ আৰ্হিত জিকিৰ-জাৰী সমূহ ৰচনা কৰিছিল৷ শংকৰদেৱ-মাধৱদেৱৰ ঘোষা-পদৰ চানেকি তেওঁৰ জিকিৰ সমূহত দেখা যায়৷ আজান ফকীৰে ৰচনা কৰা জিকিৰ-জাৰি সমূহে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ মাজতেই সমানে জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ আজান ফকীৰৰ গাত থকা সৎ গুণসমূহৰ বাবে সেই সময়ত বহু হিন্দু লোকে তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিতও হৈছিল৷ আজান ফকীৰৰ গোড়ামিবিহীন চুফীবাদৰ প্ৰভাৱৰ বাবেই অসমৰ মুছলমান আৰু হিন্দুসকল ধৰ্মীয়ভাবে পৃথক হৈও সামাজিকভাবে একেই৷ ৷

বৈষ্ণৱ ভাৱধাৰাৰ সৈতে চুফীবাদৰ মিল আছেনে নাই সেই কথাৰ প্ৰমাণ তলৰ কথাকেইটালৈ মন কৰিলেই বুজিব পাৰি৷

বৈষ্ণৱ ধৰ্মৰ মূল বাণী আছিল – ’এক দেৱ, এক সেৱ, এক বিনে নাহি কেৱ৷ ’এই ধৰ্মবাণী আৰু ইছলামৰ মূল ধৰ্মবাণী একেই৷ ইছলামত কৈছে – ’ লা-ইলাহা ইল্লালাহু মোহাম্মদুৰ ৰাছুলুল্লাহ৷ ’ অৰ্থাৎ – আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই৷ মোহাম্মদ তেওঁৰ প্ৰেৰিত পুৰুষ আৰু বাৰ্তাবাহক৷
দ্বিতীয়তে, চুফীবাদৰ মতে মানুহৰ প্ৰধান কৰ্তব্য ধ্যান আৰু সমাধি, প্ৰাৰ্থনা আৰু নাম স্মৰণ৷ অৰ্থাৎ চুফীবাদৰ মতে মানুহৰ প্ৰধান ফৰজ বা কৰ্তব্য হৈছে আল্লাহক উপাসনা কৰা, আৰু যিমানবাৰ আল্লাহৰ নাম স্মৰণ কৰা হয়, সিমানেই পুণ্য হয় বুলি কোৱা হয়৷ এই ক্ষেত্ৰত মহাপুৰুষৰ নামধৰ্মৰ উদ্দেশ্যও একেই৷ কাৰণ বৈষ্ণৱ ভাৱধাৰাৰ মতেও হৰিনাম শ্ৰৱন আৰু কীৰ্তনৰ মাজেৰেই ঈশ্বৰৰ সন্ধান কৰা হয়৷ শ্ৰৱণ আৰু কীৰ্তনৰ দ্বাৰা পুণ্য আৰু মুক্তি লাভৰ পথ সুগম হয় বুলি বৈষ্ণৱ ধৰ্মতো বিশ্বাস কৰা হয়৷

তৃতীয়তে, চুফীবাদৰ মতে সকলো ধাৰ্মিক আৰু নৈতিক অনুভূতিৰ মূলতে সৰ্বজীৱৰ প্ৰতি প্ৰেম আৰু দয়া৷ সকলো জীৱৰ প্ৰতি সমানেই মৰম আৰু দয়া প্ৰদৰ্শন কৰাটোৱেই প্ৰকৃত ধৰ্ম৷ সকলো জীৱৰ গাতেই ’ফিৰিস্তা’ অৰ্থাৎ দূত আছে বুলি বিশ্বাস কৰে৷ বৈষ্ণৱ ধৰ্মৰ মতেও সকলো প্ৰাণীৰ গাতেই ঈশ্বৰ আছে বুলি বিশ্বাস কৰে সেয়ে সকলোকে আত্মসম জ্ঞান কৰিব লাগে৷ তাৰ উৎকৃষ্ট উদাহৰণ হেম সৰস্বতীৰ ’প্ৰহ্লাদ চৰিত্ৰ’ৰ জৰিয়তে পোৱা যায়৷ বৈষ্ণৱ ভাৱধাৰাৰ মতে সকলো প্ৰাণীৰ দেহত ঈশ্বৰৰ অৱস্থিতি আছে বুলি জ্ঞান কৰা হয়, সেয়ে সকলো জীৱৰ প্ৰতি প্ৰেম আৰু দয়া ভাৱ ৰাখিবলৈ কোৱা হৈছিল৷ ’কীৰ্তন ঘোষা’ত শংকৰদেৱে উল্লেখ কৰিছে যে –

’কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম৷
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম৷ ৷

চুফীবাদত অাধ্যাত্ম সাধনাৰ পথত ভকতে গুৰুৰ উপদেশেৰে উপকৃত হৈ জীৱ তৰিব পাৰে বুলি বিশ্বাস কৰা হয়, ঠিক তেনেদৰে বৈষ্ণৱ ধৰ্মতো সকলো মাৰ্গৰ সাধনাতে গুৰুৰ স্থান সৰ্বোপৰি বুলি বিশ্বাস কৰা হয়৷

চুফীবাদত ভক্তিত অধিক প্ৰাধান্য দিয়াৰ লগতে আল্লাৰ স্বৰূপ, সৃষ্টিতত্ত্ব আৰু কোৰান বিশেষত্ব, ৰচুলৰ গুৰুত্ব সৰ্বোপৰি ধ্যান-ধাৰণাৰ ওপৰত গুৰুত্ব দিছিল৷ তেনেকৈ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মতো মুক্তিৰ বাঞ্ছা নকৰি ভক্তিৰ ওপৰতহে অধিক গুৰুত্ব দিছিল৷

তাৰ উপৰি চুফীবাদৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে – জগতৰ সকলো পদাৰ্থ পৰমাত্মাৰ প্ৰকাশ, মানুহৰ সকলো ক্ৰিয়া কৰ্ম, সংকল্প পৰমাত্মাই নিয়ন্ত্ৰিত কৰে৷ অৰ্থাৎ চুফীবাদে বিশ্বাস কৰে যে এই সমস্ত জগতখন পৰিচালনা কৰাৰ আঁৰত এক পৰমাত্মা তথা পৰমশক্তি আছে৷ এই পৰমশক্তিয়েই হৈছে – ’আল্লাহ’, যি মানুহৰ সকলো কৰ্ম-ক্ৰিয়া পৰিচালনা কৰে৷ চুফীবাদে এজন মাত্ৰ পৰমশক্তিৰে উপস্থিতি বিশ্বাস কৰে, তেৱেঁই সৰ্বশক্তিমান, পৰম কৰুণাময় আৰু দয়াশীল৷ চুফীবাদৰ এই মতৰ লগত শংকৰদেৱৰ বৈষ্ণৱ ভাৱধাৰাৰ মিল দেখা যায়৷ বৈষ্ণৱ ধৰ্মৰ মতেও বিষ্ণু বা কৃষ্ণই পৰম সত্য বা পৰম ব্ৰহ্ম৷ শংকৰদেৱৰ মতে কৃষ্ণৰ বাহিৰে আন দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰাটো পাপ৷ তেওঁ কৈছে যে –

’অন্য দেৱী দেৱ নকৰিবা সেৱ
প্ৰসাদো নখাইবা তাৰ৷
মূৰ্তিকো নচাইবা গৃহে নপশিবা
ভক্তি হৈব ব্যভিচাৰ৷ ৷
(ভাগৱত, দ্বিতীয় স্কন্ধ)

গতিকে সামগ্ৰিকভাৱে দেখা যায় যে বৈষ্ণৱ ধৰ্মৰ ধ্যান ধাৰণাৰ স’তে চুফীবাদৰ যথেষ্ট মিল তথা সাদৃশ্য আছে৷ হয়তো সেই কাৰণেই অসমত কোনো ধৰণৰ বিবাদ নোহোৱাকৈ চুফীবাদে প্ৰচাৰ লাভ কৰিবলৈ সুযোগ পাইছিল৷ ইয়াৰ লগে লগে চুফীবাদৰ আগমনে অসমৰ হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ লোককেই একতাৰ ডোলেৰে বান্ধিবলৈ সক্ষম হৈছিল৷

খ্ৰীষ্টীয় পঞ্চদশ শতিকাত সৰ্বভাৰতীয় প্ৰেক্ষাপটত হিন্দু-মুছলমানৰ মিলন ঘটোৱাত কবীৰৰ দোহা গীতসমূহে ইন্ধন যোগাইছিল৷ কবীৰৰ একেশ্বৰবাদী বিশ্বাসৰ স’তে বৈষ্ণৱ ধাৰণাৰ মিল থকাৰ বাবেই চুফীবাদ সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিছিল৷ মহাপুৰুষ শংকৰদেৱে এই সময়তে তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে কবীৰৰ ঘৰত উপস্থিত হৈ তেওঁৰ পৰিয়ালৰ লগত আলাপ-আলোচনা কৰা বুলি চৰিত পুথিত পোৱা যায়৷ গতিকে শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱধৰ্মৰ ওপৰতো কবীৰৰ মতবাদৰ প্ৰভাৱ পৰা বুলি ভাবিবৰ থল আছে৷ শংকৰদেৱৰ ’দিহানাম’বোৰ কবীৰৰ ’দোহা’ৰ আদৰ্শত ৰচনা কৰা বুলি কোৱা হয়৷ ঠিক সেইদৰে অসমৰ দেহ বিচাৰৰ গীতসমূহৰো মূল ’জিকিৰ’ বুলি বহুতেই ক’ব খোজে৷

আজান ফকীৰে ৰচনা কৰা জিকিৰসমূহৰ লগত বৈষ্ণৱ যুগৰ গীত-পদৰ ভাৱ-ভাষা আৰু গুৰুবাদৰ সাদৃশ্য মন কৰা যায়৷ উদাহৰণ স্বৰূপে –

জিকিৰ:
ঘোষা: ’ৰহমৰ গিৰিহত তুমি আল্লা চাহাব ঐ যদি কৰা দৰিয়াৰ পাৰ৷’
পদ: চিন্তো হেৰা মোৰ মন আল্লাৰ নামত৷
ভজো হেৰা মোৰ মন গুৰুৰে পাৱত৷
পানী মৰে পিয়াহঁত, অগ্নি মৰে জাৰত৷
খোদা ৰচুল লুকাই আছে মোমিনৰ আঁৰত৷ ৷
(আজান পীৰ)

বৰগীত:
ঘোষা/ধ্ৰুং: গোপালে কি গতি কৈলে গোবিন্দে কি মতি দিলে
নাথ বিফলে বয়স সৱ গেলৰে৷ ৷
পদ: এভৱ গহন বন আতি মোহ পাশে ছন্ন
তাতে হামো হৰিণ বেড়াই৷
ফান্দীলো মায়াৰ পাশে কাল ব্যাধে ধায়া আসে
কাম ক্ৰোধ কুত্তা খেদি খাই৷ ৷

আনহাতে, উক্ত জিকিৰটিত উল্লিখিত-’খোদা ৰচুল লুকাই আছে মোমিনৰ আঁৰত’ কথাষাৰিৰ লগত এটি লোকগীতৰ সাদৃশ্যও মন কৰা যায়- ’লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে, শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে৷’

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শান্তি আৰু সম্প্ৰীতিৰে ধৰ্ম ঐক্য বজাই ৰাখি সমতা, ন্যায় আৰু ভাতৃত্বৰ ভাৱেৰে এখন বহল সমাজ গঢ়াৰ সপোন দেখিছিল৷ তেওঁৰ এই শ্ৰেণী-বৈষম্যহীন ধৰ্মীয় ৰীতি তথা গুণাৱলীত মুগ্ধ হৈয়েই মুছলমান সাধক হৈয়ো চান্দসাইয়ে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল৷
চুফীবাদী সাধকসকলে অসমলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি এই কথা সহজেই অনুমান কৰিব পাৰিছিল যে বৈষ্ণৱ প্ৰধান অসম দেশত পোনপটীয়া দীক্ষাৰে ধৰ্মান্তৰ ঘটোৱা সম্ভৱ নহয়; সেয়েহে হয়তো চুফীবাদীসকলে কিছুমান বৈষ্ণৱী আদৰ্শ গ্ৰহণ কৰি তাৰ মাজেদি ধৰ্ম প্ৰচাৰৰ প্ৰয়াস কৰিছিল৷ কিন্তুু তাকে কৰিবলৈ যাওঁতে তেওঁলোকে কাৰো ধৰ্মীয় আৱেগত আঘাত হানা নাছিল, , বৰঞ্চ সকলোকে ভাতৃত্ব বোধেৰে বান্ধিবলৈ যত্ন কৰিছিল৷ উদাহৰণ স্বৰূপে এই জিকিৰটিৰ কথালৈ মন কৰিব পাৰি –

’মোৰ মনত ভেদ ভাব নাই অ’ আল্লা
মোৰ মনত ভিন পৰ নাই অ’ আল্লা৷
হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান
মোৰ মনত একেটি ভাৱ৷ ৷
হিন্দুকে জ্বলাব, হায় অ’ আল্লা
মুছলমানক পুতিব, হায় অ’ আল্লা
হায় অ একেখনি জমিনৰ তল৷ ৷ ’
(আজান পীৰ)

গতিকে দেখা যায় যে – বৈষ্ণৱ ধৰ্মৰ ভাৱধাৰাৰ লগত চুফীবাদৰ বহুকেইটা দিশত সামঞ্জস্য থকাৰ বাবেই অসমৰ হিন্দু আৰু মুছলমানৰ সম্প্ৰীতি ৰক্ষা হৈ আহিছে৷ সময়ৰ কৰাল গ্ৰাসত পৰি কেতিয়াবা সাময়িকভাৱে হিন্দু আৰু মুছলমানৰ সম্পৰ্কত বিভেদ আহিলেও ই স্থায়ী হোৱাৰ সম্ভাৱনা নাই৷ মহাপুৰুষ শংকৰদেৱে আৰু চুফীবাদীসকলে এই সমন্বয়ৰ পথ মুকলি কৰি থৈ যোৱাৰ বাবেই হয়তো বৰ্তমানেও হিন্দু আৰু মুছলমান উভয় পন্থীৰ লোকে অসমৰ সমাজত মিলা-প্ৰীতিৰে বসবাস কৰি আহিছে আৰু ভৱিষ্যতেও থাকিব৷ ৷ ■■

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
হেমন্ত কাকতি
4 years ago

খুৱ তথ্য সম্বলিত বৰ্ননা ৷ খুৱ ভাল লাগিল পঢ়ি ৷

নবিৰ আহমেদ
10 months ago

বৰ ভাল লাগিল। আগেও এনে লেখা পাম বুলি আশা ৰাখিলে। ধন্যবাদ।

Ashish Saikia
10 months ago

ভূল কথা কিছুমান লিখিলে। শংকৰদেৱে নিজে ফাঁকুৱা পূজাৰ আৰম্ভণি কৰিছিল বৰদোৱা সত্ৰত । ফাঁকুৱা পূজাত পঞ্চদেৱতাৰ পূজা হয়। একশৰণৰ concept টোৱে সুকীয়া। বেদতো এজন পৰম ব্ৰহ্মৰ কথায় কোৱা হৈছে। নিবৃত্তি আৰু প্ৰবৃত্তি মাৰ্গ বুলি দুটি বেলেগ বস্তু আছে।