শংকৰদেৱ আৰু আজিৰ ধৰ্মগুৰু (দিগন্ত কুমাৰ বড়া)

Sankaradevaজাতি-বৰ্ণ-ধৰ্ম-সম্পদায় নিৰ্বিশেষে সকলোৰে মনত হেন্দোলনি তুলাই আছিল মধ্যযুগৰ ভাৰতীয় ভক্তি আন্দোলনৰ মূল বিশেষত্ব৷ এই সময়ছোৱাত অসমত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ব্যক্তি জনাই আছিল মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ৷ ‘অসম’, নামেই যাৰ পৰিচয়৷ নামত যিদৰে অসমান, ভৌগোলিক দিশটোতো একেদৰেই অসমান, নদী-পাহাৰ সকলো বিদ্যমান৷ অসমৰ বাসিন্দা সকলো অসমান অৰ্থাৎ ভাষাৰ ক্ষেত্ৰত, জনগোষ্ঠীৰ ক্ষেত্ৰত, বৃত্তিৰ ক্ষেত্ৰত সকলো দিশতে অসমান৷ অসমত সেই সময়ৰ পৰাই আৰ্য আৰু অনাৰ্য উভয় শ্ৰেণীৰ লোকৰ বাসস্থান৷ প্ৰাকঐতিহাসিক কালৰ পৰাই অসম বিভিন্ন জনগোষ্ঠীৰ আবাসভূমি আছিল৷ ভাগৱতৰ শ্লোকেই ইয়াৰ সাক্ষ্য দাঙি ধৰে – কিৰাত কছাৰি খাচি গাৰো মিৰি যৱন কঙ্ক গোৱাল৷ অসম মলুক ধুবা যে তুৰুক কুবাচ ম্লেছ চণ্ডাল৷ এই অসম মুলুকত কিৰাত, কছাৰী, খাচি, গাৰো, মিৰি, কোচ ইত্যাদি জাতিৰ লোকৰ উপৰি গোৱাল, ৰজক(ধোবী) ইত্যাদি বৃত্তিৰ লোককো সন্নিবিষ্ট কৰা হৈছে৷ বৈদিক যুগৰ আৰ্য, অসুৰ, যক্ষ, ৰাক্ষস, শক, হুণ, কুষান, নাগ আদিৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অসমত বাস কৰি আছে যাৰ ফলস্বৰূপে অসমৰ সাংস্কৃতিকসামাজিক, ধামিক ৰীতি-নীতি আদিত বৈচিত্ৰ্যতা দেখা যায়৷ পৃথিৱীত অজস্ৰ ধৰ্ম আছে৷ এই ধৰ্ম সমূহৰ মূল মন্ত্ৰ যদি আমি বিচাৰিবলৈ যাওঁ তেন্তে দেখিম যে, সকলো ধৰ্মৰ মূলমন্ত্ৰ একেই৷ মাথো ইয়াৰ ৰীতি-নীতিৰহে কিছু আনমিল৷ পৃথিৱীত এনে ধৰ্ম নাই যি ধৰ্মই সত্যক অস্বীকাৰ কৰে, পৃথিৱীত এনে ধৰ্ম নাই যি ধৰ্মই হিংসাক আদৰণি জনায়৷ সকলো ধৰ্মৰে মূলমন্ত্ৰ শান্তি-সম্প্ৰীতি৷ এই ধৰ্মৰ যোগেদিয়েই আহিল ‘ভক্তি’৷ ‘ভক্তি’ শব্দটোৰ অৰ্থ পোনপটীয়াকৈ এটা সংজ্ঞাৰ দ্বাৰা ব্যক্ত কৰা কঠিন৷ এই শব্দটোক বিভিন্ন দৃষ্টিকোণৰ পৰা বিভিন্ন ধৰণে পোৱা যায়৷ তথাপিও এটা কথা নিশ্চিত, ভক্তি শব্দই ঈশ্বৰক সেৱা-উপাসনা কৰাকে বুজায়৷ এই ভক্তি’ শব্দৰ লগত জড়িত হৈ আছে প্ৰেম, ভালপোৱা, আসক্তি, অনুৰাগ আদি৷ এতিয়া আহো ঈশ্বৰৰ প্ৰসংগলৈ৷ ঈশ্বৰনো কোন? আল্লা, ভগৱান যি নামেৰেই আমি নামাকৰণ নকৰো ঈশ্বৰ এক নিৰাকাৰ৷ ইয়াক কিছুৱে বিশ্বাস কৰে কিছুৱে নকৰে৷ বিজ্ঞানে ঈশ্বৰ বিশ্বাস নকৰে কিন্তু এক অজান শক্তিক স্বীকৃতি দিয়ে৷ এই ঈশ্বৰক পাবলৈ সকলো ধৰ্মই নিজ নিজ ৰীতি-নীতি গঢ়ি তুলিছে৷ ৰীতি-নীতি যিয়েই নহওক আমাৰ কাম্য সমাজত শান্তি প্ৰতিষ্ঠা৷ মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ সময়ত সমাজত এই ৰীতি-নীতিক লৈ কিছু আহুকালে দেখা দিছিল৷ যাৰ ফলত সমাজত গঢ়ি উঠিছিল ধাৰ্মিক বামাচাৰিতা৷ ধাৰ্মিক ক্ৰিয়াকলাপবোৰে সমাজত এক শ্বাসৰুদ্ধ পৰিৱেশৰ সৃষ্টি কৰিছিল৷ যদিও সমাজৰ ভালেমান বিবেকবান লোকে ধামিক বামাচাৰিতা আৰু ধমাড়ম্বৰৰ বিৰোধিতা কৰিছিল তথাপি সামাজিক স্তৰত ইয়াক প্ৰবল ধামিক ৰূপ দিয়াৰ ক্ষেত্ৰত সফল হব পৰা নাছিল৷ এই কাৰ্যৰ সমাধা কৰিছিল শ্ৰী মন্ত শংকৰদেৱে৷ তেওঁ সমাজত মানৱতাৰ কথা কৈছিল, সকলো ধৰ্মৰ মূলমন্ত্ৰ যে এক তাক যুক্তিৰে বুজাইছিল৷ মহাপুৰুষ জনাই সেই সময়ত গঢ়ি উঠা জাতি-ভেদ, অৰিয়া-অৰি সকলো দূৰ কৰাৰ অৰ্থে অহোপুৰুষাৰ্থ কৰিছিল৷ তেওঁ ঈশ্বৰতকৈ মানৱক ভাল পাবলৈ শিকাইছিল, সকলো জীৱ-জন্তুক সমদৃষ্টি দিবলৈ শিকাইছিল৷ এইবোৰ কথা তেওঁৰ সাহিত্য চৰ্চাৰ মাজেৰে বিদ্যমান৷ তেওঁৰ সাহিত্য কৰ্মৰ অন্যতম নিদৰ্শন কীৰ্তন-ঘোষাত কৈছে – “কুকুৰ শৃগাল গদভৰো আত্মা ৰাম৷ জানিয়া সবাকো পৰি কৰিবা প্ৰণাম৷ ৷ ” পূৰ্বে উল্লেখ কৰিছোৱেই যে অসমখন বিভিন্ন নৃ-গোষ্ঠীৰে ভৰপূৰ৷ ইয়াৰ ফলত কিছু লোকে কিছু কিছু নৃগোষ্ঠীক শোষণে চলাই আহিছিল৷ এই শোষণ মানষিক ভাৱেই হওক বা বিভিন্ন বৃত্তিৰ জৰিয়তেই হওক৷ সকলো নৃগোষ্ঠীৰ লোকক ধৰ্মৰ ক্ষেত্ৰত বা অন্য ক্ষেত্ৰতো সম-অধিকাৰ দিয়া হোৱা নাছিল৷ যিটা প্ৰথা নিৰ্মুল কৰিছিল এইজনা মহাপুৰুষে৷ তেওঁ কীৰ্তন-ঘোষাত পুনৰ কৈছে – ‘ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল৷

 

দাতাত চোৰত যাৰ এক দৃষ্টি তুল৷ ” তেওঁ ধৰ্মপ্ৰচাৰৰ অৰ্থে বিভিন্ন তীৰ্থস্থান দৰ্শন কৰিছিল৷ তেওঁ বহুলোকক এই প্ৰচাৰ কাৰ্যত শিষ্য হিচাপে কামত খটোৱাইছিল৷ তেওঁ সাহিত্য চৰ্চাতেই নহয় ব্যৱহাৰিক ক্ষেত্ৰতো এই কথাৰ আহি দেখুৱাইছিল৷ তেওঁ সকলো নৃগোষ্ঠীৰ লোককে ধৰ্মত দীক্ষিত কৰোৱাইছিল৷ তেওঁৰ শিষ্য সমাজত নগাৰ নৰুত্তম, ইছলামৰ চান্দসই গাডোৰ গোবিন্দ, মিৰিৰ মহেন্দ্ৰ সকলোকে সম স্থান দিছিল৷ আজিৰ সত্ৰ সংস্কৃতিৰ প্ৰতিষ্ঠা কৰোৱাইছিল ইছলামৰ চান্দসই দজীৰ হতোৱাই৷ উপৰোক্ত বৰ্ণনাখিনি শংকৰ-আজানৰ মিলন তীৰ্থ আমাৰ অসম মুলুকৰ অধিবাসী সকলক নতুনকৈ পৰিচয় কৰি দিয়াতো মোৰ উদ্দেশ্য নহয়৷ এইবোৰ বৰ্ণনা আমাৰ সকলোৰে বিদ্যমান, আমাৰ ৰক্তত শংকৰ-আজানৰ গুণগৰিমা চিৰ প্ৰবহমান৷ কিন্তু, এই গুণ-গৰিমাক আমি নিজেই ধূলিসাৎ কৰিছো নবীন ধৰ্ম গুৰুসকলৰ (সকলো তেনে নহয়) স্বল্প বিদ্যাত৷ যি জন মহাপুৰুষে পোন্ধৰ শতিকাতে মানৱতাবাদ প্ৰচাৰ, মানৱ ধৰ্ম ৰক্ষা, পতিত-নিস্পেষিতনিৰ্যাতিত-অস্পৃশ্য মানৱৰ তাৰণ-কাৰণৰ বাবে চেষ্টা চলাইছিল সেই জন মহাপুৰুষৰ দীক্ষাত দীক্ষিত সকল আজি একৈশ শতিকাতো অস্পৃশ্যৰ কবলত৷ শংকৰদেৱে তেওঁৰ নাম ধৰ্মকে শ্ৰেষ্ঠ ধৰ্ম বুলি গণ্য কৰিলেও তেও অন্য ধৰ্মক নিন্দ কৰাৰ কথা কোৱা নাই৷ ভক্তি প্ৰদীপত স্পষ্টকৈ লিখা আছে – “পৰৰ ধৰ্মক নিহিংসিবা কদাচিত৷ কৰিবা ভূতক দায়া সকৰুণ চিত্ত৷ হুইবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল৷ এহি ভাগৱত ধৰ্ম জানা মহাবল৷ ” এতিয়া আত্মসমালোচনাৰ সময়, আমি আজিৰ চান্দসাইক মণিকূটত সোমাবলৈ দিমনে? মিচিং, মিৰি, কছাৰী, তিৱা, কোচক সত্ৰৰ সত্ৰাধিকাৰ পাতিমনে? কথাষাৰ তেনেই সাধাৰণ৷ কিন্তু এই সাধাৰণ কথাষাৰেই আমাক অসাধাৰণ পয্যায়লৈ পৰ্যবসিত কৰিছে৷ আমাৰ দেশ ধৰ্ম নিৰপেক্ষতাৰ দেশ৷ গতিকে, এটা ধৰ্ম এৰি কোনো লোকে অন্য ধৰ্ম গ্ৰহণ কৰিলে আমি সংবিধানিক ভাৱে একো কৰিব নোৱাৰো৷ তথাপি বৃহৎ অসমীয়া জাতিৰ এই সংকটৰ মুহূৰ্ত্তত কোনোৱে শংকৰ-আজানক ভেঙুচালি কৰি কোনোবা অজান ধৰ্মত দীক্ষিত হোৱাতো আমাৰ কাৰোৰে কাম্য নহয়৷ কিন্তু, আজিৰ সমাজ ব্যৱস্থাই বহু চহা লোকক তেনে হ’বলৈ বাধ্য কৰাইছে৷ এইখিনিতে মোৰ এটি নিজা অভিজ্ঞতা ব্যক্ত কৰিব বিচাৰো৷ আজিৰ পৰা প্ৰায় তিনি বছৰ আগতে আৰ্থ-সামাজিক ক্ষেত্ৰৰ উত্তৰণৰ সাপেক্ষে এক সমীক্ষা চলাবলৈ আমাৰ সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীলৈ গৈছিলো৷ মিচিং অধুষিত এক বানেগৰকা অঞ্চল আমাৰ অধ্যয়নৰ ক্ষেত্ৰ আছিল৷ সেই ঠাইখনৰ অভাৱী-অশিক্ষিত (সকলো নহয়) লোক সকলৰ লগত কেইবাদিনে কটাই বুজিব পাৰিছিলো তেওঁলোক সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰত থাকিও তেওঁলোক অন্য ধৰ্মৰ প্ৰতিহে আসক্ত হৈছে৷ বহু লোক ইতিমধ্যে অন্য ধৰ্মত দীক্ষিতও হৈছিল৷ এই কথাই আমাক বাৰুকৈয়ে মৰ্মাহত কৰিছিল৷ যদিও সেই সময়ত এই দিশটােৰ প্ৰতি গুৰুত্ব দিয়াতো আমাৰ উদ্দেশ্য নাছিল তথাপি সাধাৰণ দিশ কিছুমান অধ্যয়ন কৰোতেই কিছু ৰহস্য ভেদ হৈছিল৷ তেওঁলোকক কোনো ক্ষেত্ৰতেই সত্ৰৰ কাম-কাজত আগ-ভাগ ল’বলৈ উৎসাহিত অথবা সুযোগ দিয়া হোৱা নাছিল৷ যাৰ ফলত তেওঁলোক চৰম হতাশা তথা মৰ্মবেদনাত ভূগিছিল তেনে সময়ত সহজ সৰল লোক সকলক অন্য ধৰ্মৰ কিছু লোকে মন মোহিত কৰাতো তেনেই স্বাভাৱিক৷ এই বিষয়টো উত্থাপন কৰি সমাজত হৈ চৈ সৃষ্টি কৰাতো আমাৰ উদ্দেশ্য নহয়৷ আমাৰ উদ্দেশ্য হ’ল আমি সকলোকে মানৱীয় দৃষ্টিৰে চাবলৈ শিকিব লাগে৷ মহাপুৰুষ শংকৰদেৱৰ নাম লৈ তেওঁৰ কৰ্মকে বিকৃত কৰাতো কেতিয়াও ক্ষমণীয় হ’ব নোৱাৰে৷ এতিয়া সময় হ’ল আত্মসমালোচনাৰ, আমি তাল-খোল কোবাই কেৱল তিথি তথা জন্মোৎসৱ পাতিলেই তেওঁক স্মৰণ কৰা নহ’ব৷ তেওঁৰ কৰ্মৰাজিক জীয়াই ৰখাতোহে বেছি গ্ৰহণযোগ্য৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments