শইকীয়াদাৰ সংসাৰ (দিগন্ত যাদৱ শৰ্মা)

“চাৰ কি হ’ল, পেট বেয়া নেকি?” –পিছে পিছে চাইকেল চলাই আহি থকা গ্রামসেৱক দত্তই চিঞৰিলে।
“অ’ দত্ত, কি খবৰহে। বহুদিন দেখা নাই” মোৰ লগত আহি থকা শইকীয়াদাই হাঁহি এটা মাৰি সুধিলে।
“চাৰ, সোনকালে ঘৰলৈ যাওঁক। মানুহবোৰে পিছফালৰ পৰা দেখি আছে। যাওঁতে ফার্মাচীৰ পৰা ঔষধো লৈ যাবলৈ নাপাহৰিব।”
“কি কয় হে দত্ত। মোৰ একো হোৱা নাই নহয়। কি আবোল তাবোল বকি আছে আপুনি। আৰু কি ক’লে আপুনি, মোক পিছফালৰ পৰা দেখি আছে। কি দেখি আছেনো?”
দত্ত আচৰিত হৈ আকৌ ক’লে “কি কয় চাৰ আপুনি? ইমানেই গম নাপায়নে? তাৰ মানে আপোনাক ভালকৈয়ে ধৰিছে। ফাগুন মাহটো বৰ বেয়া। এই বিষাণু, জীৱাণু বোৰ বতাহত উৰি ফুৰে। কেতিয়া ধৰে, কেতিয়া দেহৰ পৰা ওলাই যায় ততেই ধৰিব নোৱাৰি।”
শইকীয়াদাৰ এইবাৰ দত্তৰ ওপৰত খং উঠিল- “কিনো পাগলৰ প্রলাপ গাই আছেহে আপুনি! কিনো ওলাই যায়।”
ওচৰে পাজৰে কেইবাজনো মানুহ আছিল। দত্তই চাইকেলখন ঠিয় কৰাই শইকীয়াদাক কাণে কাণে ক’লে “চাৰ আপোনাৰ পেন্টেৰে বৈ গৈছে। হালধীয়া-হালধীয়া, বিজলুৱা-বিজলুৱা একেবাৰে স্পষ্ট হৈ দেখা দিছে। সোনকালে ঘৰলৈ যাওঁক। ভালকৈ চাবোনেৰে ধুই মেলি পেন্টটো সলাওকগৈ।”

“কৃষ্ণ কৃষ্ণ… ধেৎতেৰি… এই শর্মা তোমাৰ কাৰণেহে হ’ল এইবোৰ” -পিন্ধি থকা পেন্টটোৰ পিছফালে হাত দি শইকীয়াদাই মোক মৃদু ধমক এটা দি হাঁহিত থাকিব নোৱাৰা হ’ল।
দত্তই একো তলামুধা( ?) নাপাই ভেবা লাগি চাই থাকিল।
“দত্ত, সোনকালে ৰুমলৈ যাওক। নহ’লে মোৰ এই হালধীয়া-বিজলুৱাৰ গোন্ধত এই পথৰ ওপৰতে আপোনাৰ ওকালি আহিব।” – শইকীয়াদাই হাতত লাগি অহা বিজলুৱা, হালধীয়া পদার্থখিনি জোকাৰি জোকাৰি আকৌ আঠুৰ ওপৰতে পেন্টত মোহাৰিলে। মোৰো হাঁহি উঠিল। আমি দুয়োজনে হাঁহি থকা দেখি বাটৰুৱায়ো ৰ’ লাগি চালে। দুই এজনে কি হৈছে সুধিলে যদিও উত্তৰ নাপাই অহাবাটেই ওলটিল। ভেবা লাগি থকা দত্তক তাতে এৰি থৈ আমি দুয়ো আগবাঢ়িলোঁ।
শইকীয়াদা বৰ ধেমেলীয়া স্বভাৱৰ লোক। বৌও মৰ মৰমিয়াল। দ্বিতীয় শ্রেণীত পঢ়া পুতেক এটাও আছে। ঘৰৰ পৰা বহু নিলগত এই সৰু চহৰখনতে শিক্ষকতাৰ চাকৰি কৰি আছেহি। ময়ো আহি ইয়াতে সঙ্গ ল’লোঁহি। ঘৰৰ পৰা আঁতৰি থকা বাবেই কিজানি এইসকল লোকক দিনটোত এবাৰ হলেওঁ লগ পাবৰ মন যায়। নিজে নিজে সদায় ৰান্ধিবলৈ আমনি লাগে বাবে সুবিধা পালে শইকীয়াদাৰ ঘৰতে ৰাতিৰ সাজ খাওঁ। দুয়োজনৰ যেনেকৈ মিল তেনেকৈ দন-হাইওঁ লাগে। ইমান শুৱনি, শুভ্র হাঁহি ভৰা মানুহজনীৰ ওপৰত খং উঠিলে “তোক কালিমাইৰ নিচিনা দেখি, কুন্ধচ তিৰী” বুলি কৈহে শান্তি পায়। বৌও কম নহয়, সেয়ে প্রত্যুত্তৰ দিয়ে-
“হ’ব হ’ব তেনেকৈ ক’ব নালাগে এতিয়া। চিঠিবোৰ দেখুৱাম নেকি। মই বোলে পৃথিৱীৰ ভিতৰতে কুন্দত কটা! এতিয়া কয় আকৌ মই বোলে কুন্ধচ!”
“তইহে মোক নষ্ট কৰিলি। ৰাতি ৰাতি পুখুৰীত কোনে জপং জপংকৈ শিলবোৰ দলিয়াই ইংগিত দি মোক মাতিছিল? তেতিয়া মোৰ কুমলীয়া বয়স দেখি মোহিনী বাণ মাৰিলি।”
বৌৰ আৰু খং উঠে, কয়- “ইস হৈছে হৈছে! কেচুঁৱাটোহে! মই বুলিহে আপোনাৰ লগত সংসাৰ কৰিছোঁ, নিজে দেখোন মোতকৈ দহ বছৰ মানৰে ডাঙৰ হ’ব। প্রেম কৰিব নজনা অঁকৰা হেবাংটোহে যেন!”…
এইবোৰ মোৰ উপস্থিতিত হোৱা ঘটনাহে। অৱশ্যে তেওঁলোকৰ এই ধৰণৰ কাজিয়াবোৰে মোৰ হাঁহিৰহে খোৰাক যোগায়। কেতিয়াবা কোনোবা এজনৰ কথাত হয়ভৰ দি পৰিবেশটো কিছু উপভোগো কৰোঁ। কাজিয়া এখনো যে ইমান ৰসাল হ’ব পাৰে নিজে নুশুনিলে ধৰিব নোৱাৰি। এদিন তেওঁলোক তিনিওজনে এঘৰলৈ ওলাল। সৰু ঠাই। ৰিক্সা, অটো-ৰিক্সা মিলি দুখন-তিনিখনৰ বেছি নহ’ব। ওচৰতে থাওঁকতে ৰিক্সা এখন পাই বৌ আৰু ল’ৰাটোক উঠাই দিলে। নিজে পিছে পিছে যোৱাটোকে ঠিক কৰিলে। আগতে কৈছোঁৱেই নহয়, মানুহজন বৰ স্ফুৰ্তিত থাকে। সেয়ে স্কুলৰ ছাত্র-ছাত্রীবোৰেও তেওঁক বৰ ভাল পায়। সিদিনাও ৰিক্সাৰ পিছে পিছে গৈ থকাত হঠাতে তেওঁৰ মনত পৰিল- সৰুতে যে চলি থকা ৰিক্সাবোৰৰ পিছফালৰ ধুৰিদালত জাপ মাৰি উঠিছিল। কিনো মন গ’ল সেইদিনাখনো তাকেই কৰিছিল। ৰিক্সাচালকে একো কোৱা নাছিল যদিও বৌৰ খং উঠিছিল- “কি যে কৰে মানুহজনে। লোকে দেখিব… নামক নামক।” দিন বেয়া আছিল। অলপ আগত প্রাথমিক বিদ্যালয় খনৰ সন্মুখতে পথ মেৰামতিৰ বাবে দমাই থোৱা নদীৰ বালিমাটিত আগচকাটো উঠি যোৱাত যিখনহে হ’ল। ভাৰসাম্য ৰাখিব নোৱাৰি ৰিক্সাৰ আগচকা ওপৰলৈ উঠি যোৱাত শইকীয়াদাৰ পৰিয়ালটো পথৰ দাঁতিতে লুটি খাই পৰিল। স্কুলৰ শেষ ‘পিৰিওদ’টো চলি আছিল। ছাত্র-ছাত্রী, শিক্ষক আটাইবোৰে দেখিলে। বৌয়ে চাদৰ-মেখেলা এজোৰ পিন্ধি গৈছিল। ভাগ্যক্রমে কোনোৱে একো আঘাত নাপালে। সেই নিশা তেওঁলোকৰ তালৈ আহোতে বৌয়ে লাজত চকুপানী টুকি মোক কৈছিল-
“তিনি সইত খাইছোঁ, এই মানুহজন লগত থাকিলে মই আৰু কেতিয়াও ৰিক্সাত নুঠোঁ।”
এই কথাবোৰ ভাবি ভাবি শইকীয়াদাৰ ঘৰ কেতিয়া আহি পালোঁ ততেই ধৰিব নোৱাৰিলোঁ। বৌৰ মাততহে সম্বিত ঘূৰি আহিল।
“ইয়ে, এখেতৰ আকৌ কি হ’ল? গোটেইখন লেটিয়াই আনিলে দেখোন। পেট বেয়া নেকি আপোনাৰ? মোক দেখোন একো কোৱাই নাই। তাতে আকৌ আজি সৰিয়হ দি ৰন্ধা সৰু মাছৰ আঞ্জাখনো টকলিয়াই খাইছে। এই মানুহজনৰ পৰা উপায় নাই আৰু। নিজৰতো লাজ-মান নায়েই। আমাকো ঘৰৰ পৰা ওলাব নোৱাৰা কৰিলে। শর্মা, তুমিনো কাষত গাতে গা লগাই কেনেকৈ থাকিব পাৰিছাহে?”
ইফালে মই আৰু শইকীয়াদাই হাঁহি ৰখাব পৰা নাই। শইকীয়াদাই ক’বলৈ ধৰিলে-
“অই শুন ফুলমতি, ৰূপেশ্বৰী… বজাৰলৈ গৈছিলোঁ। তয়ে দেখোন হাঁহকণী পালে আনিবলৈ দিছিলি।” শইকীয়াদাৰ নিজৰেই হাঁহিত আকৌ কথা বন্ধ হৈ পৰিল।
“অ’ শর্মা, তুমিয়েই কোৱা। কি হৈছে। এখেতৰ মুখৰ পৰা মই আৰু একো কথাই নুশুনো।” মোৰ হাতত থকা পানীলাওটোৰ ফালে চাই বৌয়ে মোকে অনুৰোধ কৰিলে।
“শুনক বৌ” –মই ক’বলৈ ধৰিলোঁ “শইকীয়াদাই চাৰিটা হাঁহকণী ঠিকেই কিনিলে, দুহাতে দুটা দুটা। ময়ো গৈছিলোঁ বজাৰলৈ, মাছৰ লগত খাম বুলি এই পানীলাওটো কিনিলোঁ। দাদাক লগ পাই বৰ গৰম পৰিছে দেখি দুয়ো মথাউৰিটোতে বহি বতাহ খাম বুলি আগবাঢ়িলোঁ। গৈ থাকোঁতে মোৰ সৰুপানী চুবলৈ লগাত পানীলাওটো দাদাৰ হাতত দিলোঁ। দাদায়ো বোধকৰো কণীকেইটা ভাগিব বুলি আগতে দুটা কণী পেন্টৰ পকেটত ভৰালে। অইন দুটা ভৰাবলৈ অইন পকেট খনত ঠাই নোহোৱাত পেন্টৰ পিছ পকেটতে সুমুৱাই থ’লে। তাৰ পিছত আমি দুয়োজনে মথাউৰিত বহুপৰ বহি থাকিলোঁ। কথাৰ মহলা মাৰি থাকোঁতে কণীৰ কথা পাহৰিয়েই থাকিল। পিছ পকেটত সোমাই থোৱা কণীদুটা ভাঙি এই অৱস্থা। তেওঁ বোলে গমেই নাপায়। ”
“ছিঃ ছিঃ এই মানুহজনৰ অকনো কাণ্ডজ্ঞান নাই। তোমাক কব পাৰি, তুমি আমাৰ ঘৰৰ মানুহৰ দৰেই। আজি দুদিনমান আগতে মানুহজনে ৰাতি শুই থাকোঁতে ধূতিতে সৰুপানী চুলে নহয়। পুতেকটোও লগতে শুই আছে। কি কবা আৰু তুমি। মোৰ ভাল নলগা হৈছে এইবোৰ দেখি দেখি।”
কথা শুনি শুনি শইকীয়াদাই ধুই পখালি হাঁহি হাঁহি আমাৰ মাজত আহি থিয় হ’লহি।
“শর্মা শুনা, সিদিনা ৰাতি সপোন এটা দেখিছিলোঁহে। আমি ছয়-সাতজনে গাওঁৰ এঘৰৰ পূজা এভাগলৈ গৈছিলোঁ। ঘূৰি আহোতে আটাইকেইজনৰে সৰুপানী চুবলৈ লগাত, এজনে ক’লে- যিজনে আগতে শেষ কৰিব পাৰিব সিয়ে এখন নতুন ধূতি পাব। ধূতিখন অইন কোনোৱে ল’ব নোৱাৰে, মইয়ে লম বুলি ভাৱোঁতেহে এই কাণ্ড। ওলায়ে গ’ল আৰু কি কৰিবা। অৱশ্যে ধূতিখন এওঁক ধুবলৈ দিয়া নাই, মই নিজেই ধুইছোঁ।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments